স্বপ্নভংগ নৰ্থ ইষ্ট ইউনাইটেডৰ, দেওবাৰে ফাইনেলত বাংগালুৰু এফ চি বনাম এফ চি গোৱা…

স্বপ্নভংগ নৰ্থ ইষ্ট ইউনাইটেডৰ, দেওবাৰে ফাইনেলত বাংগালুৰু এফ চি বনাম এফ চি গোৱা…

author-image
asomiyapratidin
New Update
স্বপ্নভংগ নৰ্থ ইষ্ট ইউনাইটেডৰ, দেওবাৰে ফাইনেলত বাংগালুৰু এফ চি বনাম এফ চি গোৱা…

ডিজিটেল ডেস্কঃ শনিবাৰে অনুষ্ঠিত হোৱা আই এছ এলৰ চেমি ফাইনেলত বেংগালুৰু এফ চিয়ে ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডক। বেংগালুৰুৰ অধিনায়ক সুনীল চেত্ৰীৰ নেতৃত্বত বেংগালুৰু দলটোক প্ৰথম পৰ্যায়ত নৰ্থ ইষ্টে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল যদিও খেলখনৰ ৭২ মিনিটত প্ৰথমটো, ৮৭ মিনিটত দ্বিতীয়টো আৰু তাৰ ৩ মিনিটৰ পাছত তৃতীয়টো গ'ল দিবলৈ সক্ষম হয়।

নৰ্থ ইষ্টৰ বিৰুদ্ধে এই জয়ে বেংগালুৰু দলটোক ফাইনেলত স্থান সুনিশ্চিত কৰিলে। আইএছএলত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ ফাইনেলত উপনীত হৈছে বাংগালুৰু এফ চি। উল্লেখ্য যে, ১৭ জানুৱাৰী অৰ্থাৎ দেওবাৰে নিশা ৭.৩০ বজাৰ পৰা মু্ম্বাইত অনুষ্ঠিত হ'ব বাংগালুৰু এফ চি আৰু এফ চি গোৱাৰ মাজত এই বৰ্ষৰ ফাইনেল খেলখন।