IPL সম্প্ৰচাৰৰ বিনিময়ত BCCI ৰ উপাৰ্জন ৪৬ হাজাৰ কোটি : বিশ্বৰ আটাইতকৈ ধনী লীগলৈ ৰূপান্তৰ….

IPL সম্প্ৰচাৰৰ বিনিময়ত BCCI ৰ উপাৰ্জন ৪৬ হাজাৰ কোটি : বিশ্বৰ আটাইতকৈ ধনী লীগলৈ ৰূপান্তৰ….

author-image
asomiyapratidin
New Update
IPL সম্প্ৰচাৰৰ বিনিময়ত BCCI ৰ উপাৰ্জন ৪৬ হাজাৰ কোটি : বিশ্বৰ আটাইতকৈ ধনী লীগলৈ ৰূপান্তৰ….

ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম ধনী লীগলৈ ৰূপান্তৰিত হ'ল ইণ্ডিয়ান চুপাৰ লীগ চমুকৈ আই পি এল। আই পি এলৰ জনপ্ৰিয়তা কিমান সেয়া নতনুকৈ কোৱাৰ প্ৰয়োজন নাই। আই পি এলৰ জ্বৰত আক্ৰান্ত হয় সমগ্ৰ বিশ্ব।বিশ্বৰ বিভিন্ন দেশত অনুষ্ঠিত হৈ থকা ক্ৰিকেট লীগ সমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগেই হৈছে আই পি এল। বিদেশী খেলুৱৈসকলেও নিজ দেশৰ জাতীয় দলতকৈ আই পি এলক অধিক প্ৰাধান্য দিয়াৰ ঘটনাও ক্ৰিকেট অনুৰাগীয়ে প্ৰত্যক্ষ কৰিছে।

শেহতীয়াকৈ এই আই পি এলৰ মিডিয়া স্বত্ব বিক্ৰী কৰি বি চি চি আইয়ে আহৰণ কৰা ধনে এতিয়া সকলোৰে চকু কপালত তোলাৰ লগতে পুনৰবাৰ প্ৰমাণ কৰিলে বিশ্বৰ অন্যতম জনপ্ৰিয় লীগলৈ ৰূপান্তৰ হৈছে আই পি এল। প্ৰকাশিত খবৰ অনুসৰি আই পি এলৰ টিভি আৰু ডিজিটেল মাধ্যমত প্ৰচাৰৰ কৰাৰ অধিকাৰ প্ৰদানৰ বিনিময়ত বি চি চি আইয়ে ৪৬ হাজাৰ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে।

এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ ৰ পৰা ২০২৭ চনলৈ মুঠ ৪১০ খন আই পি এল মেচৰ বাবে পেকেজ- এ অনুসৰি ২৩ হাজাৰ ৫৭৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ প্ৰতিখন মেচ ৫৭.৫ কোটি টকাৰ বিনিময়ত মিডিয়া স্বত্ব বিক্ৰী কৰা হৈছে।

পেকেজ এ অনুসৰি ভাৰতীয় উপমহাদেশৰ বাবে ডিজিটেল আই পি এলৰ প্ৰতিখন মেচৰ ডিজিটেল অধিকাৰ প্ৰতিখন মেচত ৫০ কোটি টকাত বিক্ৰী কৰা হয়। একেদৰে পেকেজ বি- অনুসৰি বি চি চি আইয়ে লাভ কৰিছে ২০ হাজাৰ ৫০০ কোটি টকা। অৰ্থাৎ দুটা পেকেজ বিক্ৰী হোৱাৰ পিছত বিচিচিআইৰ হাতলৈ আহে ৪৪ হাজাৰ ৭৫ কোটি টকা।

দ্বিতীয় দিনা নিলাম বন্ধ হোৱালৈকে, পেকেজ চি-ৰ বাবে ২ হাজাৰ কোটি টকাৰ নিবিদা কৰা হৈছে। তৃতীয় দিনটো ইয়াৰ পৰা এটা নিবিদা হ'ব। ব'ৰ্ডে এতিয়ালৈকে ৪৬ হাজাৰ কোটি টকা উপাৰ্জন কৰিছে। যি ২০১৮ চনত লাভ কৰা ১৬ হাজাৰ ৩৪৭ কোটি টকাতকৈ আঢ়ৈ গুণ অধিক।

বিচিচিআইৰ এক সূত্ৰই কয় যে- "আমি ৫.৫ বিলিয়ন ডলাৰৰ ওচৰ চাপিছো। ডিজিটেল অধিকাৰৰ বাবে প্ৰতিখন খেলত ৫০ কোটি টকা পোৱাটো এটা ডাঙৰ কথা। আজি নিলাম সন্ধিয়া ৬ বজাত সমাপ্ত হৈছে আৰু আমি বৰ্তমান পেকেজ চি-ত আছোঁ। য'ত পাঁচ বছৰৰ বাবে ৯৮ খন খেলৰ 'অ-একচেটিয়া' ডিজিটেল অধিকাৰ অন্তৰ্ভুক্ত আছে। এই পেকেজৰ পিছত পেকেজ-ডি আহিব। যিটো বিদেশী টিভি আৰু ডিজিটেল অধিকাৰৰ বাবে।"