প্ৰায় দুটা দশক পাছত পুনৰ এবাৰ ঐতিহাসিক মিলান ডাৰ্বী

প্ৰায় দুটা দশক পাছত পুনৰ এবাৰ ঐতিহাসিক মিলান ডাৰ্বী

ডিজিটেল ডেস্ক : ২০০৫ চনৰ কথা, চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত সমগ্ৰ বিশ্ব সন্মুখীন হৈছিল এক ঐতিহাসিক মেচৰ । কিয়নো খেলপথাৰত অৱতীৰ্ণ হৈছিল এচি মিলান আৰু ইন্টাৰ মিলান । সেই সময়ৰ মিলান ডাৰ্বী আছিল এক যুদ্ধ । কেৱল পৰাস্ত কৰাই লক্ষ্য নহয়, বৰং প্ৰতিপক্ষৰ মনত এক আতংকৰ সৃষ্টিও কৰিব লাগিব । তাৰ বাবে শাৰীৰিক আঘাতৰ প্ৰয়োজন হ'লে সেইয়াও মাফ । ফলত মাৰ্কো মাটেৰাজ্জিৰ দৰে ডিফেণ্ডাৰৰ নাম শুনিলেই কপি উঠিছিল বিপক্ষ দল । ২০০১ চনতেই যাক ইন্টাৰ মিলানে ক্ৰয় কৰিছিল ১০ মিলিয়ন ইউৰোত । তেনে এক খেলুৱৈৰ বিপক্ষে সেইদিনা খেলপথাৰত অৱতীৰ্ণ হৈছিল পৰ্টুগালৰ ৰুই ক'ষ্টাৰ দৰে শান্ত-সমাহিত খেলুৱৈ । যাৰ বাবে ফুটবল এক ভদ্ৰলোকৰ খেল । কি সুন্দৰ কলা, শৈলীৰে প্ৰতিখন খেলেই উপভোগ কৰিছিল ৰুই ক'ষ্টাই ।

কিন্তু খেলখনত হ'ল এক অঘটন । এইবাৰ খেলুৱৈৰ পৰিৱৰ্তে খেলপথাৰত আক্ৰমণাত্মক হৈ উঠিল দৰ্শক । আতচবাজী নিক্ষেপ কৰিলে খেলপথাৰলৈ । সকলো খেলুৱৈয়ে আত্মৰক্ষাৰ বাবে খেলপথাৰ এৰি দৌৰিব লগীয়া হ'ল ড্ৰেছিং ৰুমলৈ । কিন্তু সেই আতচবাজী প্ৰত্যক্ষ কৰিবলৈ খেলপথাৰতেই ৰ'ল ৰুই ক'ষ্টা আৰু মাটেৰাজ্জি । ক'ষ্টাৰ কান্ধত আউজি মাটেৰাজ্জিয়ে আতচবাজী চাই ৰোৱা সেই মুহুৰ্তটোৰ আছ কেৱল এখনেই ফটো । যিখন তুলিছিল সেই সময়ৰ ক্ৰীড়া সাংবাদিক ষ্টেফানো ৰেলাণ্ডিনিয়ে । সেই ফটোখন তোলা প্ৰায় ১৮ বছৰ সম্পূৰ্ণ হ'ল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in