এছিয়া কাপঃ ভাৰতৰ সন্মুখত শ্ৰীলংকা...

পৰাজয় মানেই বিদায় নিশ্চিত

author-image
Asomiya Pratidin
New Update
এছিয়া কাপঃ ভাৰতৰ সন্মুখত শ্ৰীলংকা...

ডিজিটেল ডেস্কঃ এছিয়া কাপত এখন গুৰুত্বপূৰ্ণ মেচত মঙলবাৰে ভাৰতৰ সন্মুখত ৰণত নামিব শ্ৰীলংকা। ইতিমধ্য়ে ভাৰতে খেলা ৩ খন মেচৰ দুখনত জয়লাভ কৰিছে যদিও শেহতীয়াকৈ পাকিস্তানৰ বিপক্ষে পৰাজয় মানি ল'ব পৰা নাই।

Advertisment

উল্লেখযোগ্য যে, দুখন মেচত ভাৰতে পাকিস্তান আৰু ক্ৰিকেটৰ শিশু হংকঙৰ বিৰুদ্ধে জয়ী হৈছিল যদিও শেহতীয়া মেচত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা ৰোহিত বাহিনী অঘটন ঘটোৱাৰ মানসিকতাৰে খেলপথাৰত নামিব।

মঙলবাৰে ভাৰতে কিন্তু সহজভাৱে নলয় শ্ৰীলংকাক। বিৰাট কোহলীৰ ফৰ্ম ঘুৰাই পোৱাটো ইতিবাচক যদিও অপেনিঙ যুটিৰ ফলাফল সন্তোষজনক নহয়। ৰোহিত-ৰাহুলে বেটত ৰাণ পাবই লাগিব।

অন্যহাতে শ্ৰীলংকাৰ হাতত যদি ভাৰত পৰাজয় হয় তেন্তে ভাৰতৰ বিদায় নিশ্চিত ।