NEET, JEE পায়ো ডাক্তৰ, ইঞ্জিনিয়াৰিং নপঢ়া ছোৱালীজনী…

NEET, JEE পায়ো ডাক্তৰ, ইঞ্জিনিয়াৰিং নপঢ়া ছোৱালীজনী…

মৃদুল কুমাৰ সন্দিকৈ

এজনী ছোৱালী, নাম তাইৰ স্তুতি। মেধাৱী ছোৱালীজনী আন ছাত্ৰ-ছাত্ৰীতকৈ পৃথক। যি সময়ত কোনো এখন ভাল শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিযোগিতা হয়, সেই সময়ত স্তুতিক ব্যতিক্ৰম বুলি ক'বই লাগিব। স্তুতিৰ সম্পূৰ্ণ নাম স্তুতি খাণ্ডৱালা।

পিতৃ-মাতৃৰ সৈতে স্তুতি

দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীক লৈ এতিয়া চৌদিশে আলোচনা। নিজ সন্তানৰ কেৰিয়াৰৰ কথা ভৱা অভিভাৱকসকলে স্তুতিৰ কাহিনী জনা উচিত। দেশৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে এই ১৮ বছৰীয়া ছাত্ৰীগৰাকী হৈ পৰিছে ৰোল মডেল।

কিহৰ বাবে স্তুতিক লৈ চৰ্চা হৈছে সেয়া হয়তো অনুমান কৰিব পৰা হৈছে। আজিৰ দিনত কাৰোবাৰ সন্তানে ভাল এখন মেডিকেল কলেজত বা ইঞ্জিনিয়াৰিং কলেজত পঢ়িবলৈ আসন পোৱাটো অতি গৌৰৱৰ কথা। অভিভাৱকসকলে পুত্ৰ বা কন্যাৰ এক ভাল কেৰিয়াৰ গঢ়ি তুলিবলৈ সন্তানতকৈ নিজেই বেছি কষ্ট কৰে। টিউচন, কোচিঙৰ মাজতে সন্তানক ব্যস্ত ৰাখে।

স্তুতিয়ে কিন্তু অকল পঢ়া-শুনাতে নিজক সীমাবদ্ধ কৰি ৰখা নাছিল। তেওঁৰ মতে যি কামেই কৰা হয়, তাৰ বাবে এটা মাইণ্ড চেট লাগে। সেই লক্ষ্য ঠিক কৰি আগুৱাই গ'লে সকলো সম্ভৱ হয়। নিজৰ মাইণ্ড চেট নাথাকিলে আন কোনোৱে জোৰ কৰি একো কৰাব নোৱাৰে।

ইণ্ডিয়ান নেশ্যনেল বায়'লজি অলিম্পিয়াডত ৰূপৰ পদক পাইছিল স্তুতিয়ে…

২০১৭ চনত স্তুতিয়ে ইণ্ডিয়ান নেশ্যনেল বায়'লজি অলিম্পিয়াডত ৰূপৰ পদক লাভ কৰিছিল। কেৱল নিৰ্দিষ্ট কাৰ্যক্ৰমতে নিজক আবদ্ধ কৰি নাৰাখে তেওঁ। তেওঁৰ মতে যিমানেই পঢ়িবা সিমানেই জানিবা। খুটি নাতি মাৰি তেওঁ পঢ়ে। মনত ৰখাতকৈ তেওঁ বিষয়বস্তুক বুজিবলৈ বেছি চেষ্টা কৰে।

পৰীক্ষাগৃহত সময়ৰ প্ৰতি বিশেষ দৃষ্টি ৰাখে স্তুতিয়ে। এখন কিতাপতে তেওঁ সমীবদ্ধ নাথাকে। ৰেফাৰেন্স বুক হিচাপে তেওঁ বহু কিতাপ অধ্যয়ন কৰে।

সফলতা এনেকৈয়ে আহে…

২০১৯ বৰ্ষত স্তুতিয়ে চিকিৎসা বিজ্ঞান, ইঞ্জিনিয়াৰিঙৰ নামভৰ্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ NEET, ২০১৯ত ৭১ সংখ্যক স্থান লাভ কৰিছিল দেশৰ ভিতৰত। মুঠ ৭২০ নম্বৰৰ ভিতৰত ৬৮৫ নম্বৰ লাভ কৰিছিল স্তুতিয়ে।

যি পৰীক্ষাই স্তুতিয়ে দিছে, সকলোতে উত্তীৰ্ণ হৈছে। JIPMER MBBS এন্ট্ৰেন্স পৰীক্ষাত ২০১৯ বৰ্ষত স্তুতিয়ে লাভ কৰিছিল দশম স্থান। সেই পৰীক্ষা অনুষ্ঠিত হৈছিল ২০১৯ বৰ্ষৰ মে'ত। মূল পৰীক্ষাত স্তুতিয়ে লাভ কৰিছিল ৯৯.৯১ শতাংশ।

ৰাষ্ট্ৰীয় শিশু সন্মানো লাভ কৰিছিল স্তুতিয়ে…

স্তুতিৰ পিতৃ শীতল খাণ্ডাৱালা পেছাত এগৰাকী পেথ'লজীজ আৰু তেওঁৰ মাতৃ এগৰাকী দন্ত চিকিৎসক। নাম হেতল খাণ্ডাৱালা। ২০১৮ বৰ্ষত স্তুতিয়ে ৰাজস্থানৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ৰাজস্থানৰ শিক্ষা সাংসদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্তুতিয়ে লাভ কৰিছিল ৯৮.৮ শতাংশ নম্বৰ।

তাৰ পাছত স্তুতিয়ে নিজকে সাজু কৰিছিল প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে। ভাল এটা কেৰিয়াৰৰ বাবে স্তুতি অৱতীৰ্ণ হৈছিল NEET- 2019, JIMPER MBBS- 2019, JEE- 2019, AIIMS MBBS-2019 আদিত। সকলোতে দেশৰ ভিতৰতে স্থান লাভ কৰি স্তুতি উত্তীৰ্ণ হৈছিল।

কিন্তু স্তুতিয়ে ডাক্তৰ, ইঞ্জিনিয়াৰ কোনো এক পাঠ্যক্ৰমতে নামভৰ্তি নকৰিলে। স্তুতি অৱতীৰ্ণ হৈছিল আমেৰিকাৰ প্ৰতিষ্ঠিত অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান Massachusetts Institute of Technology চমুকৈ MITৰ প্ৰৱেশ পৰীক্ষাত।

বিশ্বৰ এই প্ৰসিদ্ধ প্ৰতিষ্ঠানটোৱে আয়োজন কৰা প্ৰৱেশ পৰীক্ষাতো স্তুতি সফল হ'ল। সেয়েহে তেওঁ সিদ্ধান্ত ল'লে আমেৰিকাতে অধ্যয়ন কৰিবলৈ যাব আৰু বিশ্বৰ প্ৰসিদ্ধ এই অভিযা্ন্ত্ৰিক প্ৰতিষ্ঠানটোতেই তেওঁ নামভৰ্তি কৰিব।

এগৰাকী ভাল নৃত্যশিল্পীও স্তুতি…

৯০ শতাংশ শিক্ষা ব্যয় জলপাণিৰ জৰিয়তে লাভ কৰিব স্তুতিয়ে। স্তুতিৰ ইচ্ছা শিক্ষা সাং কৰি এই প্ৰতিষ্ঠানটোতে তেওঁ গৱেষণাৰ কামত মনোনিবেশ কৰিব। স্তুতি আৰু স্তুতিৰ পৰিয়ালৰ বাবে ক'ত নামভৰ্তি কৰিব সেই সিদ্ধান্ত লোৱাটো সহজ নাছিল।

চুৰাটৰ এই ১৮ বছৰকীয়া ছাত্ৰীগৰাকীৰ সফলতাৰ মূল আধাৰ আছিল আত্মবিশ্বাস আৰু দৃঢ়তা। স্তুতিয়ে এক সাক্ষাৎকাৰত কৈছে- 'I always wanted to study multiple subjects and if I study in India I have to take admission in either medicine or engineering. I got suggestion from some seniors and relatives to study in MIT when I can study in both courses.'

স্তুতিৰ কেৰিয়াৰৰ স্বাৰ্থত চিকিৎসক মাতৃয়ে তেওঁৰ চিকিৎসা বৃত্তিকেই ত্যাগ কৰিছিল। স্তুতিৰ সৈতে আছিল কোটাত। স্তুতিৰ এই সফলতাৰ মূল মন্ত্ৰ আছিল একাগ্ৰতা। স্তুতিয়ে কোনো দিনেই অসম্ভৱ বুলি একো নাভাৱে। সকলো দিশেই তেওঁ খৰচি মাৰি অধ্যয়ন কৰে। সমানেই তেওঁ গুৰুত্ব দি পঢ়িছিল জীৱ বিজ্ঞান আৰু গণিত।

কেৱল পঢ়াই নহয়, আন কামতো সময় দিয়ে স্তুতিয়ে

প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ স্তুতিয়ে দৈনিক ১৩-১৪ ঘন্টাকৈ অধ্যয়ন কৰিছিল। কেৱল একেৰাহে পঢ়ি থকা নাছিল তেওঁ। পঢ়িব জানিলে পঢ়াতো আনন্দ আছে। বিষয়বোৰ বুজি পালে যিকোনো ধৰণৰ প্ৰশ্নৰেই উত্তৰ দিব পাৰি। সেয়াই আছিল স্তুতিৰ সফলতাৰ মূল মন্ত্ৰ।

দেশৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে এনে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়। সন্তানতকৈও পিতৃ-মাতৃয়ে অধিক আগ্ৰহেৰে সেই পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ থাকে। তেনে প্ৰৱেশ পৰক্ষীত অতি মেধাৱীজনেহে উত্তীৰ্ণ হয়। স্তুতিৰ মতে সকলো ধৰণৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰিবলৈ সেই পাঠ্যক্ৰমৰ গভীৰতালৈ গৈ অধ্যয়ন কৰিব লাগিব। যি সময়ত এনে এটা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সপোন, সেই সময়ত যি পৰীক্ষাতেই বহিছে সেই পৰীক্ষাতে প্ৰথম প্ৰচেষ্টাতে সফল হ'ব পৰা এই ছোৱালীজনী আন ছাত্ৰ-ছাত্ৰীৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে। স্তুতিৰ এটাই কথা- সফলতাৰ ছুটি বাট নাই। সুপৰিকল্পিতভাৱে নিজক সাজু কৰিব পাৰিলে সকলোতে আহে সফলতা।

অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক স্তুতিৰ এই উত্তৰণৰ কাহিনীয়ে নিশ্চয় প্ৰেৰণা যোগাব। স্তুতিয়ে যদি পাৰে, আনে কিয় নোৱাৰিব? ইয়াৰ পাছত নিশ্চিত আৰু স্তুতি ওলাব। যিয়ে কেৱল সফলতা বুটলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in