আকৰ্ষণীয় স্থিতিত ছাউথাম্পটনৰ চতুৰ্থ টেষ্ট

আকৰ্ষণীয় স্থিতিত ছাউথাম্পটনৰ চতুৰ্থ টেষ্ট

author-image
asomiyapratidin
New Update
আকৰ্ষণীয় স্থিতিত ছাউথাম্পটনৰ চতুৰ্থ টেষ্ট

ডিজিটেল ডেস্কঃ আকৰ্ষণীয় হৈ পৰিছে ছাউথাম্পটনত চলি থকা চতুৰ্থখন টেষ্ট। খেলখনৰ আজি তৃতীয় দিনা দ্বিতীয় ইনিংছত ২৩৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে ঘৰুৱা দল ইংলেণ্ডে।

Advertisment

কালিৰ ৪ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ৬ ৰানৰ পৰা খেল আৰম্ভ কৰি আজি জ'ছ বাটলাৰৰ ৬৯ আৰু অধিনায়ক জো ৰুটৰ ৪৮ ৰানৰ সহায়ত ইংলেণ্ডে ৮ উইকেট হেৰুৱাই ৯১.৫ অভাৰত ২৬০ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ মহম্মদ ছামীয়ে ৩টা, ইশান্ত শৰ্মাই ২টা আৰু যশপ্ৰীত বুমৰাহ, আৰ অশ্বিন প্ৰত্যেকে এটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে ইংলেণ্ডৰ প্ৰথম ইনিংছৰ ২৪৬ ৰানৰ পিছত শ্বেতেশ্বৰ পূজাৰাৰ শতকৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ২৭৩ ৰান।