/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2af3b6d2-e69e-4c09-af7f-2a9beeae3f86/WEB_THUM_new_dimpul_cricket.jpg)
ডিজিটেল সংবাদ, যোৰহাট: জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেটৰ উজনি অসম মণ্ডলৰ প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলত ডিব্ৰুগড় জিলাই ১৬৭ ৰাণত জয়লাভ কৰিছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত ২০২৩-২৪ বৰ্ষৰ জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টৰ উজনি অসম মণ্ডলৰ ক্ৰিকেট প্ৰতিযোগিতাখন শুকুৰবাৰৰ পৰা যোৰহাট ষ্টেডিয়ামত আৰম্ভ হয়। উদ্বোধনী খেলখন অনুষ্ঠিত হয় ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ মাজত।
ডিব্ৰুগড় জিলাই টছত জিকি প্ৰথমেই বেটিং কৰি নিৰ্ধাৰিত ৫০ অ'ভাৰত ময়ুৰ বৰগোহাঁইৰ ৫৮ আৰু আদিত্য বৰাৰ ৩৪ ৰাণৰ সহায়ত ৯টা উইকেট হেৰুৱাই ২২৪ ৰাণ সংগ্ৰহ কৰে। চৰাইদেউ জিলাৰ হৈ সমীৰ আগৰৱালা, সন্তোষ ৰয় আৰু বিটু ৰয়ে দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত চৰাইদেউ জিলাই ১৯.২ অ'ভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত সুৰজৰ ১৯ আৰু সন্তোষ ৰয়ৰ ১২ ৰাণৰ সহায়ত মাত্ৰ ৫৭ ৰাণতে ইনিংছ সমাপ্ত কৰে। ডিব্ৰুগড় জিলাৰ হৈ ৰাজীৱ ডুবেয় আৰু নিশান্ত সিংঘানীয়াই ৩টাকৈ উইকেট লাভ কৰে।
শুকুৰবাৰে খেল উদ্বোধনীৰ আৰম্ভনিতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আৰু অসম ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে।
জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট শাখাৰ চেয়াৰমেন ৰবীন শইকীয়াই আঁতধৰা উদ্বোধনী অনুষ্ঠানত যোৰহাট ছুইমিং ছ'চাইটিৰ সভাপতি তথা ক্ৰীড়া সংগঠক ৰক্তিম শইকীয়াই শুকুৰবাৰে প্ৰতিযোগিতাখনৰ শুভ উদ্ধোধন কৰে।
ইয়াৰ উপৰিও যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বড়া, দ্বিজেন শইকীয়া, ঋতুৰাজ বড়া, চিৰঞ্জীৱ বড়া, জ্যেষ্ঠ সদস্য অমল বৰুৱা, কাৰ্যালয় সম্পাদক প্ৰীতম বড়া আৰু জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট শাখাৰ সম্পাদক অজিত চেতীয়াৰ লগতে অন্যান্য ভালেগৰাকী বিষয়ববীয়া প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। ইফালে প্ৰতিযোগিতাখনৰ কালিলৈ পৰৱৰ্তী খেলখন হ'ব শিৱসাগৰ জিলা আৰু নাহৰকটীয়া জিলাৰ মাজত।