/asomiyapratidin/media/media_files/2025/02/07/owGQ6AZ8UtmchMeIq6F2.jpg)
ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান দিন। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আই চি চিৰ অন্যতম মেগা ইভেণ্ট চেম্পিয়নছ ট্ৰফী। পাকিস্তান আৰু ডুবাইত হাইব্ৰিড পদ্ধতিত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলিছে।
প্ৰতিযোগিতাখনৰ বাবে পাকিস্তানে নিৰ্মাণ কৰা ষ্টেডিয়ামক লৈ এতিয়াও অনিশ্চয়তা আঁতৰা নাই যদিও প্ৰচাৰত কোনো ত্ৰুতি ৰখা নাই চুবুৰীয়া দেশখনৰ ক্ৰিকেট ব’ৰ্ডে। এনে প্ৰচাৰৰ অংশ হিচাপেই পাক ব’ৰ্ডে প্ৰস্তুত কৰিছে প্ৰতিযোগিতাখনৰ বাবে এটা থীম ছং।
জনপ্ৰিয় সংগীত শিল্পী আতিফ আছলামৰ কণ্ঠত প্ৰস্তুত কৰা এই শীৰ্ষ গীতটোৰ নাম 'Jeeto Baazi Khel Ke'। উল্লেখ্য যে, পাকিস্তানী কণ্ঠশিল্পী আতিফ আছলাম কেৱল পাকিস্তানেই নহয়, ভাৰততো অতি জনপ্ৰিয়। বলিউডৰ বহু হিট ছবিত কণ্ঠ নিগৰাইছে আতিফে। তাৰোপৰি আতিফৰ কেইবাটাও এলবামৰ গীত আজিও ভাৰতত অতি জনপ্ৰিয়।
অৱশ্যে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ বাবেই বলিউডে পাকিস্তানী শিল্পীক এৰাই চলাৰ বাবেই এতিয়া ভাৰতত তেওঁৰ কোনো নতুন গীত অহা নাই। বলিউডৰ কোনো ছবিত নাই তেওঁৰ গান। কিন্তু আজিও ভাৰতত আতিফৰ জনপ্ৰিয়তা পূৰ্বৰ দৰেই আছে। সেয়ে পাক ক্ৰিকেট ব’ৰ্ডে তেওঁলোকৰ দেশৰ লগতে ভাৰত উপ-মহাদেশৰ দৰে এখন বিশাল দেশত সমানে জনপ্ৰিয় আতিফক এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ গীতৰ বাবে নিৰ্বাচিত কৰে।
এই শীৰ্ষ গীতটো লিখিছে আদনান ঢোল আৰু আছফান্দাৰ আছাদে। গীতটোৰ জৰিয়তে পাকিস্তানী সংস্কৃতিত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। আজি আই চি চিয়ে মুকলি কৰা গীতটোৰ দৃশ্যায়নত দেখা গৈছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতসহ সকলো দেশৰে পতাকা আৰু জাৰ্ছি দেখুওৱা হৈছে। আতিফ আছলামে কেৱল গীতটোত কণ্ঠদানেই কৰা নাই, তেওঁ দুভৰিৰ ছন্দও দেখাইছে গানটোৰ ভিডিঅ’ত।
এই সন্দৰ্ভত আতিফ আছলামে কয়, মই ক্ৰিকেটৰ অতি ভক্ত। সৰুতে মই বেগী বলাৰ হ’বলৈ বিচাৰিছিলো। সমৰ্থকসকলৰ উল্লাস, চিঞঁৰ, আনন্দধ্বনিৰ সৈতে নিজকে কল্পনা কৰিছিলো। মই ভাৰত-পাকিস্তানৰ খেলখনৰ বাবে অপেক্ষা কৰি আছো। এই খেলখনত আৱেগৰ বিস্ফোৰণ দেখিবলৈ পোৱা যায়। চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ গীতৰ সৈতে জড়িত হৈ মই গৌৰৱান্বিত।”
উল্লেখ্য যে, এইবাৰ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰাৰ কৰ্তৃত্ব লাভ কৰিছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। কিন্তু বি চি চি আইয়ে পাকিস্তানলৈ দল প্ৰেৰণ নকৰাত হাইব্ৰিড পদ্ধতিত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ভাৰতৰ যিসমূহ মেচ আছে সেই মেচসমূহ ডুবাইত অনুষ্ঠিত হ’ব। ভাৰতে প্ৰতিযোগিতাখনত বাংলাদেশৰ বিৰুদ্ধে ২০ ফেব্ৰুৱাৰীত অভিযান আৰম্ভ কৰিব। তাৰ পাছত ২৩ ফেব্ৰুৱাৰীত খেলিব পাকিস্তানৰ বিৰুদ্ধে।
Jeeto Baazi Khel Ke 🎶
— Pakistan Cricket (@TheRealPCB) February 7, 2025
🚨 Get your tickets for the ICC Champions Trophy 2025 at https://t.co/UUwx0hdn8f 🎟️#ChampionsTrophy https://t.co/0DwtsSYBSY