Advertisment

উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ এই পৰ্যন্ত ১৪ টা পদক....

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদক ১৪ টালৈ বৃদ্ধি পাইছে। ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকৰ সৈতে অসম পদক তালিকাৰ ২৫ নং স্থানত আছে।

author-image
Tushar Pratim
New Update
উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ এই পৰ্যন্ত ১৪ টা পদক....

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদক ১৪ টালৈ বৃদ্ধি পাইছে। ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকৰ সৈতে অসম পদক তালিকাৰ ২৫ নং স্থানত আছে। সোমবাৰে প্ৰতিযোগিতাখনত অসমৰ আন্তৰ্জাতিক মহিলা চাইক্লিষ্ট চয়নিকা গগৈয়ে ৰূপৰ পদক জয় কৰি প্ৰায় ডেৰ বছৰৰ বিৰতিৰ পাছত পুনৰ ৰাষ্ট্ৰীয় স্তৰত চমক সৃষ্টিৰে প্ৰত্যাৱৰ্তন কৰিছে৷

Advertisment

ৰুদ্ৰপুৰত অনুষ্ঠিত চাইক্লিং প্ৰতিযোগিতাৰ দহ কিলোমিটাৰ স্কেচ ৰেছত  চয়নিকাই ২৫ মিনিট ১০.০২ ছেকেণ্ডৰে দ্বিতীয় স্থানত থাকি পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ কৰ্ণাটকৰ চাইক্লিষ্টে সোণ লাভ কৰাৰ বিপৰীতে ব্ৰঞ্জ অৰ্জন কৰে¸ হাৰিয়ানাই৷ উল্লেখ্য যে চয়নিকাৰ ৰূপৰে অসমৰ পদকৰ সংখ্যা ১৪ টালৈ বৃদ্ধি পাইছে৷

ৰাষ্ট্ৰীয় ক্ৰীড়াত এয়া চয়নিকাৰ তৃতীয়টো পদক৷ ইয়াৰপূৰ্বে ২০২২ ৰ গুজাৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত দুটা ৰূপৰ পদক লাভ কৰিছিল চয়নিকাই৷ সেইবাৰো দহ কিলোমিটাৰ স্কেচ ৰেছতে ৰূপ জয় কৰা অসম কন্যাই আনটো ৰূপ ৮৫ কিলোমিটাৰ ৰ’ড ৰেছত অৰ্জন কৰিছিল৷

আনহাতে, এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপতো প্ৰথম অসমীয়া চাইক্লিষ্টৰূপে পদক লাভ কৰা চয়নিকাই অহা পাঁচ ফ্ৰেব্ৰুৱাৰীত পুনৰ পদক জয়ৰ লক্ষ্যৰে নতুন ইভেণ্ট ওমনিঅ’নত অৱৰ্তীৰ্ণ হ’ব৷

ইফালে, সোমবাৰৰ দিনটোতে অসমে আৰু ছটা পদক জয় কৰাটো নিশ্চিত হৈছে৷ ডেৰাডুনত চলি থকা ল'নবলৰ প্ৰথম ছটা ইভেণ্টৰ গ্ৰুপ মেচৰ অন্তত অসমে আটাইকেইটাতে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷ অৱশ্যে স্থান নিৰ্ণয় হ’বলৈ কাইলৈৰ ছেমিফাইনেললৈ অপেক্ষা কৰিব লাগিব৷

আনহাতে, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোগ্যতা অৰ্জন কৰা অসমৰ নৱাগত পুৰুষ বক্সাৰ গৌৰৱ মজুমদাৰে ৫-০ ৰ জয়ৰে অভিযান আৰম্ভ কৰি ৫১ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ 

ফুটবলত, ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ পুৰুষ ফুটবল দলটো সোমবাৰে গ্ৰুপৰ অন্তিম মেচত মিজোৰামৰ বিৰুদ্ধে ৩-০ গলৰ ব্যৱধানত পৰাস্ত হয়৷ অহা পাঁচ ফেব্ৰুৱাৰীত হ’বলগা ছেমিফাইনেলত অসম দিল্লী বা কেৰালাৰ মুখামুখি হ’ব৷

বেডমিন্টনত, বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীডাত সোণসহ তিনিটা পদক পোৱা অসমে মহিলাৰ দলীয় ব্ৰঞ্জ লাভ কৰি অভিযান সামৰিলে৷ আজি মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ঈশাৰাণী বৰুৱা আৰু পুৰুষৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত সুৰজ গোৱালা-ৰঞ্জন বুঢ়াগোহাই যুটিয়ে প্ৰথম ছেট জয় কৰাৰ পাছতো পৰাস্ত হৈ বিদায় লয়৷ 

বক্মিঙত, মঙ্গলবাৰে পদক নিশ্চিত কৰাৰ লক্ষ্যৰে ৰিঙত নামিব অলিম্পিক পদকজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহায়ে৷ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব লাভলীনাই৷ ইফালে, পুৰুষৰ ৭১ কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেল খেলিব অসমৰ নবাগত বক্সাৰ অভিনৱ শইকীয়াই৷

National Games 2025 medal tally

Rank

State/Union Territory/Team

Gold

Silver

Bronze

Total

1

Karnataka

22

10

10

42

2

Services Sports Control Board

19

10

9

38

3

Maharashtra

15

26

20

61

4

Manipur

11

10

5

26

5

Madhya Pradesh

10

5

5

20

6

Tamil Nadu

9

12

13

34

7

Delhi

7

8

6

21

8

Haryana

6

9

18

33

9

Punjab

6

7

9

22

10

Uttar Pradesh

6

5

5

16

11

Kerala

6

5

4

15

12

Rajasthan

5

2

12

19

13

Odisha

4

3

8

15

14

Chhattisgarh

3

0

5

8

15

West Bengal

2

3

5

10

16

Arunachal Pradesh

2

2

3

7

17

Jammu and Kashmir

2

1

4

7

18

Andhra Pradesh

2

0

1

3

19

Uttarakhand

1

7

9

17

20

Gujarat

1

3

6

10

21

Chandigarh

1

2

1

4

22

Andaman and Nicobar Islands

1

1

1

3

23

Himachal Pradesh

1

0

1

2

24

Goa

1

0

0

1

25

Assam

0

9

5

14

26

Bihar

0

2

1

3

27

Jharkhand

0

1

3

3

28

Telangana

0

0

2

2

29

Mizoram

0

0

1

1

Add this to your favourites

 

ৰাষ্ট্ৰীয় ক্ৰীড়া