সৰাপাতত উচুপনি তুলি ধুলিয়ৰি বাটেৰে আকৌ আহিল ফাগুন

শীতৰ সেমেকা পুৱাৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰাই ধৰাত ভুমুকি মাৰিলে ফাগুনে। ডাঠ কুঁৱলীৰ আৱৰণ, নিয়ৰসৰা নিশাৰ লগতে নিৰ্জন নীৰৱ দুপৰবোৰে ক্ৰমশ: বিদায় ল'লে।

author-image
ইমন দাস
New Update
WhatsApp Image 2026-02-14 at 4.13.50 PM

আকৌ আহিছে ফাগুন। আজি ফাগুনৰ প্ৰথমটো দিন।বহুতৰে বাবে প্ৰিয় এই ফাগুন। ফাগুনক লৈ যেন ক'ত জল্পনা-কল্পনা। ফাগুনেই হৈছে কবি গীতিকাৰৰপ্ৰেৰণা।এই চঞ্চলা ফাগুনক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ ইমন দাসৰ এক বিশেষ প্ৰতিবেদন। 

এয়াই ফাগুন। শীতৰ সেমেকা পুৱাৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰাই ধৰাত ভুমুকি মাৰিলে ফাগুনে। ডাঠ কুঁৱলীৰ আৱৰণ, নিয়ৰসৰা নিশাৰ লগতে নিৰ্জন নীৰৱ দুপৰবোৰে ক্ৰমশ: বিদায় ল'লে।  এই নাই আঘোণৰ ধাননি, নাই তুষাৰময় শীতলতা, আছে মাথোঁ এজাক মনপৰশা বতাহৰ সৈতে দুবাহু প্ৰসাৰি নতুনতকৈ থিয় দিয়া গছবোৰ।

আকৌ আহিছে ফাগুন। আজি ফাগুনৰ প্ৰথমটো দিন। বহুতৰে বাবে প্ৰিয় এই ফাগুন। ফাগুনক লৈ যেন ক'ত জল্পনা-কল্পনা। ফাগুনেই হৈছে কবি গীতিকাৰৰ প্ৰেৰণা। সেইবাবেই হয়তো কবি নৱকান্ত বৰুৱাই লিখিছিল "মোকতো পোৱাই চিনি, মই যে ফাগুন"। ফাগুনৰ নিজা মাদকতা আছে। সেইবাবেই হয়তো কবিৰ কলমতো ফাগুনক লৈ আছে বহু কবিতা, বহু গীত। হয়, মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাৰ দিন এয়া। পলাশ-মদাৰ-শিমলুৱে ৰঙীন কৰিছে ছাইৰঙী আকাশ ৷ ফাগুনে যাদু জানে, ধূলিয়ৰি বাটতো ৰঙীন সপোন লৈ অনুভৱী মনত ভাৱনাৰ জোৱাৰ তোলে ফাগুনে।

উতলা ফাগুনে পলাশ, মদাৰ, শিমলুক ৰঙাবেশত সজায়। ফাগুনৰ এই ৰং সৌন্দৰ্যৰ। আচলতে ফাগুন মানেই ৰং। এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয় তথা বৈচিত্ৰ্যময় নাচোন,আনফালে ৰঙৰ উৎসৱ ফাকুৱা। এই সকলোবোৰ ৰঙৰ সমাহাৰেৰেই ধৰালৈ নামে ফাগুন। নৱপ্ৰজন্মৰ মাজতো ফাগুনক লৈ বিশেষ চৰ্চা। ছ'চিয়েল মিডিয়াতো হয় ফাগুনক লৈ বিশেষ চৰ্চা।সকলোৱে বৰ্ণনা দিবলৈ চেষ্টা কৰে ফাগুনক। কিন্তু মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাটো যে কঠিন। তথাপিও ফাগুন সকলোৰে প্ৰিয়। 

ফাগুনে জানে তিক্ত মনৰ এসাগৰ গোপন বেথা। অধিৰ অঞ্জনাক অধিক উন্মনা কৰি নিজ ইচ্ছাৰে ফাগুন আহে। লঠঙা গছৰ মাজে মাজে ফাগুনে লৈ আহে দূৰন্ত পছোৱা। য'ত উৰি যায় মানুহৰ সমস্ত আকুলতা, উদাসীনতা আৰু বিষাদ বেদনা। বিৰিখৰ শুকানপাত সৰুৱাই ফাগুনে উলিয়াই অনাগত বসন্তৰ বাট। ফাগুনে যাদু জানে, ধূলিয়ৰী বাটতো ৰঙীন সপোন লৈ অনুভৱী মনত ভাৱনাৰ জোৱাৰ তুলে। বিৰিখৰ আচল খহাইফাগুনতে হয় সৃষ্টি,ন-গজালি মেলে বতৰৰ ফুল ফলে।

ফাগুনক লৈ কিছু লোকৰ আছে অদ্ভুত যুক্তি। কিছুলোকে যুক্তি দৰ্শাই যে ফাগুন মানেই ধূলি, ধূলি মানেই শুকান। আৰু এই শুকান ফাগুনে নানে কোনো আশাৰ বতৰা । কিন্তু তথাপিও ফাগুনৰ আছে নিজস্ব স্বভাৱ। ফাগুনৰ সংজ্ঞা কোনোৱে দিব নোৱাৰে।

ফাগুনত পলাশ ফুলে, ফুলে মদাৰো। পিছে সুবাস বিহীন বাবেই নেকি নলগায় পুজা কামত অথবা কোনো প্ৰিয়তমাৰ খোপাত এই পলাশ, মদাৰ  । সুবাস বিহীন হ'লেও মদাৰ, পলাশে দিয়ে ফাকুৱাৰ আগজাননীৰ। কাৰণ ৰঙৰ মাজতেই সীমাবদ্ধ আমাৰ জীৱন।শীতকালত পলাশৰ সৰি পৰা পাতবোৰ বসন্তৰ আগমনৰ আগে আগে ওলাই আৰু ফুল ফুলে। এয়া যেন ফাগুনৰ প্ৰতীক। যদিও হালধীয়া আৰু ৰঙা কোমল পলাশ আছে জুই ৰঙী পলাশেই বহুতৰ প্ৰিয়।

ফাগুনৰ বতৰত সেই পলাশৰে কথা আজি । কেমেৰাত বন্দী কৰি অনা পলাশৰ ছবি। পলাশ যেন ৰং নহয়, ফাগুনৰ যৌৱন। ৰিক্ত ৰঙা পলাশ, শিমলু, মদাৰ, অশোক ফুলৰ সৈতে ধূলিময়ী বাটত ওমলিছিল গাঁৱৰ কৈশোৰ কাল।

ফাগুন