৭০ হেজাৰ টকা ধাৰ লৈও মই সনাতনক বচাব নোৱাৰিলো…

৭০ হেজাৰ টকা ধাৰ লৈও মই সনাতনক বচাব নোৱাৰিলো…

মৃদুল কুমাৰ সন্দিকৈ

বাৰীৰ পাচলি লৈ ওলাই গৈছিল সনাতনঃ

সকলো গৈছে হাজোৰ তেতেলিয়া গাঁৱৰ সনাতন ডেকাৰ ঘৰলৈ। বাটে পথে অগণন মানুহৰ সমাগম। প্ৰতিজনৰ মুখত কেৱল এই নৃশংস হত্যাকাণ্ডৰ কথা। ২২ মে', ২০২০, শুকুৰবাৰে চাইকেলখনত আনদিনাৰ দৰে পাচলি লৈ বিক্ৰীৰ বাবে ওলাই গৈছিল নগেন ডেকাৰ ডাঙৰ ল'ৰা সনাতন ডেকা।

পুত্ৰক হেৰুওৱা বেদনাত দগ্ধ পিতৃ।

পুত্ৰ যোৱাৰ আগতে তামোল-পাণৰ ব্যৱসায় কৰা পিতৃ নগেন ডেকাও ওলাই গৈছিল ঘৰৰ পৰা। দুয়োৱে যোৱাৰ আগত কথাও পাতিছিল। পিতৃক সনাতন ডেকাই কৈছিল, "তইনো কিমান আৰু বজাৰ কৰি ঘূৰি ফুৰিবি…। মইও ওলাম অলপ পাছতে।"

মানুহক টানকৈ কথা এটাও নকৈছিল সনাতন ডেকাই।

ঘৰলৈ আগতে ঘূৰি আহিছিল পিতৃ নগেন ডেকা। পুত্ৰ তেতিয়াও অহাই নাছিল। সাধাৰণতে বস্তু লৈ ওলাই গ'লে অলপ দেৰি হয়েই। সেইবাবে চিন্তা কৰা নাছিল নগেন ডেকাই। ভাবিছিল পুত্ৰ আহিব। কিন্তু নাহিল। আহিল এটা দুঃখবৰ।

ফোনত আহিছিল সেই দুঃখবৰঃ

হাজোৰ তেতেলিয়াৰ সেই ঘৰখনত নগেন ডেকা তেতিয়া ব্যস্ত আছিল চোতালখন সৰাত। মাজে মাজে তেওঁ জলকীয়া বা আন পাচলিৰ বাৰীখনত সোমাই ফেকুৰি উঠিছিল- "সব শেষ হৈ গ'ল মোৰ।" কিন্তু মানুহজনে সাহস হেৰুওৱা নাছিল। খবৰ লবলৈ অহা লোকবোৰ ঘৰৰ বাহিৰত। তেওঁ বাঢ়নিডাল লৈ চোতালখন সাৰি সাৰি ক'লে- "ই বাপাই মোক টানকৈ কথা এটাও উভতি নধৰে। সিযে কাজিয়া কৰিব ভাবিবই নোৱাৰি। বজাৰ-সমাৰলৈ ওলাই যায়। দুই হাতেৰে যি পাৰে কৰে। আৰু এই বাৰীখন আমি দুয়োৱে লাগি গঢ়িছিলো। এইবোৰ জলকীয়া ছিঙি ছিঙি শেষ কৰিব নোৱাৰি।

ঘৰৰ চোতালতে ৰুইছিল জলকীয়া, ভাত কেৰেলা, ভেণ্ডি আদি।

"কি হ'ব এতিয়া? মোৰ সৰু ডেকালৈ ফোন আহিছিল। ক'লে- তাক কোনোবাই মাৰিছে। সি ক'লে বাইকখন লৈ যাব। মইও চাইকেলখন লৈ ওলাই গ'লো। তেতিয়ালৈকে কি হৈছে একো গম নাপাওঁ। হাজোৰ হাস্পতাললৈ আনিলে তাক। গাই-মুখে তেজ। ডাক্তৰে ক'লে- ছিৰিয়াছ কেছ। ইমি়ডিয়েট নিব লাগে গুৱাহাটী। পইচা যোগাৰ কৰিবলৈ মই ঘৰলৈ আহিলো। সৰু ডেকাই তাক লৈ গ'ল জিএনআৰচিলৈ।" কৈ গৈছিল দুখৰ মাজতো হাৰি নোযোৱা খামিডাঠ মানুহজনে।

৭০ হেজাৰ টকা ধাৰ লৈও মই সনাতনক বচাব নোৱাৰিলোঃ সনাতন ডেকাৰ পিতৃ

মোৰ যি ল'ৰা মাৰিছে কি কম…

"জিএনআৰচিলৈ লৈ গ'ল সৰু ডেকাই। তাৰ পৰা মোক ফোন কৰিলে টকা লাগে। মই টকা ২০ হেজাৰ যোগাৰ কৰি দি পঠালো। আৰু যি টকা লাগে দিম বুলি ক'লো। তাক ভাল কৰ। ডাক্তৰে ক'লে- ভাল হ'ব। মূৰত তেজ জমা হোৱা বুলিও কৈছিল। মোৰ মাথাই কাম নকৰা হৈ গৈছে…।" – ক্ষন্তেকৰ বাবে মানুহজন আবেগিক হৈ গৈছিল যদিও পুনৰ চম্ভালি ল'লে নিজক। কোনোবা আহিছে, কথা পাতিছে। সেইবোৰলৈ তেওঁৰ বৰ বেছি ভূক্ষেপ নাই। নিজৰ কাম নিজেই কৰি গৈছে।

কি ক'ম বোপাই মোৰ দুখৰ কথা।

চোতালখন সাৰি তেওঁ ঘৰৰ পিৰালিতে বহিল। ক'লে কিমান কষ্ট কৰি ঘৰখন ধৰি ৰাখিব লগা হৈছে। এই বয়সতো তামোল-পাণৰ বেপাৰ কৰি ঘূৰি ফুৰে। ল'ৰা কেইটাও এইদৰে পৰিশ্ৰমী। সৰু ল'ৰাটোৰ নাম স্বৰ্গ ডেকা। ওচৰতে গেৰেজ এটা খুলিছে। ডাঙৰ লৰা সনাতনে শাক-পাচলি বিক্ৰী কৰাৰ লগতে পচৰীয়াত থকা ইমামী কোম্পানীত কাম কৰিছিল শ্ৰমিক হিচাপে।

কি হৈছিল সেইদিনাঃ

সনাতন ডেকাৰ খবৰ পোৱাৰ পাছত বিভিন্নজনে বিভিন্ন খবৰ বিয়পাইছে বিভিন্ন মাধ্যমত। কিন্তু কি হৈছিল আচলতে। আৰক্ষী, গাঁওবাসী আৰু পৰিয়ালৰ লোকৰ পৰা এই সন্দৰ্ভত যিবোৰ তথ্য লাভ কৰা হ'ল, সেই তথ্য অনুসৰি অতি ভদ্ৰ আৰু অমায়িক আছিল সনাতন ডেকা। পাচলি বিক্ৰী কৰিবলৈ গৈ বৰম্বৈ হৈ ঘৰলৈ আহি আছিল সনাতন ডেকা। সেই সময়ত বৰম্বৈ ফালৰ পৰা এখন স্কুটাৰত গৈ আছিল জলিল আলী আৰু খবিৰ আলী নামৰ লোক দুজন।

এটা সৰু দুৰ্ঘটনাৰ পৰা কি হৈ গ'ল।

সেই সময়ত সনাতন ডেকাৰ চাইকেলখন বিপৰীত দিশৰ পৰা অহা এএছ-০১-ইই-৮৫৮২ নম্বৰৰ হালধীয়া ৰঙৰ ভেচপাখনৰ সৈতে খুন্দা খোৱাৰ উপক্ৰম হৈছিল। এই সন্দৰ্ভত সনাতন ডেকাই প্ৰতিবাদ কৰাত দুই পক্ষৰ মাজত কিছু তৰ্ক-বিতৰ্ক হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়।

এই ঘটনাৰ পাছতেই ঘটনাস্থলীলৈ ফোনযোগে মাতি পঠাইছিল ফাইজুল হক, ফিৰজাহান আলীক আৰু ইউচুফ আলীক। তাৰ পাছত সনাতন ডেকাক মাৰপিট কৰিছিল তেওঁলোকে। এনেদৰে কেবাজনেও মিলি জধে-মধে মাৰপিট কৰাত সনাতন ডেকাৰ নাকে-মুখে তেজ ওলাই আৰু সেই স্থানতে বাগৰি পৰে। সনাতন ডেকাক তাতে এৰি যুৱককেইজন পলাবলৈ চেষ্টা কৰোতে তাত উপস্থিত হোৱা দুই একে এনেদৰে মাৰি ক'ত পলাইছ বুলি প্ৰতিবাদ কৰিছিল। ইয়াৰ পাছত সনাতন ডেকাক মূৰত পানী ঢালি এখন ৰঙা এল্টোত উঠাই লৈ যোৱা হৈছিল হাজোৰ হাস্পতাললৈ।

আৰক্ষীক দিয়া এজাহাৰত কি আছেঃ

আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক ক্ৰমে জলিল আলী, ফইজুল হক আৰু ইউচুব আলী। ২৩ মে', ২০২০ত এই ঘটনাৰ সন্দৰ্ভত পিতৃ নৰেন ডেকাই এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰত উল্লেখ কৰিছে যে, এই ৫ জনে মিলি মাৰপিট কৰিছিল তেওঁৰ পুত্ৰ সনাতন ডেকাক। এজাহাৰত উল্লেখ কৰা মতে, কোনো ব্যক্তিয়ে ১০৮ যোগে হাজোৰ হাস্পতাললৈ তেওঁৰ ল'ৰাক লৈ আহিছিল।

পিতৃয়ে হাজো থানাত দাখিল কৰা এজাহাৰখন।

পিতৃয়ে এজাহাৰত লগতে উল্লেখ কৰিছে যে, হাজোৰ হাস্পতালৰ পৰা তেওঁলোকক জিএমচিএইচলৈ ৰেফাৰ কৰাত সনাতন ডেকাৰ সংকটজনক অৱস্থাত জিএনআৰচি, আমিনগাঁৱত ভৰ্তি কৰে। হাস্পতালখনত তেওঁক আইচিইউত ভৰ্তি কৰা হৈছিল যদিও ২৩ মে', ২০২০ত তেওঁৰ মৃত্যু হয়। পুত্ৰৰ মৃত্যু হোৱাৰ পাছতহে এই এজাহাৰ দাখিল কৰা হৈছিল থানাত।

ঘটনা সন্দৰ্ভত কি কয় আৰক্ষী সঞ্চালক প্ৰধানেঃ

এই ঘটনা সংঘটিত হোৱাৰ পাছতে চৌদিশে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া। অনুৰূপ এক ঘটনা সংঘটিত হৈছে চাবুৱাতো। অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাবুৱাৰ ঘটনাৰ লগত জড়িত ১২ জন আৰু হাজোৰ ঘটনাৰে জড়িত ৩ জনক। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰজ্যোতি মহন্তই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষীয়ে অতি কঠোৰভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত অপৰাধীক কৰায়ত্ব কৰাৰ কথা অৱগত কৰে।

গ্ৰেপ্তাৰ হোৱা ৩ অভিযুক্ত।

তেওঁ লগতে কয় যে- হাজোৰ ঘটনা সন্দৰ্ভত হাজো থানাত ৪৮০/২০ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) আৰু ৩০২ ধাৰাত গোচৰ ৰুজু হোৱাৰ কথা তেওঁ জানিবলৈ দিয়ে। এই কোৰোনা মহামাৰীৰে যুঁজি থকাৰ মুহুৰ্তত এনে ঘটনাকলৈ কোনো কোনো পক্ষই সাম্প্ৰদায়িক ৰহন সানিবলৈ বিশেষকৈ ছ'চিয়েল মিডিয়াত চেষ্টা কৰাৰ কথা আৰক্ষীয়ে উদ্বিগ্নতাৰে লক্ষ্য কৰা বুলি উল্লেখ কৰি সকলো পক্ষকে সবিনয়ে তেনে কামৰ পৰা বিৰত থাকিবলৈ তেওঁ অনুৰোধ জনায়।

ফাঁচী হ'লেহে মই শান্তি পামঃ

দোষীক কঠোৰ শাস্তিৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। বহু মানুহ নগেন ডেকাৰ ঘৰত গৈ উপস্থিত হৈছেগৈ। নগেন ডেকাৰ কথা- তেওঁ বৰ অস্বস্তিত আছে। পুত্ৰ হত্যাকাৰীৰ ফাঁচী হ'লেহে তেওঁ শান্তি পাব।

কি দুখত আছো মইঃ

পুত্ৰক হেৰুৱাৰ দুখৰ উপৰিও এই পৰিয়ালটোৰ আছে বহু সমস্যা। সৰু পুত্ৰৰ কাণ এখন বেয়া। কোনোমতে গেৰেজ এটা খুলিছিল। সনাতন ডেকাৰ মাতৃৰ স্বাস্থ্যও বৰ ভাল নহয়। কিছুদিনৰ পৰা তেওঁ মানসিক সন্তুলন হেৰুৱাইছে। বৰ সাদৰি মানুহ আছিল তেওঁ। ইজাকৰ পাছত সিজাক দুখৰ ধুমুহাই চুই গৈছে পৰিয়ালটোক।

ওচৰৰে এগৰাকী বয়সস্থ মহিলাই কৈছিল এই পৰিয়ালটোৰ কথা। ওচৰ চুবুৰীয়া কাৰোৰে সৈতে তেওঁলোকৰ হাই কাজিয়া নাই। বৰ চিধা মানুহ সনাতন ডেকা। বাপেকটো খাংখাছ। সনাতন ডেকাৰ ঘৰলৈ অহা মানুহবোৰৰ সৈতে তেওঁৰ পিতৃয়ে কথা পাতি থকাৰ সময়তে এটা জুম আহি উপস্থিত হৈছিলহি। খবৰ লবলৈ আহিছিল সাংসদ দিলীপ শইকীয়া। মানুহজন কৰবাতে থাকিল। আন মানুহবোৰে তেওঁক ঘেৰি ধৰিলে। কোনো কোনোৱে কথাবোৰ ক'লে। কিন্তু কোনেও এবাৰলেও নকলে এই দৰিদ্ৰ পৰিয়ালটোৱে ন্যায় পোৱাৰ লগতে আন এটা কথা।

এইখনেই সনাতন ডেকাৰ ঘৰঃ

এইখনেই সনাতন ডেকাৰ ঘৰ

এতিয়া সনাতন ডেকাৰ পৰিয়ালৰ প্ৰতি সকলোৰে দৰদ। পৰিয়ালটোৰ কাষত থিয় দিছে ৰাইজ। এই অনিয়ম-অবিচাৰৰ বিচাৰ হ'ব লাগে বুলি প্ৰতিবাদ হৈছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে পৰিয়ালটোলৈ ২ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। এটা ঘৰৰ বাবে আবেদন কৰি কৰি ভাগৰি পৰিছিল সনাতন ডেকা- নগেন ডেকা। কংগ্ৰেছ চৰকাৰৰ দিনতো আবেদন কৰি একো নাপালে।

এই চৰকাৰৰ দিনটো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে সনাতন ডেকা-নগেন ডেকাক। দুখৰ মাজতে দুহাতৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ মূল মানুহজনে কাষতে থকা এটা সৰু পকী পায়খানাগাৰ দেখুৱাই ক'লে- "বোপাই এইটোহে পাইছো।"

একেলগে কাম কৰিছিলো আমিঃ

সনাতন ডেকাৰ সৈতে একেলগে কাম কৰা বয়সত তেওঁতকৈ ডাঙৰ এজন ব্যক্তিয়ে ক'লে- "তাৰ সৈতে একেলগে কাম কৰিছিলো মই। সি ইমান ভাল ল'ৰা যে কাজিয়া কৰিবই নোৱাৰে। দুই-এটা কথাক লৈ তৰ্ক-বিতৰ্ক হ'লেও মৰি যোৱাকৈ তাক মাৰিছে। কি নৃশংস।

লকডাউনৰ বাবে ইমামী কোম্পানীৰ কাম বন্ধ হৈ থকা হেতু সি পাচলিৰ ব্যৱসায়ত ধৰিছিল। এনেয়েও সি শাক-পাচলি বিক্ৰী কৰি ফুৰে। তাৰ মাজতে আবেলি ২ মান বজাৰ পৰা সি কামলৈও যায়।

মৰ্মাহত হৈ পৰিছে প্ৰতিজন গাঁওবাসী। কিন্তু যেন গাত কথা লগা নাই সেই অপৰাধীসকলৰ। সংবাদমাধ্যমক হাত ডাঙি অভিবাদন জনাই থানালৈ সোমাই যোৱা দৃশ্য আছিল অতি দৃষ্টিকতু।

অপৰাধী নহয় যেন…

ছ'চিয়েল মিডিয়াত ভুৱা খবৰঃ

এই ঘটনাক লৈ বহু খবৰ, উৰা বাতৰি বিয়পিছে। কোনো কোনোৱে সনাতন ডেকাক আছুৰ কৰ্মী বুলি প্ৰচাৰ চলাইছে। কিন্তু স্থানীয় আছু নেতৃত্বৰ পৰা এই বিষয়ে জানিব বিচৰাত তেওঁলোকে সনাতন ডেকা প্ৰাক্তন আছু কৰ্মী বুলি চলোৱা প্ৰচাৰত এক বিশেষ পক্ষ জড়িত থকা বুলিহে ক'লে। অৱশ্যে আছুৱে এই নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীলৈ দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ কথাহে ক'লে।

হাজো ৰাজহ চক্র বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ আছুৰ স্মাৰকপত্ৰ।

কোনো কোনো চক্ৰই এনে প্ৰচাৰ চলাইছে যে, সনাতন ডেকাই সুৰা সেৱন কৰি বাহনত খুন্দা মৰাৰ বাবেহে হেনো এই ঘটনা ঘটিছিল। এয়া অতি পৰিকল্পিত আৰু কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ চলোৱা অপপ্ৰচাৰৰ অংশ। সাম্প্ৰদায়িক ৰহন সানিবলৈ বহুতে চেষ্টা চলাইছে।

সনাতন ডেকাক লৈ চলিছে বহু অপপ্ৰচাৰ।

স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ভূমিকাকো স্থানীয় লোকে সমালোচনা কৰিছে। দল- সংগঠনৰ নেতাই সনাতন ডেকাৰ ঘৰত ভিৰ কৰিছে। কিন্তু বাস্তৱ উপলব্ধি কৰাতকৈ যেন সকলোৱে নিজ নিজ স্বাৰ্থ আগত লৈ এই ঘটনাৰ নামত সক্ৰিয়তা প্ৰদৰ্শনত ব্যস্ত হৈ পৰিছে।

হিন্দুৱে মুছলমানক নে মুছলমানে হিন্দুক মাৰিলে সেই প্ৰশ্নক লৈ ব্যস্ত হোৱা সকলে অপৰাধীক সাম্প্ৰদায়িক ৰহনেৰে শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ চেষ্টা চলিছে কিছু কিছু ক্ষেত্ৰত। ধৰ্ম বনাম ধৰ্মৰ যুঁজ নহয় এইয়া। মানুহে মানুহক মাৰিছে। তাৰে এজন ভুক্তভোগী, আন কেইজন অপৰাধী। অপৰাধীৰ কঠোৰ শাস্তি হ'ব লাগে। কিন্তু এই ঘটনাক লৈ অপপ্ৰচাৰ ইমানতে ইতি পৰাটো সকলোৰে বাবে মংগল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in