কোৰোনাৰ প্ৰভাৱ! ২০২০ৰ টি-২০ বিশ্বকাপ স্থগিতৰ সিদ্ধান্ত আইচিচিৰ…

কোৰোনাৰ প্ৰভাৱ! ২০২০ৰ টি-২০ বিশ্বকাপ স্থগিতৰ সিদ্ধান্ত আইচিচিৰ…

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব লগা টি-২০ বিশ্বকাপ-২০২০ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বিশ্বত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই লোৱা হৈছে এই সিদ্ধান্ত। টি-২০ বিশ্বকাপ অহা বছৰ অৰ্থাৎ ২০২১চনত অনুষ্ঠিত কৰা হ'ব।

উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ-নবেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা আছিল টি-২০ বিশ্বকাপ। সোমবাৰে আই চি চিৰ এক বৈঠকত কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি দৃষ্টি ৰাখি এই এইবাৰৰ টি-২০ বিশ্বকাপ স্থগিত ৰখা হয়। অৰ্থাৎ ২০২১চনৰ অক্টোবৰ-নবেম্বৰতহে অনুষ্ঠিত হ'ব এই বিশ্বকাপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in