ডিজিটেল ডেস্কঃ মেলবৰ্ণ টেষ্টৰ দ্বিতীয় দিনৰ শেষলৈ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৱে হয়তো কল্পনাও কৰা নাছিল তৃতীয় দিনটোত তেওঁলোকৰ সৈতে কি হ’বলৈ গৈ আছে। পুৱাৰ প্ৰথম ভাগতে হয়তো ভাৰতৰ আটাইকেইটা উইকেট লৈ পৰ্বতসম লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিব বুলিয়েই ধাৰণা কৰিছিল।
অৱশ্যে ভাৰতীয় দলটোৰ শীৰ্ষ বেটছমেনসকলে যিধৰণে বেটিং কৰিছে সেয়া লক্ষ্য কৰি অষ্ট্ৰেলিয়ান দলটোৰ এই ধাৰণা অমূলক নাছিল। কিন্তু তৃতীয় দিনটোত দুগৰাকী তৰুণ ক্ৰিকেটাৰে মেলবৰ্ণ টেষ্টৰ দৃশ্যপটেই সলনি কৰি পেলালে।
অষ্টম স্থানত বেটিং কৰিবলৈ অহা তৰুণ ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডী আৰু নৱম স্থানত বেটিং কৰিবলৈ অহা ৱাশ্বিংটন সুন্দৰে এফালে অষ্ট্ৰেলিয়ান বলাৰক দিশহাৰা কৰি তোলাৰ বিপৰীতে ভাৰতীয় শিবিৰত আশাৰ সঞ্চাৰ কৰাই নহয়, বহু জ্যেষ্ঠ খেলুৱৈক মনত পেলাই দিলে বিপদত কিদৰে সাহসেৰে সন্মুখত থিয় দিব লাগে।
প্ৰথম ইনিংছত ভাৰতীয় দলটোৱে দলীয় স্ক'ৰ ৮ তে হেৰুৱাইছিল ৰোহিত শৰ্মাৰ উইকেট। ৫১ ৰাণত কে এল ৰাহুলৰ, ১৫৩ ৰাণত যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱাইছিল। ইয়াৰ ঠিক পিছতেই ১৫৪ ৰাণত হেৰুৱাইছিল বিৰাট কোহলিৰ উইকেট।
তাৰ পাছত ১৫৯ ত আকাশ দ্বীপ, ১৯১ ত ঋষভ পণ্ট আৰু ২২১ ৰাণৰ ৰবীন্দ্ৰ জাডেজাৰ উইকেট হেৰুৱাইছিল ভাৰতীয় দলটোৱে। এইসকলৰ ভিতৰত জয়ছোৱালে ৮২, ৰাহুলে ২৪, বিৰাটে ৩৬, পণ্টে ২৮ ৰাণ কৰাৰ বাহিৰে বাকী আটাইবোৰেই ব্যৰ্থ হয়।
সপ্তম উইকেট যোৱালৈ ভাৰত ২৫৩ ৰাণৰ বৃহৎ ব্যৱধানত পিছপৰি আছিল। এনে পৰিস্থিতিত ভাৰতীয় শিবিৰৰ পৰিবেশ মেঘাচন্ন হৈ পৰাৰ সময়তে ক্ৰীজত অদমীয়া হৈ উঠে দুই তৰুণ ক্ৰিকেটাৰ ক্ৰমে নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰ।
দুয়ো ক্ৰীজত হৈ পৰে অদমনীয়। দিশহাৰা হৈ পৰে অষ্ট্ৰেলিয়াৰ প্ৰতিজন বলাৰ। এটা সময়ত নীতিশ কুমাৰ ৰেড্ডীৰ ব্যক্তিগত স্ক’ৰ হয়গৈ ৯৬ আৰু দলীয় স্ক’ৰ হয়গৈ ৩৪৮। ৱাশ্বিংটন সুন্দৰৰ ব্যক্তিগত স্ক’ৰ তেতিয়া ৫০ ৰাণ।
ঠিক সেই সময়তে নাথান লিয়নৰ বলত আউট হয় সুন্দৰ। সকলোৰে দৃষ্টি তেতিয়া কেৱল নীতিশ কুমাৰ ৰেড্ডীৰ ওপৰত। ৱাশ্বিংটন সুন্দৰৰ দায়িত্বশীল বেটিঙক দৰ্শকে হাত চাপৰিৰে অনুপ্ৰাণিত কৰিলে। তাৰ পাছত বেট ধৰিবলৈ আহে যশপ্ৰীত বুমৰাহ।
অধিনায়ক পেট কামিনছৰ বলত শূন্যতে পেভিলিয়নলৈ ঘূৰিল বুমৰাহ। ভাৰতীয় দৰ্শক তেতিয়া নিস্তব্ধ। বুমৰাহৰ উইকেটৰ বাবে এই নিস্তব্ধতা নাছিল। এই নিস্তব্ধতা আছিল নীতিশ কুমাৰ ৰেড্ডীক লৈ সৃষ্টি হোৱা আশংকাৰ বাবেহে। কিয়নো তেতিয়া তেওঁৰ ব্যক্তিগত স্ক’ৰ ৯৯।
অন্তিম উইকেটত বেটিং কৰিবলৈ আহে ডি এছ পি ছিৰাজ। সন্মুখত পেট কামিনছ। এগৰাকী দক্ষ বেটছমেনৰ দৰেই ছিৰাজে ভেদিলে কামিনছৰ অভাৰটোৰ অৱশিষ্ট বল কেইটা। ছিৰাজৰ ধৈৰ্যশীলতাত অৱশেষত আহিল সেই মুহূৰ্ত।
অষ্ট্ৰেলিয়াৰ মাটিতে অষ্ট্ৰেলিয়ান বলাৰৰ অহংকাৰ ভাঙি নীতিশে অৰ্জন কৰিলে শতক। অথচ এইগৰাকী ক্ৰিকেটাৰক দলত স্থান দিয়াক লৈ আজিৰ পৰা দুদিন আগত ক্ৰিকেট বিশেষজ্ঞই কৈছিল নানান কথা।
What a moment this for the youngster!
— BCCI (@BCCI) December 28, 2024
A maiden Test 100 at the MCG, it does not get any better than this 👏👏#TeamIndia #AUSvIND pic.twitter.com/KqsScNn5G7
সেই সকলোৰে মুখ বন্ধ কৰি আজি মেলবৰ্ণত নীতিশ হৈ পৰিল ভাৰতৰ ত্ৰাণকৰ্তা। নীতিশৰ সন্মুখত ষ্টাৰ্ক, কামিনছ, লিয়নৰ দৰে মহান অষ্ট্ৰেলিয়ান বলাৰসকল হৈ পৰিল দিশহাৰা। মগজুক সুস্থিৰ কৰি ৰাখি, সঠিক কৌশল আৰু ধৈৰ্যৰে অৰ্জন কৰিলে শতক।
তেওঁৰ শতকৰ ফলতে ভাৰতে এতিয়া দ্বিতীয় ইনিংছত যুঁজ দিবলৈ মানসিক শক্তি লাভ কৰিলে। নীতিশে মুঠ ১০৫ ৰাণ আৰু ছিৰাজে ২ ৰাণ কৰি অপৰাজিত থাকিল। ফলত প্ৰথম ইনিংছত ৯ উইকেটত ভাৰতৰ সংগ্ৰহ ৩৫৮ ৰাণ। তাৰ বিপৰীতে এসময়ত ২০০ ৰো অধিক অগ্ৰগতি লাভ কৰা সপোন দেখা অষ্ট্ৰেলিয়া আগবাঢ়ি থাকিল কেৱল ১১৬ ৰাণত।
Stumps on Day 3 in Melbourne!#TeamIndia reach 358/9 courtesy a unbeaten maiden hundred from Nitish Kumar Reddy and a fighting fifty from Washington Sundar 👍
— BCCI (@BCCI) December 28, 2024
Updates ▶️ https://t.co/njfhCncRdL#AUSvIND pic.twitter.com/K8T2kZMsPh