Advertisment

আজি ইডেনত ভাৰত-ইংলেণ্ডৰ প্ৰথমখন টি-২০ঃ ধুমুহা আনিবলৈ সাজু মহম্মদ ছামি...

আজি ভাৰত-ইংলেণ্ডৰ মাজত টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। কলকাতাৰ ইডেন গাৰ্ডেনত সন্ধিয়া ৭ বজাৰ পৰা খেলিবলগীয়া এই মেচখন কেইবাটাও কাৰণত ভাৰতৰ বাবে বিশেষ হিচাপে পৰিগণিত হৈছে। 

author-image
Asomiya Pratidin
New Update
আজি ইডেনত ভাৰত-ইংলেণ্ডৰ প্ৰথমখন টি-২০ঃ ধুমুহা আনিবলৈ সাজু মহম্মদ ছামি...

ডিজিটেল ডেস্কঃ আজি ভাৰত-ইংলেণ্ডৰ মাজত টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। কলকাতাৰ ইডেন গাৰ্ডেনত খেলিবলগীয়া এই মেচখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব।

Advertisment

কেইবাটাও কাৰণত এই টি-২০ শৃংখলা ভাৰতৰ বাবে বিশেষ হিচাপে পৰিগণিত হৈছে। 
এই টি-২০ শৃংখলাতে দললৈ প্ৰত্যাৱৰ্তন ঘটিছে কেইবাজনো ক্ৰিকেটাৰৰ। তাৰোপৰি এই শৃংখলাতেই আন কেইবাজনো ক্ৰিকেটাৰৰ ভৱিষ্যত নিৰ্ধাৰণ হৈ আছে।

ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ বাবেও এই টি-২০ শৃংখলা অতি গুৰুত্বপূৰ্ণ। যোৱা বছৰ টি-২০ বিশ্বকাপ জয়ৰ পাছতে ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাডেজাই একেলগে টি-২০ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ লগতে স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনেও ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ মাজতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

এইসকল ক্ৰিকেটাৰৰ স্থানত বহু নতুন ক্ৰিকেটাৰৰ আগমণ ঘটিছে। এই প্ৰতিভাৱান ক্ৰিকেটাৰসকলে নিজৰ দক্ষতাৰ প্ৰমাণ দিছে যদিও এতিয়ালৈকে কোনো ক্ৰিকেটাৰেই তেওঁলোকৰ স্থান সুৰক্ষিত কৰিব পৰা নাই।

প্ৰথমৰ পৰা শেষলৈকে মূল একাদশত যোৱা সময়ত গৌতম গম্ভীৰে বহু সম্পৰীক্ষা চলাইছে। আজি ইডেন গাৰ্ডেনতো যে তেনে সম্পৰীক্ষা নচলিব তাৰ কোনো নিশ্চয়তা নাই। 

এই তৰুণ ক্ৰিকটাৰসকলেই শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাক তেওঁলোকৰ ঘৰৰ মাটিতে পৰাস্ত কৰিছিল। তাৰ পূৰ্বে শ্ৰীলংকাক ঘৰৰ মাটিত ৩-০ ব্যৱধানত পৰাস্ত কৰিছিল।সেই মতেই যথেষ্ট আত্মবিশ্বাসী হৈ আছে অধিনায়ক সূৰ্য কুমাৰ যাদৱ। অৱশ্যে সেই শৃংখলাত অংশগ্ৰহণ কৰা কেইবাজনো ক্ৰিকেটাৰ ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাত দলত নাথাকিব।

সেয়া যিয়েই নহওক, শৃংখলাৰ আজিৰ প্ৰথমখন টি-২০ত মূল একাদশ কেনেকুৱা হ’ব, কোনে কোনে স্থান লাভ কৰিব বা কোনে কোনে স্থান নাপাব সেয়াও এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে। কিয়নো শৃংখলাৰ বাবে নিৰ্বাচকে যিটো দল বাঁচনি কৰিছে সেই দলটোৰ প্ৰতিজন ক্ৰিকেটাৰেই যোৱা সময়ত অতি উন্নত প্ৰদৰ্শন দাঙি ধৰিছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই টি-২০ শৃংখলাত দললৈ প্ৰত্যাৱৰ্তন কৰিছে বেগী বলাৰ মহম্মদ ছামিয়ে। নিৰ্বাচকে বাঁচনি কৰা ১৫ জনীয়া দলটোত আছে সূৰ্য কুমাৰ যাদৱ (অধিনায়ক), সঞ্জু ছেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্সৰ পেটেল (উপ অধিনায়ক) হৰ্ষিত ৰাণা, অৰ্শ্বদীপ সিং, মহম্মদ ছামি, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, ৱাশ্বিংটন সুন্দৰ আৰু ধ্ৰুৱ জুৰেল (উইকেট কীপাৰ)। 

এইসকল ক্ৰিকেটাৰৰ মাজৰ পৰাই মূল একাদশ গঠন কৰিব অধিনায়ক সূৰ্য কুমাৰ যাদৱ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। এতিয়াও মূল একাদশ ঘোষণা হোৱা নাই যদিও সাম্ভাব্য মূল একাদশত অপেনাৰ হিচাপে অভিষেক শৰ্মা আৰু সঞ্জু ছেমছনেই যে আহিব সেয়া নিশ্চিত।

বেটিং ক্ৰমৰ তৃতীয় স্থানত আহিব তিলক বৰ্মা। চাৰি নং স্থানত অধিনায়ক সূৰ্য কুমাৰ যাদৱ আৰু পঞ্চম স্থানত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ স্থান নিশ্চিত।

ছয় নং স্থানত থাকিব ৰিংকু সিং। সাত নং স্থানত মেডিয়াম ফাষ্ট বলাৰ নীতিশ কুমাৰ ৰেড্ডীকেই স্থান দিয়াটো প্ৰায় নিশ্চিত। স্পীনাৰ হিচাপে মূল একাদশত অক্ষৰ পেটেলৰ স্থান নিশ্চিত। দ্বিতীয়গৰাকী স্পীনাৰ হিচাপে সূৰ্য কুমাৰ যাদৱৰ হাতত আছে বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণয়। এই দুজনৰ ভিতৰত বৰুণ চক্ৰৱৰ্তীক মূল একাদশত স্থান দিয়াৰ সম্ভাৱনা প্ৰৱল। বেগী বলাৰ হিচাপে মূল একাদশত থাকিব মহম্মদ ছামি আৰু অৰ্শ্বদীপ সিং। 

ক্ৰিকেট সূৰ্য কুমাৰ যাদৱ টীম ইণ্ডিয়া মহম্মদ ছামি