ভাৰতক ৰঙা চকু দেখুৱাবলৈ সাহস দিলে কোনে?

ভাৰতক ৰঙা চকু দেখুৱাবলৈ সাহস দিলে কোনে?

মৃদুল কুমাৰ সন্দিকৈ

কথাত কটা যায়, কথাত বঁটা পায়। হজৰত মহম্মদক লৈ বিজেপিৰ দুই প্ৰাক্তন মুখপাত্ৰই কৰা মন্তব্যই সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতক এতিয়া লজ্জাজনক কৰিছে। বিজেপিৰ নেতাদ্বয় নপুৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালক দলৰ পৰা নিলম্বন কৰি ধৰ্ম নিৰপেক্ষতাৰ পৰিচয় দিবলৈ চেষ্টা কৰিলেও সুযোগ সন্ধানী কেইবাখনো দেশে ভাৰতৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

ইছলামিক ৰাষ্ট্ৰ মণ্ডলীয়ে ইয়াৰ প্ৰতিবাদ কৰি কাটাৰকে ধৰি ইৰাণ, উমান, কুৱেট আদি ৰাষ্ট্ৰই ভাৰতীয় ৰাষ্ট্ৰদূতক চমন কৰি এনে কাৰ্যৰ বাবে ক্ষমা খোজাৰ দাবী জনাইছে।

ভাৰতত শেহতীয়াকৈ সৃষ্টি হোৱা এই পৰম্পৰা বিদ্বেষলৈ সলনি হোৱাৰ পাছত কোনো এজন লোকৰ মন্তব্যক কেন্দ্ৰ কৰি ইছলামিক ৰাষ্ট্ৰ মণ্ডলিয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ইছলামিক ৰাষ্ট্ৰ মণ্ডলীৰ মহা সচিবৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে ভাৰতত ইছলাম বিদ্বেষৰ সূচনা হৈছে। ইছলামিক প্ৰথাৰ বিৰুদ্ধে বাধা নিষেধ আৰোপ কৰা হৈছে। মুছলমানৰ সা-সম্পত্তি ধ্বংস কৰা হৈছে। আনকি আৰৱ বিশ্বত ভাৰত বিৰোধী এই ঢৌ ইমান তীব্ৰ হৈছে যে বিতৰ্কিত মন্তব্যক লৈ কাটাৰ ভ্ৰমণত থকা উপ-ৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ সন্মাণৰ্থে আয়োজন কৰা ভোজ মেলো বাতিল কৰিছে।

কাটাৰত ভাৰতীয় কোম্পানীৰে উৎপাদিত সামগ্ৰী বিক্ৰীত বাধা দিয়াৰ লগতে বহু কেইটা শ্বপিং মলত ভাৰতীয় চাহ, চাউল আৰু আন সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। আনকি মালদ্বীপৰ দৰে দেশত বিৰোধী সাংসদে ভাৰত বিৰোধী প্ৰস্তাৱ উত্থাপন কৰি নিজৰ ক্ষোভ উজাৰিছে।

কাটাৰ, কুৱেইট, ইৰাণৰ দৰে ক্ষুদ্ৰ দেশে ভাৰতক আজি প্ৰত্যাহ্বান জনাইছে। কোনো কোনোৱে এই কথা কৈছে যে কোনো এজন বা দুজন ব্যক্তিৰ মন্তব্যই ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰতিনধিত্ব নকৰে।

 একেদৰে টুইটাৰকে ধৰি ছ'চিয়েল মিডিয়াত এফালে বিজেপিৰ পৃষ্ঠপোষকতাত চলা এই বিদ্বেষ মূলক মন্তব্যৰ বিৰুদ্ধে কিছু সচেতন লোক সৰৱ হৈ উঠিছে। এনেকৈয়ে ভাৰতক বিশ্বৰ মানচিত্ৰত বিজেপিয়ে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব নেকি বুলি প্ৰশ্ন কৰিছে। আনহাতে আন একাংশৰ মন্তব্য আৰৱ বিশ্বই নিৰ্ধাৰণ কৰি দিব নেকি ভাৰতৰ হিন্দুৱে কি কব কি ভাৱিব।

এখন গণতান্ত্ৰিক দেশত গণতন্ত্ৰ ৰক্ষাৰ বাবে শাসক বিৰোধী সকলোৱে সজাগ সচেতন হোৱাৰ প্ৰয়োজন। ধৰ্ম নিৰপেক্ষতাৰ নামত কেৱল ভাষণৰ ফুলজাৰি মাৰিলেই নহ'ব, উগ্ৰ হিন্দু জাতীয়তাবাদৰ প্ৰশ্ৰয় দি কোনোবাই যদি ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰাৰ সপোন দেখুৱাই তেনেহ'লে আজি পৰিৱেশ পৰিস্থিতি উগ্ৰ মৌলবাদী চিন্তা চেতনাত সাৰ পানী দি সাম্প্ৰদায়িক বিভাজনৰ পৃষ্ঠপোষকতা কৰাৰ দৰে হ'ব।

হিন্দুত্বৰ এজেণ্ডাৰে বিজেপিয়ে সহিষ্ণুতাৰ পথ গ্ৰহণ কৰি গান্ধীবাদক নসাৎ কৰিবলৈ কৰা প্ৰচেষ্টাত কোনোবা হত্যাকাৰীক বীৰ সজোৱাবলৈ চেষ্টা কৰাতোয়েই অত্যন্ত দুৰ্ভাগ্যজনক।

অসমৰ প্ৰেক্ষাপটতো এনে কাণ্ড চকুৰ সন্মুখতে ঘটি আছে। ইয়াৰ বিৰুদ্ধাচৰণ হয়তো আজি হোৱা নাই কিন্তু এদিন সেইবোৰৰ মূল্যও আমি ভৰিৱ লাগিব।ৰাজ্যত যি সমন্বয় বৰ্তি আছিল সেই সমন্বয়ত পদাঘাত কৰিব পৰা কোনো মন্তব্যই এখন সুস্থ সমাজৰ বাবে শুভলক্ষণ নহয়।

বিচাৰৰ কাঠগড়াত ভাৰত কিয় উঠিব লগা হ'ল। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ এনে ভাৱমূৰ্তিৰ বাবে বিজেপিৰ তীব্ৰ হিন্দুত্ববাদী আচৰণ দায়ী নেকি? যিবোৰ ইছলামিক দেশে ভাৰতক আজি হাহিছে সেই দেশবোৰত ইছলাম ধৰ্মৰ বাহিৰে আন ধৰ্মাৱলম্বী লোকৰ স্বাধীনতা আছেনে?

এটা কথা সত্য যে ভাৰতৰ পৰিচয় সমগ্ৰ বিশ্বৰ সন্মুখত এনে কেতিয়াও নাছিল। সৰু ভুল এটাৰ বাবেই দেশৰ ভাৱমূৰ্তিক আঘাত হনা এই ধৰণৰ কাৰ্যৰ পৰা সকলোৱে বিৰত থকা উচিত।মানৱীয় প্ৰমূল্যবোধেৰে এখন সংবিধানৰ জৰিয়তে ধৰ্ম, সম্প্ৰদায় অনুসৰি সকলোকে সম অধিকাৰে জীয়াই থাকিবলৈ দিয়া হৈছে।ইয়াত কোনোবাই আঘাত কৰিলে বা বাধা দিলে ই ৰাষ্ট্ৰীয় সত্বাতেই তীব্ৰ জোকাৰণি তুলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in