‘গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ত জিলিকিল উত্তৰ পূবৰ মীৰা বাঈ..

‘গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ত জিলিকিল উত্তৰ পূবৰ মীৰা বাঈ..

তুষাৰ প্ৰতিম

দেশত এতিয়া কেৱল মীৰা বাঈ চানুৰ চৰ্চা। নহবই বা কিয়! টকিঅ' অলিম্পিকৰ প্ৰথমটো দিনতে এইগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰীয়ে দেশলৈ কঢ়িয়াই আনিলে অলিম্পিক পদক। ভাৰত্তোলনত ৪৯ কেজি শাখাত মীৰা বাঈয়ে সৰ্বমুঠ ২০২ কেজি দাঙি লাভ কৰিবলৈ সক্ষম হৈছে ৰূপৰ পদক।

মণিপুৰৰ জীয়ৰী মীৰা বাঈ চানুৱে অলিম্পিক যোগ্যতা অৰ্জনৰ পাছতেই চৰ্চা হৈছিল। বিশ্বৰ ক্ৰীড়া বিশেষজ্ঞসকলে মীৰা বাঈয়ে অলিম্পিকত পদক লাভৰ সম্ভাৱণীয়তা সম্পৰ্কে চৰ্চা কৰিছিল। টকিঅ'লৈ যাত্ৰা কৰাৰ সময়ত মীৰা বাঈ চানুৰ বিশ্ব ক্ৰমত স্থান আছিল দ্বিতীয়। সেই অনুসৰি তেওঁৰ পদক প্ৰায় নিশ্চিত হৈ আছিল।

পূৰ্বতে ধাৰণা কৰাৰ দৰেই মীৰা বাঈ চানুৱে অৱশেষত অলিম্পিকৰ প্ৰথমটো দিনতেই লাভ কৰিলে ভাৰতৰ হৈ প্ৰথমটো পদক। ইয়াৰ লগে লগে সমগ্ৰ দেশত এতিয়া মীৰা বাঈক লৈ চৰ্চা আৰম্ভ হৈছে। আনহাতে অলিম্পিকৰ প্ৰথমটো দিনতে মীৰা বাঈ চানুৱে পদক লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ভাৰতীয় শিবিৰ। অলিম্পিকস্থলীত থকা অন্যান্য ভাৰতীয় খেলুৱৈসকলে মীৰা বাঈৰ সফলতাত উদ্বুদ্ধ হৈছে।

১৯৯৪ চনৰ ৮ জুলাইত মণিপুৰত জন্মগ্ৰহণ কৰা মীৰা বাঈৰ সম্পূৰ্ণ নাম চাইখোম মীৰা বাঈ চানু।তেওঁৰ শৰীৰ উচ্চতা ৪ ফুট ১১ ইঞ্চি। ইতিমধ্যে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে মীৰা বাঈয়ে লাভ কৰিছে 'পদ্মশ্ৰী' আৰু 'খেলৰত্ন' সন্মান।

২০১৬ চনৰ ৰিঅ' অলিম্পিকতো অংশগ্ৰহণ কৰিছিল মীৰা বাঈ চানুৱে। সেইবাৰো তেওঁ ৪৯ কেজি শাখাত ভাৰত্তোলনত দেশক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু ৰিঅ'ত মীৰা বাঈয়ে অলিম্পিক পদক স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল। দেশক সেইবাৰ তেওঁ অলিম্পিক পদক উপহাৰ দিবলৈ নোৱাৰিলে। যাৰ বাবে তেতিয়াই তেওঁ পুনৰ অলিম্পিকত অংশগ্ৰহণ কৰি পদক জয় কৰাৰ মন বান্ধিছিল। তাৰেই ফলস্বৰূপে আজি দেশে লাভ কৰিলে মীৰা বাঈৰ পৰা অলিম্পিকৰ পদক।

আন বহু সফলতাৰ আঁৰত যিদৰে থাকে একো একোটা সংগ্ৰামৰ কাহিনী ঠিক একেদৰেই মীৰা বাঈৰ ক্ষেত্ৰতো আছে সংগ্ৰামৰ কাহিনী। পিতৃ-মাতৃৰ ৬ টা সন্তানৰ ভিতৰত মীৰা বাঈ আছিল আটাইতকৈ কনিষ্ঠ। তেওঁলোকৰ পৰিয়ালটোও আছিল দৰিদ্ৰ। সেয়েহে মীৰা বাঈয়ে তেওঁৰ ককায়েকৰ সৈতে পাহাৰলৈ খৰি বিচাৰি যাবলগীয়া হৈছিল। সেই সময়ত মীৰা বাঈৰ বয়স আছিল মাত্ৰ ১২ বছৰ।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মণিপুৰ ক্ৰীড়া ক্ষেত্ৰত কিছু আগবঢ়া। ৰাজ্যখনৰ পৰা সৃষ্টি হৈছে কেইবাগৰাকীও অলিম্পিয়ান। বক্সিং, হকী, ভাৰত্তোলনকে ধৰি বিভিন্ন ক্ৰীড়াৰ শিতানত মণিপুৰৰ পৰা সৃষ্টি হৈছে বহু বিশ্বমানৰ খেলুৱৈ। মীৰা বাঈও সেইসকলৰ মাজৰ এজন। মণিপুৰৰ বক্সাৰ মেৰী কমে পূৰ্বে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ উপৰিও ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। একেদৰে মীৰা বাঈ চানুৱেও ৰিঅ' অলিম্পিকৰ ব্যৰ্থতাৰ পাছতেই ২০১৭ চনত বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিলে। আৰু সেই বিশ্ব চেম্পিয়ন গৰাকীয়েই টকিঅ'-২০২০ ত ভাৰতক প্ৰথমটো ৰূপৰ পদক উপহাৰ দিলে।

'খেলুৱৈৰ জীৱন বেলেগ ধৰণৰ। আমাৰ বাবে প্ৰতিখন খেলৰ পাছত এক নতুন প্ৰত্যাহ্বান আহে। আমাৰ কামৰ কোনো সময় নিৰ্দিষ্টি হৈ নাথাকে। প্ৰতিখন মেচৰ পাছতেই বেছিকৈ কষ্টি কৰিবলগীয়া হয়।' এয়াই মীৰা বাঈ চানুৰ মন্তব্য। এখন খেলত সফলতা লাভ কৰি পৰৱৰ্তী খেলৰ বাবে অধিক উদ্যমেৰে সাজু হয় তেওঁ। সেয়ে হয়তো ৰিঅ' অলিম্পিকৰ ব্যৰ্থতাৰ মাত্ৰ কেইটামান মাহৰ পাছতেই মীৰা বাঈয়ে বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হ'ল।

মীৰা বাঈৰ প্ৰশিক্ষক আছিল মণিপুৰৰে আন এগৰাকী মহিলা ভাৰত্তোলক কুঞ্জৰাণী দেৱী। বিশ্ব চেম্পিয়নশ্বিপত ৭ বাৰকৈ ৰূপৰ পদক লাভ কৰা দুবাৰকৈ এছিয়ান গেমছত তেওঁ লাভ কৰিছে ব্ৰঞ্জৰ পদক। এইগৰাকী কুঞ্জৰাণী দেৱীৰ তত্বাৱধানতে মীৰা বাঈয়ে নিজকে সাজু কৰি তুলিছিল।

কেৰিয়াৰত কেইবাটাও ৰেকৰ্ড ভংগ কৰাৰ লগতে কেইবাটাও ৰেকৰ্ড সৃষ্টি কৰা মীৰা বাঈয়ে ২০১৮ চনৰ কমনৱেলথ গেমছত ৬ টাকৈ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল। সেই প্ৰতিযোগিতাত তেওঁ লাভ কৰিছিল স্বৰ্ণ পদক। ইয়াৰ পাছতেই ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰিছিল পদ্মশ্ৰী সন্মান।

টকিঅ'-২০২০ৰ প্ৰথমটো দিনতেই ৰূপৰ পদক অৰ্জন কৰি দেশ বাসীক গৌৰৱাম্বিত কৰি তোলা মীৰা বাঈ চানুৱে ইয়াৰ পূৰ্বে ২০১৪ চনৰ কমনৱেল্থ গেমছত ৰূপৰ পদক, ২০১৬ত গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয়া ক্ৰীড়াত স্বৰ্ণ পদক, একেটা বৰ্ষতে ৰিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব, ২০১৭ চনত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক, ২০১৮ চনত কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰিছে।

ক্ৰীড়া ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতাৰ জৰিয়তে এইদৰে বহুবাৰ দেশক বিশ্বৰ সন্মুখত গৌৰৱাম্বিত কৰি তোলাৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু খেলৰত্ন সন্মান প্ৰদান কৰিছে। ইয়াৰ উপৰিও মীৰা বাঈয়ে নিজৰ কেৰিয়াৰত লাভ কৰা সফলতাৰ বাবে আন বহু কেইটা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

অলিম্পিক প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ পাছতে মীৰা বাঈলৈ দেশবাসীয়ে শুভেচ্ছা জনাইছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, কিৰেণ ৰিজিজুকে ধৰি সকলোৱে মীৰা বাঈলৈ শূভেচ্ছা জনাইছে। আনহাতে অলিম্পিকৰ ইতিহাসত ব্যক্তিগত শাখাত স্বৰ্ণ পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় অভিনৱ বীন্দ্ৰাই মীৰা বাঈলৈ শুভেচ্ছা জনাই এক পত্ৰ লিখিছে। য'ত তেওঁ মীৰা বাঈৰ লগতে তেওঁৰ পৰিয়াল, প্ৰশিক্ষককে ধৰি তেওঁৰ লগত জড়িত সকলোকে শুভেচ্ছা জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in