/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9b3b27a1-aff0-495a-8670-6fc6574c09ea/dhoni_07.jpg)
‘ইন দ্যা এয়াৰ, শ্ৰীশান্ত টেকছ ইট’ ৰ পৰা ধোনি ফিনিচেছ অফ ইন ষ্টাইল’লৈ
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনি। এয়া কেৱল এটা মাত্ৰ নাম, এজন ব্যক্তি অথবা এজন ক্ৰিকেটাৰ নহয়। এক লক্ষ্য লক্ষ্য ভাৰতীয় যুৱকৰ প্ৰেৰণাৰ উৎস। ভাৰতত ক্ৰিকেট এবিধ খেল হৈ থকা নাই। এই দেশত ক্ৰিকেট এক অঘোষিত ধৰ্ম।
যি ধৰ্মৰ অনুগামী লক্ষ্য লক্ষ্য জনতা। হিন্দু, মুছলমান, শিখ আদি সকলো ধৰ্মৰ লোকেই এই ধৰ্মত শৰণ লৈছে। সমগ্ৰ দেশক এক কৰি ৰাখিব পাৰিছে। ভাৰতীয় ক্ৰিকেট দলটোৱে যেতিয়াই খেলপথাৰত নামে তেতিয়াই ষ্টেডিয়াম ভৰি থকা, টিভিৰ সন্মুখত বহি থকা প্ৰতিজন অনুৰাগী হৈ পৰে কেৱল ক্ৰিকেটৰ অনুগামী।
সন্মুখত সেয়া গাভাস্কাৰ, কপিলদেৱ, তেণ্ডুলকাৰ আজাহাৰুদ্দিনেই হওঁক বা ৰাহুল দ্ৰাৱিড়, সৌৰভ গাংগুলী, সেহৱাগেই হওক অথবা যুৱৰাজ সিং, হৰভজন সিং, বিৰাট কোহলি, ৰোহিত শৰ্মা, মহম্মদ ছিৰাজেই হওক।
ভাৰতত ক্ৰিকেটক ইমান ভালপোৱাৰ কাৰণ হয়তো বহুত আছে। কিন্তু আজিৰ তাৰিখত ক্ৰিকেটক সৰ্বাধিক ভালপোৱাৰ এক অন্যতম কাৰণ হ’ল মহেন্দ্ৰ সিং ধোনি। ধোনি আজি কেৱল এটা নাম হৈ থকা নাই। ধোনি এতিয়া সমগ্ৰ দেশৰ আৱেগত পৰিণত হৈছে।
মহেন্দ্ৰ সিং ধোনিৰ সাফল্যৰ বিষয়ে আজিৰ তাৰিখত নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। তেওঁ যি কৃতিত্ব অৰ্জন কৰিছে সেই কৃতিত্ব অৰ্জন কৰাটো এজন ব্যক্তিৰ বাবে কঠিনেই নহয় প্ৰায় অসম্ভৱো।
আজি ৭ জুলাই। ১৯৮১ ৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনিয়ে। বয়স অনুসৰি ৪২ বছৰত ভৰি দিলে ধোনিয়ে। অথচ এই বয়সতো আই পি এলত চেন্নাই চুপাৰ কিংছক সফল নেতৃত্ব দি সৌ সিদিনা পঞ্চমবাৰৰ বাবে আই পি এলৰ চেম্পিয়নৰ খিতাপ জয় কৰিলে।
এইগৰাকী ধোনিৰ হাতত ধৰিয়েই ভাৰতে সুদীৰ্ঘ সময়ৰ মূৰত ৩ টাকৈ আই চি চি খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। ১৯৮৩ চনত কপিল দেৱৰ হাতত ধৰি ভাৰতীয় ক্ৰিকেট দলটোৱে যেতিয়া প্ৰথমবাৰ বিশ্বকাপৰ খিতাপ জয় কৰিছিল, সেই সময়ত সমগ্ৰ দেশ স্বপ্নত বিভোৰ হৈ পৰিছিল।
সকলোৰে বাবে সেয়া আছিল এক সপোন। আনন্দৰ জোৱাৰ উঠিছিল সমগ্ৰ দেশত। তাৰ পাছত আৰম্ভ হৈছিল কেৱল অপেক্ষা। প্ৰতিখন বিশ্বকাপতে কেৱল ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ হুমুনিয়াহ।
বিশ্বকাপ ট্ৰফী হাতত তুলি ল'বলৈ ২৮ বছৰৰ অপেক্ষা। আৰু সেই অপেক্ষাক মধুৰ কৰি তুলিছিল ধোনিয়ে। ‘ইন দ্যা এয়াৰ, শ্ৰীশান্ত টেকছ ইট’ ৰ পৰা ধোনি ফিনিচেছ অফ ইন ষ্টাইল’ পৰ্যন্ত ভাৰতীয় ক্ৰিকেটৰ এক স্বৰ্ণীল ইতিহাস ৰচনা হ’ল। এই ইতিহাসাৰ প্ৰতিটো পৃষ্ঠাত ধোনিৰ উপস্থিতি।
২০০৭ চনৰ টি-২০ বিশ্বকাপৰ অন্তিমটো অভাৰ যোগিন্দৰ শৰ্মাৰ হাতত তুলি দিয়া, ২০১১ ৰ বিশ্বকাপৰ ফাইনেলৰ অন্তিমটো বলৰ সেই ছিক্সাৰ আৰু ঈশান্ত শৰ্মাৰ হাতত ২০১৩ ৰ অন্তিম অভাৰৰ বল তুলি দিয়াৰ সেই সময়খিনি কোনে পাহৰিব? একো একোটা মাষ্টাৰ ষ্ট্ৰোক আছিল সেয়া।
২০১১ ৰ আই চি চি বিশ্বকাপত শ্ৰীংলাকৰ বলাৰ নুৱান কোলাচেকেৰাৰ বলত ধোনিয়ে যি বিজয়সূচক ছয়টো কোবাইছিল সেই দৃশ্য আজিও ভাৰতীয় ক্ৰিকেটৰ সমৰ্থকৰ মন মগজুত থিতাপি লৈ আছে। প্ৰজন্মৰ পাছত প্ৰজন্মই সেই ভিডিঅ’ৰ দৃশ্য ৰিপ্লে’ কৰি চাইছে।
এই শ্বটটোৱে সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছিল। এই শ্বটটোৰ ইমানেই শক্তি যে, ইয়াৰ দৃশ্যই ভাৰতীয়ৰ মনত দেশপ্ৰেম জগাই তুলিব পাৰে। ধোনিৰ হাতত ধৰি ভাৰতীয় ক্ৰিকেট দলে ৩ টাকৈ আই চি চি ট্ৰফী জয় কৰিছে। এয়াই তেওঁৰ সফলতা নহয়। ধোনিৰ অৱদান সিমানতেই শেষ হৈ যোৱা নাই। ধোনিয়ে দৰাচলতে ভাৰতীয় ক্ৰিকেটক, ভাৰতীয় ক্ৰিকেট দলটোক পূৰ্ণতা দিলে। সেয়াই তেওঁৰ সৰ্বোচ্চ কৃতিত্ব।