তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে…

তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে…

কোৰোনাৰ লকডাউন। পোন্ধৰ মাৰ্চৰ পৰাই সেয়ে ৰাজ্যিক চিৰিয়াখানাটো চৰকাৰী নিৰ্দেশত চলিছে ছাটডাউন। দৰ্শক-পৰ্যটকৰ বাবে ছাটডাউন হ'লেও সহস্ৰাধিক বন্যপ্ৰাণী থকা বৃহৎ এলেকাৰ ৰাজ্যিক চিৰিয়াখানাত প্ৰাণীসমূহৰ খাদ্য স্বাস্থ্যৰ তদাৰকৰ বাবে আছে প্ৰায় দুশ বিষয়া কৰ্মচাৰী। তৎসত্বেও চিৰিয়াখানাৰ ভিতৰচ'ৰাতো এতিয়া নিমাওমাও পৰিৱেশ। কিয়নো ছাটডাউনৰ সুযোগ লৈ বহু বিষয়া কৰ্মচাৰী বাহিৰত। এনে পৰিস্থিতিত বন্য প্ৰাণীৰ কেনে বিলৈ হ'ব পাৰে তাৰে ভূ ল'বলৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ প্ৰতিনিধি উপস্থিত হৈছিল চিৰিয়াখানাখনত। তাৰ ওপৰতে কনক শইকীয়াই যুগুটোৱা এই বিশেষ প্ৰতিবেদন।

গুৱাহাটী পৰ্যটন, পৰ্যটক আৰু শিশু-কিশোৰৰ আকৰ্ষণৰ মূল কেন্দ্ৰ স্বৰূপ ৰাজ্যিক চিৰিয়াখানা এতিয়া পৰিত্যক্ত। কোৰোনাই যেন কোঙা কৰি পেলালে পক্ষী বন্য প্ৰাণীৰ কাকলি আৰু শিশু কিশোৰৰ কোলাহলপূৰ্ণ সেই ৰম্যপুৰী।

চলিত বৰ্ষৰ জানুৱাৰীলৈকে বিৰদি বাট পাবলৈ নাছিল অসম ৰাজ্যিক চিৰিয়াখানাৰ দীঘলীয়া প্ৰৱেশ পথটোত। এতিয়া পাছে তাত কোনো নাই। আনকি সহস্ৰাধিক বন্য প্ৰাণীৰ লগতে দুই শতাধিক কৰ্মচাৰীৰ খবৰ ল'বলৈকো কোনো যোৱাৰ যেন অৱকাশ নাই। কিয়নো কোৰোনাৰ লকডাউনে মাৰ্চৰ ১৫ তাৰিখৰ পৰা চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি থৈছে। কিন্তু সবাটোকৈ আচৰিত কথাটো হ'ল কৰ্মচাৰী অথবা বন্যপ্ৰাণীৰ তদাৰকৰ বাবে চিৰিয়াখানা খনৰ সামগ্ৰীক পৰিচালনাৰ দায়িত্বত থকা শীৰ্ষ পদাধিকাৰীও এতিয়া তাত অনুপস্থিত। হয়তু পৰ্যটকহীন নিমাওমাও চিৰিয়াখানাৰ গহীন পৰিৱেশৰ বাবে তাত উপস্থিত থকাৰ আকৰ্ষণ তেওঁলোকৰ নোহোৱা হৈছে নতুবা লকডাউনে একুপ্ৰকাৰে ছাটডাউন কৰি থোৱা অৱস্থাটোৰ সুবিধা লৈ এওঁলোক ক'ৰবাত ফুৰিবলৈ গৈছে।

পৰিত্যক্ত অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকটঘৰ

মঙ্গলবাৰে পুৱাৰ পৰা বিয়লিলৈকে দিঘলীয়া সময় চিৰিয়াখানাখনত পাৰ কৰি তেনে এক ধাৰণা এই প্ৰতিবেদকৰ মনতো সৃষ্টি হ'ল। অৱশ্যে চিৰিয়াখানাৰ মূল দায়িত্বত থকা ডি এফ অ' গৰাকী মণিপুৰৰ পৰা অবৈধভাৱে অলপতে সৰবৰাহ কৰা অৱস্থাত কাছাৰত ধৰা পৰা কেঙ্গেৰুকে ধৰি কেইটামান বন্যপ্ৰাণী সন্দৰ্ভত চলা অনুসন্ধানৰ তাগিদাতে শিলচৰলৈ যোৱা বুলি এজন কৰ্মচাৰীয়ে জনালে। পিছে ডি এফ অ জন সেই দায়িত্বতে শিলচৰলৈ যোৱাৰ সুযোগ লৈ তলৰ বিষয়া বৰ্গও নিজা নিজা কামত হয়তো চিৰিয়াখানাত আৰোপিত নিজৰ দায়িত্বৰ পৰা আঁতৰি বেলেগত আছিলগৈ। এজন চিকিতৎসকক দেখা পাইছিলো যদিও বন্যপ্ৰাণীৰ স্বাস্থ্যৰ যতনত ব্যস্ততাৰ দোহাই দি আঁতৰি গ'ল। সেয়ে নিম্ন পৰ্যায়ৰ কৰ্মচাৰী এজনৰ পৰাই বহু খবৰ ল'ব লগা হ'ল ।

নিমাওমাও অসম ৰাজ্যিক চিৰিয়াখানা

অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ জন্তু তদাৰকৰ দায়িত্বত থকা কৰ্মাচাৰীজনৰ মন্তব্যত প্ৰকাশ পোৱা মতে চিৰিয়াখানাত তেওঁলোকে পূৰ্বৰ দৰেই জীৱ জন্তু সমূহৰ তদাৰক কৰি আছে। সময়মতেই খাদ্য যোগান ধৰা হৈছে জীৱসমূহক।জীৱসমূহক খাদ্য সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত লকডাউনৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই বুলি মন্তব্য কৰ্মচাৰীজনৰ- ' আমি সৰু মানুহ, আমাৰ ডিউটিৰ কোনো পৰিৱৰ্তন হোৱা নাই। আমি পূৰ্বৰ দৰে একে সময়তে ডিউটিলৈ আহো। জন্তুক খাদ্য সময়মতেই দি আছো। জন্তুৰ খাদ্য ঠিকাদাৰসকলে দি আছে যদিও ক'ৰ পৰা দিয়ে, কিমান পৰিমাণৰ দিয়ে আমি অজ্ঞাত। উপৰৱালাসকল নাই…।'

পৰ্যটকশূণ্য চিৰিয়াখানা

আনহাতে চিৰিয়াখানাখনৰ চিকিৎসালয় খনত এগৰাকী যুৱতীৰ সৈতে কথা পাতি থকা অৱস্থাত প্ৰত্যক্ষ কৰা এজন চিকিৎসকক চিৰিয়াখানাৰ বৰ্তমান পৰিৱেশৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাত তেওঁ বন্যপ্ৰাণীৰ সৈতে ব্যস্ত থকাৰ অজুহাত দি বিষয়টোৰ পৰা এৰাই চলে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ব্যক্তিজন কোনো বন্যপ্ৰাণীৰ চিকিৎসাত ব্যস্ত থকা দেখা পোৱা নাছিল।

চিৰিয়াখানাৰ পশু চিকিৎসালয়

ইফালে কোৰোনাৰ মহাসংকটৰ সময়ছোৱাত চিৰিয়াখানাৰ ৰাজহ সংগ্ৰহৰ বিষয়ে জানিবলৈ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰোতে দেখা পোৱা নগ'ল এজনো উচ্চ পদস্থ বিষয়া। কাৰ্যালয়টোত উপস্থিত আছিল মাত্ৰ তিনিজনহে তৃতীয়বৰ্গৰ কৰ্মচাৰী। ৰাজহ প্ৰসঙ্গত তেওঁলোকৰ মন্ত্যবত প্ৰকাশ পোৱা অনুসৰি প্ৰতিবছৰৰ জানুৱাৰী মাহত সৰ্বাধিক ৰাজহ সংগ্ৰহ হয়। পূৰ্বৰ দৰে এই বাৰ জানুৱাৰী মাহতো সংগ্ৰহ হৈছিল সৰ্বাধিক ২৬,৯,১১০ টকা ৰাজহ। ইয়াৰ উপৰিও যাত্ৰীৰ পাৰ্কিং মাচুলৰ নামত সংগ্ৰহ হৈছিল ২০,১৪০ টকা। কিন্তু মাৰ্চত কোৰোনাৰ মহাসংকট আৰম্ভ হোৱাৰ লগে লগে এই ৰাজহ সংগ্ৰহ হ'ল মাত্ৰ ৫৬ হাজাৰ টকা। অৱশ্যে বছৰৰ প্ৰতিটো মাহতে ৰাজহৰ পৰিমাণ কিছু তাৰতম্য হয় বুলি মত প্ৰকাশ কৰিলে তেওঁলোকে।

চিৰিয়াখানাৰ সদৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়

আনহাতে চিৰিয়াখানাখনৰ ডি এফ অ গৰাকীৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত প্ৰকাশ পোৱা অনুসৰি চিৰিয়াখানা খনত থকা প্ৰায় এহাজাৰ বন্যজন্তুৰ পৰিচৰ্যাৰ নামত চৰকাৰৰ ফালৰ পৰা চিৰিয়াখানা কৰ্তৃপক্ষক যোগান ধৰা হয় বছৰি মুঠ ছয় কোটি টকা। সাধাৰণতে জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে ৰাজহ সংগ্ৰহৰ পৰিমাণ প্ৰায় এক কোটি বিশ লাখ টকা আছিল। কিন্তু এইবাৰ জানুৱাৰী মাহটোত ২৬ লাখ টকা উপাৰ্জন হোৱাৰ বিপৰীতে মাৰ্চৰ পোন্ধৰ তাৰিখৰ পৰাই কোৰোনা কেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত্বত ৰাজ্যিক চিৰিয়াখানা দৰ্শনাৰ্থীৰ প্ৰৱেশ চৰকাৰী নিৰ্দেশনাত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। তেতিয়াৰেপৰা বৰ্তমানলৈ দৰ্শনাৰ্থীৰ পৰা এটকাও ৰাজহ সংগ্ৰহ হোৱা নাই। ইয়াৰ ফলত চৰকাৰী পূঁজিৰ পৰাই চিৰিয়াখানাৰ ব্যয় সম্পূৰ্ণৰূপে চলি থকাৰ বিপৰীতে ইয়াৰ পৰা এটকাও ৰাজভঁড়াললৈ যোৱা নাই।

চিৰিয়াখানাত মুক্তমনেৰে বিচৰণ কৰিছে জিৰাফে

ইফালে ডি এফ অ গৰাকীয়ে জানিবলৈ দিয়া মতে চিৰিয়াখানাখনত বৰ্তমানে থকা সহস্ৰাধিক বন্যপ্ৰাণীৰ তদাৰকৰ বাবে আছে ১৭০ গৰাকী স্থায়ী কৰ্মচাৰী। তদুপৰি দৈনিক বাঘ,. হাতী, গড়, জিৰাফ, জেব্ৰাকে ধৰি বৃহত আকাৰৰ তৃণভোজী আৰু মাংসহাৰী বন্যপ্ৰাণীৰ লগতে আন প্ৰাণীসমূহৰ খাদ্যৰ বাবদ বৃহৎ পৰিমাণৰ ধন ব্যয় হয়। বিভিন্ন ভৱন, গঁড়াল আদি মেৰামতি তথা নিৰ্মাণৰ বাবেও লাগে বৃহৎ পৰিমাণৰ ধন। অৱশ্যে কৰ্মচাৰীসকলৰ বাবে দৰমহা চিৰিয়াখানাৰ বাবে ধাৰ্য চৰকাৰী পূজিৰ পৰা দিয়া নহয়। সেয়ে দৰমহাৰ সৈতে ধৰিলে প্ৰতিমাহে চিৰিয়াখানাত কেইবাকোটি টকা খৰছ হয়।

ইফালে শিশু-কিশোৰৰ লগতে অন্যান্য দৰ্শনাৰ্থীৰে ভৰি থকা চিৰিয়াখানাখনক কেন্দ্ৰ কৰি ইয়াৰ সন্মুখত ৰেষ্টুৰেন্টকে ধৰি অন্যান্য ক্ষুদ্ৰ ব্যৱসায়ী ইয়াত ৰোজগাৰ উলিয়াবলৈ সক্ষম হৈছিল যদিও এতিয়া সেইসকলৰ উপাৰ্জনৰ পথ বন্ধ। বন্য প্ৰাণী আৰু শিশু-কিশোৰৰ কোলাহলেৰে মুখৰ অঞ্চলটোত এতিয়া নিমাওমাও পৰিৱেশ। হঠাৎ কোৰোনাই যেন কোঙা কৰি পেলালে অগনন লোকৰ আকৰ্ষণৰ কেন্দ্ৰ এই চিৰিয়াখানা।

একালৰ পৰ্যটকে গিজগিজাই থকা চিৰিয়াখানাত এতিয়া নিমাও মাও পৰিৱেশ।ইফালে এই নিমাওমাও পৰিৱেশৰে যেন সুবিধা লৈছে একাংশ বিষয়া- কৰ্মচাৰীয়ে। ধৰি ললো ডি এফ অ গৰাকী সঁচাকৈয়ে মণিপুৰৰ পৰা অবৈধ বন্যপ্ৰাণী চালানৰ বিষয়টোৰ সন্দৰ্ভত শিলচৰলৈ গৈছে। তেওঁৰ অনুপস্থিতিত নিশ্চিতভাৱে এই দায়িত্ব স্বম্ভালিব লাগে চিৰিয়াখানাৰ তদাৰকৰ দায়িত্বত থকা এচিএফ আৰু ৰেঞ্জাৰে। আজি এই প্ৰতিবেদকে ভ্ৰমণ কৰা সময়ত তেওঁলোকো নাছিল। কেৱল তেওঁলোকেই নহয় ফৰেষ্টাৰ পৰ্যায়ৰ বিষয়াও গোটেই চিৰিয়াখানা খনত বিচাৰি পোৱা নগ'ল।

পশুধনৰ চিকিৎসালয়খনলৈ যাওঁতে চিকিৎসক গৰাকীক বহি থকা দেখা গ'ল যদিও সেই সময়ত তেওঁ ব্যস্ত আছিল এগৰাকী যুৱতীৰে কথা পতাত। নিৰ্দিষ্ট ইউনিফৰ্ম পিন্ধি নথকাৰ বাবে তেওঁ চিকিৎকৰ্মী নেকি সেই কথাৰ অৱশ্যে বুজাৰ উপায় নাই। কিন্তু চিকিৎসক গৰাকীৰ পৰাই চিৰিয়াখানাৰ জীৱজন্তুৰ স্বাস্থ্যৰ সন্দৰ্ভত খবৰ ল'বলৈ বিচৰাত তেওঁ ক'লে যে তেওঁ এতিয়া ব্যস্ত সেয়ে এইবোৰ কথা পাতিবলৈ বৰ্তমান সময় নাই। প্ৰয়োজন হ'লে পিছত যাবলৈ কৈ তেওঁ বিদায় দিলে। দুই শতাধিক বিষয়া-কৰ্মচাৰীৰে পৰিপূৰ্ণ হৈ থকা চিৰিয়াখানাখনৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত খবৰ দিব পৰাকৈ দৰাচলতে সেই সময়ত কোনো লোকেই উপস্থিত নাছিল।

অৱশেষত দুজনমান তৃতীয়শ্ৰেণীৰ কৰ্মচাৰী দেখা পাই তেওঁলোকৰ পৰাই যিমানখিনি পাৰি খবৰ ললো। কিন্তু চৰকাৰী ভাৱে বন্ধ ঘোষণা কৰি থোৱা চিৰিয়াখানাৰ ভিতৰচ'ৰাত যেনএক অচলাৱস্থা বিৰাজ কৰিছে সেই পৰিস্থিতিটো যেন তেওঁলোকৰ কথাৰ মাজেৰেই প্ৰকাশ পালে। চিৰিয়াখানাখনৰ ভিতৰচ'ৰাত সংঘটিত বহু অপকৰ্মৰ খবৰ সংবাদমাধ্যমত প্ৰকাশ পোৱাই নহয় ইয়াৰ বিৰুদ্ধেও কেতবোৰ সংগঠনে সময়ে সময়ে চলাই আহিছে। জীৱ-জন্তুৰ খাদ্যৰ বাবে ক্ৰয় কৰা গো মাংসৰ ধনো আত্মসাত কৰাৰ অভিযোগ আছে চিৰিয়াখানাৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে।

কিছুদিন পূৰ্বে বহিঃৰাজ্যলৈ চিৰিয়াখানাৰ পৰা চালান দিয়া বন্যপ্ৰাণীৰ ক্ষেত্ৰত নিৰ্ধাৰিত তালিকাতকৈ অধিক সংখ্যক আৰু নাম নথকা বন্যপ্ৰাণীৰ চালানৰ অভিযোগো উত্থাপিত হৈছিল। সেয়ে এতিয়া তলা বন্ধৰ মাজত আজি আমি দেখি অহা পৰিৱেশে ৰাইজৰ অনুপস্থিতিৰ সুযোগ লৈ কেনে অৰাজকতা চলিছে সেয়া সন্দেহৰ বিষয় হৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in