/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/2nd-t-20.jpg)
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত হতাশাজনক প্ৰদৰ্শনৰ পিছত, টীম ইণ্ডিয়াই শক্তিশালীভাৱে প্ৰত্যাবৰ্তন কৰি নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলা জয় কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে ৰাঁচীত খেলা দ্বিতীয়খন টি-২০ খেলত টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে।
ৰোহিত শৰ্মা ভাৰতীয় টি-২০ দলটোৰ পূৰ্ণ পৰ্যায়ৰ টি-২০ অধিনায়ক হোৱাৰ পিছতে প্ৰথমখন টি-২০ শৃংখলা জয় কৰি যাত্ৰা আৰম্ভ কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা জয়ৰ সময়ত প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ চহৰত অধিনায়ক ৰোহিত শৰ্মাক প্ৰদান কৰা হল বিৰল সন্মান।যি সন্মান হয়তো ৰোহিতে কেতিয়াও পাহৰিব নোৱাৰে।
শুকুৰবাৰে ৰাঁচীত খেলা দ্বিতীয়খন টি-২০ৰ সময়ত ৰোহিত শৰ্মাই ফিল্ডিং কৰি থকাৰ সময়ত এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰি তেওঁৰ সন্মুখত শুই নমস্কাৰ কৰি সন্মান প্ৰদৰ্শন কৰে।মিডউইকেটত ফিল্ডিং কৰি থকা ৰোহিতক প্ৰণাম জনাবলৈ হঠাতে খেল পথাৰত প্ৰৱেশ কৰিছিল ৰোহিতৰ অনুৰাগীজন। সুৰক্ষা কৰ্মীসকলে অনুৰাগীজনক লক্ষ্য কৰাৰ পূৰ্বেই তেওঁ ৰোহিতৰ ওচৰ লৈ শুই পৰি নমস্কাৰ জনাইছিল।এই সমগ্ৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ৰাঁচীত বেটিং কৰাৰ সময়তো ৰোহিত শৰ্মাই তেওঁৰ অনুৰাগীসকলক নিৰাশ নকৰিলে। ৰোহিতে ৩৬ টা বলত ৫৫ ৰাণ কৰিবলৈ সক্ষম হয়। তেওঁৰ বেটৰ পৰা আহে এটা চাৰি আৰু ৫ টা ছয়। ৰোহিত শৰ্মাই কে এল ৰাহুলৰ সৈতে ১১৭ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ি টীম ইণ্ডিয়াৰ শৃংখলা জয় নিশ্চিত কৰে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা হৰ্ষেল পেটেলেও মেচখনত ভাল প্ৰদৰ্শন কৰে। প্ৰথম খন খেলত পেটেলে ৪ অভাৰত ২৫ ৰাণত ২ টা উইকেট দখল কৰে। খেলখনৰ অন্তত হৰ্ষেল পেটেলক মেন অৱ দ্য মেচ হিচাপে মনোনীত কৰা হয়।
মেচখনত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৫৩ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই কে এল ৰাহুলৰ ৬৫ আৰু ৰোহিত শৰ্মাৰ ৫৫ ৰাণৰ সহায়ত ১৭.২ অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। টি-২০ শৃংখলাত ভাৰতীয় দলটোৱে অপৰাজিত ২-০ ৰ অগ্ৰগতি লাভ কৰি শৃংখলা জয় কৰিবলৈ সক্ষম হৈছে। শৃংখলাৰ অন্তিম খন খেল দেওবাৰে কলকাতাত অনুষ্ঠিত হ'ব।