১৬শ শতিকাত বিশ্বত আটাইতকৈ প্ৰভাৱশালী লেখকসকলৰ ভিতৰত অন্যতম আছিল উইলিয়াম শ্বেক্সপিয়াৰ। ১৫৬৪চনত জন্মগ্ৰহণ কৰা শ্বেক্সপিয়াৰ আজিও পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ। কবি আৰু নাট্যকাৰ হিচাপে শ্বেক্সপিয়াৰে যি অমৰ সৃষ্টি এৰি থৈ গৈছে তাৰ সুৱাস আজিও বিয়পি আছে।
৩৮খন নাটকেৰে শ্বেক্সপিয়াৰে নাট্যকাৰ হিচাপে যি খ্যাতি অৰ্জন কৰিলে সেই খ্যাতিৰ কোনেও কাষ চাপিব নোৱাৰে। তেওঁ লিখা চনেট সমূহ বা আখ্যানমূলক কবিতাই কবিতাৰো বহল পৰিসৰ সামৰি লয়। পৃথিৱীৰ প্ৰতিটো ভাষালৈ অনুবাদ হৈছে তেওঁৰ নাটক সমূহ।
প্ৰথম অৱস্থাত মিলান্তক আৰু ইতিহাসৰ নাটক লিখা শ্বেক্সপিয়াৰে ৰোমাঞ্চ বা ট্ৰেজেডীধৰ্মী নাটকো লিখিছিল। হেমলেট, কিং ইয়াৰ, অথেলো, মেকবেথ আদি বিয়োগাত্মক নাটকসমূহ আজি তাৰিখত পৃথিৱীৰ উতকৃষ্ট সাহিত্য হৈয়ে আছে।
অৱশ্যে জীৱনকালত তেও এই খ্যাতি পোৱা নাছিল। বিংশ শতিকাত শিক্ষা আৰু অভিনয় ক্ষেত্ৰখনলৈ যথেষ্ট বিপ্লৱ আহিছিল। সেই পৰিৱৰ্তনে শ্বেক্সপিয়াৰক পুনৰ আৱিস্কাৰ কৰাই নহয় তেওঁৰ নাটকসমূহৰ নৱমূল্যায়নৰ বাট মুকলি কৰিলে।
শ্বেক্সপিয়াৰ আছিল নগৰ সমিতিৰ এজন সাধাৰণ সদস্যৰ সন্তান। ষ্ট্ৰেৰ্টফৰ্ড- আপন-এভনত জন্মগ্ৰহণ কৰা উইলিয়াম শ্বেক্সপিয়াৰৰ মৃত্যু হৈছিল ৫২বছৰ বয়সত। অৱশ্যে তেওঁৰ মৃত্যুৰ চনক লৈ বহু মতান্ত্যৰ আছে।
ষ্ট্ৰেৰ্টফৰ্ড- আপন-এভনত এতিয়াও এটা ঘৰে শ্বেক্সপিয়াৰৰ স্মৃতি সুৱৰিঁ আছে। কেইবা শতিকা ধৰি এই ঘৰটোত শ্বেক্সপিয়াৰে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী আৰু তেওঁৰ স্মৃতি বিজড়িত বহু সম্পদ সু-সংগঠিত কৰি থোৱা আছে।এই ঘৰটোৱে এক মৰ্যদাৰ প্ৰতীক হৈ ইংলেণ্ডৰে নহয় বিশ্বৰ প্ৰসিদ্ধ নাট্যকাৰ গৰাকীৰ প্ৰতি ইংৰাজ জাতি কিমান দায়িত্বশীল সেই কথাই প্ৰমাণ কৰে।
অসমৰ সাহিত্য জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী সাহিত্যিক, বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱি হোমেন বৰগোহাঁঞিৰ মৃত্যুৰ পাছত শ্বেক্সপিয়াৰৰ এই কথাখিনি উত্থাপন কৰা এক যোগসূত্ৰ আছে। মৃত্যু অৱশ্যম্বী। কাৰোবাৰ দুদিন আগ, কাৰোবাৰ দুদিন পাছ।
কিছুমান মৃত্যু মানি লব নোৱাৰি। এই মৃত্যুয়ে কৰা ক্ষতি পূৰণ কৰাও সম্ভৱ নহয়। অসমীয়া সাহিত্য জগতত অন্যতম প্ৰভাৱশালী লেখক আছিল হোমেন বৰগোহাঁঞি। তেখেতৰ দক্ষতা আৰু মেধা, প্ৰেৰণামূলক লেখাৰ তুলনা বিশ্বৰ আন প্ৰভাৱশালী সাহিত্যিকৰ দৰে।
এনে এটা বিষয় হয়তো নাই, যিটো বিষয়ত তেওঁ লিখা নাছিল। ভৱিষ্যতৰ সন্দৰ্ভত অতি সচেতন আৰু সুক্ষ্ম বিশ্লেষণেৰে সাধাৰণ বিষয় এটাকো মননশীল কৰি তুলিব পৰাকৈ তেওঁ দক্ষ আছিল। সাহসেৰে যিকোনো কথা কব পৰাকৈ তেওঁ সাহসী আছিল।
প্ৰজ্ঞাৰ সাধনাৰ এই দৌৰত তেওঁ আছিল অদ্বিতীয়। লক্ষ্য তেওঁৰ নিৰ্দিষ্ট কৰি লৈছিল। সূদুৰ ঢকুৱাখানাৰ পৰা আৰম্ভ হোৱা এই বৰ্ণিল যাত্ৰা সংকটময় হলেও তেওঁ জীৱনক জয় কৰিছিল। মতান্তৰ থাকিলেও এই কথা সত্য যে, হোমেন বৰগোহাঁঞিয়ে যিকথাই নিলিখক তাত পাঠকে ভাৱিব পৰাকৈ যুক্তি আৰু তথ্য বিচাৰি পায়।
সচেতন হোৱাৰ বাবেই তেওঁৰ চকুৰ পৰা একো সাৰি নাযায়। আনকি বয়সৰ বৃদ্ধিৰ লগে লগেই সন্মুখত থকা মৃত্যুকো তেওঁ উপলদ্ধি কৰিব পাৰিছিল। সেইধৰণে তেওঁ সাজুও হৈছিল। মৃত্যু সম্পৰ্কীয় কেইবাটাও লেখাত এই কথা প্ৰতিফলিত হৈ পৰিছিল।
অসমীয়া জাতি বৰ আৱেগিক। সেই আৱেগৰ জোৰ পিছলৈ নাথাকে। হয়তো এদিন হোমেন বৰগোহাঁঞি নামৰ এক সত্তা কিতাপৰ মাজত ৰৈ যাব। হেৰাই যাব তেওঁৰ দৰ্শন আৰু জীৱনবোধৰ অমূল্য বাণীবোৰ। এই বিৰল প্ৰতিভাধৰসকলক সমাজৰ প্ৰেৰণাৰূপত ধৰি ৰখা কোনো প্ৰয়াসেই আমি নকৰো।
শোকবাৰ্তা, সমবেদনা, স্মৃতিসৌধ নিৰ্মাণতে সকলো শেষ হয়। আনহে নালাগে সুধাকন্ঠ ভূপেন হাজৰিকাৰ জালুকবাৰীত থকা সমাধিস্থলীয়েও এই কথাকে প্ৰমাণ কৰে। বাণীকান্ত কাকতিৰ দৰে অসমীয়া ভাষাৰ দ্বিগ্বজ সকলৰ প্ৰতিমূৰ্তি জাঁবৰৰ মাজত লুকাই যায়।
ঢকুৱাখানাৰ সৈতে হোমেন বৰগোহাঁঞিৰ আত্মীয়তা তেওঁৰ লিখনিৰ মাজতেই পাঠকে উপলদ্ধি কৰিব পাৰে। চাৰিকড়ীয়া নৈত তেওঁৰ শৈশৱ, কৈশোৰ এৰি আহিলেও সেই নৈয়ে তেওঁক আজীৱন প্ৰেমিক কৰি ৰাখিছিল।
মৃত্যুৰ পূৰ্বে তেওঁ ঢকুৱাখানাত থকা ঘনিষ্ঠসকলৰ আগত এই কথা কৈছিল যে, তেওঁৰ মৃত্যুৰ পাছত সমাধি চাৰিকড়ীয়াৰ পাৰত হ'লে ভাল পাব। সেই সপোন তেওঁৰ পূৰণ নহ'ল। ঢকুৱাখানাবাসীয়েও বিচাৰিছিল মহঘূলি চাপৰিত চাৰিকড়ীয়াৰ পাৰত তেওঁ চিৰদিনৰ বাবে শুব।
নিজাকৈ তেওঁৰ এটা ঘৰ নাছিল। হাউচিং বৰ্ডৰ হেঙেৰাবাৰীৰ ঘৰটোতে তেওঁ মৃত্যু পৰ্যন্ত বাস কৰিলে। সেই ঘৰটোত বহু অমূল্য কিতাপ, তেওঁৰ স্মৃতি বিজড়িত সম্পদ এৰি থৈ গৈছে। হোমেন বৰগোহাঁঞিৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ বহুতে বহু কৰা কথা কৈছে।
শ্বেক্সপিয়াৰৰ জন্মস্থান এতিয়া বিশ্ববাসীৰ আকৰ্ষণকৰ কেন্দ্ৰবিন্দু। একেদৰে হোমেন বৰগোহাঁঞিক লেখনিয়ে লাখ লাখ পাঠকক ঢকুৱাখানাৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। তেওঁৰ লিখনিৰ মাধ্যমৰে চাৰিকড়ীয়া নৈৰে পৰিচয় হৈ চাৰিকড়ীয়া চাবলৈ ঢকুৱাখানা পায়গৈ বহু লোক।
অচিন লোকৰ সৈতে পৰিচয় হওতে ঘৰ ঢকুৱাখানাত বুলি ক'লে, প্ৰথম প্ৰশ্নটো সুধে হোমেন বৰগোহাঁঞিৰ ঘৰৰ পৰা কিমান দূৰ? হোমেন বৰগোহাঁঞিক ভালপোৱা প্ৰতিজন লোকৰ ঢকুৱাখানাৰ প্ৰতি থাকে দুৰ্বাৰ হেপাঁহ।
সেই হেপাঁহ আৰু হোমেন বৰগোহাঁঞিৰ ইচ্ছা, তেওঁ ভালপোৱা লোকসকলৰ আন্তৰিকতাৰে চাৰিকড়ীয়াৰ পাৰত এনে এক পদক্ষেপ ল'ব পাৰি, যি পদক্ষেপ ব্যতিক্ৰম, হোমেন বৰগোহাঁঞিৰ দৰেই সচেতন ব্যক্তি এজনক প্ৰকৃত মৰ্যদাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁৰ মূল্যবোধ প্ৰসাৰ কৰিব পাৰি।
বিভিন্নজনে ঢকুৱাখানাৰ মহঘূলি চাপৰিৰ পাৰত হোমেন বৰগোহাঁঞিৰৰ নামত সংগ্ৰহালয় স্থাপনৰ কথা কৈছে। প্ৰকৃতাৰ্থত সেই স্থানত সাহিত্য, সাংবাদিকতাৰে জীৱনৰ অধিক সময় পাৰ কৰা এই মহীৰূহগৰাকীক প্ৰতিটো মূৰ্হুুতত উজ্জীৱিত কৰিব পৰাকৈ এক সুপৰিকল্পিত কাৰ্যপন্থা হাতত ল'ব পৰা বহু অৱকাশ আছে।
সাধাৰণ সমাধিক্ষেত্ৰ বা সংগ্ৰহালয় স্থাপন নকৰি এক বহুমুখী প্ৰকল্পকে বৌদ্ধিক কেন্দ্ৰবিন্দু ৰূপত ঢকুৱাখানাক গঢ়িব পৰা এয়া সূৰ্বণ সুযোগ। সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি বৌদ্ধিক ক্ষেত্ৰখনৰে জড়িত গুণীজনৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণেৰে হোমেন বৰগোহাঁঞিৰ সাহিত্যক্ষেত্ৰ গঢ়াত নিশ্চয় অসুবিধা নাথাকিব।
প্ৰজ্ঞাৰ সাধক গৰাকীৰ নামত থকা এই সাহিত্যৰ ক্ষেত্ৰত থকা যাদুঘৰত বিভিন্ন জন ব্যক্তিৰ হাতত থকা তেখেতৰ চিঠিবোৰ,বিভিন্ন স্মৃতি জড়িত সামগ্ৰী,আলোকচিত্ৰ সংগ্ৰহ কৰি ৰাখিব পাৰি । অসমীয়া সাহিত্যৰ বাবে এই সংগ্ৰাহালয় হ'ব বৃহৎ অমূল্য সম্পদ । ইয়াৰ উপৰিও তেখেতৰ হেঙেৰাবাৰীত থকা তেখেতে ব্যৱহাৰ কৰা সমগ্ৰী সমূহৰো উপযুক্ত সংগ্ৰহ কৰিব পৰা যাব ।
ঢকুৱাখনাবাসীয়ে সেই উদ্যোগ ল'ব লাগিব । তেখেতৰ সাক্ষাৎকাৰ সমূহৰো অডিঅ' ভিজুৱেল ব্যৱস্থাৰে চাব পৰাকৈ অডিটেৰিয়াম,বিভিন্ন স্থানত দিয়া ভাষণ সমূহৰ সংগ্ৰহ,তেখেতক লৈ লেখা গ্ৰন্থৰাজি,তেওঁৰ সাহিত্য সাধনা সন্দৰ্ভত গৱেষনাৰ ব্যৱস্থা কৰিব পাৰি ।
সাহিত্যৰ উপৰিও জীৱনৰ প্ৰৰণাদায়ক লেখাবোৰ,সেইবোৰৰ আলোচনা আৰু ইয়ালৈ অহা লোক সকলৰ থকা মেলাৰ সুব্যৱস্থা থাকিব লাগিব । এই ক্ষেত্ৰত ঢকুৱাখনাবাসীৰ লগতে তেখেতে ভালপোৱা লোক সকলোৰে দায়িত্ব আছে ।
এইবোৰ কেইটামান উদাহৰণহে, হোমেন বৰগোহাঞিৰ সাহিত্যক্ষেত্ৰক অসমীয়া সাহিত্যৰ চৰ্চা আৰু গৱেষনাকেন্দ্ৰ ৰূপত জীৱনমুখী চেতনাৰ কেন্দ্ৰ স্থল ৰূপত গঢ়ি তুলিলেহে বৰগোহাঞিৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰাতো সম্ভৱ হ'ব । হাতে-কামে লাগি তেখেতক,তেখেতৰ কৰ্মৰাজীক সমাজমুখী কৰাৰ দায়িত্ব এতিয়া আমাৰ ।