বৰুৱাৰ ওচৰত হাত জোৰ কিয়? সতীৰ্থ মন্ত্ৰীক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন?

বৰুৱাৰ ওচৰত হাত জোৰ কিয়? সতীৰ্থ মন্ত্ৰীক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন?

মৃদুল কুমাৰ সন্দিকৈ

হয়, মন্ত্ৰীয়েও ভয় কৰে পৰেশ বৰুৱাক। এটা মাত্ৰ হুমকিতে মন্ত্ৰীয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছিল আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক। আলফা স্বাধীনৰ লক্ষ্য-উদ্দেশ্য যিয়েই নহওক ৰাষ্ট্ৰযন্ত্ৰৰ দৃষ্টিত ই এক নিষিদ্ধ ঘোষিত সংগঠন। সেই সংগঠনৰ ওচৰত সংবিধানৰ পদবীত অধিস্থিত কোনো মন্ত্ৰীয়ে ক্ষমা বিচৰাটো তেওঁৰ ওচৰত আত্ম সমৰ্পণ কৰাৰ সদৃশ।

অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে পৰেশ বৰুৱাক সমালোচনা কৰিছিল। বৰুৱাক মিছলীয়া আখ্যা দিছিল মন্ত্ৰীগৰাকীয়ে। কিন্তু এই স্থিতিত ৪৮ ঘণ্টাও টিকি থাকিব নোৱাৰিলে মন্ত্ৰীগৰাকী। আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল এক বিবৃতি।

এই বিবৃতিত পৰেশ বৰুৱাই এনে মন্তব্য কৰাৰ বাবে কঠোৰ ভাষাৰে মন্ত্ৰী সঞ্জয় কিষাণক সমালোচনা কৰাৰ লগতে ক্ষমা বিচাৰিবলৈ এক প্ৰকাৰৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ পোৱাৰ পিছতেই যেন থৰকাছুটি হেৰাইছিল মন্ত্ৰীগৰাকীৰ। সংবাদ মাধ্যমৰ জৰিয়তে পৰেশ বৰুৱাই বিচৰাৰ দৰেই ক্ষমা বিচাৰিছিল মন্ত্ৰী কিষাণে।

এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মন্ত্ৰী কিষাণ এটা পদবীৰ অধিকাৰী। এখন চৰকাৰৰ প্ৰতিনিধি। তেনেস্থলত পৰেশ বৰুৱাৰ ওচৰত নতশিৰ স্বীকাৰ কৰি ক্ষমা বিচৰা কাৰ্যক সহজভাৱে ন'ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীক এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ'ল। কি পৰিস্থিতিত আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাৰ ওচৰত ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীয়ে ক্ষমা বিচাৰিলে তাৰ উত্তৰ লাগে মুখ্যমন্ত্ৰীক। যদি নিজৰ স্থিতিত অটল থাকিবই নোৱাৰে তেনেহ'লে এনেবোৰ বিষয়ত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰাটো অনুচিত আছিল।

আলফা স্বাধীনৰ সমৰ্থনত লিখা-মেলা কৰা বুলি আৰক্ষীয়ে যুৱক-যুৱতীক আটক কৰিছে। উজনি অসমৰ বহু স্থানত ছচিয়েল মিডিয়াত এনে মন্তব্য কৰাৰ অপৰাধত আৰক্ষীয়ে বহু কেইজনক জে'ললৈ প্ৰেৰণ কৰিছে। আনকি বিপ্লৱী কবিতা লিখাৰ অপৰাধত জে'ললৈ প্ৰেৰণ কৰা হৈছে কলেজীয়া ছাত্ৰীক।

পৰেশ বৰুৱা আৰু অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্টলোকসকলৰ সৈতে এক সুসম্পৰ্ক আছে। প্ৰায়েই পৰেশ বৰুৱাই সেই লোকসকলৰ সৈতে যোগাযোগ ৰাখে। সংবাদ মাধ্যমৰ সৈতেও নিয়মীয়া যোগাযোগ ৰাখি আলফা স্বাধীনৰ সেনাধক্ষগৰাকীয়ে নিজৰ আৰু দলৰ সমৰ্থনত মন্তব্য দাঙি ধৰে।

আৰক্ষীৰ নিৰ্বাচিত বিষয়াৰ সৈতেও যোগাযোগ ৰাখে পৰেশ বৰুৱাই। কিন্তু আৰক্ষীয়ে সদায় লক্ষ্য কৰি লয়, এনে এচাম লোকক যিসকলে সঁচা অৰ্থত জাতি, মাটিৰ প্ৰতি টান লৈ বিভিন্ন মাধ্যমত কিছু কথা লিখে বা কয়। সঞ্জয় কিষাণৰ প্ৰসংগত সেয়েহে আৰক্ষীয়েও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।

সাধাৰণ যুৱক-যুৱতীসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা আৰক্ষীয়ে সাংবিধানিক পদত থাকি পৰেশ বৰুৱাক নিচৰ্ত ক্ষমা বিচৰা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কিয় গোচৰ ল'ব নোৱাৰিলে? নে মন্ত্ৰী কিষাণে নিজৰ নিৰাপত্তাৰ স্বাৰ্থত পৰেশ বৰুৱাৰ ৰঙা চকু দেখি এনেদৰে ক্ষমা খুজিবলৈ বাধ্য হ'ল?

মন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ অভাৱ নাই। ঘৰে-বাহিৰে মন্ত্ৰীৰ সৈতে থাকে যথেষ্ট সংখ্যক আৰক্ষী তথা নিৰাপত্তাৰক্ষী। তাৰ পাছতো পৰেশ বৰুৱাৰ খং দেখি নিজৰ মন্তব্যক উঠাই লৈ আলফা স্বাধীনৰ সেনাধক্ষ পৰেশ বৰুৱাৰ প্ৰভাৱ আৰু তেওঁৰ বৈশ্যতা এক প্ৰকাৰৰ চৰকাৰী ভাৱে স্বীকাৰ কৰা এই প্ৰৱণতা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বাবে চৰম আঘাত।

অখণ্ডতা ৰক্ষা কৰাৰ কথা কোৱা মন্ত্ৰীগৰাকীয়ে দেশৰ সাৰ্বভৌমত্ব আৰু সাংবিধানিক কৰ্তব্য সুচাৰুৰূপে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দি শপতগ্ৰহণত এই প্ৰতিজ্ঞা কৰা কথাটো অন্তঃসাৰশূন্য হৈ পৰিল। হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো অনুধাৱন কৰি মন্ত্ৰী গৰাকীক বাধ্যত পৰি এনে কাৰণ দৰ্শোৱাৰ জাননী দিবলৈ বাধ্য হ'ল।

পৰেশ বৰুৱাৰ এটা বিবৃতিত কম্পমান হোৱা তেওঁৰ মন্ত্ৰীসভাৰ এজন জ্যেষ্ঠ মন্ত্ৰী এই আচৰণে পৰেশ বৰুৱা কিমান ক্ষমতাশালী তাকেই প্ৰতিপন্ন কৰিলে নেকি? এই ধৰণৰ কাম কৰাৰ পাছত সেই সাংবাধানিক পদবীত অধিস্থিত হৈ থকাৰ নৈতিকতা মন্ত্ৰী কিষাণৰ আছেনে? সেইয়াও এক ডাঙৰ প্ৰশ্ন বা বিষয়।

পৰেশ বৰুৱাক ক্ষমা খোজা মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক কিদৰে পতিয়ন নিয়াই এইটো লক্ষ্যণীয় হ'ব। মুখ্যমন্ত্ৰীয়েও বিষয়টো কেনেদৰে গ্ৰহণ কৰে ইয়াৰ ওপৰতেই মন্ত্ৰী কিষাণৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰিব। সাধাৰণ লোকৰ কথা বাদেই মন্ত্ৰীয়েই যদি পৰেশ বৰুৱাক ইমান ভয় কৰে সাধাৰণ লোকৰ বাবে বাকী থাকিল কি?

আলফা স্বাধীন, পৰেশ বৰুৱা, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ মাজত অসমৰ বিদ্ৰোহী সমস্যা সমাধানৰ বাবে বহু প্ৰত্যাশিত আলোচনা সকলোৰে কাম্য। তাৰ মাজতে ইজনৰ পিছত সিজন যুৱক-যুৱতী আলফা স্বাধীনলৈ যোগদানৰ বাবে গৈ আছে। এই পৰিৱেশ পৰিস্থিতিত এগৰাকী মন্ত্ৰীৰ পৰেশ বৰুৱাৰ প্ৰতি এনে অনুগত্যই তেওঁৰ প্ৰভাৱ আৰু এখন চৰকাৰৰ বিফলতাকেই উদঙাই দিয়ে।

অৱশ্য সেই সুযোগ গ্ৰহণ কৰি চৰকাৰক সমালোচনাৰে সঠিক পদক্ষেপ গ্ৰহণৰ বাবে বাধ্য কৰিবলৈ এতিয়া ৰাজ্যত বিৰোধী ক'ত? আজি সঞ্জয় কিষাণ আন মন্ত্ৰীয়ে পৰেশ বৰুৱাৰ ওচৰত হাত জোৰ কৰিব। পূৰ্বতেও এনে উদাহৰণ আছে যিবোৰ কথা আঁৰতে ৰৈ গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in