এছিয়াডত চীনৰ বাজিমাৎ, নাম-গোন্ধহীন পাকিস্তান-বাংলাদেশ

এছিয়াডত চীনৰ বাজিমাৎ, নাম-গোন্ধহীন পাকিস্তান-বাংলাদেশ

author-image
asomiyapratidin
New Update
এছিয়াডত চীনৰ বাজিমাৎ, নাম-গোন্ধহীন পাকিস্তান-বাংলাদেশ

ডিজিটেল ডেস্কঃ এছিয়ান গেমছৰ অন্ত পৰিবলৈ মাজত মাথো এটা দিন। এছিয়াৰ সৰ্ববৃহৎ ক্ৰীড়াৰ মহাৰণত এই পৰ্যন্ত ভাৰতে লাভ কৰিছে মুঠ ৬৮টাকৈ পদক। ইয়াৰে ১৫ টা স্বৰ্ণ, ২৪টা ৰূপ আৰু ২৯টা ব্ৰঞ্জ। পদক তালিকাত ভাৰতৰ স্থান আজিৰ দিনটোত অষ্টম।

Advertisment

এছিয়ান গেমছৰ ইতিহাসত এয়া হৈছে ভাৰতৰ উৎকৃষ্ট প্ৰদৰ্শন। ভাৰতে অৰ্জন কৰা ৬৭ টা পদকৰ ৩টাকৈ পদকত আছে অসমৰো এগৰাকী ক্ৰীড়া প্ৰতিভাৰ অৱদান। অসম কন্যা হিমা দাসে প্ৰতিযোগিতাখনত ব্যক্তিগত ইভেণ্টত এটা ৰূপ দেশক উপহাৰ দিয়াৰ লগতে দলীয়া ইভেণ্টত এটা ৰূপ আৰু এটা সাফল্যৰ স্বৰ্ণ জয় কৰিবলৈ সমৰ্থ হৈছে।

ভাৰতে অষ্টম স্থান লাভ কৰাৰ সময়তে মেগা ইভেণ্টখনত চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ প্ৰদৰ্শন কেনে সেয়া জানো আহকচোন। চতুৰ্দশ এছিয়ান গেমছতো পূৰ্বৰ দৰেই আধিপত্য অক্ষুন্ন ৰাখিছে চুবুৰীয়া চীনে। ভাৰতে হাত মেলি ঢুকি পোৱাতকৈও বহুগুণ অধিক পদকৰে শীৰ্ষত আছে চীন।

অলিম্পিকত পশ্চিমৰ দেশসমূহক প্ৰত্যাহ্বান জনোৱা চীনে এছিয়ান গেমছত এই পৰ্যন্ত লাভ কৰিছে ২৭৫টা পদক। ইয়াৰে ১২৪টা পদকেই হৈছে স্বৰ্ণ। দেশখনে লাভ কৰিছে ৮৭টা ৰূপ আৰু ৬৪টা ব্ৰঞ্জ। পদক তালিকাত চীন হৈছে একমাত্ৰ দেশ যিয়ে লাভ কৰা ব্ৰঞ্জৰ পদকৰ দুগুণ সংখ্যাক স্বৰ্ণ জয় কৰিছে।

চীনৰ পিছতে ভাৰতৰ চুবুৰীয়া হিচাপে আহে পাকিস্তানৰ নাম। পাকিস্তানৰ মুঠ ৩৯৭গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে যদিও পদক লাভ কৰিছে মাত্ৰ ৪টা। এই ৪টা পদকৰ আটাইকেইটাই ব্ৰঞ্জৰ পদক। দেশখনে পুৰুষৰ কাবাডী, কাৰাটে, স্কোৱাছ আৰু জেভলিন থ্ৰ'ত এই পদককেইটা অৰ্জন কৰে। উল্লেখ্য যে পুৰুষৰ ভলীবলত এইবাৰ পাকিস্তানৰ হাতত পৰাস্ত হৈছে ভাৰতীয় দলটো।

এইবাৰৰ প্ৰতিযোগিতাখনত জেভলিন থ্ৰ'ৰ পদক প্ৰদানৰ মুহূৰ্ততো এক আকৰ্ষণীয় মুহূৰ্ত হিচাপে বিবেচিত হৈছে। এই ইভেণ্টটোৰ পদক প্ৰদানৰ সময়ত পিছফালে থকা পতাকা কেইখন আছিল ভাৰত, চীন আৰু পাকিস্তানৰ। ইভেণ্টটোত স্বৰ্ণ জয় কৰাৰ সুবাদত পতাকাকেইখনৰ মাজত সৰ্বোচ্চ স্থানত আছিল ত্ৰিৰংগা। সোফাল আৰু বাওফালে আছিল ৰূপজয়ী চীন আৰু ব্ৰঞ্জজয়ী পাকিস্তানৰ পতাকা।

আনহাতে, চুবুৰীয়া নেপালে ১টা ৰূপ জয়েৰে পদক তালিকাত পাকিস্তানতকৈ শীৰ্ষত আছে। ম্যানমাৰে লাভ কৰিছে ২টা ব্ৰঞ্জৰ পদক। বাকী থকা ৩খন চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ, ভূটান আৰু শ্ৰীলংকাই প্ৰতিযোগিতাখনত এই পৰ্যন্ত এটাও পদক লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। প্ৰতিযোগিতাখনত বাংলাদেশৰ মুঠ ১১৪ গৰাকী এথলীটে ১৪ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে।