গুৱাহাটী পালেহি কোভিড-১৯ ৰ ভেকচিন কোভিশ্বীল্ড…

গুৱাহাটী পালেহি কোভিড-১৯ ৰ ভেকচিন কোভিশ্বীল্ড…

ডিজিটেল ডেস্কঃদেশ এতিয়া কোভিড-১৯ৰ ভেকছিনৰ টিকাকৰণৰ বাবে সাজু । মঙলবাৰে এখন স্পেটজেটযোগে পুনেৰ পৰা কোভিড ভেকছিনৰ বিভিন্ন চহৰলৈ প্ৰেৰণ কৰা হৈছে।এই কোভিশ্বীল্ড ভেকচিনৰ ২৭৬,০০০ টা ডোজ অসমৰ দ্বাৰমূখ গুৱাহাটীলৈয়ো প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, বিশেষ স্পেটজেটযোগে দেশৰ বিভিন্ন চহৰলৈ একাধিক বিমান যোগে মঙলবাৰে প্ৰায় ১১টন ওজনৰ ৪ নিযুত কোভিড ভেকচিন পৰিৱহন কৰা হৈছে। এই চহৰবোৰৰ ভিতৰত আছে গুৱাহাটী, কলকাতা, হায়দৰাবাদ,ভূৱনেশ্বৰ, বেংগলুৰ, পাটনা, দিল্লী আৰু বিজয়ৱাড়া।

কোভিশ্বীল্ড ভেকচিনৰ পুনেৰ পৰা দিল্লীলৈ কঢ়িয়াই নিয়া বিমানখন পুনে আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা ৮ঃ০৫ বজাত যাত্ৰা আৰম্ভ কৰি দিনৰ ১০ঃ১৫ বজাত দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে।

আনহাতে মঙলবাৰৰ দিনটোতে বিশেষ স্পেচজেটে কলকাতালৈ ভেকচিনৰ ৯৯৬,০০০ ডোজ, হায়দৰাবাদলৈ ৩,৭২,০০০ ডোজ, ভুৱনেশ্বৰলৈ ৪৮০,০০০ডোজ, বেংগলুৰলৈ ৬৪৮,০০০ডোজ, পাটনালৈ ৫৫২,০০০ ডোজ আৰু বিজয়ৱালালৈ ৪,০৮,০০০ডোজ প্ৰেৰণ কৰা হৈছে।

স্পেটজেটৰ অধ্যক্ষ আৰু পৰিচালন নিৰ্দেশক অজয় সিঙে এই বিষয়ে কয় যে, মঙলবাৰ মহামাৰীটোৰ বিৰুদ্ধে আমাৰ দেশৰ যুদ্ধৰ এক ঐতিহাসিক দিন আৰু তেওঁ অতি গৌৰৱান্বিত যে মঙলবাৰে ভাৰতৰ প্ৰথম কনচাইনমেণ্ট কভিড ভেকছিন পুনেৰ পৰা দিল্লীলৈ লৈ গৈছিল। যিহেতু ভাৰতে ইতিহাসৰ আটাইতকৈ ডাঙৰ টিকাকৰণ অভিযানৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰি তেওঁ কৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজ দ্ৰুত, সম্পূৰ্ণ আৰু নিৰাময়ৰ জৰিয়তে বিজয়ৰ প্ৰয়াস কৰা হৈছে বুলিও মন্তব্য কৰে।

আনফালে দেশৰ প্ৰতিখন চহৰৰ লগতে ভাৰতৰ বাহিৰলৈও কোভিড-১৯ ভেকছিন পৰিবহনৰ কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে স্পেচজেটে নিৰন্তৰ চেষ্টা চলাব বুলিও প্ৰতিমুহূৰ্ত উৎসৰ্গিত বুলিও জনাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক।

আনকি কোভিডৰ বাবে লকডাউন আৰম্ভ হোৱাৰ সময়তো স্পেচ এক্স প্ৰেছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু দেশৰ যোগান শৃংখলা অক্ষত থকাটো নিশ্চিত কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে। এক গৱেষণাত প্ৰকাশ পাইছে যে, লকডাউনৰ পৰা স্পেটজেটে ১২,৬০০ৰো অধিক কাৰ্গো বিমান পৰিচালিত কৰিছে আৰু ১,০২,০০০ টন সামগ্ৰী পৰিৱাহিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in