/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/d1idg5ig_india-hockey_625x300_01_September_18.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানক পৰাভূত কৰি এছিয়ান গেমছৰ পুৰুষৰ হকীত ব্ৰঞ্জ জয় কৰিবলৈ সমৰ্থ হৈছে ভাৰত। ছেমি ফাইনেল ট্ৰেজেডীৰ পিছত তৃতীয় স্থান নিৰ্ণয়ৰ বাবে অনুষ্ঠিত আজিৰ মেচখনত ভাৰতীয় দলটোৱে চিৰবৈৰী পাকিস্তানক ২-১ গ'লত পৰাস্ত কৰে।
ভাৰতৰ হৈ আকাশদ্বীপ সিং আৰু হৰমনপ্ৰীত সিঙে গ'ল দুটা স্ক'ৰ কৰে। পাকিস্তানৰ হৈ গ'ল স্কৰ কৰে মহম্মদ আতিকে। উল্লেখ্য বিশ্বৰ ৫ নং স্থানত থকা ভাৰতৰ যোৱা ৩ মাহত পাকিস্তানৰ বিৰুদ্ধে এয়া দ্বিতীয়টো জয়।