শেহতীয়া খবৰ
CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...

অসম দিৱসঃ চৰাইদেউত স্বৰ্গদেউৰ বিননি

মৃদুল কুমাৰ সন্দিকৈ

সাতৰাজ মাৰি এক ৰাজ কৰিছিল তেওঁ। অসমীয়া জাতিৰ বুনিয়াদ গঢ়িছিল চাওলুং চুকাফাই। থানবান হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আজিৰ অসমীয়া জাতিৰ সপোন দেখিছিল তেতিয়াই চুকাফাই। সেই ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে। বৰ্তমানৰ ৰাজনীতিৰ পাকচক্ৰত জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ বীজ ৰোপণ কৰাৰ বিপৰীতে চুকাফাই এক সমন্বয়ৰ দৃষ্টান্ত গঢ়িছিল।

অসম আৰু অসমীয়া স্বকীয়তা আন জাতিৰ সৈতে নিমিলে। এই জাতিগঠন প্ৰক্ৰিয়াই বহু জাতি- জনগোষ্ঠীক সামৰি এক ধাৰাবাহিক প্ৰক্ৰিয়াৰ মাজেৰে আজিৰ এই অৱস্থা পাইছেহি। আহোম যুগৰ আৰম্ভনি আৰু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল চুকাফাৰ আগমনৰ পৰা । ১২২৮ খ্ৰীষ্টাব্দৰ চাওলুং চুকাফা অসমৰ প্ৰথমজন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে পাটকাই পৰ্বত পাৰ হৈ অসমত সোমাইছিল ।

আহোম সকল আছিল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিন পূৱ এচিয়াৰ বৃহৎ জাতিৰ এটি শাখা । নতুন ৰাজ্যৰ সন্ধানত চুকাফাই স্বদেশ এৰি অহা সময়ত লগত আনিছিল ইষ্ট দেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনি গৰাকী ৰানী, দুজন পাত্ৰ মন্ত্ৰী, পাচজন কোঁৱৰ, চাৰিজন ৰাজ পুৰোহিত, দুজন বাইলুং ।

এহেজাৰ আশী জন সৈনিক,৩০০ ঘোৰা, খাম নামৰ এটা দতাল হাতী আৰু পেং নামৰ এজনী মাখুন্দী হাতী । ১২২৮ খ্ৰীষ্টাব্দৰ আঘোন মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি- পামত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হৈছিলহি।

তাতে এখন নতুন ৰাজ্য স্থাপনৰ পৰিকল্পনাৰে আহোম সকলৰ প্ৰথম ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল । দ্বিতীয় ৰাজধানী নামৰূপত পাতি পুনৰ সেই ৰাজধানী এৰি হা- বুঙ নৈৰে উজাই,দিহং নৈৰে ভটিয়াই দিখৌমুখ পাইছিলগৈ ।

শিমলুগুৰিত উপস্থিত হৈ পাহৰীয়া ওখ ঠাই চিনাক্ত কৰি তেওঁ ৰাজধানী পাতিলে পুনৰ । নাম দিলে চে- ৰাই- দয় । অৰ্থাৎ চৰাইদেউ । চে মানে নগৰ,ৰাই মানে জিলিকি থকা, দয় মানে পৰ্বত । চুকাফা আছিল টাই মংগোলীয় ভাষাৰ কৃষ্টিৰ বাহক । কিন্তু তেওঁ নিজৰটোকে ধৰি নাথাকিল । থলুৱা ভাষা,কৃষ্টি,সংস্কৃতিৰ সমন্বয় ঘটাই তেওঁ অসমীয়া জাতিৰ বৰভেটি নিৰ্মান কৰিলে ।

সমসাময়িক সেই সময়ৰ মৰাণ,কছাৰী,বৰাহী, নগা, চুতীয়া সকলো জাতি জনগোষ্ঠীক একলগ কৰি সকলোকে ৰাজ ৰাজ্যৰে জড়িত হোৱাৰ সুযোগ তেওঁ দিলে । সাতৰাজ মাৰি একৰাজ কৰা চুকাফাই হ’ল বৃহত্তৰ অসমীয়া জাতিৰ পিতৃপুৰুষ । কিন্তু ইয়াকে বহুতে অপব্যাখ্যা কৰিব খোজে।

চুকাফাই ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছিল। তেওঁ বুজিছিল কাৰোবক দমন কৰাতকৈ মিত্ৰতাৰে তেওঁলোকক স-সন্মানেৰে বুকুৰ মাজত আকোৱালি লৈ এক শক্তিশালী ৰাজ্য গঠন কৰিব পাৰি। সেইটোকে কৰিছিল চুকাফাই। যুদ্ধৰ সলনি মন জয় কৰিবলৈ চেষ্টা কৰিছিল চুকাফাই।

সেই বিশ্বাস আৰু আস্থাই আহোম ৰাজ্যৰ স্থায়িত্বৰ অন্যতম কাৰণ আছিল। যাৰ বাবে ৬ শ বছৰ ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল আহোমসকল। ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰৰ দিনটোতেই চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থৈছিলহি । সেই ঐতিহাসিক দিনটোক চিৰ স্মৰনীয় কৰিবৰ বাবে ১৯৭২ চনতেই ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে চুকাফা দিৱস উদযাপন কৰা প্ৰসংগ প্ৰথম উত্থাপন কৰিছিল ।

এই ব্যক্তিগৰাকীৰ মহৎ প্ৰচেষ্টাৰ ফলতেই ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰক চুকাফা দিবস বা অসম দিৱস উদযাপন কৰি অহা হৈছে । আহোম স্বৰ্গদেউ সকল আছিল উদাৰ আৰু দূৰদৃষ্টি সম্পন্ন । তেওঁলোকৰ বন্ধুত্বপূৰ্ন মনোভাৱ,জাতি গোষ্ঠীৰ প্ৰতি আন্তৰিকতা, সুনিপুন আত্মৰক্ষা কৌশলে অসমীয়া জাতিৰ ভেটি শক্তিশালী কৰি তুলিছিল ।

চুকাফাৰ জন্ম হৈছিল চেন চেতত চাও তাই পঙৰ কাৰেঙত । ১১৮৬ খ্ৰীষ্টাব্দত উত্তৰ ব্ৰহ্মদেশৰ চিউলি নদীৰ পাৰত এই গৰাকী স্বৰ্গদেউৱে জন্মলাভ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল খুত্যাংখাঙ্গ আৰু মাতৃৰ নাম ন্যাঙ্গ কুমাৰী ।

চাওলুং চুকাফা সন্দৰ্ভত বিশিষ্ট বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই ”আহোম দিন” গ্ৰন্থত এই দেৰে লিখিছিল – ন ভাত খাই নাকুৰি দেওৰ ওচৰৰ সৰু পৰ্বত খনিতেই চুকাফাই নগৰ কৰি থাকিল । আত পাচে বৰাহী বোৰে আলচী শাক পাত খৰি যোগান দিবলৈ ধৰিলে আৰু বোলে ই সকল আনৰ বঙহৰ নহয়,দেও মানুহ বুলি যি কয় সেয়ে হয় ।”

চাওলুং চুকাফাই সেই আহোম ৰাজত্বৰ আধাৰ । যুদ্ধৰ সলনি বন্ধুত্বৰে তেওঁ চুবুৰীয়া ৰাজ্য আৰু জাতিৰ শাসন কৰ্তাক আকোৱালী লৈছিল । চুকাফা আছিল অসমৰ ইতিহাসৰ এহেজাৰো অধিক কালৰ ভিতৰত শ্ৰেষ্ঠ আৰু অদ্বিতীয় ৰাজনীতিবিদ ।

তেওঁ জানিছিল ৰাজনীতি কি । আজিৰ ৰাজনৈতিক দল বোৰে ভাগ ভাগ কৰি ক্ষুদ্ৰ স্বাৰ্থত ভোট বিভাজন কৰাৰ বিপৰীতে চুকাফা আৰু আহোমৰ পৰবৰ্তী স্বৰ্গদেউ সকলে সকলোকে আকোৱালি লৈ বৃহত অসমীয়া জতি আৰু বৰ অসম গঢ়িছিল ।

চাওলুং চুকাফা প্ৰয়োজনত আছিল অতি কঠোৰ । তেওঁৰ আছিল সাংগঠনিক আৰু ৰাজনৈতিকভাৱে দক্ষ তথা অভিজ্ঞ। যি দক্ষতাই তেওঁৰ প্ৰতি থলুৱা লোক সকলৰ মনত বিশ্বাস গঢ় লৈ উঠিছিল । ১২৬৮ খ্ৰীষ্টাব্দত ৮২ বছৰ বয়সত চুকাফাৰ মৃত্যু হয় । শেষ জীৱনলৈকে তেওঁ আছিল সম্পূৰ্ন কাৰ্যক্ষম । আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি তেওঁ ৪০ বছৰ শাসন কৰিছিল ।

চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ চুতেউফা আহোম ৰাজপাটত বহে । চুকাফাৰ দৰে তেওঁ আছিল বন্ধুত্বমূলক নীতিৰে ৰাজপাট চলাব বিচৰা এজন স্বৰ্গদেউ । তেওঁ বন্ধুত্ব ভাবেৰে নৰা ৰজালৈ আহোম কটকী পঠাইছিল । নৰা ৰজাইও তেওঁক ভাতৃ জ্ঞান কৰিছিল ।

চুকাফাৰ কুটনীতিক কৌশল মন কৰিব লগীয়া । সেই কৌশল শিকিছিল তেওঁৰ পুত্ৰইও । আহোম যুগৰ পৰৱৰ্তী স্বৰ্গদেউ সকলে তেনে কুটনীতিক নীতি অনুকৰন কৰি ৬০০ বছৰ ৰাজত্ব কৰাতো বিশ্বৰ ইতিহাসতেই বিৰল ।

চুকাফাৰ ৰাজনৈতিক প্ৰমূল্যবোধত আছিল সু-শাসন আৰু জনসাধৰনৰ প্ৰতি দায়িত্ববোধৰ প্ৰতিফলন । তেওঁ দিনত কৃষিৰ প্ৰনালী,থলুৱা কৃষ্টি-সংস্কৃতিক উৎসাহিত কৰা, ভাল বোৰ গ্ৰহন কৰিব পৰা দক্ষতা আৰু উদাৰতা আজি ৰাজনৈতিক দৃষ্টিকোণেৰেও গুৰুত্বপূৰ্ন বিবেচিত হৈ আহিছে ।

আহোম ৰাজ্য স্থাপন কৰাৰ বাবে তেও যি ৰাজনৈতিক দক্ষতাৰ প্ৰমান দি গৈছে । সেয়া সৰ্ব কালৰ বাবে জিলিকি ৰ’ব । চুকাফাক তথা আহোম সকলক বিদেশী আখ্যা দিয়া সকলে আহোম বুৰঞ্জী আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আদিপাঠ নপঢ়াকৈ কৰা মন্তব্য সমাজৰ বাবে বিপদজনক ৰূপে ধৰা দিছে ।

চুকাফাই গঢ়া সেই আহোম ৰাজ্য এতিয়া নাই। বৰ অসমৰ সপোন তেওঁ দেখিছিল। বৃহৎ অসমীয়া জাতি আজি থানবান হৈ যোৱাৰ পথত। সেই সময়তে চুকাফাৰ আদৰ্শ আৰু চিন্তা চেতনা হৃদয়ংগম কৰাৰ প্ৰয়োজন হৈ পৰিছে। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত চুকাফা দিৱস উদযাপন কৰাতেই আমাৰ দায়িত্ব শেষ হ’ব নোৱাৰে।

তেওঁৰ উপলব্ধি আৰু অসমীয়া জাতিক সমৃদ্ধশীল কৰাৰ লক্ষ্য এই দিৱসতে পূৰণ কৰাৰ বাবে সচেতন হোৱাৰ সময় এইয়া। লাংকুৰি দেওশালত স্বৰ্গদেউ চুকাফাৰ সমাধিত বন গজিছে। সেইবোৰ চাওতা কোনো নাই। কথাই কথাই বীৰ লাচিতৰ কথা কোৱা বা আহোমৰ বীক্ৰমৰ উদাহৰণ দিয়া সকলে অনুধাৱন কৰা উচিত চুকাফাই কি বিচাৰিছিল? কি আদৰ্শৰে তেওঁ অসমীয়া জাতিক আগুৱাই নিবলৈ সপোন দেখিছিল?

অসমীয়া জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি সমন্বয়ৰ পৰিৱেশ সৃষ্টি কৰিছিল চুকাফাই। কিন্তু এই অসমীয়া জাতি গঢ়োৱাত জনৰ সমাধিস্থলটোৱই আজিলৈকে দিল্লী, দিছপুৰে সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা নকৰিলে। মৈদামৰ কাষত চলিল বেদখল। এনেকৈয়ে কেৱল এদিন চুকাফাৰ স্মৃতিত অসম দিৱস পাতি কেনেকৈ জীয়াই ৰাখিব পাৰি জাতি? সাৰ পাবনে দিছপুৰে? চুকাফাৰ আদৰ্শ আৰু সমন্বয়ৰ এই বাৰ্তা মানুহৰ মাজলৈ লৈ যোৱাৰ দায়িত্ব কাৰ? সৰ্বকালৰে অন্যতম শ্ৰেষ্ঠ অসমীয়া জনৰে আজি এই অৱস্থা।