খেলেই নহয়, হৃদয়ো জয় কৰিলে লাভলীনাই

খেলেই নহয়, হৃদয়ো জয় কৰিলে লাভলীনাই

মৃদুল কুমাৰ সন্দিকৈ

"মই খেল নাচালো। খেল চাবলৈ ভয় লাগিল।" – বৰ সৰল ভাৱেই তেওঁ কথাবোৰ কৈ গ'ল। তেতিয়া সময় পুৱা ১১ বাজি কেইমিনিটমান গৈছিল।এক উৎকণ্ঠাৰ যেন অন্ত পৰিছে। টকিঅ'ৰ পৰা আহিছিল ভাল খবৰ। শেষ মুহূৰ্তলৈকে সাধাৰণ মানুহে অনুমান কৰিব পৰা নাছিল জয় কাৰ হ'ল। প্ৰচণ্ড আত্মবিশ্বাসী লাভলীনাই প্ৰতিপক্ষ খেলুৱৈগৰাকীক কোনো সুযোগেই নিদিলে। ইটোৰ পাছত সিটো দ্ৰুত গতিৰ পাঞ্চেৰে খেলৰ ফলাফল ইতিমধ্যে লিখা হৈছিল।

অলিম্পিকৰ বক্সিং ৰিঙত অসমৰ প্ৰথম মহিলা খেলুৱৈ। সকলোৱে অপেক্ষা কৰিছিল কি হ'ব ফলাফল? টেলিভিশ্বনৰ সন্মুখত চকু থৰ কৰি সকলো ৰৈ আছিল।মেচ ৰেফাৰীয়ে ৰিঙত লাভলীনাৰ সোঁহাতখন দাঙি আনুষ্ঠানিক জয়ৰ ঘোষণা কৰাৰ সময়ত টেলিভিছনৰ সন্মুখত ৰৈ থকা অসমবাসীয়ে চিঞঁৰি উঠিছিল- লাভলীনা জিকিল!

জাৰ্মানী শক্তিশালী খেলুৱৈ নাদাইন এপেজৰ বিৰুদ্ধে ৩-২ পইণ্টৰ ব্যৱধানত জয়ী হৈছিল লাভলীনা। এই জয়ৰ ইতিহাস লিখিবলৈ লাভলীনাক বৰ বেছি সময়ৰ প্ৰয়োজন নহৈছিল। তাৰ পাছত ৰিঙৰ পৰা নামি গৈছিল লাভলীনা। এই অলিম্পিকৰ ৰোমাঞ্চকৰ খেলৰ বৰ্ণনা দি থকা ধাৰাভাষ্যকাৰে খেলৰ মাজতেই কৈ উঠিছিল ভাৰতৰ অসম ৰাজ্যৰ গোলাঘাটৰ এখন গাঁৱৰ ছোৱালী জনীৰ কথা।

এইয়াও কম গৌৰৱ নহয় অসমীয়াৰ বাবে। কিন্তু সেই বিৰল ক্ষণ টেলিভিশ্বনৰ পৰ্দাত চাব পৰা নাছিল পিতৃ টিকেন বৰগোহাঁইয়ে। খেলৰ ফলাফল ঘোষণা কৰাৰ কেই ছেকেণ্ডমানৰ পাছতেই পিতৃলৈ ফোন কৰোঁতে সিমূৰৰ পৰা তেওঁ কৈছিল "মই খেল নাচালোৱেই।"

কন্যাৰ এই সফলতাই তেওঁক সুখী কৰিছিল। সেই অভিব্যক্তি তেওঁৰ কথাত ফুটি উঠিছিল। আনতকৈ লাভলীনা কিছু পৃথক। এতিয়ালৈকে লাভলীনাক তথাকথিত খেলুৱৈৰ দৰে গ্লেমাৰৰ মায়াজালে চুব পৰা নাই। অলিম্পিকৰ পূৰ্বেও বহু সফলতা বুটলা লাভলীনাই ২০২০ বৰ্ষৰ লকডাউনৰ সময়ত অনুশীলন সামৰি ঘৰলৈ ঘূৰি আহিছিল। পৰিয়ালৰ সৈতে ভুঁই ৰুবলৈ গৈছিল।

তাৰ পাছত পুনৰ কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰা লাভলীনাই তেতিয়াই কথা পাতোতে কৈছিল মই পৰিশ্ৰম কৰি গৈছো। সকলোৰে আশীৰ্বাদ আছে। কিমান সফল হও সেইয়া সময়ে ক'ব। অলিম্পিকৰ প্ৰস্তুতি চলোৱাৰ কথা জনাইছিল।

২৭ জুলাই ২০২১ ত টকিঅ'ত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলিবলৈ যোৱাৰ পূৰ্বে লাভলীনাই ঘৰলৈ ফোন কৰিছিল। লাভলীনাৰ পিতৃয়ে জনালে- "আজি পুৱা ৭ মান বজাত তাই ফোন কৰিছিল। কেনেদৰে সাজু হৈছে কৈছিল। তাই এইখন খেল জিকিব বুলি আত্মবিশ্বাসী আছিল। পৰৱৰ্তী খেলখন হে কঠিন হ'ব বুলি ক'লে তাই।"

পৰিয়ালক লাভলীনাই জনাইছিল টকিঅ'ত কোনো অসুবিধা নোপোৱাৰ কথা। প্ৰতিদিনেই কৰি আছে কোৰোনাৰ পৰীক্ষা।খোৱা-বোৱাও ঠিকেই চিলিছে। কোৱাৰ্টাৰ ফাইনেলৰ পাছত ছেমি ফাইনেল। আৰু এখন খেলত জয়ী হলেই লাভলীনাৰ অলিম্পিকত পদক জয়ৰ সপোন পূৰণ হ'ব।

প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলাৰ পূৰ্বে প্ৰথমখন খেলত লাভলীনাই বাই পাইছে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিৰুদ্ধে ৰিঙত নমা নাদাইনতকৈ ১২ বছৰে সৰু। লাভলীনাৰ আৰু এক ইতিবাছক দিশ আছিল প্ৰতিপক্ষ খেলুৱৈতকৈ তেওঁ ২.৫ ইঞ্চি ওখ।

দুাবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস ৰচনা কৰা লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ খেলুৱৈ ছেন-নিয়েন-ছিনৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে ছিন হ'ল ২০১৮ বৰ্ষৰ বিশ্ব চেম্পিয়ন। এইখন খেল যথেষ্ট প্ৰত্যহ্বানমূল হ'ব লাভলীনাৰ বাবে। সেই পৰিক্ৰমা অতিক্ৰম কৰিব পাৰিলেই লাভলীনাৰ ডিঙিত উজলিব অলিম্পিক পদক।

এতিয়া অপেক্ষা ৩০ জুলাইলৈ। অসমলৈ প্ৰথমটো অলিম্পিকৰ পদক লাভলীনাই কঢ়িয়াই আনিব বুলিয়েই আশাবাদী অসমবাসী। দেশবাসীৰো অপেক্ষাৰ অন্ত নাই। বাউটত লাভলীনাই ছিনক ধাৰাশায়ী কৰিব পাৰিব বুলিয়েই বিশ্বাস আছে। খেলতেই নিমগ্ন হৈ থকা লাভলীনাক উৎসাহ দিয়াতোৰ প্ৰয়োজন। অৱশ্যে সেই উৎসাহ কোনোবা মন্ত্ৰীৰ দৰে অত্যুৎসাহ হ'ব নালাগে।

নীৰৱে লাভলীনাক খেলিবলৈ দিয়া হওক। লাভলীনাক উৎসাহ দিয়াৰ নামত য'তে ত'তে নিজৰ ছবি সন্মিলিত হৰ্ডিং অঁৰা সকলে খেল আৰু আত্ম প্ৰচাৰক একাকাৰ কৰাৰ প্ৰৱনতা ত্যাগ কৰক। তেনে প্ৰৱনতা আৰু অত্যাধিক উৎসাহে অসমৰ বহু খেলুৱৈৰ সফলতাত হেঙাৰ হৈ পৰা উদাহৰণ আছে।

গুৱহাটীৰ চানমাৰিৰ নিজৰা পাৰৰ সমীপত আছে এটা পুখুৰী। শকুন্তলা পুখুৰী নামে পৰিচিত এই পুখুৰীটোৰ পাৰতো আঁৰা আছে লাভলীনাৰ বেনাৰ। য'ত আছে লাভলীনাই বক্সিং খেলি থকা এখন ফটো আৰু তলত লিখি থৈছে- "লাভলীনা তুমি সফল হোৱা!"

এইবোৰেই সঁচা আন্তৰিকতা। সঁচা অৰ্থত এজন খেলুৈৱক জনোৱা উৎসাহ অনুপ্ৰেৰণা। নাই তাত কাৰো ছবি। কেৱল লাভলীনাৰ বাবেই এই প্ৰস্তুতি। যোগ্যজনে সন্মান নিশ্চয় পাব। সেই সন্মান প্ৰদানৰ নামত আত্মজহ চলোৱা প্ৰতিযোগিতাৰ অন্ত পৰিল।

এনেবোৰ কামেৰে বিমল আনন্দ পোৱা সকলে, প্ৰচাৰৰ নামত লাখ লাখ টকা ব্যয় কৰাতকৈ সেই ধনেৰে আন এগৰাকী লাভলীনাক সৃষ্টি কৰাত উদ্যোগ লওক। লাভলীনাই নিজৰ কাম কৰি গৈছে। আঁতৰৰ পৰা তেওঁৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ লগতে নেদেখা জনৰ ওচৰত তেওঁৰ বাবে কৰা প্ৰাৰ্থনাই যথেষ্ট।

লাভলীনাই সফলতাৰ বাট কাটক। অলিম্পিকৰ ইতিহাসত অসমৰ নাম লিখক। বেনাৰ-পোষ্টাৰ আঁৰিব নালাগে, লাভলীনাই তেওঁৰ কষ্ট সাধনাৰ জৰিয়তেই বুটলা সফলতাই অসমৰে নহয়, দেশবাসীৰ হৃদয়ত লিখি ল'ব তেওঁৰ নাম। সেই খোদিত নাম থাকি যাব চিৰকাল।

এতিয়া অপেক্ষা লাভলীনাৰ বাবে। ২৭ জুলাই ২০২১ ৰে পুনৰাবৃত্তি হওক ৩০ জুলাই ২০২১ত। ৬৯ কেজি ৱেলটাৰৱেইট শাখাত অলিম্পিকত ইতিহাস সৃষ্টি কৰক। শুভকামনা লাভলীনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in