২০ ফেব্ৰুৱাৰীত চেম্পিয়নছ ট্ৰফীত ভাৰতে আৰম্ভ কৰিব অভিযান...

আই চি চিয়ে আজি প্ৰকাশ কৰিলে আগন্তুক চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী। সেই অনুসৰি ১৯  ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব মেগা ইভেণ্টখনৰ উদ্বোধনী মেচ। পাকিস্তান আৰু নিউজিলেণ্ডে কৰাছীত খেলিব এই মেচখন।

author-image
Asomiya Pratidin
New Update
২০ ফেব্ৰুৱাৰীত চেম্পিয়নছ ট্ৰফীত ভাৰতে আৰম্ভ কৰিব অভিযান...

ডিজিটেল ডেস্কঃ আই চি চিয়ে আজি প্ৰকাশ কৰিলে আগন্তুক চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী। সেই অনুসৰি ১৯  ফেব্ৰুৱাৰীত অনুষ্ঠিত হব মেগা ইভেণ্টখনৰ উদ্বোধনী মেচ। পাকিস্তান আৰু নিউজিলেণ্ডে কৰাছীত খেলিব এই মেচখন।

২০ ফেব্ৰুৱাৰীত ভাৰতে আৰম্ভ কৰিব অভিযান। ভাৰতৰ মেচ অৱশ্যে পাকিস্তানৰ পৰিবৰ্তে অনুষ্ঠিত হব ডুবাইত। ডুবাইত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হব প্ৰথমখন মেচ।

প্ৰতিযোগিতাৰ সৰ্বাধিক চৰ্চিত তথা ভাৰত-পাকিস্তানৰ মাজৰ মেচখন অনুষ্ঠিত হব ২৩ ফেব্ৰুৱাৰী দেওবাৰে। ডুবাইতে অনুষ্ঠিত হব এই হাইভল্টেজ মেচখন।

আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলে পৰস্পৰে প্ৰতিযোগিতাৰ প্ৰথমখন মেচ খেলিব ২১ ফেব্ৰুৱাৰীত কৰাছীত। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে পৰস্পৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচ খেলিব ২২ ফেব্ৰুৱাৰীত লাহোৰত।

৪ মাৰ্চত প্ৰথমখন ছেমি ফাইনেল আৰু ৬ মাৰ্চত দ্বিতীয়খন ছেমি ফাইনেল মেচ অনুষ্ঠিত হব ক্ৰমে ডুবাই আৰু লাহোৰত। দুয়োখন ছেমি ফাইনেল মেচৰ বাবে আছে ৰিজাৰ্ভ ডে

যদিহে ভাৰত ফাইনেলত প্ৰৱেশ কৰে তেন্তে ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হব ফাইনেল মেচখন। যদিহে ভাৰত ছেমি ফাইনেলত প্ৰৱেশ নকৰে তেন্তে ফাইনেল মেচখন একেটা দিনতে হব লাহোৰত। যদিহে বতৰে বাধা দিয়ে তেন্তে ১০ মাৰ্চত ৰিজাৰ্ভ ডেত অনুষ্ঠিত হব ফাইনেলখন।

ইতিমধ্যে দুটা গ্ৰুপত ৮ টা দলকে ভাগ কৰা হৈছে। গ্ৰুপ 'এ'ত আছে ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু বাংলাদেশ। গ্ৰুপ 'বি'ত আছে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড।  

ক্ৰিকেট টীম ইণ্ডিয়া