/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6fb8a75e-afd1-4bce-9838-6ca3e8993493/139c3013e96b943d6e1d365c079bb50f99d8e3e8459ad74217eabbddb5622549.webp)
ডিজিটেল ডেস্ক : চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্বৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব দুই মহাশক্তি ভাৰত বনাম অষ্ট্ৰেলিয়া। ৱেষ্ট ইণ্ডিজৰ ডাৰেন চামী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব এই হাইভ’ল্টেজ মেচখন।
পিছে মেচখনৰ পূৰ্বে শোকত ভাগি পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ তথা বৰ্তমানৰ ধাৰাভাষ্যকাৰ ইৰফান পাঠান। ৱেষ্ট-ইণ্ডিজত থকাৰ সময়ছোৱাতে তেঁও এক অনাকাঙ্খিত ঘটনাৰ সন্মুখীন হ’ব লগা হয়।
জানিব পৰা মতে পাঠানৰ ব্যক্তিগত মেক-আপ আৰ্টিষ্ট এগৰাকী ছুইমিং পুলত গা ধুই থকা অৱস্থাত পানীত ডুব গৈ অকাল মৃত্যুক আঁকোৱালি লয়। মৃত লোকজনৰ নাম হৈছে বজনৌৰৰ বাসিন্দা ফৈয়াজ আনছাৰী। এক সূত্ৰত পোৱা খবৰ অনুসৰি ২১ জুনৰ দিনাই এই ঘটনা সংঘটিত হৈছিল।
পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল মেক-আপ আৰ্টিষ্ট আনছাৰী। ইয়াৰ পাছতে বিশ্বকাপৰ বাবে ইৰফান পাঠানে তেঁওক ৱেষ্ট ইণ্ডিজলৈ লৈ গৈছিল। লগতে কয় যে প্ৰায়ভাগ সময় পাঠানৰ লগত কটাইছিল আনছাৰীয়ে।
সম্প্ৰতি উক্ত ঘটনাৰ পাছতে শোকত ভাগি পৰিছে ইৰফান পাঠান। মেক-আপ আৰ্টিষ্ট আনছাৰীৰে পাঠানৰ সম্পৰ্ক বহুদিনৰ। প্ৰায় সকলো সময়তে পাঠানৰ সহচৰ হিচাপে থাকিছিল তেঁও। ইৰফান পাঠান য’লৈকে যায় তালৈকে আনছাৰীক লগত লৈ গৈছিল। সেই অনুসৰি ৱেষ্ট-ইণ্ডিজলৈও আনছাৰীক লৈ গৈছিল পাঠানে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9fef785e-a465-4d52-a14b-4c9265db3fdc/dbbf83dc33c469c4bd13370e85238d929eb0fb48ee33b10334e0d48117a08ac2.webp)
এইখিনিতে উল্লেখ কৰিব লাগিব যে আজিৰ পৰা ২২ বছৰ পূৰ্বে মুম্বাইৰ এখন চেলুনত আনছাৰীৰ সৈতে চিনাকি হৈছিল পাঠানৰ। তেতিয়াৰ পৰাই আনছাৰীয়ে পাঠানৰ ব্যক্তিগত মেক-আপ আৰ্টিষ্ট হিচাপে কাম কৰিছিল।
ইফালে আনছাৰীৰ নিথৰদেহ ৱেষ্ট ইণ্ডিজৰ পৰা ৪দিনৰ ভিতৰত দিল্লীলৈ অনাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে আনছাৰীৰ মৃতদেহ ভাৰতলৈ অনাৰ ক্ষেত্ৰত সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ হোৱাৰ কথা জানিব পৰা গৈছে।
Also Read: সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে 'কলাগুৰু'ৰ পুত্ৰই, কোন এই গ'ড ফাদাৰ...