কোভিড কালৰ শূন্য ৰাজপথৰ গদ্য…

কোভিড কালৰ শূন্য ৰাজপথৰ গদ্য…

মৃদুল কুমাৰ সন্দিকৈ

প্ৰায় শূন্য গুৱাহাটীৰ ৰাজপথ । কোভিডৰ ভয় আৰু আৰক্ষীৰ কাঢ়া দৃষ্টিত ছন্দপতন হোৱা মহানগৰীৰ ব্যস্ত জীৱন । তাৰ মাজতো দুই এক লোকৰ আহ-যাহ ৰাজপথত । অতি ব্যস্ত মহানগৰীত এতিয়া কোনো ব্যস্ততা নাই ।

কোভিডৰ বাবে সলনি হৈছে প্ৰায় প্ৰতিদিনে নিয়ম । প্ৰশাসনে বাৰে বাৰে সলাইছে কোভিড প্ৰট'কল । লকডাউন নিদিলেও ঠিক তেনে এক পৰিবেশ । পুৱা ৫ বজাৰ পৰা পুৱা ১১ বজালৈ খোলা দোকান-পোহাৰ ।

মানুহ ওলাইছে সেই নিৰ্দিষ্ট সময়ত । পুৱতি নিশা মুখ্যমন্ত্ৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ কোভিড ৰোগীৰ চিকিৎসাৰ বুজ লৈছে । বিধায়ক মন্ত্ৰীয়েও নিজ নিজ স্থানত চিকিৎসা ব্যৱস্থাৰ তদাৰক কৰিছে ।

দিনে নিশাই আৰক্ষীয়ে তহল দিছে ।মানুহ বোৰে সকলো বুজিও যেন কি কৰিব বুজিব নোৱাৰৰ এক পৰিবেশ । তাৰ মাজত দুই – একে কোভিড প্ৰট'কললৈ পিঠি দি ওলাই আহিছে । ইয়াৰ মাজত এনে লোকো আছে যি সকলে বাহিৰলৈ ওলাই অহাৰ কোনো কাৰণ নাই । কাৰণ নথকাতোৱেই তেওঁলোকৰ বাবে কাৰণ ।

মাইকেল জেকচনৰ সেই গীতটো আজি কোনোৱাই আওৰালে তাৰ মাজতে যেন বৰ্তমানৰ পৰিবেশ ফুটি উঠে । "Heal the world"

(Think about um, the generations
And ah, say we want to make it a better place for our children
And our children's children so that they, they
They, they know it's a better world for them
And think if they can make it a better place)

উম, প্ৰজন্মৰ বিষয়ে চিন্তা কৰক । আৰু কওঁক আমি ইয়াক আমাৰ সন্তানৰ বাবে ভালঠাই কৰিব বিচাৰো । আমাৰ ল'ৰা ছোৱালী বোৰে যাতে সিহতে জানে এই সুন্দৰ পৃথিবী তেওঁলোকৰ বাবে । আৰু ভাবক, যদি তেওঁলোকে ইয়াক এক ভাল ঠাই ৰূপে পৰিগনিত কৰিব পাৰে ।

বিশ্ব বিখ্যাত মাইকেল জেকচনৰ এই গীতটো স্বতফূৰ্ত ভাবে এজনী সৰু ছোৱালীয়ে গাই থাকিলে কেনে অনুভৱ হ'ব । কোভিডৰ বাবে হেনো তাই গাইছে এই গীত – There's a place in your heart/
And I know that it is love/And this place it was brighter than tomorrow/
And if you really try/You'll find there's no need to cry/In this place you'll feel there's no hurt or sorrow /

আপোনাৰ হৃদয়ত এক ঠাই আছে । মই জানো যে এয়া প্ৰেম । এই ঠাইখন কালিতকৈ অধিক উজ্জ্বল আছিল । আৰু যদি আপুনি সঁচাকৈ চেষ্টা কৰে আপুনি দেখিব কন্দাৰ কোনো প্ৰয়োজন নাই । আপুনি অনুভৱ কৰিব কোনো দুখ বা আঘাত নাই ।

গীতৰ সেই কথাবোৰ বৰ মন চুই যোৱা । সৰু ছোৱালী জনীয়ে গাই গৈছিল – There are ways to get there/If you care enough for the living/Make a little space/Make a better place /Heal the world/Make it a better place/For you and for me, and the entire human race /

তালৈ যোৱা উপায় আছে । যদি আপুনি জীৱিত সকলৰ বাবে পৰ্যাপ্ত যত্ন লয় । অকনমান ঠাই বনাওক,এখন ভাল ঠাই বনাওক । পৃথিৱীখনক আৰোগ্য কৰক । এইখনক এখন ভাল ঠাই ৰূপে তৈয়াৰ কৰক । আপোনাৰ বাবে,মোৰ বাবে আৰু সমগ্ৰ মানৱ জাতিৰ বাবে ।

তাই গাই গৈছিল – There are people dying/If you care enough for the living/
Make a better place for you and for me/If you want to know why/
There's love that…/

তাত মানুহ মৰি আছে । যদি জীবিত সকলৰ বাবে আপুনি পৰ্যাপ্ত যত্ন লয় । আপোনাৰ বাবে,মোৰ বাবে এখন ভাল ঠাই বনাওক । যদি আপুনি জানিব বিচাৰে কিয়, প্ৰেম আছে…

কি অৰ্থৱহ গীতটো যি এই সময়ত শুনিছে । তেওঁহে উপলব্ধি কৰিব পাৰে কিমান আশাত,সুদিনৰ প্ৰতিক্ষাত আমি ৰৈ আছো । আৰক্ষীয়ে যদি কৰ্তব্য কৰিছে, সাধাৰণ লোকে জীৱন জীবিকাৰ কথা ভাবিছে । য'ত মৃত্যু কেতিয়াবা উপেক্ষিত হয় ।

আৰক্ষী কঠোৰ হওক । সেই কঠোৰতা কেবল লাঠিৰ ভাষা হ'ব নোৱাৰে । সাধাৰণ লোক সকলো সতৰ্ক হওঁক । সহযোগিতা সকলো পক্ষৰে লাগিব । এই যুঁজ আমি একেলগ হৈ এখন ধুনীয়া পৃথিবী সন্ধান কৰাৰ যুঁজ ।

মৃত্যু কাৰোৱেই কাম্য নহয় । কিন্তু অৱশ্যাম্ভী । সময়ৰ কঠিন বাস্তৱত সকলো আজি গৌন । প্ৰশাসনে গ্ৰহন কৰা কঠোৰ পদক্ষেপ বোৰ জন কল্যানকামী । এয়া বৰ্বৰ বা আইন শংখলাজনিত পৰিস্থিতিৰ বাবে জাপি দিয়া নিয়ম নহয় ।

সেই কঠোৰ বাস্তৱৰ মাজেৰে অতিবাহিত হোৱা সময়ৰ ফাকেৰে আগবাঢ়ি যাওঁতে দেখা পোৱা এক দৃশ্যই মনৰ ভিতৰত বহু কথা দোলা দি গ'ল । মানুহ থিয় হ'বলৈ ঠাই নহোৱা মহানগৰীৰ ৰাজপথৰ দৃশ্য আছিল এয়া । কোভিড আহিছে কেৱল মানুহৰ বাবে ।

গুৱাহাটী এতিয়া আমাৰ…

বাট – পথত আজি মানুহ নাই । কেইটামান গৰুৱে চানমাৰি অনুৰাধা চিনেমা হ'লৰ ডিভাইডাৰ এটাত নিচিন্ত মনে ঘাঁহ খাই আছে । বাৰিষাৰ বৰষুণত ঠন ধৰি উঠা বনবোৰ পাগুলিয়াই থকা গৰু কেইটাক বাধা দিব কোনো নাই ।

সেই দৃশ্য দেখি মনলৈ ভাৱ আহিল আজি যেন এই ইত প্ৰানীৰ বুজাই দিছে – গুৱাহাটী খন আমাৰো । পৃথিৱী খন কেৱল মানুহৰ নহয় আন জীৱ- জন্তুৰো । কেতিয়াবা এনে এক পৰিস্থিতিয়ে আমাৰ চিন্তা চেতনাত নেতিবাচক বাৰ্তাৰ মাজতে দি যায় ইতিবাচক বাৰ্তা । এতিয়া কেবল অপেক্ষা,কোৰোনা যাব কেতিয়া…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in