এই খবৰৰ অপেক্ষাতে আছিল বহুজন….

এই খবৰৰ অপেক্ষাতে আছিল বহুজন….

তুষাৰ প্ৰতিম

বিগত ১০ টা বছৰত বহু কেইবাৰ তেওঁৰ গ্ৰন্থ সাহিত্য অকাডেমীৰ বাচনিৰ বাবে নিৰ্বাচিত হৈছিল। আটাইকেইবাৰেই তেওঁৰ অনুৰাগীসকলে আশা কৰিছিল সাহিত্য অকাডেমীৰ সন্মান প্ৰিয় সাহিত্যিকগৰাকীয়ে লাভ কৰিব। কিন্তু সকলোৰে আশা সেই আটাইকেইবাৰেই ভংগ হৈছিল। মূল বাচনিৰ পৰা এইগৰাকী সাহিত্যিকৰ গ্ৰন্থ বাদ পৰিছিল।

কিন্তু ২০২১ বৰ্ষৰ শেষৰ দিনটোৰ প্ৰাকমুহূৰ্তত আহিল সেই বহু আকাংক্ষিত খবৰটো। 'ইয়াত এখন অৰণ্য আছিল' গ্ৰন্থলৈ সাহিত্য অকাডেমীৰ বঁটা। সুদীৰ্ঘ সময় ধৰি অসমৰ সংবাদ, সাহিত্যৰ জগতখনৰ সৈত জড়িত হৈ থকা বিশিষ্ট সাহিত্যি, সাংবাদিক, সম্পাদক অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে এই বছৰৰ সাহিত্য অকাডেমী বঁটা।

১৯৬৪ চনত জন্মগ্ৰহণ কৰা এইগৰাকী বিশিষ্ট সাহিত্যিকে ১৯৮৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি, তেওঁ পৰৱৰ্তী সময়ত পশ্চিমবংগ বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে।

কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰে। ইয়াৰ পিছতে তেওঁ 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ লগত জড়িত হৈ পৰে। সাদিন কাকতৰ উপৰিও তেওঁ মাহেকীয়া সাহিত্য আলোচনী সাতসৰীৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰে আৰু আজিও সেই দায়িত্ব পালন কৰি আহিছে।

অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰথমখন উপন্যাস 'হৃদয় এক বিজ্ঞাপন'। এই উপন্যাসখন প্ৰকাশৰ পিছতেই জনপ্ৰিয়তা লাভ কৰে ঔপন্যাসিকাগৰাকীয়ে। ১৯৯৮ চনত প্ৰকাশিত এই উপন্যাসখনৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যৰ জগতখনতেই এক সুকীয়া আসন দখল কৰে। উপন্যাসখনৰ সন্দৰ্ভত বিশিষ্ট সাংবাদিক, সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিয়ে কবলৈ গৈ, সেই সময়ৰ এখন মহত্‍ উপন্যাস আখ্যা দিছিল।

তেওঁ উপন্যাসখনৰ সন্দৰ্ভত কৈছিল- এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে, যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল। যিদৰে অনুৰাধা শৰ্মা পূজাৰীৰ এই উপন্যাসখনে সমালোচকৰ প্ৰশংসা আদায় কৰিছিল সেইদৰে লাভ কৰিছিল জনপ্ৰিয়তা। ব্যৱসায়িকভাৱেও সফল আছিল এই উপন্যাসখন। ক্ৰমাগতভাৱে ১৪ টা সংস্কৰণ প্ৰকাশ পাইছে 'হৃদয় এক বিজ্ঞাপন'।

এই উপন্যাসখনৰ জনপ্ৰিয়তাৰ পিছত ২০০৪ চনত ইংৰাজী ভাষালৈও অনুবাদ কৰা হয়। 'হৃদয় এক বিজ্ঞাপন'ৰ আভা ভট্টাচাৰ্যই কৰা ইংৰাজী অনুবাদ 'হাৰ্টছ এ শ্ব'বিজ' নতুন দিল্লীৰ স্পেকট্ৰাম পাব্লিকেচন যোগে প্ৰকাশ পাইছে।

'হৃদয় এক বিজ্ঞাপন'ৰ পিছতেই অনুৰাধা শৰ্মা পূজাৰীৰ কলমে সৃষ্টি কৰে আন এক অমূল্য গ্ৰন্থ, 'এজন ঈশ্বৰৰ সন্ধানত'। 'এজন ঈশ্বৰৰ সন্ধানত' আৰু 'নিৰ্বাসিত গোলাপ' দুখন উপন্যাসিকাৰ সমষ্টি 'এজন ঈশ্বৰৰ সন্ধানত' গ্ৰন্থখনি। 'ঈশ্বৰৰ সন্ধানত' গ্ৰন্থখনিৰ নায়ক মেধাৱী ছাত্ৰ দেৱাশীষ গোস্বামী নিজৰ অস্তিত্বক লৈ সকলো সময়তে সন্দিহান হৈ থাকে। আনহাতে আনসনত আছে তিনিজন বন্ধুৰ কাহিনী।

অসমীয়া নাৰী কেন্দ্ৰীক সাহিত্যৰ এক আপুৰুগীয়া বৈভৱ অনুৰাধী শৰ্মা পূজাৰীৰ 'কাঞ্চন' উপ্যাসখন। সাহিত্যিকগৰাকীৰ এই উপন্যাসনেও পঢ়ুৱৈ সমজাৰ বিপুল সমাদৰ লাভ কৰিছে। প্ৰকাশৰ ২০ টা বছৰ সম্পূৰ্ণ হোৱা এই উপন্যাসখনৰ ইতিমধ্যে ২৩ টা সংস্কৰণ প্ৰকাশ পাইছে। কেৱল সেইয়াই নহয়, উপন্যাসখনৰ জনপ্ৰিয়তা আৰু বিষয়ৰ গভীৰতাৰ বাবেই বড়ো ভাষালৈও অনুবাদ কৰা হৈছে।

'কাঞ্চন' উপন্যাসখনো যিদৰে সমাদৃত এখন উপন্যাস ঠিক তেনেদৰে ব্যৱসায়িকভাৱেও সফল এই উপন্যাসখন। ২৫ নং সংস্কৰণৰ মুখ দেখা 'কাঞ্চন' উপন্যাসখনৰ ইতিমধ্যে ৫০ হাজাৰ কপি বিক্ৰী হৈছে। এয়াও এক প্ৰকাৰৰ সফলতা। অসমীয়া ভাষা, সাহিত্যৰ দুৰ্দিনৰ সময়ত এইদৰে সাহিত্যিকগৰাকীৰ গ্ৰন্থই সমাদৰ লাভ কৰাটো নিশ্চয় আশাৰ খবৰ।

কল্পনা আৰু বাস্তুৱ জীৱনৰ সংমিশ্ৰণৰ আলমত অনুৰাধা শৰ্মা পূজাৰীৰ কলমেৰে নিগৰা আন এক জনপ্ৰিয় উপন্যাস 'চাহেবপুৰাৰ বৰষুণ'। উপন্যাসখনৰ বৰ্ষা, প্ৰান্তিক, শেখৰ হুছেইন,  সঞ্জীৱ দাস আদি চৰিত্ৰ এতিয়াও পঢ়ুৱৈ সমাজৰ মাজত জীৱন্ত ৰূপত ধৰা দিয়ে। বিহাৰৰ চাহেবপুৰা নামৰ ঠাইৰ পৰা আৰম্ভ হোৱা এই উপন্যাসৰ কাহিনীয়ে মাজুলী পাইছেহি। প্ৰেম, বিৰহ, বিচ্ছেদকে ধৰি সমাজৰ বিভিন্ন দিশক স্পৰ্শ কৰা এই উপন্যাসে আজিও পাঠকৰ জনপ্ৰিয়তাৰ শ্ৰেণীত প্ৰথমভাগত স্থান লাভ কৰে।

এইগৰাকী উপন্যাসিকাৰ আন এখন উপন্যাস 'ব'ৰাগী নদীৰ ঘাট'। ক্ৰম অনুসৰি উপন্যাসিকাৰ এইখন পঞ্চমখন উপন্যাস। উপন্যাসখনৰ প্ৰসংগত লেখিকাই লিখিছে,- বৰাগী নদীৰ ঘাট, মই দেখি থকা এটা অঞ্চল আৰু জনা চৰিত্ৰৰ কিছু সমষ্টি। লেখিকাৰ অন্য়তন এখন জনপ্ৰিয় আৰু সমাদৃত উপন্যাস 'নাহৰৰ নিৰিবিলি ছাঁ'।

এই উপন্যাখনৰ প্ৰসংগত তেওঁ নিজেই কৈছে, তেওঁ লিখি ভালপোৱা এখন উপন্যাস 'নাহৰৰ নিৰিবিলি ছাঁ'। এই উপন্যাসখন তেওঁৰ জীৱনৰ লগত বিশেষভাৱে সম্পৰ্কীত বুলি তেওঁ উল্লেখ কৰিছে। উপন্যাসখনত আছে ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ পটভূমিৰ এক কাহিনী। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ ভাস্বতী চলিহা।

উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ ভাস্বতী চলিহাৰ উপৰিও কেইবাটাও চৰিত্ৰৰ মুখেৰে অনুৰাধা শৰ্মা পূজাৰীয়ে মনত সাঁচ পেলাই যাব পৰাকৈ বিভিন্ন বিষয়ৰ অৱতাৰণা কৰিছে।জনপ্ৰিয়তাৰ শীৰ্ষত থকা এই উপন্যাসখনৰ পিছতে অনুৰাধা শৰ্মা পূজাৰীৰ কলেমেৰে নিগৰিছিল আন এক উপন্যাস 'ৰাগ-অনুৰাগ'।

অসমৰ সমাজ-জীৱনৰ এক অতি পৰিচিত নাম ইন্দিৰা মিৰি।  ১৯৩২ চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ইন্দিৰা মিৰিয়ে কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৯৪৩ চনত বি টি ডিগ্ৰী লাভ কৰিছিল। কেৱল সেইয়াই নহয়, সেই সময়ৰ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শক্ৰমে ইন্দিৰা মিৰি বিলাতত পঢ়িবলৈও গৈছিল।

দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ সেই সময়ছোৱা অসমীয়া বা ভাৰতীয় সমাজখন ইমান আগবঢ়া নাছিল। অতি ৰক্ষণশীল এখন সমাজৰ পৰা গৈ তেওঁ ১৯৪৫ চনত এ'ডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বি.এড পঢ়িবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰিছিল। তাৰপৰাই বি এড ডিগ্ৰী লৈ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰপৰা শিক্ষক প্ৰশিক্ষণ বিষয়ত মানপত্ৰ লাভ কৰিছিল তেতিয়াৰ সময়ত।

এইগৰাকী মহান অসমীয়া মহিলাৰ জীৱনৰ আধাৰতেই অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছিল তেওঁৰ সাহিত্যিক জীৱনৰ অন্যান্য কৃতী স্বৰূপ 'মেৰেং' উপন্যাসখন। উপন্যাসখন লিখিবৰ বাবে তেওঁক প্ৰয়োজন হৈছিল ৮ বছৰ সময়। উপন্যাসৰ বাবে তেওঁ ভ্ৰমণ কৰিবলগীয়া হৈছিল বিভিন্ন ঠাই।

উপন্যাসখনৰ যোগেদি ন্যাসংগতভাৱে ইন্দিৰা মিৰিৰ জীৱন-সংঘাত আৰু কৰ্মক্ষেত্ৰক বহলভাৱে দাঙি ধৰাৰ প্ৰয়াসেৰে তেওঁ কৰিবলগীয়া হৈছিল যথেষ্ট কষ্ট। ইয়াৰ লগতে প্ৰাক্-স্বাধীনতা আৰু স্বাধীনোত্তৰ কালৰ অসমৰ ভৌগলিক, ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু আৱেগিক কথাবোৰ যথাযথভাৱে উপন্যাসখনত ৰূপায়ণ কৰিবলৈ তেওঁ গৱেষণাৰো প্ৰয়োজন হৈছিল।

উপন্যাসখনত ইন্দিৰা মিৰি কেন্দ্ৰীয় চৰিত্ৰ যদিও লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ অনুভৱী কলমত মেৰেঙৰ লগতে ১৯১০ চনৰ পৰা ১৯৬০ চনলৈকে অসমীয়া সমাজ, নেফাৰ বিভিন্ন অঞ্চল আৰু জনজাতিসকলৰ জীৱন-যাত্ৰা, আৱেগ-অনুভূতি আদি প্ৰাঞ্জলকৈ প্ৰতিফলিত হৈছে।

উপন্যাসখনত ইন্দিৰা মিৰিৰ ব্যক্তিত্ব গঠনত প্ৰধান ভূমিকা লোৱা শিক্ষাজীৱন, পৰিয়াল,সামাজিক বাতাবৰণ, কৰ্মস্থলী নেফাক মুখ্য কৰি হে আলোকপাত কৰা হৈছে। গোটেই উপন্যাসখনত ইন্দিৰা মিৰিৰ জীৱনৰ লগতে প্ৰাচীন অসমৰ চিত্ৰ এখন অংকন কৰা হৈছে। ৬০ বছৰ পূৰ্বৰ পুৰণি অসমৰ কথা কোৱা হৈছে।

কেৱল সেয়াই নহয়, ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ আগৰ আৰু পিছৰ দুটা দিশ দাঙি ধৰা হৈছে উপন্যাসখনত। অসমীয়া সমাজ জীৱন, নেফাৰ জনজীৱনৰ শৈক্ষিক, আৰু আবেগিক দিশৰ এখন সম্পূৰ্ণ চিত্ৰ। ইন্দিৰা মিৰিৰ নেতৃত্বত কেনেকৈ প্ৰসাৰ কৰা হৈছিল শিক্ষা আৰু জ্ঞানৰ বন্তি শিখা , আৰু কঢ়িয়াই নিছিল তেনেই পিছপৰা , জীৱ জন্তুৰ কাষতে ঘৰ কৰি থকা নেফাৰ জনগোষ্ঠীৰ মাজলৈ।

অনুৰাধা শৰ্মা পূজাৰীৰ আন এখন উপন্যাস 'সোণ হৰিণৰ চেঁকুৰ'। উপন্যাসখনত তেওঁ বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ চিৰাচৰিত ঘটনাৱলীক সুন্দৰকৈ আৰু দক্ষতাৰে দাঙি ধৰিছে। তৰুণ প্ৰজন্মৰ প্ৰত্যাশা, ভাৱাবেশ, উচ্চাকাংক্ষা, হতাশা আদি প্ৰতিটো অনুভূতিকে সাৰ্থকভাৱে তুলি ধৰিছে। চলিত শিক্ষানীতি, মানু্হৰ মগজুৰ সংকীৰ্ণতা, শিক্ষক শিক্ষয়িত্ৰীৰ স্বজনপ্ৰীতি, উন্নতিৰ নামত নামহীন প্ৰতিযোগিতাৰ দৌৰত কিদৰে মোহাছন্ন হয় এচাম অভিভাৱক সেই সকলোবোৰ সামৰি সমাজখনৰ এক স্বৰূপ দাঙি ধৰিছে উপন্যাসত। ইয়াত বৰ্ণিত প্ৰতিটো চৰিত্ৰই কঢ়িয়াই ফুৰিছে একো একোটা কাহিনী, যত আছে প্ৰতাৰণা, বিফলতা, দুৰ্যোগ কিন্তু তাৰ মাজতো আছে প্ৰেম, আশা, প্ৰতিশ্ৰুতি আৰু জীৱন।

অনুৰাধা শৰ্মা পূজাৰীৰ আন এক সামাজিক উপন্যাস 'নীল প্ৰজাপতি'। প্ৰথম অসমীয়া প্ৰতিদিনৰ পূজা সংখ্যাত প্ৰকাশ পোৱা এই উপন্যাসখনত আছে- বিশ্বায়ন, মুক্ত বাণিজ্যিক অৱস্থাত, আধুনিক সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ বিষয়ে। বহুজাতিক সংস্থাই মানৱ সম্পদৰ ব্যৱহাৰ যন্ত্ৰৰ দৰে কৰিবলৈ লোৱাত, পাৰিবাৰিক সংঘাত, জীৱনৰ মূল্যায়নৰ সংজ্ঞা কিদৰে, মানুহৰ জাতি, চৰিত্ৰ, ঐতিহ্য সকলো কিদৰে একাকাৰ হৈ, 'একবিশ্ব'ৰ সামূহিক নতুন চৰিত্ৰ গঠন হৈছে সেই বিষয়ে আছে এই উপন্যাসখনত। অৰ্থ আৰু প্ৰলোভনে নিয়ন্ত্ৰণ কৰা মানৱ সমাজৰ কেইটিমান চৰিত্ৰৰ সমষ্টি 'নীল প্ৰজাপতি'।

'হৃদয় এক বিজ্ঞাপন'ৰ পৰা 'নীল প্ৰজাপতি'ৰ এই গোটেই সময়ছোৱাত অনুৰাধা শৰ্মা পূজাৰীৰ গ্ৰন্থই যিদৰে জনপ্ৰিয়তা লাভ কৰিছিল ঠিক তেনদৰে বৌদ্ধিক মহলতো চিন্তা- চেতনাৰ উদ্ৰেক ঘটাইছিল। কেইবাখনো উপন্যাস সাহিত্য অকাডেমী বঁটাৰ বাবে মোননীত হৈছিল যদিও সেই বঁটা তেওঁ স্পৰ্শ কৰিব পৰা নাছিল।

কিন্তু অতি শেহতীয়াকৈ তেওঁ ৰচনা কৰা 'ইয়াত এখন অৰণ্য আছিল' উপন্যাসখনে অনুৰাধা শৰ্মা পূজাৰীৰ সাহিত্যিক জীৱনক এক উচিত স্বীকৃতি। উপন্যাসখনৰ বাবে তেওঁ লাভ কৰিলে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। অৰণ্য, বন্য জন্তু, অৰণ্যৰ ধ্বংস যজ্ঞ আদিক সামৰি লিখা এই উপন্যাসখনো সমাদৃত।

উপন্যাসখনে যিদৰে এফালে বন ধ্বংসৰ বিষয়ে শক্তিশালী উপস্থাপন কৰিছে ঠিক তেনেদৰে বন ধ্বংসত নিমজ্জিত অপশক্তিলৈও এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। এই উপন্যাসখন যিদৰে পাঠকৰ বাবে মনোগ্ৰাহী ঠিক একেদৰে প্ৰকৃতি প্ৰেমী সংগঠন সমূহৰো অতি প্ৰিয়। প্ৰকৃতিক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা এই উপন্যাখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰাত অতি সুখী বুলি নিজেই উল্লেখ কৰিছে অনুৰাধা শৰ্মা পূজাৰীয়ে।

কেৱল উপন্যাসেই নহয় সাহিত্যৰ অন্যান্য দিশলৈও তেওঁ আগবঢ়াইছে বিশেষ অৱদান। 'বসন্তৰ গান', 'এজন অসামাজিক কবিৰ বায়'গ্ৰাফী', 'কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া' আৰু 'ন' মেনছ লেণ্ড' তেওঁৰ গল্প সংকলন। অসম বাণী কাকতত প্ৰথমে প্ৰকাশ পোৱা 'কলিকতাৰ চিঠি', 'ডায়েৰি', 'অট'গ্ৰাফ', 'আমেৰিকান চৰাইখানাত সংবাদ' , 'বসন্ত' আৰু 'বন্ধু' তেওঁৰ আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন।

সাংবাদিকতাৰ লগতে সুদীৰ্ঘ সময় সাহিত্য চৰ্চাৰে অসমীয়া সংবাদ আৰু সাহিত্যৰ জগতখনক মহিয়ান কৰা অনুৰাধা শৰ্মা পূজাৰীক বিভিন্ন সময়ত অসমৰ সমাজ আৰু বিভিন্ন অনুষ্ঠানে স্বীকৃতি প্ৰদান কৰি আহিছে। সৰু-বৰ বিভিন্ন সন্মান লাভ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে ২০০৩ চনত চাহেবপুৰাৰ বৰষুণ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই তেওঁক শ্ৰেষ্ঠ ঔপন্যাসিকাৰ বঁটা প্ৰদান কৰিছে।

আনহাতে একেটা বৰ্ষতে অসম সাহিত্য সভাই তেওঁক 'কুমাৰ কিশোৰ সোঁৱৰণী সাহিত্য বঁটা' প্ৰদান কৰিছিল। ২০১৩ চনত তেওঁক প্ৰদান কৰা হৈছিল 'ৰেনেছাঁ' অসম বঁটা। এই সকলো সন্মান আৰু বঁটাৰ উপৰিও তেওঁ লাভ কৰিছে অনেক সন্মান। শেহতীয়াকৈ এই তালিকাত সন্নিবিষ্ট হ'ল সাহিত্য অকাডেমী বঁটা।

সাহিত্য অকাডেমীয়ে ২০২১ বৰ্ষৰ বাবে বঁটা ঘোষণা কৰাৰ পিছতে বিশিষ্ট সাহিত্যিক, সাংবাদিক, সম্পাদকগৰাকীৰ অনুৰাগী আনন্দিত হৈ পৰিছে। বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীয়েও এই বঁটা লাভৰ খবৰ পাই আনন্দ প্ৰকাশ কৰি এই কৃতিত্ব অনুৰাগীসকলকেই প্ৰদান কৰে।

সাদিন-অসমীয়া প্ৰতিদিন গোষ্ঠীৰ আত্মাস্বৰূপ 'সাদিন'ৰ সম্পাদৰ লগতে গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত সাহিত্য আলোচনী 'সাতসৰী'ৰো সম্পাদকৰ দায়িত্ব বহন কৰি থকা অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা বিষয়টোত 'সাদিন-প্ৰতিদিন' গোষ্ঠীও আনন্দিত। পৰিয়ালৰ প্ৰথমজন সম্পাদক হিচাপে অনুৰাধা শৰ্মা পূজাৰীয়ে লাভ কৰিছে সাহিত্য অকাডেমী বঁটা। 'সাদিন-প্ৰতিদিন'পৰিয়ালৰ এগৰাকী সদস্য হিচাপে গোষ্ঠীটোৰ হৈয়ো তেওঁ এই সফলতাক লৈ গৌৰৱান্বিত বুলি উল্লেখ কৰিছে।

এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে, সাহিত্য অকাডেমীয়ে চলিত বৰ্ষৰ বাবে শিশু সাহিত্যৰ বাবে অধ্যাপক মৃণাল কলিতাক প্ৰদান কৰিছে সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা। শিশুৰ বাবে লিখা তেখেতৰ উপন্যাস 'বকুল ফুলৰ দৰে'ৰ বাবে তেওঁক এই স্বীকৃতি প্ৰদান কৰা হৈছে।

আনহাতে প্ৰতিভাসম্পন্ন যুৱ লেখক, সাহিত্যিক অভিজিৎ বৰালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমীৰ যুৱ সাহিত্যিকৰ বঁটা। তেওঁৰ গ্ৰন্থ 'ডেউকা কোবাই যায়'ৰ বাবে লাভ কৰিছে এই স্বীকৃতি। ইয়াৰ লগে লগে যুৱ সাহিত্যিকগৰাকীৰ দায়িত্ব আৰু অধিক হ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in