বিশ্ব চেম্পিয়শ্বিপ খেলিবলৈ যোৱাৰ আগতে মোৰ সৈতে খেলক লাভলীনাইঃ দেশৰ কোন বক্সাৰে চেলেঞ্জ কৰিলে অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীক…

বিশ্ব চেম্পিয়শ্বিপ খেলিবলৈ যোৱাৰ আগতে মোৰ সৈতে খেলক লাভলীনাইঃ দেশৰ কোন বক্সাৰে চেলেঞ্জ কৰিলে অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীক…

author-image
asomiyapratidin
New Update
বিশ্ব চেম্পিয়শ্বিপ খেলিবলৈ যোৱাৰ আগতে মোৰ সৈতে খেলক লাভলীনাইঃ দেশৰ কোন বক্সাৰে চেলেঞ্জ কৰিলে অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীক…

ডিজিটেল ডেস্কঃ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইক চেলেঞ্জ। দেশৰ এগৰাকী প্ৰতিভাৱান মহিলা বক্সাৰ অৰু্ন্ধতী চৌধুৰীয়ে চেলেঞ্জ কৰিছে লাভলীনাক । ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৬৯ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰাৰ বাবেই অৰুন্ধতী চৌধুৰীয়ে লাভলীনাৰ সৈতে ট্ৰায়েল অনুষ্ঠিত কৰিবলৈ দাবী কৰিছে।

Advertisment

উল্লেখ্য যে ডিচেম্বৰত অনুষ্ঠিত হ'ব মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ। প্ৰতিযোগিতখনৰ বাবে ভাৰতীয় দল গঠন কৰিবলৈ ভাৰতীয় বক্সিং সংস্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিটো কেটেগৰীৰ ৰাষ্ট্ৰীয় চেম্পিয়নসকলে প্ৰতিযোগিতাখনত দেশক প্ৰতিনিধিত্ব কৰিব। আনহাতে অলিম্পিকত পদক জয় কৰাৰ বাবে লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰা হৈছে।

কিন্তু চলিত বৰ্ষৰ প্ৰথমাৰ্ধত বিশ্ব যুৱ বিশ্ব চেম্পিয়শ্বিপত স্বৰ্ণ পদক বিজয়ী অৰুন্ধতী চৌধুৰীয়ে লাভলীনা চিধাই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা বিষয়টোক লৈ সন্তুষ্ট নহয়। যাৰবাবে লাভলীনাই অংশগ্ৰহণ কৰা ৬৯ কেজি শাখাৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ অৰুন্ধতী নাৰাজ হৈছে।

সংবাদ মাধ্যমৰ আগত অৰুন্ধতীয়ে কৈছিল যিহেতু লাভলীনাই অলিম্পিকৰ পিছৰে পৰা ধাৰাবাহিকভাৱে অনুশীলন কৰা নাই গতিকে তেওঁক ট্ৰায়েল অবিহনে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত কৰাটো উচিত হোৱা নাই। অৰুন্ধতীয়ে কয় যে তেওঁ দীৰ্ঘদিন ধৰি অনুশীলন কৰি আছে গতিকে তেওঁ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে পদক লাভৰ সম্ভাৱনীয়তা অধিক।

ইয়াৰোপৰি অৰুন্ধতীয়ে বক্সিং ফেডাৰেচনক দুয়োৰে মাজত ট্ৰায়েল অনুষ্ঠিত কৰিবলৈ চেলেঞ্জ কৰিছে। ইফালে বক্সিং ফেডাৰেচনৰ মহা সচিব হেমন্ত কলিতাই অৰুন্ধতীৰ চেলেঞ্জক খাৰিজ কৰিছে। কলিতাই কয়, মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ বাবে কোনো ট্ৰায়েল অনুষ্ঠিত নহয়। ইতিমধ্যে অনুষ্ঠিত হোৱা ফেডাৰেচনৰ কাৰ্যকৰী পৰিষদৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছে। লাভলীনাক বাদদি প্ৰতিটো শাখাতে ৰাষ্ট্ৰীয় চেম্পিয়ন সকলে প্ৰতিযোগিতাখনত দেশক প্ৰতিনিধত্ব কৰিব। লাভলীনাই অলিম্পিকত পদক লাভ কৰাৰ বাবে তেওঁক প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত কৰা হৈছে।

আগন্তুক ডিচেম্বৰ মাহত ইষ্টানবুলত অনুষ্ঠিত হ'ব বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ। অৱশ্যে প্ৰতিযোগিতাখন কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব সেই বিষয়ে এতিয়াও থিৰাং হোৱা নাই। লাভলীনাই পূৰ্বে বিশ্ব চেম্পিয়নশ্বিপখনত দুবাৰকৈ লাভ কৰিছে ব্ৰঞ্জৰ পদক। আনহাতে অৰুন্ধতী চৌধুৰীয়ে ২০২১ বৰ্ষৰ প্ৰথমাৰ্ধত যুৱ চেম্পিয়শ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।