/asomiyapratidin/media/media_files/2025/01/22/SfKs6BxnysvI32XbnUSR.jpg)
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা খো খো বিশ্বকাপ প্ৰতিযোগিতাখনৰ সফল সমাপ্তি ঘটিছে। ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হোৱা এই বিশ্ব প্ৰতিযোগিতাখনে বিশ্বৰ ক্ৰীড়া জগতত পুনৰ এবাৰ ভাৰতৰ মান উচ্চ শিখৰলৈ নিলে।
বিশেষকৈ প্ৰতিযোগিতাখনত ভাগ ল’বলৈ অহা বিভিন্ন দেশৰ খেলুৱৈ, প্ৰশিক্ষক তথা টেকনিকেল অফিচিয়েলকে ধৰি ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিকে যি আতিথ্য প্ৰদান কৰিলে, আৰম্ভণিৰ পৰা শেষলৈকে সুশৃংখলিত ভাৱে প্ৰতিযোগিতাখন যিদৰে পৰিচালনা কৰিলে সেই আতিথ্য আৰু সামগ্ৰীক ব্যৱস্থাপনাই প্ৰশংসা লাভ কৰিছে।
উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা খো খো বিশ্বকাপত ৬ খন মহাদেশৰ ২৩ খন দেশে অংশগ্ৰহণ কৰিছিল। বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ এই সাংস্কৃতিক অনুষ্ঠানত ভাৰতীয় সংস্কৃতিৰ বৰ্ণিল সমাহাৰ ঘটিছিল।
প্ৰতিযোগিতাখনৰ অন্তত খো খো ফেডাৰছন অফ ইণ্ডিয়াই এক বিজ্ঞপ্তিত ইৰাণৰ আমিৰ ঘিয়াছিৰ উদ্ধৃতিৰে কয়, ''ভাৰতলৈ আমি প্ৰথমবাৰৰ বাবে আহিছিলো আৰু আমি খুব ভাল সময় অতিবাহিত কৰিলো। ভাৰতীয় আতিথ্য বহু সুন্দৰ আছিল। প্ৰথমবাৰৰ বাবে আমি ইয়াত উপস্থিত হোৱাৰ পাছত আমাক সকলোবোৰ সুবিধা দিয়া হৈছিল। আমি থকা হোটেলখন আৰু আমাক খাবলৈ দিয়া খাদ্য আমাৰ বাবে অনুকূল আছিল। সেয়ে আমি কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলো। প্ৰথমবাৰৰ বাবে আমি ভাৰতীয় সংস্কৃতিৰ সাক্ষী হ’লো।''
আনহাতে নিউজিলেণ্ডৰ মহিলা দলৰ হৈ প্ৰতিযোগিতাখনত অংশলোৱা এগৰাকী খেলুৱৈয়ে কয়, ''আমি এই সময়খিনি ভালদৰে উপভোগ কৰিলো। মূল কথাটো হ’ল আমি কেতিয়াও ভবা নাছিলো প্ৰতিযোগিতাখন ইমান কঠিন হ’ব। গতিকে আমি এতিয়া পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰস্তুতি চলাবলৈ উৎসিহত হৈছো।''
উল্লেখ্য যে, খো খো ফেডাৰেছন অফ ইণ্ডিয়া আৰু আন্তৰ্জাতিক খো খো ফেডাৰেছনৰ সভাপতি সুধাংশু মিত্তাল, খো খো ফেডাৰেছন অফ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক এম এছ ত্যাগী আৰু আন্তাৰ্জাতিক খো খো ফেডাৰেছনৰ সাধাৰণ সম্পাদক ৰোহিত হালদানিয়াৰ নেতৃত্বত প্ৰতিযোগিতাখনৰ আয়োজকে ভ্ৰমণকাৰী ৰাষ্ট্ৰসমূহক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰাৰ নিশ্চিত দায়িত্ব লৈছিল। সেই অনুসৰিয়েই সকলো বিদেশী খেলুৱৈয়ে তেওঁলোকৰ খাদ্যৰ পৰা আৰম্ভ কৰি সকলো সুবিধা লাভ কৰাত প্ৰশংসিত হৈছে।
মন কৰিবলগীয়া যে, বিভিন্ন ৰাষ্ট্ৰৰ পৰা বিশ্বকাপখনত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈসকলে খেলৰ লগতে দিল্লীৰ বিভিন্ন পৰ্যটনস্থলসমূহো ভ্ৰমণ কৰে। বিশেষকৈ আগ্ৰাৰ তাজমহল চাবলৈ খেলুৱৈসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছিল। সেই মতেই তেওঁলোকে তাজমহল দৰ্শন কৰাৰ লগতে অন্যান্য পৰ্যটনস্থলীসমূহো ভ্ৰমণ কৰে। ভাৰতীয় ষ্ট্ৰীট ফুড, সংগীতৰো সোৱাদ লয়।
পেৰুৰ পুৰুষ দলটোৰ মুখ্য প্ৰশিক্ষক চিলভানা পেট্ৰিচিয়াই কয়, ''আতিথ্যৰ পৰা খাদ্যলৈ সকলোবোৰ আশ্চৰ্যকৰ আছিল। মই সঁচাকৈয়ে নৃত্য অনুষ্ঠান, নৃত্যু শিল্পীসকলৰ পোছাক আৰু সংগীত উপভোগ কৰিছিলো। দিল্লীত একেলগে সকলোবোৰ ঠাই চোৱাৰ সুযোগ পালো। এই বিশ্বকাপৰ অভিজ্ঞতা উৎকৃষ্ট হৈ ৰ’ল।''
ব্ৰাজিলৰ পুৰু দলৰ মুখ্য প্ৰশিক্ষক লৰা ড’ৰিঙে আকৌ বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰশংসা কৰে। তেওঁ কয়, ''ইয়াৰ সংস্কৃতি আমাৰ সংস্কৃতিতকৈ বহু বেলেগ। মই এইবোৰ দেখি অতি সুখী। মই বহু আনন্দিত যে, ইয়ালৈ অহাৰ সুযোগ পালো। ইয়াৰ (ভাৰতৰ) লোকসকলৰ আতিথ্য সৰ্বশ্ৰেষ্ঠ। ভাৰতৰ কিছু নৃত্য মই শিকি, মোৰ লগত লৈ যাব বিচাৰো।''