/asomiyapratidin/media/media_files/2025/06/09/XkEZ65ehHtAUHkFXQXYh.jpg)
ডিজিটেল ডেস্কঃ কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনিলৈ আই চি চিৰ বিশেষ সন্মান। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীক আই চি চিৰ 'হল অৱ ফেম'ত অন্তৰ্ভুক্ত কৰা হৈছে। সোমবাৰে লণ্ডনত অনুষ্ঠিত এত অনুষ্ঠানত এই কথা ঘোষণা কৰাৰ লগে লগেই বিশ্ব ক্ৰিকেট অনুৰাগীসকলৰ মাজত পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে ধোনি।
২০০৭ ৰ টি-২০ বিশ্বকাপ, ২০১১ ৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ ৰ আই চি চিৰ চেম্পিয়নছ ট্ৰফী ভাৰতীয় দলে মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বতে জয় কৰিছিল। ২০১৪ ত টেষ্ট ক্ৰিকেটৰ পৰা আৰু ২০২০ ৰ কোভিড -১৯ ৰ পৰিস্থিতিৰ মাজতে সাধাৰণ এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তেই ২০২০ ৰ ১৫ আগষ্টৰ সন্ধিয়া টি-২০ আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰাও অৱসৰ ঘোষণা কৰিছিল ভাৰতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অধিনায়কগৰাকীয়ে।
জাতীয় দলৰ হৈ ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ৯৮ খন টি-২০সহ মুঠ ৫৩৮ খন মেচ খেলা ধোনীয়ে টেষ্টত ৪৮৭৬, এদিনীয়াত ১০,৭৭৩ আৰু টি২০ত ১৬১৭ ৰাণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ বেটৰ পৰা আহিছে সৰ্বমুঠ ১৭,২৬৬ ৰাণ।
আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি থকা ধোনীলৈ আই চি চি এই সন্মান ঘোষণা কৰাত তেওঁক ভিন্নজনে অভিনন্দন জনোৱাৰ লগতে এই সন্মান তেওঁৰ প্ৰাপ্য বুলিও উল্লেখ কৰিছে। ধোনিৰ বাহিৰেও এইবাৰ আন ছয়জন ক্ৰিকেটাৰক এই সন্মান প্ৰদান কৰিছে আইচিচিয়ে।
উল্লেখ্য যে, মাত্ৰ দুদিন পিছত ইংলেণ্ডত আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। এই টেষ্ট যুদ্ধৰ পূৰ্বে সোমবাৰে আই চি চিয়ে 'এ ডে উইথ দ্য লিজেণ্ডছ' নামৰ অনুষ্ঠান অনুষ্ঠিত কৰে। তাতেই আই চি চিয়ে সাতজন ‘কিংবদন্তি’ ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিছে। ইয়াৰে পাঁচজন পুৰুষ আৰু দুগৰাকী মহিলা ক্ৰিকেটাৰ।
এই তালিকাত মহেন্দ্ৰ সিং ধোনী, মেথিউ হেডেন, গ্ৰেম স্মিথ, হাছিম আমলা, ডেনিয়েল ভিট্টোৰী, ছানা মিৰ আৰু চাৰা টেইলৰৰ নাম সন্নিবিষ্ট কৰা হৈছে।
Unorthodox, unconventional and effective 🙌
— ICC (@ICC) June 9, 2025
A cricketer beyond numbers and statistics 👏
MS Dhoni is inducted in the ICC Hall of Fame 🥇
More ➡️ https://t.co/oV8mFaBfze pic.twitter.com/AGRzL0aP79