অনিশ্চয়তাৰ খেল ক্ৰিকেটঃ কেতিয়া কাৰ উইকেট ডাউন হয় কোনে জানে !

অনিশ্চয়তাৰ খেল ক্ৰিকেটঃ কেতিয়া কাৰ উইকেট ডাউন হয় কোনে জানে !

তুষাৰ প্ৰতিম

পৰিবৰ্তন আৱশ্যম্ভাৱী। পৰিবৰ্তনৰ প্ৰয়োজন আছে। পৰিবৰ্তন আহে সকলোলৈকে। ঋতু আহে ঋতু যায়। সলনি হয় প্ৰকৃতি। মানুহ প্ৰকৃতিৰ দাস। প্ৰকৃতিৰ নিয়ম মতেই চলিব লাগিব সকলো। প্ৰকৃতি সলনি হোৱাৰ দৰেই মানৱ সৃষ্ট সকলো বিষয়-বস্তুলৈ নামি আহে পৰিবৰ্তন। সমাজৰ প্ৰতিটো ক্ষেত্ৰত সঘনাই পৰিবৰ্তন হয়। পৰিবৰ্তনে সলনি কৰে ৰাজনীতি, সমাজনীতি, অৰ্থনীতি আৰু বহু কিবাকিবি।পৰিবৰ্তনৰ পৰা সাৰি যোৱা নাই ক্ৰীড়া জগতখনো। সঘনাই ক্ৰীড়া জগতত হয় পৰিবৰ্তন।

এখন খেলে কোন মুহূৰ্তত কোনফালে গতি লয় সেইয়া কোনেও পূৰ্বেই ক'ব নোৱাৰে। সেয়েহে অভিজ্ঞ খেলুৱৈয়ে খেলৰ পূৰ্বে অনুমানৰ ভিত্তিত কৰা মন্তব্যও কাৰ্যকৰী নহয়। ইয়াৰ উদাহৰণ শেহতীয়াকৈ আই চি চি টি-২০ বিশ্বকাপৰ কথাই ক'ব পাৰি। বিশ্বৰ সকলো ক্ৰিকেট বিশেষজ্ঞই ভাৰতকেই ফেভাৰিট আখ্যা দিছিল। আনহাতে আই চি চিয়ে অনুষ্ঠিত কৰা কোনো এখন বিশ্বকাপতেই পাকিস্তানে ভাৰতৰ বিপক্ষে বিজয় সাব্যস্ত কৰিব পৰা নাছিল। সকলোৱে ভাৱিছিল এইবাৰৰ টি-২০ বিশ্বকাপতে পুনৰ পাকিস্তান ভাৰতৰ হাতত পৰাস্ত হ'ব। কাৰণ পাকিস্তানে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ সুযোগ-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। আনহাতে ভাৰতীয় দলটোৱে ধাৰাবাহিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ লগতে আই পি এল খেলি সুন্দৰ ছন্দত আছিল।

কিন্তু সকলো জলপনা-কল্পনা, বিশেষজ্ঞৰ অনুমানক অসত্য প্ৰমাণ কৰি ভাৰতীয় দলটো বিশ্বকাপৰ প্ৰথমখন মেচতেই পাকিস্তানৰ হাতত পৰাজিত হোৱাই নহয় অতি কৰুণভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। কেৱল পাকিস্তানৰ লগতে পৰাজিত হোৱাই নহয়, একেদৰে নিউজিলেণ্ডৰ হাততো বিশ্বকাপৰ দ্বিতীয়খন মেচতো পৰাজিত হ'ল। সকলোৱে ফেভাৰিট আখ্যা দিয়া ভাৰতে ছেমি ফাইনেললৈকে উত্তীৰ্ণ হ'ব নোৱাৰিলে।

শেষ হ'ল এটা যুগ, থাকি গ'ল কোহলি-শাস্ত্ৰীৰ অৱদানঃ

বিশ্বকাপৰ পূৰ্বেই ভাৰতীয় দলটোৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক বিৰাট কোহলিয়ে টি-২০ অধিনায়কৰ দায়িত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। একদৰে দলটোৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰো চুক্তিৰ ম্যাদ শেষ হৈছিল। সেই অনুসৰি ৰবি শাস্ত্ৰীৰো বিদায় নিশ্চিত হৈছিল। টি-২০ বিশ্বকাপৰ পূৰ্বেই বিৰাটে বিশ্বকাপৰ পিছতে অধিনায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে। এই ঘোষণা ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগী আৰু বিৰাটৰ অনুৰাগীসকলৰ বাবে আচিল অতি আশ্চয্যকৰ। হঠাত বিৰাতে এনেকুৱা এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কোনেও আশা কৰা নাছিল।

অৱশ্যে বি চি চি আইয়ে পূৰ্বৰে পৰা বিৰাট আৰু ৰবি শাস্ত্ৰীৰ উত্তৰসুৰী নিৰ্বাচিত কৰি ৰাখিছিল। পূৰ্বৰে পৰা একাংশ প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেষজ্ঞই দাবী কৰি অহাৰ দৰে ৰোহিত শৰ্মাৰ হাততেই বি চি চি আইয়ে দিলে টি-২০ ক্ৰিকেট দলটাোৰ বাঘজৰী। আনহাতে নেচনেল ক্ৰিকেট একাদেমীৰ দায়িত্ব হাতত লৈ ভাৰতীয় ক্ৰেকট দলক ধাৰাবাহিকভাৱে বিশ্বমানৰ ক্ৰিকেটাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় ৰবি শাস্ত্ৰীৰ উত্তৰসুৰী হিচাপে বি চি চি আইৰ প্ৰথম পচন্দৰ ব্যক্তি আছিল। সেই অনুসৰিয়েই বি চি চি আইয়ে ৰাহুল দ্ৰাবিড়ক টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ বাবে প্ৰস্তাৱ

নতুন প্ৰশিক্ষক, নতুন অধিনায়ক আৰু নতুন টি-২০ খেলপথাৰ। এই তিনিটা নতুন সংমিশ্ৰণৰ সৈতে, বুধবাৰে সন্ধিয়া ৭ বজাৰ পৰা তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধ অৱতীৰ্ণ কৰিছে। ৰাহুল দ্ৰাবিড় টীম ইণ্ডিয়াৰ নতুন প্ৰশিক্ষক। ৰবি শাস্ত্ৰীৰ প্ৰস্থানৰ পিছত তেওঁৰ নিৰ্দেশনাত এইখন প্ৰথম খন খেল। ৰোহিত শৰ্মাই পূৰ্ণ-সময়ৰ অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে টি-২০ দলৰ নেতৃত্ব দিছে। জয়পুৰৰ চৱাই মান সিং ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে টি-২০ খেলখন খেলা হৈছে।

এই তিনিটা নতুন কাৰক উপৰিও আন এটা কাকতালীয় ঘটনাও জড়িত হৈ পৰিছে। এই কাকতালীয় ঘটনা হৈছে ৰোহিত-ৰাহুল দুয়োৰে পুনৰ সংযোগ। দৰাচলতে, ৰোহিত –ৰাহুল একাকাৰ হোৱাৰ ঘটনা এইটোৱেই নতুন নহয়। দুয়োৰে মাজত সম্পৰ্ক ১৪ বছৰ আগতে আৰম্ভ হৈছিল।

এই সংযোগ নতুন নহয়, ১৪ বছৰ পূ্ৰ্বেই ঘটিছিল ৰোহিত-ৰাহুলৰ সংযোগঃ

ৰোহিত শৰ্মাই বেলফাষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। তেতিয়া টীম ইণ্ডিয়াৰ নেতৃত্ব দিছিল ৰাহুল দ্ৰাবিড়ে। তাৰ পিছত সৌৰভ গাংগুলী আৰু গৌতম গম্ভীৰৰ মাজত অপৰাজিত পাৰ্টনাৰশ্বিপৰ বাবে ৰোহিতে প্ৰথমখন খেলত বেটিং কৰাৰ সুযোগ নাপালে। ইয়াৰ পিছত ৰোহিতে পৰৱৰ্তী খেলখনত মাত্ৰ আঠ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ৰোহিতে দ্ৰাবিড়ৰ অধিনায়কত্বত মাত্ৰ এই দুখন খেল খেলিবলৈ সুযোগ লাভ কৰিছিল।

১৬ নৱেম্বৰ, ২০২১ মঙলবাৰে এখন সংবাদমেলত সেই সময়ৰ কথা মনত পেলাই প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয়, "আমি জানিছিলো ৰোহিত এজন চমৎকাৰী ক্ৰিকেটাৰ আছিল।আয়াৰলেণ্ডৰ আগতে, মই চেলেঞ্জাৰ্ছ ট্ৰফীত ৰোহিতৰ সৈতে খেলিছিলো। আমি সকলোৱে জানিছিলো যে ৰোহিতৰ কিবা এটা বিশেষত্ব আছে। সেই বিশেষ প্ৰতিভাৰ বাবেই ইমান বছৰৰ পিছত আমি আজি একেলগে বহি আছো। ৰোহিতে যোৱা ১৪ বছৰত এজন খেলুৱৈ আৰু এজন ব্যক্তি হিচাপে বহুদূৰ আগবাঢ়িছে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে তেওঁৰ সফলতা অতি আকৰ্ষণীয়।"

ইফালে ৰোহিতে ৰাহুল দ্ৰাবিড়ৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাতৰ বিষয়ে উল্লেখ কৰি কৈছে ''সেই সময়ত মই যথেষ্ট নাৰ্ভাছ আছিলো''। ৰোহিতে কৈছে, "মই মোৰ বয়সৰ লোকসকলৰ সৈতে কথা পাতিবলৈ সংকোচ বোধ কৰিছিলো,  দ্ৰাবিড় অতি জ্যেষ্ঠ আছিল আৰু মই অতি শংকিত হৈ পৰিছিলো। যেতিয়া তেওঁ মোক কৈছিল যে মই দলটোত আছোঁ, তেতিয়া এইটো মোৰ বাবে সপোন সঁচা হোৱাতকৈ কম নাছিল।"

ৰোহিতে জানে বিৰাটে বৃদ্ধি কৰে দলৰ শক্তিঃ

অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি ৰোহিতে পূৰ্বৰ অধিনায়ক তথা সতীৰ্থ বিৰাট কোহলিৰ প্ৰসংগতো মন্তব্য কৰিছে। ৰোহিতে প্ৰশিক্ষক-অধিনায়কৰ সম্বন্ধৰ উপৰিও দলটোৰ প্ৰদৰ্শনৰ বাবে আগলৈ তেওঁলোকৰ পৰিকল্পনা কেনে হ'ব সেই বিষয়েও কয়। দ্ৰাবিড়ে কৈছে যে ফুটবলৰ দৰে, ক্ৰিকেটত ঋতু আহে আৰু খেলুৱৈসকলৰ কামৰ বোজা দলৰ পৰ্যায়ত বা তেওঁলোকক বিশ্ৰাম দি দল পৰিচালনা কৰা হৈছে। ভাৰসাম্য বজাই ৰাখিবলৈ, খেলুৱৈসকলে শাৰীৰিক আৰু মানসিক স্তৰত সক্ষমতা বজাই ৰখাৰ ওপৰত গুৰুত্ব দিব লাগিব।

বিৰাট কোহলীৰ প্ৰসংগত ৰোহিত শৰ্মাই কয়, "তেওঁ দলৰ এজন অতি বিশেষ খেলুৱৈ। প্ৰতিখন খেলতে মানুহৰ এটা বেলেগ চৰিত্ৰ থাকে। সকলোৱে ইয়াৰ বাবে সাজু। তেওঁৰ অভিজ্ঞতা আৰু বেটিংৰ বাবে ধন্যবাদ, বিৰাটে যেতিয়াই ঘূৰি আহিব দলটো শক্তিশালী কৰিব।"

মুম্বাই ইণ্ডিয়ানছৰ সফলতাই ৰোহিতৰ বাবে মুকলি কৰিলে নতুন দুৱাৰঃ ৰাহুল দ্ৰাবিড়ে ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্বৰ বিষয়ে উল্লেখ কৰি কৈছে ৰোহিতৰ আই পি এলত এক অনন্য অভিলেখ আছে। মুম্বাইয়ে ৰোহিতৰ নেতৃত্বত খেলা ১২৯ খন মেচৰ ভিতৰত ৭৭ খনত জয়লাভ কৰাৰ উপৰিও যোৱা 9 বছৰত ৫ বাৰ দলটোক চেম্পিয়নৰ খিতাপ দিছে। চেম্পিয়ন দলটোৰ অধিনায়ক ৰোহিত। ই প্ৰমাণ কৰে ৰোহিতৰ অধিনায়কত্বৰ দক্ষতাক।আনহাতে ভাৰতীয় দলটোৰ অধিনায়ক দায়িত্ব ৰোহিতে এইয়াই প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা নাই।

ইয়াৰ পূৰ্বে ৰোহিতে ১৯ খন টি-২০ত বিৰাটৰ অনুপস্থিতিত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিছিল। ভাৰতীয় দলত ৰোহিত অধিনায়কত্ব নতুন নহয়। ২০১৭ চনতেই আৰম্ভ হৈছিল ভাৰতীয় দলে ৰোহিতৰ নেতৃত্বত আৰম্ভ কৰা যুঁজ। ৰোহিতৰ নেতৃত্বত ভাৰতে ইতিপূৰ্বে ১৯ খন মেচ খেলি ১৫ খনত জয় লাভ কৰিছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে ৰোহিতৰ নেতৃত্ব কিমান শক্তিশালীঃ

ৰোহিতৰ নেতৃত্বত ভাৰতে ১৯ খন মেচ খেলি ১৫ খনত জয়লাভ কৰিলেও ৪ খনত পৰাজিত হৈছিল। পাৰিজত হোৱা ৪ খন মেচৰ ১ খন আছিল নিউজিলেণ্ডৰ বিৰুদ্ধে। ইফালে পুৰ্নপৰ্যায়ৰ অধিনায়ক হিচাপে বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধেই আত্মপ্ৰকাশ কৰিছে ৰোহিতে। টি-২০ বিশ্বকাপত ভাৰতে দ্বিতীয়খন মেচত নিউজিলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পিছত পুনৰ দুয়োটা দল মুখামুখি হৈছে। এতিয়া লক্ষ্যণীয় হ'ব ৰোহিতৰ নেতৃত্বত ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে কেনে প্ৰদৰ্শন আগবঢ়ায়।

ৰেকৰ্ডৰ চালে দেখা যায়, ভাৰত-নিউজিলেণ্ডে এতিয়ালৈকে  মুঠ ১৭ খন মেচ খেলিছে। আৰম্ভণিৰ ৫ খন মেচত পৰাজিত হোৱাৰ পিছত ভাৰতে ২০১৭ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম জয় লাভ কৰিছিল। গতিকে ভাৰতে ডুবাইত এই বছৰৰ টি-২০ বিশ্বকাপত পৰাজিত হোৱাৰ আগতে ২০২০ চনত খেলা সকলোবোৰ মেচ জিকিছিল।দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা ১৭ খন মেচৰ ভিতৰত ভাৰতে ৮ খন আৰু নিউজিলেণ্ডে ৯ খনত জয়লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in