/asomiyapratidin/media/media_files/2025/09/03/judo-3-2025-09-03-21-30-28.jpg)
প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল সংবাদ, ধেমাজিঃ অহা ৯ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৩৫ সংখ্যক ৰাজ্যিক আন্তঃজিলা জুডো প্ৰতিযোগিতালৈ ধেমাজিৰ জুডোৰ প্ৰশিক্ষক জয়শ্ৰী হাজৰিকা দেউৰীৰ নেতৃত্বত ২৬ গৰাকী খেলুৱৈৰ দলটো ঘোষণা কৰা হৈছে।
ধেমাজি জিলা জুডোৰ সম্পাদক বিনোদ দেউৰীয়ে এক বিবৃতিৰ জৰিয়তে জনোৱা মতে ধেমাজি জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া ২৬ গৰাকী খেলুৱৈ তথা প্ৰতিযোগী ক্ৰমে ছোৱালীৰ নিম্ন শাখাত অৰ্পিতা সোণোৱাল, দৰিচ স্বৰ্গীয়াৰী, ৰূপা কামান, মুনচী বড়ো, কন্যাৰি সোণোৱাল আৰু ল'ৰা শাখাত ক্ৰমে দিপ্যমান আইৰ দেউৰী, পঙ্কজ বসুমতাৰী, অঞ্চুমান বড়ো, ছাব জুনিয়ৰৰ ছোৱালী শাখাত পৰিশ্মিতা বসুমতাৰী, ৰশ্মিকা হাজৰিকা, ৰাস্না দেউৰী, জেচমিন দেউৰী, ইন্দ্ৰানী বড়া সোণোৱাল আৰু ছাবজুনিয়ৰ ল'ৰাৰ শাখাত ক্ৰমে হেমঞ্জুতী দেউৰী, বিপ্লৱ দেউৰী আৰু বিবেক দেউৰী।
অন্যহাতেৰে কেডেট শাখাত ক্ৰমে ছোৱালী খ্যানমনা আইৰ দেউৰী, পুৰ্ণিমা দেউৰী, ৰংজালী মুছাহাৰী আৰু ল'ৰাৰ শাখাত ক্ৰমে নিচান লালুং, দনিপ দেউৰী, চুৰণজিত দেউৰী, ডেনিয়েল দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিব। জুনিয়ৰ ছোৱালী শাখাত ক্ৰমে চম্পা বসুমতাৰী, জ্যোতিলতা দেউৰী, খ্যানমনা আইৰ জুনিয়ৰ ল’ৰাৰ শাখাত ৰাজ দেউৰী ,ছোৱালীৰ চিনিয়ৰ শাখাত জ্যোতিলতা দেউৰী আৰু খ্যানমনা আইৰ দেউৰী৷