আকৌ আহিব কেতিয়া কোৰোনা…

আকৌ আহিব কেতিয়া কোৰোনা…

মৃদুল কুমাৰ সন্দিকৈ

কোৰোনা গ'লগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মৰ্মে ১৫ ফেব্ৰুৱাৰী ২০২২ৰ পৰা কোৰোনাই বিদায় ল'লে। কোভিডৰ সকলো বাধা-নিষেধ আঁতৰিল। কোৰোনা আৰু নাই। এইয়া ভাল খবৰ। কোৰোনাই ৰাইজক বৰ জুৰুলা কৰিলে। সকলোৱে ভয় কৰে কোৰোনাক।

সাধাৰণ লোকৰ জীৱন ধাৰণেই সলনি কৰি দিলে কোৰোনাই। কোটি কোটি লোক দেশত নিবনুৱা হ'ল। আত্ম সংস্থাপনৰ বাট বহুতৰে বন্ধ হৈ পৰিল। কোৰোনাৰ এই ক্ষতি কেতিয়ালৈ পূৰণ হ'ব সেইয়া কোনেও নাজানে। দেশত নতুনকৈ কোটি কোটি লোক দৰিদ্ৰ সীমা ৰেখাৰ তললৈ গ'ল।

আহোঁ বুলি আহে নেকি কোৰোনা? মানুহৰটো এতিয়া তেনেই ধাৰণা। আহ বুলি ক'লে আহে, যা বুলি ক'লে যায়। ক্ষমতাধাৰী একাংশ লোকৰ ইছাৰাত অহা-যোৱা কৰিছে নেকি কোৰোনাই! ২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে কোৰোনা হঠাৎ গুচি গৈছিল। ইয়াৰ পূৰ্বে কোৰোনাক লৈ কিমান জটিলতাৰ সৃষ্টি হৈছিল, লকডাউন, কোভিড বিধি, কত কি নিয়মৰ সন্মুখীন হ'বলগীয়া হৈছিল সাধাৰণ ৰাইজ।

বিধানসভাৰ নিৰ্বাচন পাৰ হ'ল। কোৰোনা আকৌ আহিল। যেন নিৰ্বাচনৰ ভয়তে কোৰোনা পলাল। সমগ্ৰ দেশতেই সেই একেই দৃশ্যপট। নিৰ্বাচন আহিল, কোৰোনা গ'ল। ইচ্ছাকৃত ভাৱে কোৰোনাক এনেদৰে অনা-নিয়া কৰিব পাৰি নেকি? অসমতো ৬ মাৰ্চত অনুষ্ঠিত হ'ব ৮০ খন পৌৰসভা, পৌৰ নিগমৰ নিৰ্বাচন। সাজু শাসক বিজেপি।

তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে, কোৰোনা শেষ। অৰ্থাৎ নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'ব। ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো খোলা। ইমান দিনে খুলিব নোৱাৰা বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ খুলিল। বাধা-নিষেধ বুলিবলৈ এতিয়া একো নাই। উঠি গ'ল ৰাতিৰ কাৰ্ফিউ।

প্ৰতি বাৰেই নিৰ্বাচনৰ আগত কোৰোনাক চৰকাৰীভাৱে বিদায় দিয়া হয়। আকৌ প্ৰয়োজন হ'লে কোৰোনাৰ নতুন ভেৰিয়েণ্টেৰে কোৰোনাক আদৰি অনা হয়। সাধাৰণ লোকৰ ওপৰত জাপি দিয়া হয় চৰকাৰে ভবাৰ দৰে নীতি নিৰ্দেশনা। মানুহক ভয় খোৱাবলৈ কোৰোনা এতিয়া এক মাধ্যম হৈ পৰিছে নেকি?

কোৰোনাৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তো নেতা-মন্ত্ৰীৰ গাত কোৰোনাই আক্ৰমণ কৰিব নোৱাৰে। কিন্তু সাধাৰণ লোকসকলক কোৰোনাৰ শংকাৰে এনেদৰে বেৰি ধৰা হয় যাতে মৌলিক অধিকাৰৰ পৰাও তেওঁলোক বঞ্চিত হয়।

কোৰোনা কেন্দ্ৰিক এখন বৃহৎ বজাৰ ইতিমধ্যে গঢ় লৈ উঠিছে। প্ৰথম অৱস্থাত মাস্ক, চেনিটাইজাৰে সেই বজাৰ দখল কৰিছিল। চুকে-কোণে গঢ়লৈ উঠিছিল মাস্ক বনোৱা বা চেনিটাইজাৰ প্ৰস্তুত কৰা প্ৰতিষ্ঠান। বহুজাতিক প্ৰতিষ্ঠানসমূহেও এই দিন কেইটাত ভাল বজাৰ কৰিলে। তাৰ পিছত অ'ক্সিজেন, অ'ক্সিমিটাৰ, জীৱন দায়িনী বেজীৰো বজাৰ ভাল হ'ল।

শেহতীয়াকৈ কোৰোনাৰ ভেকচিন, কোৰোনা পৰীক্ষাৰ কীটছ, পি পি ই কীট আৰু আন ঔষধৰ ভাল বজাৰ এখন চলি আছে। বিশ্বজুৰি এই বজাৰখন কেইবা লাখ কোটি হ'ব। বিশ্ব অৰ্থনীতি ১০ শতাংশ এতিয়া কোৰোনা কেন্দ্ৰীক প্ৰত্যক্ষ আৰু পৰোক্ষ বজাৰ।

বাকী বহু ব্যৱসায় বাণিজ্যৰ মণ্ডা অৱস্থা। সেয়েহে কোৰোনাৰ এই বজাৰখন ইমান সহজতে শেষ হ'বলৈ দিয়া হ'বনে? পৰিস্থিতিৰ তাগিদাত কোৰোনাক ক্ষমতাত থকা সকলে আদৰিব আৰু বিদায় দিব। এই বজাৰখন চলি থকাৰ স্বাৰ্থত কোৰোনাক ইমান সোনকালে এৰি দিয়াৰ সম্ভাৱনা ক্ষীণ।

বিশ্বৰ কেইবাখনো দেশে কোৰোনাক অস্তীত্বহীন বুলি ঘোষণা কৰিছে। কিন্তু আন কিছু দেশে কোৰোনাক গুৰুত্বসহকাৰে লৈছে। কোৰোনা কি তাৰেই সঁচা অৰ্থত বিচাৰ নহ'ল। কোৰোনা নামৰ এই ভাইৰাছৰ স্বৰূপ সলনি হৈ থাকিব। তেনে ইংগিত ইতিমধ্যে দিয়া হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰোনা কেতিয়া আহিব আৰু আহিলে কি কৰিব লাগিব এই কথা তেওঁ কৈ দিম বুলি কৈছিল। একেদৰে তেওঁ কোৰোনাক বিদায়ো দিছে এতিয়া। কিন্তু কিমান দিনলৈ কোৰোনা গ'ল? পৌৰসভাৰ নিৰ্বাচনৰ পিছত কোৰোনাক আকৌ আনিব নেকি? ৰাইজে এতিয়া সেইটোহে জানিব বিচাৰিছে।

সঁচাকৈ কোৰোনাৰ নামত অহা-যোৱাৰ এক খেল কোনোবাই চলাই আছে নেকি? কেতিয়াবা জটিল ৰূপত, কেতিয়াবা কোৰোনা একোৱেই নহয় তেনে এক ভাৱত ৰাইজৰ বাবে এক ধাৰণা এৰি দিয়া হয়।সাধাৰণ ৰাইজ 'কনফিউজ'। কোৰোনা আচলতে কাৰোবাৰ হাতৰ ইছাৰাত নচা পুতলা নেকি? মাতিলে আহে, বিদায় দিলে গুচি যায়।

মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্বক থৈ কোৰোনাই বিদায় ল'লে। সাধাৰণ মানুহে ভাবিছে কোৰোনা আৰু নাহক। কিন্তু নিৰ্বাচন পাৰ হৈ গ'লে কোৰোনা আকৌ আহিব পাৰে। গতিকে সাজু থাকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in