গেৰুকামুখত জীৱনক লৈ ভয়ংকৰ খেলা ! NEAৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য, অসমৰ ভৱিষ্যত কি?

গেৰুকামুখত জীৱনক লৈ ভয়ংকৰ খেলা ! NEAৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য, অসমৰ ভৱিষ্যত কি?

তুষাৰ প্ৰতিম

কালিকা লগা গেৰুকামুখ প্ৰকল্পৰ ইনটেক পইণ্টৰ টানেল খহি সোমবাৰে পুনৰ এজন শ্ৰমিকে প্ৰাণ দিবলগীয়াত পৰিল। নিহত শ্ৰমিকজন গেৰুকামুখৰ প্ৰকল্পৰ ওচৰৰে পাৰ্বতীপুৰৰ জিটু হাতীবৰুৱা। আনহাতে আহত এজন এতিয়াও লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন।

প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ২০০৪ চনতে। এই ২০০০ মেগাৱাট জলবিদ্যুৎ শক্তি উৎপাদনৰ ক্ষমতাসম্পন্ন এই প্ৰকল্প যে অসমৰ মানুহৰ বাবে মৰণফাণ্ড হ'ব সেই কথা আৰম্ভণিৰ পৰাই সকলোৱে অনুধাৱন কৰি ইয়াৰ প্ৰতিবাদ কৰি আহিছে। বিভিন্ন বিসংগতি পূৰ্ণ পৰিকল্পনাৰে ভৰা এই প্ৰকল্পৰ নিৰ্মাণৰ বিৰুদ্ধে যোৱা ডেৰ দশক কালত দেশজুৰি চলি থকা আন্দোলনৰ বাবে সময়ে সময়ে বিভিন্ন বিশেষজ্ঞ সমিতি গঠন কৰাও হৈছে।

এই সমিতিবোৰে প্ৰকল্প নক্সাৰ আসোঁৱাহ সমূহ স্পষ্টভাৱে আঙুলিয়াই দি ইয়াৰ বিৰোধ কৰিলেও চৰকাৰ তথা নিৰ্মাণকাৰী সংস্থা নেশ্যনেল হাইড্ৰ' পাৱাৰ কৰ্প'ৰেচন চমুকৈ এন এইছ পি চিয়ে এনে প্ৰতিবেদন বোৰৰ বাধা নিষেধক মুঠেও গণ্য কৰা নাই। গণ্য কৰা নাই দেশজোৰা গণ আন্দোলনকো।

প্ৰকল্পৰ বান্ধ ভাগিলে মাজুলী পৰ্যন্ত তিনিখন জিলাৰ লাখ লাখ লোকৰ ঘৰ-বাৰী মুহূৰ্ততে নিশ্চিহ্ন হৈ যোৱাৰ আশংকাৰ কথা উক্ত প্ৰকল্পৰ ডি পি আৰৰ ডেম ব্ৰেক এনালাইচিছতো উল্লেখ আছিল। কিন্তু উত্তৰ পূৱক সমগ্ৰ দেশৰ পাৱাৰ হাউচ ৰূপে গণ্য কৰি উন্নয়নৰ পৰিকল্পনা কৰা দিল্লীৰ চৰকাৰে এই অঞ্চলটোৰ জনসাধাৰণৰ ভৱিষ্যতকলৈ মুঠেও গুৰুত্ব প্ৰদান কৰা নাই।

গণ প্ৰতিবাদ আৰু সেউজ ন্যায়াধিকৰণ তথা উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত সময়ে সময়ে কাম স্থগিত ৰাখি বিশেষজ্ঞ সমিতিৰ অধ্যয়নৰ ভাওনা একোখন পতা হ'ল যদিও এন এইছ পি চি বা দিল্লীৰ চৰকাৰে প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মুঠেও এইবোৰ কথাক গুৰুত্ব দিয়া নাই। কেৱল অতি কোশল পূৰ্ণ ভাৱে নিৰ্মাণ ব্যয় বৃদ্ধিৰ লক্ষ্যৰে ২০১০ চনতে উৎপাদন আৰম্ভ কৰিবলগীয়া প্ৰকল্পটোৰ নিৰ্মাণ আজিও অব্যাহত আছে।

ইয়াৰ মাজত অসংখ্যবাৰ ক'ফাৰ বান্ধ সোৱণশীৰিৰ ঢলে উটুৱাই নিছে। পাৱাৰ হাউচৰ লগতে প্ৰকল্পথলীৰ পাহাৰৰ দুই কাষে নিৰ্মাণ কৰা কংক্ৰিট প্ৰটেকশ্যন ৱাল কেইবা বাৰো খহি গৈছে। প্ৰকল্প বান্ধৰ উপৰি অংশত প্ৰৱল ভূমিস্খলনে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ লগতে নিৰ্মীয়মাণ খহি পৰিও যোৱা সময়ছোৱাত বহু শ্ৰমিকৰ মৃত্যু হৈছে।

ইয়াৰে মাত্ৰ ২ জন শ্ৰমিকক হে কৰ্মৰত অৱস্থাত নিহিত বুলি এন এইছ পি চিয়ে স্বীকৃতি দি সামান্য ক্ষতিপূৰণ দিছে যদিও ১৫ জনৰো অধিক অস্থায়ী শ্ৰমিকৰ মৃত্যুৰ দায়িত্ব সংস্থাটোৱে লোৱা নাই। ইফালে ৬ হাজাৰ কোটি টকীয়া গেৰুৰামুখ প্ৰকল্পৰ নিৰ্মাণ ব্য়য় বিগত ১০ বছৰত বিভিন্ন চল-চাতুৰিৰে বঢ়াই নি এন এইছ পি চিয়ে চাৰি গুণতকৈও অধিক ধন ৰাজকোষৰ পৰা সৰকোৱাৰ কৌশল অব্যাহত ৰাখিছে।

এই বৃহৎ ধন এটা প্ৰকল্পৰ নামত সৰকোওৱা এন এইছ পি চিয়ে গেৰুকামুখ প্ৰকল্পৰ নামনিৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাবে কেই কিলোমিটাৰ মান মাত্ৰ সোৱণশিৰীৰ দুয়োপাৰে কংক্ৰিত বান্ধ নিৰ্মাণ কৰাৰ বাহিৰে লাখ লাখ লোকৰ জীৱনৰ নিৰাপত্তাৰ বাবে কোনো কামেই নকৰিলে। কৰাৰ ভিতৰত প্ৰতিবাদী সংগঠন, ৰাজনৈতিক দল, ক্ষমতাশালী নেতা একাংশ সংবাদ মাধ্যমৰ লোকক উপঢৌকনেৰে মেনেজ কৰাৰ উপৰি নামনি প্ৰভাৱক লৈ সৰৱ লোকসকলক দেখুৱাবলৈহে সামান্য সামাজিক কাম-কাজ কৰিলে।

শেহতীয়াকৈ ২০২১ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ সংস্থাটোৱে এই কথা ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ আগষ্ট মাহত নামনি সোৱণশিৰী প্ৰকল্পৰ দুটা ইউনিটৰ উতপাদন আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰো ইয়াত অনুমোদন আছিল। সেইখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰেৰিত কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ অতি শেহতীয়া এক প্ৰতিবেদনতে উক্ত প্ৰকল্পৰ আসোঁৱাহ সমূহ আঙুলিয়াই দিয়া বিষয় সমূহৰ প্ৰতি দিল্লী অথবা দিছপুৰৰ চৰকাৰে পিছে আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই।

প্ৰণিধান যোগ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ পিছত এই উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে, বাৰিষা কালত পানীৰ অতিৰিক্ত হেঁচা সুৰক্ষা বেৰ তথা বান্ধৰ ওপৰত পৰিব। এনে ক্ষেত্ৰত বৰ্তমানে নিৰ্মিত বান্ধ তথা সুৰক্ষা ব্যৱস্থা যথোপযুক্ত হয়নে নে নহয় সেইয়া সুকীয়া এক বিশেষজ্ঞ সমিতিৰ হতুৱাই পৰীক্ষা কৰাৰ প্ৰয়োজন আৰু সেইয়া নিশ্চিত হ'লেহে চৰকাৰৰ পৰিকল্পনা মতে আগষ্ট মাহত প্ৰকল্পটোৱে উৎপাদন আৰম্ভ কৰাটো উচিত হ'ব।

স্বয়ং কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ এই প্ৰতিবেদনখনতে এই কথা উল্লেখ কৰা হৈছে যে, যি দুটা ইউনিট আগষ্ট মাহত উৎপাদনক্ষম হৈ উঠিব বুলি ঘোষণা কৰা হৈছে সেই ইউনিট দুটাৰে সুৰক্ষা বেৰ এপ্ৰিল মাহৰ ১ তাৰিখে ভাগি পৰিছিল। আৰু প্ৰকল্পথলী পৰিদৰ্শন কালত ইয়াৰ পুনৰ নিৰ্মাণৰ কাম চলি আছিল।

এই প্ৰতিবেদনতে উল্লেখ থকা আন এক গুৰুত্বপূৰ্ণ দফা হ'ল প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত সংশ্লিষ্ট ঠিকাদাৰ সংস্থাই ইয়াত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত বিধিগত ভাৱে বাধ্যতামূলক যি প্ৰতিবেদন দিব লাগে সেই মাহেকীয়া প্ৰতিবেদন নিয়মীয়া ভাৱে কেতিয়াও দিয়া নাই। এই লৈ এন এইছ পি চিয়েও কঠোৰ হোৱা নাই বুলি কোৱা হৈছিল যে, প্ৰকল্প নিৰ্মাণত জড়িত কিমান শ্ৰমিকৰ মৃত্যু হ'ল তাৰ কোনো পতিয়ন যোগ্য তথ্যও দাখিল কৰা হোৱা নাই।

আনহাতে দুৰ্ঘটনাত ক্ষতিগ্ৰস্থ বা মৃত্যুবৰণ কৰিবলগীয়া হোৱা লোকসকলক ক্ষতিপূৰণ নিদিয়াৰ অভিযোগো তেওঁলোকে লাভ কৰা বুলি এই উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছিল। এই প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে প্ৰকল্পটোৰ নিৰ্মাণস্থলীত কৰ্মৰত অৱস্থাতে বিভিন্ন সময়ত হোৱা দুৰ্ঘটনাৰ ফলতে ২০ জনৰো অধিক শ্ৰমিকৰ এতিয়ালৈকে মৃত্যু হোৱাৰ উপৰি বহু সংখ্যক শ্ৰমিক পংগু হৈছে।

কিন্তু এন এইছ পি চিয়ে বৰ্তমানলৈকে মাত্ৰ দুজন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰাৰ বাহিৰে আনসকলৰ কথা লুকুৱাই ৰাখিছে। ইয়াৰ প্ৰমাণ ইতিপূৰ্বে প্ৰাণ দিয়া ঘিলামৰাৰ গাঁৱৰ মিলি চমুৱা, গেৰুৱামুখৰ বিশ্বজিত পেগু, গেৰুকামুখৰে সুৰেশ্বৰ পেগু, মুধামপুৰ গাঁৱৰ ৰোহিত টায়েং আৰু ৰাজেশ চুব্বা হঁতৰ পৰিয়ালে স্পষ্ট কৰি দিব পাৰিব।

কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ প্ৰতিবেদনখনৰ সবাটোকৈ গুৰুত্বপূৰ্ণ এটা অংশ হ'ল পানীৰ সোঁত সলাবলৈ যি ৫ টা ডাইভাৰ্ছন টানেল নিৰ্মাণ কৰা হৈছে তাৰ ভিতৰত এটা ইতিমধ্যে খহি পৰাৰ ফলত বন্ধ হৈ গৈছে। এনে পৰিস্থিতিত ডাইভাৰ্ছন টানেল বোৰে পানীৰ অবিৰত সোঁতৰ হেঁচা বোৰে এই বিষয়ে পুনৰ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে।

কিয়নো প্ৰকল্পৰ উৎপাদন আৰম্ভ হোৱাৰ পিছত কম পক্ষেও প্ৰকল্পটোৰ বিভিন্ন অংশ কমেও ১০০ বছৰলৈ বহনক্ষম হ'ব লাগিব। এই দফাটোতে পানীৰ প্ৰতিটো সুৰংগ, পাৱাৰ হাউচৰ টৰ্বাইনৰ নিৰাপত্তা আৰু প্ৰকল্পস্থলীৰ চৌপাশৰ পাহাৰৰ ভূ-তাত্ত্বিক গঠন সন্দৰ্ভতো বিস্তৃত্ব অধ্যয়ন নকৰিলে ভৱিষ্যতে ভয়াৱহ বিপদৰ আশংকাৰ ইংগিত এই প্ৰতিবেদনত দিয়া হৈছে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত সময়ে সময়ে আইনী যুঁজত নমা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা বৰ্তমানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তুলাৰাম গগৈয়ে সোমবাৰৰ ঘটনাক লৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সোঁৱণশিৰী নদীবান্ধ প্ৰকল্পৰ কৰ্তৃপক্ষৰ কৰ্মৰত শ্ৰমিকৰ মৃত্যু হ'লে বা আহত হ'লে সেইয়া সদৰী নকৰা কাৰ্য আইন বিৰোধী বুলি উল্লেখ কৰি এনে কাৰ্যৰ বাবে তীব্ৰ ধিক্কাৰ দি এন এইছ পি চিক অতি শীঘ্ৰে নিহত-আহতসকলো শ্ৰমিকৰ নাম, ঠিকনা ৰাজহুৱা কৰাৰ লগতে সকলোকে আইন সংগত ভাৱে পাবলগীয়া ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰাৰ দাবী জনায়।

এক বিবৃতিত তেওঁ হতাহত শ্ৰমিকবৰ্গৰ পৰিয়াল বৰ্গৰ প্ৰতি ঘোৰ অন্যায় তথা মানৱ অধিকাৰ খৰ্বৰ এনে ঘটনাৰ বিৰুদ্ধে আইন সিদ্ধভাৱে থিয় দিবলৈও আহ্বান জনাইছে। পিছে ইতিমধ্যে নদীবান্ধ বিৰোধী আন্দোলন স্তিমিত হৈ পৰাৰ সুযোগত এন এইছ পি চিয়ে সম্প্ৰতি গুৰু-গোঁসাই নমনা হৈ পৰিছে।

এনে প্ৰেক্ষাপটত নামনি সোঁৱণশীৰি প্ৰকল্পৰ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্বে অথবা পিছত কিমান লোকে প্ৰাণ দিব নামনি ভাগত থকা উত্তৰ অসমৰ কেনে বিপৰ্যয় হ'ব পাৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে চৰকাৰ বা নেতাই কেনেদৰে ইয়াক প্ৰতিৰোধ কৰিব সেইয়া সময়তহে স্পষ্ট হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in