ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৪৭ ৰানত পৰাস্ত ভাৰত

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৪৭ ৰানত পৰাস্ত ভাৰত

author-image
asomiyapratidin
New Update
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৪৭ ৰানত পৰাস্ত ভাৰত

ডিজিটেল ডেস্কঃ অথলে গ'ল কোহলিৰ ধাৰাবাহিক তৃতীয়টো শতক। ১১৯ টা বলত অধিনায়কগৰাকীয়ে সংগ্ৰহ কৰা ১০৭ ৰান সত্বেও ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পুণেত অনুষ্ঠিত তৃতীয় এদিনীয়াত ৪৭ ৰানত পৰাস্ত হয় টীম ইণ্ডিয়া।

Advertisment

টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱা ভাৰতে আলহী দলটোৱে নিৰ্ধাৰণ কৰি দিয়া ২৮৪ ৰানৰ বিজয় লক্ষ্য আগত লৈ ৪৭.৪ অভাৰত মাথো ২৪০ ৰানতে অলআউট হয়। কোহলিৰ বাদে দলটোৰ আটাইকেজন বেটছমেনে কেৰিবিয়ান বলাৰৰ সমুখত আজি দিশহাৰা হৈ পৰে।

শিখৰ ধাৱানে ৩৫, ঋষভ পন্টে ২৪ আৰু অম্বাতি ৰায়াডুৱে ২২ ৰানৰ বৰঙণি আগবঢ়ায়। মহেন্দ্ৰ সিং ধোনীয়ে মাত্ৰ ৭ৰান স্কৰ কৰিয়েই পেভিলিয়নমুখী হয়। অপেনাৰ ৰোহিত শৰ্মায়ো আজি মাত্ৰ ৮ ৰানহে স্ক'ৰ কৰে।

৯ ৰানতে প্ৰথমটো উইকেটৰ পতন ঘটা ভাৰতীয় দলটোৰ বেটিং লাইনআপ কোহলিয়ে ধৰি ৰখাৰ চেষ্টা চলায় যদিও বাকীসকল বেটছমেনৰ পৰা আশাব্যঞ্জক সহাঁৰি লাভ নকৰিলে। ৱেষ্ট ইণ্ডিজৰ হৈ মাৰ্লন চেমুৱেলছে সৰ্বাধিক ৩টা, এছলে নাৰ্ছ, অবেদ মেককয়, জেছন হল্ডাৰ প্ৰত্যেকে দুটাকৈ আৰু কেমাৰ ৰ'ছে লাভ কৰে এটা উইকেট।

ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে, ছাই হোপে সৰ্বাধিক ৯৫, এছলে নাৰ্ছৰ ৪০ আৰু ছিমৰন হেটমাৰৰ ৩৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেট সংগ্ৰহ কৰে ২৮৩ ৰান। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৪টা আৰু কুলদীপ যাদৱে ২টা উইকেট হস্তগত কৰে।

মেন অব দ্য মেছ বিবেচিত হয় অলৰাউণ্ডাৰ প্ৰদৰ্শন আগবঢ়োৱা এলেন নাৰ্ছ। ইফালে আজিৰ এই জয়ৰে ৫খন মেচৰ শৃংখলাটোত ১-১ৰে সমতা স্থাপন কৰিবলৈ সমৰ্থ হয় কেৰিবিয়ান দলটো। উল্লেখ্য যে প্ৰথমখন মেচত পৰাজয়বৰণ কৰা দলটোৱে দ্বিতীয়খন এদিনীয়াত ভাৰতৰ বিৰুদ্ধে ড্ৰ খেলে।