মমতাৰ ৰাজ্যত অসমীয়া লেডী সিংঘম…

মমতাৰ ৰাজ্যত অসমীয়া লেডী সিংঘম…

মৃদুল কুমাৰ সন্দিকৈ

খেলা হ'ব বুলি কোৱা মমতা বেনাৰ্জীয়ে অৱশেষত খেলা দেখুৱাই দিলে । বংগ কন্যা মমতাৰ ৰাজ্যত আকৌ উৰিল মমতাৰে জয়ৰ পতাকা । পশ্চিমবংগৰ ৰাইজৰ জাতীয়তাবাদৰ ওচৰত হাৰ মানিল ৰাষ্ট্ৰীয়তাবাদ ।

বংগ কন্যা উজলি উঠিল পশ্চিমবংগত । চুবুৰীয়া ৰাজ্য খনত নিৰ্বাচনৰ সময়ত উজলি উঠিল এগৰাকী অসম কন্যাও । তেওঁৰ সাহস আৰু কৰ্তব্যৰ নমুনা দেখি চৌদিশে উচ্ছাৰিত হ'ল অসমৰ এই কন্যাৰ নাম। সকলোৱে ক'লে চাব্বাছ ।

আইপিএছ বিদিশা কলিতা

সংবাদ মাধ্যমত তেওঁ বাতৰিৰ শীৰ্ষ হ'ল । ছ'চিয়েল মিডিয়াত এই অসম কন্যাৰ গুন – গৰিমা বিয়পি পৰিল । নাম তেওঁৰ বিদিশা কলিতা । গুৱাহাটী মহানগৰীৰ চানমাৰী হলিচাইল্ড স্কুলৰ সমীপত তেওঁৰ ঘৰ । সৰুৰে পৰাই সাহসী আৰু স্পষ্টবাদী আছিল বিদিশা কলিতা ।

পশ্চিমবংগত নিৰ্বাচন মানেই হিংসাত্মক ঘটনাৰ পয়োভৰ হয় । কিছু কিছু অঞ্চলত নিৰ্বাচন নহ'লেও গুণ্ডা প্ৰকৃতিৰ লোকে চলাই তাণ্ডৱ । আইন শৃংখলা জনিত পৰিস্থিতিৰ অৱনতি ঘটে প্ৰায়ে । নিৰ্বাচনৰ সময়ত সেই ঘটনা বৃদ্ধি পায় ।

মাতৃৰ সৈতে বিদিশা কলিতা আৰু বিপাশা কলিতা

এনে এক জটিল পৰিবেশৰ মাজত ত্ৰানকৰ্তা ৰূপত আবিৰ্ভাৱ হৈছিল বিদিশা কলিতা । অতি দুৰ্গম ঠাইলৈ গৈ তথাকথিত লোকেল দাদাক কৰায়ত্ত কৰি পৰিস্থিতি চম্ভালিছিল তেওঁ । আমি বহুতেই গম নাপাও এই খবৰ । অসমৰ এগৰাকী কন্যাই গৈ কিদৰে দায়িত্বশীল ভুমিকা পালন কৰি আছে পশ্চিমবংগত ।

ইকানে -সিকানে আমাৰ কানতো পৰিছিলহি এই খবৰ । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ' বিনিময় হৈছিল ইজন সিজনৰ মাজত । বিদিশা কলিতা অসমৰ বুলি কৈছিল যদিও ক'ত তেওঁৰ ঘৰ সেই তথ্য নাছিল ।

পিতৃ ফনীধৰ কলিতাৰ সৈতে দুই কন্যা

লাহে লাহে পোহৰলৈ আহিছিল বিদিশা কলিতা সন্দৰ্ভত কিছু খবৰ । পশ্চিমবংগৰ কৃষ্ণনগৰ জিলাত তেওঁ কৰ্মৰত বুলি জানিব পাৰি সংগ্ৰহ কৰা হৈছিল তেওঁৰ মোবাইল নম্বৰ । পুৱাই যোগাযোগ কৰা হ'ল তেওঁলৈ। কিন্তু তেওঁৰ পৰা সঁহাৰি নাহিল ।

আনন্দৰ সেই মুহুৰ্তত

মোবাইল নম্বৰটোত এটা বাৰ্তা প্ৰেৰণ কৰি কোৱা হ'ল তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰো । প্ৰায় ৭ ঘন্টা মানৰ বিৰতিৰ পিছত নিশা আহিল সেই প্ৰত্যাশিত ফোন । বিদিশা কলিতাই সিমূৰত । পতিলো তেওঁৰ সৈতে তেওঁৰ বিষয়ে কিছু কথা ।

এক মধুৰ ক্ষণত

বিদিশা কলিতা পিতৃও আছিল অসম আসামৰিক সেৱাৰ এগৰাকী বিষয়া । অৱশ্যে তেওঁ এতিয়া অৱসৰ গ্ৰহন কৰিছে । তেওঁৰ মাতৃ বিভিন্ন সামাজিক কামকাজেৰে জড়িত । মিতালী সংঘৰ সৈতেও জড়িত বিদিশাৰ মাতৃ ।

বিদিশা কলিতাই সুধিলে – কি জানিব বিচাৰে মোৰ বিষয়ে সোধক । তেওঁক সোধা হ'ল কেইবাটাও প্ৰশ্ন । অতি সহজ আৰু সৰল ভাবে কৈ গ'ল কথা বোৰ । ক'লে – মই গুৱাহাটীতেই পঢ়াশুনা কৰা । নাৰিকল বস্তিৰ ওচৰত ফেকাল্টী ছিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী স্কুল যে আছে,তাতেই মই পঢ়িছিলো ।

কৰ্ম ক্ষেত্ৰত

পৰিয়ালটোত দুজনীয়েই ছোৱালী । বিপাশা আৰু বিদিশা । পিতৃ-মাতৃয়ে দুয়োকেই মানুহ ৰূপে গঢ়িবলৈ চেষ্টা কৰিছিল আৰু সফল হৈছিল । কেতিয়াবা কোনোৱাই ঘৰত ল'ৰা নথকাৰ বাবে আক্ষেপ কৰিলে মাকে কৈছিল সিঁহত দুজনীয়ে মোৰ বাবে পুত্ৰ সদৃশ ।

বিপাশা ডাঙৰ,বিদিশা সৰু । বিপাশা কলিতা ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া । বিদিশা কলিতা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া । ২০১৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল বিদিশাই । প্ৰথমে তেওঁ পশ্চিমবংগত বিধান নগৰত সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে যোগদান কৰিছিল ।

পশ্চিম বংগত এতিয়া চৰ্চিত লেডী সিংঘম ৰূপত

সেই সময়তে চাইবাৰ ক্ৰাইমৰ বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে মিলি চোৱা চিতা কৰিছিল তেওঁ । এটিএম ফৰ্ড,এটিএম কাৰ্ড ক্লনিং আদি গোচৰৰ তদন্ত আৰু অনুসন্ধানত বিশেষ সফলতা লাভ কৰিছিল বিদিশা কলিতাই । আনকি বিদিশা কলিতা আৰু বিধান নগৰৰ এই গোচৰৰ তদন্ত কৰা আৰক্ষী বিষয়াক লগ কৰিবলৈ দিল্লীৰ পৰা আহিছিল ভাৰতীয় ষ্টেট বেংকৰ উচ্চ পদস্থ বিষয়া ।

এছ বি আইৰ ৱাইঅ'এনঅ' এপত নিৰাপত্তাৰ দিশত কিছু শিথিলতা আছিল । সেই কথা এই অনুসন্ধানত পোহৰলৈ আহিছিল । পৰবৰ্তী সময়ত সেই এপটোত ভালেমান ছিকিউৰিটি ফিছাৰ্চ সংলগ্ন কৰিছিল এছবিআয়ে ।

সতীৰ্থ আৰক্ষী বিষয়া জোৱানৰ সৈতে

বিদিশা কলিতা বৰ্তমান কৃষ্ণ নগৰ জিলাত কৰ্মৰত । জিলাখনৰ হেড কোৱাটাৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছে। নিৰ্বাচনৰ সময়ত দায়িত্ব যথেষ্ঠ বাঢ়িছিল । এই জিলাখনৰ অধীনত ৬ খন থানা আছে । তাৰ ভিতৰত কৃষ্ণগঞ্জ থানাখন গুৰুত্বপূৰ্ণ । সীমান্তবৰ্তী অঞ্চলত অৱস্থিত এই খন থানা ।

মৈত্ৰী এক্সপ্ৰেছ এই কৃষ্ণগঞ্জ ৰেলৱে ষ্টেছন পাৰ হৈয়ে বাংলাদেশত সোমায় । চোৰাং বেহাৰৰ বহু কাৰবাৰ হয় । সেয়েহে সতৰ্ক দৃষ্টি ৰাখিব লগাত পৰে । আন এখন থানা হ'ল চাপৰা । অতি ভিতৰুৱা অঞ্চল । পৰম্পৰাগত ভাবে ইয়াৰ বহু লোকে চুটলি বোমা বনায় ।

এক অৱসৰৰ মুহুৰ্তত

হত্যা,হিংসা আৰু আন অপৰাধজনিত ঘটনা প্ৰায়ে সংঘটিত হয় । বহু ঠাইত আৰক্ষীয়ে যাবলৈয়ে ভয় কৰে । নিৰ্বাচনৰ পূৰ্বে সেয়া এক প্ৰত্যাব্বান হৈ পৰিছিল । এদিন পুৱাই খবৰ আহিল দুটা ফৈদৰ মাজত সংঘাত হৈছে । সাধৰণতে আৰক্ষী গ'লে দুৰ্গম আঞ্চলটোত অপৰাধীয়ে গম পাই আৰক্ষী আহিছে । আৰক্ষী গৈ পোৱাৰ আগতে পলাই সাৰে ।

বিদিশা কলিতাৰ ভাষাত – ৰাতিপুৱাই এই খবৰ আহিল । সাধৰনতে আৰক্ষী গ'লে অপৰাধী বোৰ এখন নদী পাৰ হৈ পলাই যায় । আমি সেয়েহে কেইবাটাও ভাগত বিভক্ত হৈ অঞ্চলটোলৈ গ'লো । নদী পাৰ হৈও এটা পাৰ্টী গ'ল । কেইবাজনকো ধৰা হ'ল । প্ৰায় ৯৩ টা বোমা উদ্ধাৰ কৰা হৈছিল ।

বিদিশা কলিতা,এতিয়া অপৰাধীৰ ভয়ৰ কাৰণ

নিৰ্বাচনৰ সময়ত তেওঁ বহু অপৰাধীক কৰায়ত্ত কৰিছিল । যাৰ বাবে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাত সফল হৈছিল । এনে কিছু লোক আছে যি সকলক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ ভয় কৰে । ডাঙৰ ডাঙৰ মানুহৰ লগত হাত থকা বুলি ভাবে । কিন্তু ব্যতিক্ৰম আছিল বিপাশা কলিতা ।

জ্যেষ্ঠ বিষয়াই তেওঁক দায়িত্ব দিছিল । আৰু সেই দায়িত্ব তেওঁ নিষ্ঠা আৰু সাহসেৰে পালন কৰিছিল । কোভিডৰ সময়তো তেওঁ বহু অনুকৰণীয় কাম্ কৰিছিল । দুমাহৰ বাবে বিনামূলীয়াকৈ খাদ্য যোগানৰ শিবিৰ তেওঁ তদাৰক কৰিছিল । প্ৰব্ৰজনকাৰী শ্ৰমিকক ঘৰলৈ পঠোৱা,চিকিৎসা প্ৰদান আদি কামৰো তদাৰক কৰিব লগীয়া হৈছিল ।

অকলশৰে থকা জ্যেষ্ঠ নাগৰিক সকলৰ বাবেও তেওঁ উদ্যেগ লৈছিল । চাকৰি জীৱনত তেওঁ প্ৰথম কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ? সেই কথাও সোধা হৈছিল তেওঁক । তেওঁ ক'লে – আন সমস্যা নহ'লেও ভাষাগত এক সমস্যা তেওঁ সন্মুখীন হৈছিল । সেই সমস্যা এতিয়া সমাধান হৈছে । শিকি পেলালে সলসলীয়াকৈ বাংলা । এতিয়া তেওঁক কোনেও নকয় যে বাংলাভাষী তেওঁ নহয় ।

মোবাইলত তেওঁৰ সৈতে কথা পাতি থাকোতেই সম্ভৱ তেওঁলৈ আন এটা ফোন আহিছিল । কিছু সময় ৰ'বলৈ কৈ তেওঁ সিটো ফোনত কথা পাততেই প্ৰমান পোৱা গৈছিল – কি সুন্দৰ ভাবে তেওঁ বাংলা ক'ব পাৰে । ছ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ' বোৰতো তেওঁ দিয়া নিৰ্দেশ সমূহ আছিল বাংলাতেই।

পশ্চিমবংগত এতিয়া যথেষ্ট জনপ্ৰিয় এই গৰাকী মহিলা আইপিএছ বিষয়া । তেওঁক লৈ সৰ্বত্ৰে ইতিবাছক চৰ্চা । তেওঁ অসমৰেই কন্যা । সেয়া আমাৰ বাবে গৌৰৱৰ কথা । চ্যেলুট বিদিশা কলিতা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in