অজন্তা নেওঁগ অসমৰ ‘নিৰ্মলা সীতাৰমন’…

অজন্তা নেওঁগ অসমৰ ‘নিৰ্মলা সীতাৰমন’…

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যৰ ৰাজনীতি বহু সলনি হ'ল । মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহন কৰাৰ পিছতে বিতৰণ কৰিলে দপ্তৰ । দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনুসৰণ কৰা নীতিকেই যেন অসমত গ্ৰহন কৰিলে হিমন্ত বিশ্ব শৰ্মাই ।

অসম বাসীৰ বাবে এক সুখবৰ যে ৰাজ্য খনে পালে এগৰাকী মহিলা বিত্ত মন্ত্ৰী । অতি গুৰুত্বপূৰ্ণ এই বিভাগৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই অৰ্পন কৰিলে অজন্তা নেওঁগক । কেবল বিত্ত বিভাগেই নহয়,সমাজ কল্যান বিভাগৰো দায়িত্ব দিলে নেওঁগক ।

সাধাৰণে বিত্ত বিভাগ এক গুৰুত্বপূৰ্ণ বিভাগ । হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত আন বিভাগৰ মন্ত্ৰী সকল ক্ৰমে –

১. হিমন্ত বিশ্ব শৰ্মা – মুখ্যমন্ত্ৰী – গৃহ, লোক নিৰ্মান,পাৰ্চনেল আৰু বিতৰণ নোহোৱা আন বিভাগ সমূহ ।

২. ৰঞ্জিত কুমাৰ দাস – পঞ্চায়ত গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগ ।

৩. অতুল বৰা – কৃষি,পশুপালন,উদ্যান শস্য, সীমান্ত অঞ্চল উন্নয়ন,অসম চুক্তি ৰূপায়ন ।

৪. ইউ জি ব্ৰহ্ম – হস্ততাঁত বস্ত্ৰ শিল্প, ভূমি সংৰক্ষন, ভৈয়াম জনজাতি উন্নয়ন ।

৫. চন্দ্ৰ মোহন পাটোৱাৰী – পৰিবহন,উদ্যোগ আৰু বানিজ্য, স্কীল ডেভলপমেন্ট,সংখ্যালঘু উন্নয়ন ।

৬. পৰিমল শুক্লবৈদ্য – বন আৰু পৰিবেশ,মীন, আবকাৰী ।

৭. কেশৱ মহন্ত – স্বাস্থ্য আৰু পৰিয়াল কল্যান, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য- প্ৰযুক্তি ।

৮. ৰনোজ পেগু – শিক্ষা, ভৈয়াম জনজাতি উন্নয়ন ।

৯. অশোক সিংঘাল – গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন ।

১০. যোগেন মোহন – ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা,পাহাৰ অঞ্চল উন্নয়ন, খনি ।

১১. সঞ্জয় কিষাণ – চাহ জনজাতি উন্নয়ন, শ্ৰম আৰু নিয়োগ ।

১২. অজন্তা নেওগ – বিত্ত আৰু সমাজ কল্যান ।

১৩. পীয়ুষ হাজৰিকা – জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা ।

১৪. বিমল বৰা – ক্ৰীড়া আৰু যুৱ কল্যান, সংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন ।

হিমন্ত বিশ্ব শৰ্মাৰ ১৫ বছৰ তৰুণ গগৈৰ শাসন কালত বিভিন্ন বিভাগৰ মন্ত্ৰী আছিল । তাৰ ভিতৰত গুৰুত্বপূৰ্ণ স্বাস্থ্য,শিক্ষা আৰু বিত্ত বিভাগ তেওঁ চম্ভালিছিল । ২০১১ চনৰ পৰা ২০১৪ চনলৈ তেওঁ বিত্ত বিভাগৰো দায়িত্বত আছিল কংগ্ৰেছৰ শাসন কালত ।

২০১৬ চনত বিজেপি শাসনলৈ অহাৰ পিছত স্বাস্থ্য,শিক্ষা আৰু বিত্ত বিভাগ তেওঁ চম্ভালিছিল, লোকনিৰ্মান বিভাগৰো দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা । ২০২১ত সৰ্বানন্দ সোণোৱালৰ স্থানত মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লয় হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হৈয়ে তেওঁ নিজৰ হাতত লোক নিৰ্মান বিভাগৰ দায়িত্ব ৰাখে যদিও স্বাস্থ্য বিভাগ এৰি দিয়ে কেশৱ মহন্তক । আনহাতে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰে ৰনোজ পেগুক । ইফালে ৰাজ্যৰ দুৰ্বল আৰ্থিক অবস্থা,কোৰোনাৰ সংহাৰ ৰূপ আদি পৰিবেশৰ মাজত অন্যতম প্ৰত্যাহ্বানমূলক বিত্ত বিভাগৰ দায়িত্ব দিলে অজন্তা নেওগক ।

অজন্তা নেওগ অসমৰ ৰাজনীতিত পৰিচিত নাম । তৰুণ গগৈৰ শাসন কালত তেতিয়াৰ গড়কাপ্তানি বিভাগৰ দায়িত্ব চম্ভালিছিল নেওঁগে । ২০২০ ৰ ডিচেম্বৰত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল নেওঁগে । গোলাঘাট সমষ্টিৰ পৰা ২০২১ৰ নিৰ্বাচনত বিতোপন শইকীয়াক ৯৩২৫ টা ভোটত পৰাস্ত কৰি পঞ্চম বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল নেওঁগ ।

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত বিত্ত মন্ত্ৰী ৰূপে স্থান লাভ কৰা অজন্তা নেওগ ২০০১ চনত প্ৰথম বিধানসভালৈ নিৰ্বাচিত হৈছিল । সেইবাৰ তেওঁ ১০ সহস্ৰাধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল । তাৰ পিছত ২০০৬ চনতো অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল নেওঁগ ।

২০১১ চনত ৪৬১৭১ টা ভোটৰ ব্যৱধানত বিধানসভালৈ নিৰ্বাচিত হোৱা অজন্তা নেওঁগৰ স্বামী আছিল কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা । এইগৰাকী বিধায়িকাক বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াতো অতি তৎপৰ্যপূৰ্ণ । তেওঁৱেই ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী ।

বিত্তমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা আন সকল বিত্ত মন্ত্ৰী আছিল – ১৯৫২ চনৰ পৰা ১৯৫৩ চনলৈ, ১৯৫৬-৫৭লৈ মতিৰাম বৰা, ১৯৫৯-৬০ আৰু ১৯৬৫ – ৬৬লৈ ৰাজ্যৰ বাজেট দাখিল কৰিছিল ফকৰুদ্দিন আলী আহমেদে ।

নৰেন্দ্ৰ মোডীয়েও দিল্লীত দেশৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী ৰূপে নিৰ্মলা সীতাৰমনক দায়িত্ব দিছিল । ভাৰতত ১৮৬০ চনত প্ৰথম বাজেট অধিবেশন আৰম্ভ হৈছিল । ইংৰাজ শাসনকালত জেমছ উইলচনে বিত্ত মন্ত্ৰী হিচাপে ১৮৬০ চনৰ ৭ এপ্ৰিলত বাজেট দাখিল কৰিছিল ।

অসমত চৈয়দ চাদুল্লাই ১৯৩৭ চনৰ ৩ আগষ্টত দাখিল কৰিছিল বাজেট । স্বাধীনতাৰ পিছত বিষ্ণুৰাম মেধীয়ে বিত্তমন্ত্ৰী হিচাপে ১৯৪৮ চনৰ ১১ মাৰ্চত বাজেট দাখিল কৰি স্বাধীনত্তোৰ অসমৰ প্ৰথম গৰাকী বাজেট দাখিল কৰা মন্ত্ৰী আছিল ।

কামাখ্যা প্ৰসাদ ত্ৰিপাঠীয়েও বিত্ত বিভাগৰ দায়িত্ব গ্ৰহন কৰিছিল । হিতেশ্বৰ শইকীয়াৰ শাসন কালত জীৱকান্ত গগৈয়ে এই দায়িত্ব পালন কৰিছিল । প্ৰফুল্ল মহন্তৰ শাসন কালচোৱাত বিত্ত বিভাগ ৰাখিছিল তেওঁৰ নিজৰ হাতত ।

নতুন স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা কেশৱ মহন্তৰো এক দীৰ্ঘ দিনীয়া ৰাজনৈতিক পৰিক্ৰমা আছে । ১৯৫৯ৰ ৬ জুলাইত জন্মগ্ৰহন কৰা কেশৱ মহন্তই ১৯৯৬ ত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল । অসম গণ পৰিষদৰ কাৰ্যকাৰী সভাপতিৰ দায়িত্বত থকা মহন্ত ২০০৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ।

সোণোৱাল চৰকাৰৰ কাৰ্যকালত জলসম্পদ বিভাগৰ মন্ত্ৰী ৰূপে দায়িত্বত থকা মহন্তক হিমন্ত বিশ্ব শৰ্মাই এই স্বাস্থ্যৰ দৰে অতিকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পন কৰিছে । আনহাতে শিক্ষা বিভাগ হিমন্ত বিশ্ব শৰ্মাই কাৰ হাতত গটাব তাক লৈও চৰ্চা হৈছিল ।

এই বিভাগৰ দায়িত্ব অৱশেষত অৰ্পন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰনোজ পেগুৰ হাতত । ৫৯ বছৰীয়া ৰনোজ পেগু এক সংগ্ৰামী সত্ত্বাৰ মাজেৰে ৰাজ্যৰ ৰাজনীতি আত্মপ্ৰকাশ কৰি ২০২১ চনৰ নিৰ্বাচনত ধেমাজি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছিল ।

স্বাস্থ্য,শিক্ষা আৰু বিত্ত বিভাগ লাভ কৰা শৰ্মা মন্ত্ৰী সভাৰ তিনিগৰাকী মন্ত্ৰীৰ বাবে ভবিষ্যতৰ দিনবোৰ হ'ব অন্ত্যন্ত প্ৰত্যাহ্বান মূলক । কোৰোনাৰ মাজতে এই তিনিওটা বিভাগ চম্ভালিবলৈ যথেষ্ট সমস্যা আৰু প্ৰত্যাহ্বানে ধৰা দিব । অবশ্যে মুখ্যমন্ত্ৰীয়ে নিজে এই তিনি বিভাগ সূচাৰু ৰূপে চলাই অহাৰ পিছত তিনি গৰাকী মন্ত্ৰীকে মুখ্যমন্ত্ৰীৰ অভিজ্ঞতাক সম্ভল কৰি আগবঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in