আহি আছে বাৰিষা, ফিল্মফেয়াৰত ২৩ কোটি দিয়া চৰকাৰে আকৌ নক’ব- ‘বান পীড়িতৰ বাবে দান দিয়ক…’

আহি আছে বাৰিষা, ফিল্মফেয়াৰত ২৩ কোটি দিয়া চৰকাৰে আকৌ নক’ব- ‘বান পীড়িতৰ বাবে দান দিয়ক…’

মৃদুল কুমাৰ সন্দিকৈ

ফিল্মফেয়াৰ অনুষ্ঠান ভাল হৈছে। অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই এই অনুষ্ঠান সফল কৰাৰ বাবে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান হেনো মুম্বাইতকৈ অধিক সফল হৈছে। এই দাবী জয়ন্তমল্ল বৰুৱাৰ।

গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানটোত যিমান সংখ্যক বলীউডৰ তাৰকাৰ সমাবেশ ঘটিল, মুম্বাইতো হেনো ইমান তাৰকাৰ সমাৱেশ নঘটে। সন্তুষ্টি প্ৰকাশ কৰি পৰ্যটন নিগমৰ অধ্যক্ষগৰাকীয়ে যুক্তি দিলে- ২৩ কোটি টকা ৰাজ্য চৰকাৰৰ ধন ব্যয় হ'লেও অসম চৰকাৰে ইয়াৰ বহু মূল্য পালে এই অনুষ্ঠানটোৰ জৰিয়তে।

জয়ন্তমল্ল বৰুৱাই দাবী কৰাৰ দৰে অসমৰ বিহু, আন জাতি-জনগোষ্ঠীৰ নৃত্য, সংস্কৃতি ফিল্মফেয়াৰ অনুষ্ঠানটোৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি ২০০ কোটিৰো অধিক লোকে দৰ্শন কৰিলে। পৰ্যটন বিভাগৰ বিজ্ঞাপন 'কালাৰ্ছ'ৰ দৰে চেনেলে বাৰে বাৰে সম্প্ৰচাৰ কৰি অসমৰ পৰ্যটন খণ্ডক বহু আগুৱাই লৈ গ'ল।

'কা' বিৰোধী আন্দোলনৰ মাজতে এই অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ কিছু সংশয়ৰ সৃষ্টি হ'লে এতি সূচাৰুৰূপে অনুষ্ঠানটো অনুষ্ঠিত হৈ গ'ল। অসমৰ গঁড়ৰ প্ৰতীকত উঠি বৰুণ ধাৱানে কৰা নৃত্যকো এক উল্লেখযোগ্য দিশ বুলি ক'লে জয়ন্তমল্ল বৰুৱাই।

এই অনুষ্ঠানটোত অসমৰ প্ৰায় সংখ্যক গৰিষ্ঠ শিল্পীয়ে অংশ লোৱা বুলি উল্লেখ কৰি জয়ন্তমল্ল বৰুৱাই এই শিল্পীসকলৰ তালিকাও আওৰালে। সেই তালিকাত জুবিন গাৰ্গ, চেতনা দাস, প্ৰাঞ্জল শইকীয়া, কৃষ্ণমণি নাথ, গায়ত্ৰী মহন্ত আদিৰ নাম আওৰালে।

ফিল্মফেয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ নামত চৰকাৰী ধন ব্যয় কৰাক লৈ সমালোচনাৰ সৃষ্টি হৈছে। তেনে সমালোচনাৰো উত্তৰ দি পৰ্যটন নিগমৰ অধ্যক্ষগৰাকীয়ে এই অনুষ্ঠানটোৰ পৰা অসমৰ কি লাভালাভ হৈছে বা হ'ব, তাৰ যুক্তি দৰ্শালে।

ডেৰ শতাধিক অসমীয়া শিল্পীয়ে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত অসমৰ প্ৰায় ৩০টা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিলে। এইবোৰ ভাল কথা। ফিল্মফেয়াৰ অনুষ্ঠান পতাৰ নাম অসমৰ ধন অসমত ৰৈ গ'ল বুলি তেওঁ যুক্তিও দিলে। ফাইভ ষ্টাৰ হোটেলৰ ৮০০ টা কোঠাত বলীউডৰ ষ্টাৰ থকা, অসমৰে বিলাসী গাড়ী ব্যৱহাৰ কৰা, স্বেচ্ছাসেৱক সকলক দিয়া ধন অসমতে থাকি গ'ল বুলি ক'বলৈ নাপাহৰিলে।

বলীউডৰ ষ্টাৰ আহিলেই যদি অসমৰ পৰ্যটন খণ্ডৰ বিকাশ সম্ভৱ হয়, তেনেহ'লে সেয়া আদৰণীয়। বলীউডমুখী হৈ পৰ্যটন খণ্ডক উদ্ধাৰ কৰিব খোজা জয়ন্তমল্ল বৰুৱাই কিছুদিনৰ পূৰ্বে ইউৰোপলৈ এটা দল লৈ গৈও ৰাজ্যৰ পৰ্যটন খণ্ড সন্দৰ্ভত প্ৰচাৰ চলোৱাৰ চেষ্টা চলাইছিল।

প্ৰিয়ংকা চোপ্ৰাৰ অধ্যায় অৱশ্যে এতিয়া অতীত হ'ল। ইয়াৰ পৰা অসমৰ কি লাভ হ'ল, সেয়া পৰ্যটন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলেহে ভালদৰে গম পাব। কিন্তু অসমৰ ৰাইজৰ দৃষ্টিত বলীউডৰ মোহত পৰি বৰ বৰ প্ৰচাৰেৰে অসমৰ পৰ্যটন খণ্ডক উদ্ধাৰ কৰাৰ এই চেষ্টা সফল হৈছে বুলি ধৰা দিয়া নাই।

ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত বলীউডৰ কোন কোন তাৰকা আহিছিল, সেইসকলৰ নামবোৰো ঘোষণা কৰিবলৈ তেওঁ নাপাহৰিলে। অক্ষয় কুমাৰ, ৰণবীৰ সিং, আলিয়া ভাট, বৰুণ ধাৱান, কৰণ জোহৰ, বিকি কৌশল, মাধুৰী দিক্ষীত, ভূমি পাডনেকাৰ, গোৱিন্দা, অনুৰাধা পড়োৱাল, অনন্যা পাণ্ডে, উৰ্বশী ৰাউটেলা আদি বলীউডৰ চুপাৰষ্টাৰেৰে ভৰি পৰিছিল গুৱাহাটী।

সৰুসজাই ষ্টেডিয়াম কেইটামান ঘণ্টাৰ বাবে মিনি বলীউড সদৃশ হৈ পৰিছিল। সেই অনুষ্ঠানত উপস্থিত থকাসকলে ৰঙীন পোহৰৰ মায়াজালৰ মাজত, বলীউডৰ ষ্টাৰ সকলৰ কাষত থাকি মুহূৰ্তৰ বাবে হয়তো অনুভৱেই কৰিব পৰা নাছিল এইখন গুৱাহাটী নে মুম্বাই।

এই অনুষ্ঠানটোৰ আঁত ধৰিবলৈ অহা কৰণ জোহৰ আৰু বিকি কৌশল উঠি আহিছিল মঞ্চলৈ এখন অট'ত। সেই অট'খনো সজোৱা হৈছিল জাপিৰে। যিয়ে অসমীয়াৰ কৃষ্টিৰ এক পৰিচয় বহন কৰিছিল। তাতেই আমাৰ সন্তুষ্টি!

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ভূপেন হাজৰিকা, 'দেৱদাস'ৰ দৰে তেতিয়াই ছবি নিৰ্মাণ কৰা প্ৰমথেশ বৰুৱাক স্মৰণ কৰি আৰম্ভ কৰা এই অনুষ্ঠানটোত বলীউডৰ নামী দামী ষ্টাৰসকলে বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে অসমৰ বিহু, সত্ৰীয়া নৃত্য আৰু জনগোষ্ঠীয় নৃত্যৰ সমাহাৰ ঘটিছিল ফিল্মফেয়াৰৰ মঞ্চত। অৱশ্যে এই সমগ্ৰ কাৰ্যসূচীৰ মুঠ সময় আছিল প্ৰায় ৯ মিনিট!

ফিল্মফেয়াৰ এৱাৰ্ড, ২০২০ৰ মঞ্চত আইমী বৰুৱাৰ বিহুৱে বৰ বিশেষভাৱে দৰ্শকক আকৰ্ষণ কৰিব পাৰিলে বুলি মনে নধৰে। বিহুৰ উপস্থাপনৰ শৈলী যিয়েই নহওক, সি যে মনোগ্ৰাহী নহ'ল, সেই চৰ্চা বিভিন্নজনে ছ'চিয়েল মিডিয়াত ইতিমধ্যে কৰিছে। বিহুক ইয়াতকৈ আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজন আছিল বুলি বিভিন্নজনে মন্তব্য কৰিছে।

সত্ৰীয়া নৃত্যৰ যি অনুষ্ঠান পৰিৱেশন কৰা হৈছিল, সেয়া আছিল এক ইতিবাচক সংযোগ। গুৰুজনাৰ অনুপম আৰু অমৰ সৃষ্টি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিলে গায়ত্ৰী মহন্ত আৰু সেউজপ্ৰিয়া গোস্বামীয়ে। ৰাষ্ট্ৰীয় স্তৰৰ দূটা কাৰ্যক্ৰমত কম দিনৰ ব্যৱধানত একেই দুগৰাকী শিল্পীয়ে একেটা সত্ৰীয়া নৃত্য পৰিৱেশন কৰা কথাটো অৱশ্যে পৰ্যটন বিভাগ বা আন কাৰ্যকৰ্তাসকলে মন নকৰিলে। কিয়নো খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত পৰিৱেশন কৰা অনুৰূপ সত্ৰীয়া নৃত্যটিয়েই হয়তো ফিল্মফেয়াৰ এবাৰ্ড অনুষ্ঠানতো পৰিৱেশন কৰা হ'ল।

এই অনুষ্ঠানলৈ অহা ঊষা উত্থুপে আবেগিক ভাৱে ভূপেন হাজৰিকাক সুঁৱৰিলে। ক'লে- অসম তেওঁৰ কিমান আপোন। আওৰালে অসমীয়া গীতৰ কলিও। একেদৰে আলিয়া ভাটৰ মুখতো শুনা গ'ল ভূপেন হাজৰিকাৰ 'দিল হম হম কৰে'ৰ কিছু শাৰী।

বিমান বন্দৰত উপস্থিত হৈ ৰণবীৰ সিঙে বিহু নচাৰ দৃশ্য, কবীৰ বেদীয়ে অসমৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কোৱা কথাবোৰ নিশ্চিতভাৱে আশাব্যঞ্জক। অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈ 'কি খবৰ' বুলি সোধা বা বলীউডৰ আন ষ্টাৰ সকলৰ মুখত অসমীয়াৰ দুই এটা মাত কথাতে আমি আত্ম সন্তুষ্টিত বুৰ যাম নে পৰ্যটন খণ্ডৰ বিকাশৰ বাবে সঁচা অৰ্থত বাস্তৱধৰ্মী পদক্ষেপ গ্ৰহণ কৰিম, তাত অৱশ্যে দ্বিমত থাকি যায়।

কেইবা কোটি টকাৰ বিজ্ঞাপন সম্প্ৰচাৰ কৰিলেই পৰ্যটন খণ্ডৰ বিকাশ সম্ভৱ নে? অসম এনে এখন ৰাজ্য, পৰ্যটনৰ ক্ষেত্ৰত বহু সম্ভাৱনা থকাৰ পাছতো ইয়াৰ সুযোগ অসমে গ্ৰহণ কৰিব পৰা নাই। বিশ্ববিখ্যাত কাজিৰঙা আৰু কামাখ্যা মন্দিৰক লৈয়ে পৰ্যটন ক্ষেত্ৰখনৰ বহু সম্ভাৱনাৰ বাট মুকলি হয়। আনবোৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা ক্ষেত্ৰ বা স্থানৰ উন্নয়ন কিদৰে হৈছে সেয়াও ভাৱিবলগা।

ফিল্মফেয়াৰ এৱাৰ্ডলৈ আহি বলীউডৰ প্ৰতিজন ষ্টাৰে আন নহ'লেও কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে ঢাপলি মেলিলে। উৰ্বশী ৰাউটেলাৰ দৰে নতুন প্ৰজন্মক মুহিত কৰি ৰখা অভিনেত্ৰীয়ে পৰম্পৰাগত অসমীয়া মেখেলা চাদৰ পিন্ধি কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে গ'ল। কন্যাক লগত লৈ গোৱিন্দাই মা কামাখ্যাৰ আশীৰ্বাদ ল'লে।

ফিল্মফেয়াৰৰ আৰু পৰ্যটন খণ্ডৰ বিকাশৰ কথা সকলে এইবোৰ দিশ হে মন কৰিব লাগে। কোন আহিল, কোন নাহিল, মুম্বাইতকৈ ভাল হ'ল নে বেয়া হ'ল সেইবোৰ কেৱল আত্ম সন্তুষ্টিৰ এক প্ৰয়াস। এবছৰ পূৰ্বে অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ অনুষ্ঠানত কোন কোন উপস্থিত আছিল, সেয়া চাই অসমলৈ কোন কোন আহিল তাৰ তালিকাখন তুলনা কৰিলেই বাকীবোৰ ওলাই পৰে।

অসমৰ দৰে এখন ৰাজ্যত এনে এক অনুষ্ঠান অনুষ্ঠিত কৰিব পৰাটো নিশ্চিতভাৱে ভাল কথা। কিন্তু কোটি কোটি টকা ব্যয়ৰে সেই অনুষ্ঠান অনুষ্ঠিত কৰি আত্মসন্তুষ্টিত বুৰ গৈ থকাসকলে এই কথাও মনত ৰখা ভাল- বলীউডমুখী প্ৰৱণতাৰে সকলোতে উন্নয়ন আৰু সফলতাৰ মাপ নিৰ্ণয় কৰিব নোৱাৰি।

নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা আন্দোলনৰ নেতৃত্ব লোৱা জুবিন গাৰ্গো উপস্থিত আছিল এই অনুষ্ঠানত। শিল্পীজনৰ মতে, ক্ৰীড়া আৰু সংস্কৃতিক এৰাই চলিব নোৱাৰি। সেয়ে তেওঁ অনুষ্ঠানত যোগ দিয়াৰ সপক্ষে যুক্তি দি ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত থাকিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক সাক্ষাৎকাৰত কিছুদিনৰ পূৰ্বে সমালোচনাৰে থকাসৰকা কৰিছিল জুবিন গাৰ্গে।

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল জুবিন গাৰ্গে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কোৱা সেই বক্তব্য- '… তাৰ পিছত ক্ষমা খোজা নাই, কৈছে আমাক কিয় একাষৰীয়া কৰিলে… অ আই…।' সেই জুবিন গাৰ্গে ফিল্মফেয়াৰ অনুষ্ঠানলৈ গৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ভাইৰেল হোৱা এখন ফটোক লৈ চৰ্চা চলিছে। অৱশ্যে এয়া এজন শিল্পীৰ ব্যক্তিগত সম্পৰ্কৰ বাবে সৌজন্যতাবোধ ৰক্ষা কৰি তেওঁক মাত দিয়া বুলি জুবিনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ফিল্মফেয়াৰ অনুষ্ঠান অনুষ্ঠিত হৈ থকাৰ সময়তে আজাৰাত আৰক্ষীয়ে আটক কৰিছিল মানস ৰবীনক। মানস ৰবীনে ফিল্মফেয়াৰলৈ অহা বলীউডৰ ষ্টাৰ সকলক উদ্দেশ্যি পোষ্টাৰ প্ৰদৰ্শন কৰিছিল। সেই অপৰাধতে আটক কৰা হৈছিল মানস ৰবীনসহ আন ১৫ গৰাকী 'কা' বিৰোধী প্ৰতিবাদকাৰীক।

আৰক্ষীয়ে আটক কৰি থানাত ভৰাই থলেও বলীউডৰ ষ্টাৰ সকলৰ সন্মুখত মানস ৰবীনে সাব্যস্ত কৰা এই প্ৰতিবাদে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিলে। ইফালে মানস ৰবীনৰ এনে প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জুবিন গাৰ্গে মানস ৰবীনে কাক সুধি এই প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলি কৰা মন্তব্যইও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জুবিনে কৰা এই মন্তব্যৰ সন্দৰ্ভত মানস ৰবীনে অৱশ্যে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

ফিল্মফেয়াৰৰ টিকট বিচাৰি এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। আনকি আমন্ত্ৰণ পত্ৰৰ সৈতে প্ৰেৰণ কৰা প্ৰৱেশ পত্ৰ ভুৱা বুলি প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক। সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিশ্বজিৎ দৈমাৰীয়ে ক'লে- 'ফিল্মফেয়াৰ অনুষ্ঠান অসমলৈ মৰমত অহা নাই, অসম চৰকাৰে বহু পইছা দিয়া বাবে আহিছে, বেপাৰ কৰিবলৈ আহিছে।'

এই মেগা ইভেণ্ট অন্ত পৰাৰ পাছত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই যুক্তি দৰ্শাই ইয়াৰ পৰা কি সুফল লাভ কৰিলে, তাৰ ব্যখ্যা ইতিমধ্যে আগবঢ়ালে। ২৩ কোটি টকা ব্যয়ৰে ফিল্মফেয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত অসমে কি সুফল পালে তাৰ উত্তৰ ভৱিষ্যতে সময়ে দিব।

কিন্তু এইখিনিতে এটা কথা মনলৈ অহাটো স্বাভাৱিক। ২০১৯ বৰ্ষত অসমত বান পৰিস্থিতি ভয়াবহ হৈছিল। মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে তাণ্ডৱ চলাইছিল। সেই সময়ত বানাক্ৰান্তক সাহায্য দিবলৈ চৰকাৰৰ হাতত পৰ্যাপ্ত পুঁজি নাছিল। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিজ্ঞাপন বা আন প্ৰচাৰ মাধ্যমযোগে বানাক্ৰান্তক সাহায্যৰ বাবে মুক্ত হস্তে দান-বৰঙণি আগবঢ়াবলৈ অনুৰোধ কৰিছিল।

সেয়া বৰ বেছি দিনৰ কথা নহয়। মাত্ৰ ৮-৯ মাহৰ আগৰ কথা এয়া। আৰু ২-৩ মাহৰ পাছতে ৰাজ্যত বাৰিষাৰ বতৰ আৰম্ভ হ'ব। ইশ্বৰে নকৰক, এই বছৰো বানে ৰাজ্যত সংহাৰ ৰূপ ধাৰণ কৰক। যদি বান পৰিস্থিতি ২০২০ বৰ্ষতো ২০১৯ৰ অনুৰুপ হয়, আৰু বানাক্ৰান্তক সাহায্য আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে পুনৰ দান-বৰঙণি বিচাৰে, তেন্তে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী বা এই চৰকাৰ ৰাইজৰ ৰোষত পৰিব। ২৩ কোটি টকা ব্যয়ৰে ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান পাতিব পৰা চৰকাৰে বানৰ সময়ত বানাক্ৰান্তক এমুঠি চাউল বা দাইল দিব নোৱাৰিলে ৰাইজ ক্ষুব্ধ হোৱাটোৱেই স্বাভাৱিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in