অসহ্য! আৰু কিমান গৰম…

অসহ্য! আৰু কিমান গৰম…

♦ পলাশ জ্যোতি গগৈ

ৰ'দ নহয় যেন জুই বৰষিছে চৌপাশে। গৰমে দহিছে দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীক। কিছুদিন পূৰ্বৰ এটা দৃশ্য। এজন লোকক আৱৰি সকলোৱে তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰিছিল। ব্যক্তিজনে তেওঁ উপলব্ধি কৰা তৃষ্ণা কাকোৱে ক'ব পৰা নাছিল। দৃশ্যটো আছিল পল্টন বজাৰৰ ৰে'লৱে ষ্টেচনৰ সমীপৰ। আচৰিত হৈ পৰিছিল সকলো লোক। বেলি মাৰ যোৱাৰ সময় হৈছিল। ৰঙা বেলিটোৱে বিদায় মগাৰ ক্ষণতে শ শ ৰে'ল যাত্ৰী ৰৈ গৈছিল।

মুখত একাঁজলি পানী লৈছিল তেওঁ। হাজাৰ হাজাৰ যান বাহনৰ লগতে মানুহৰ পদধূলা পৰি থকা পানী পান কৰিছিল লোকজনে। দৃশ্যটো দেখাত তেনেই সাধাৰণ যেন লাগিলেও সেই দৃশ্যই দি গৈছিল বহুলোকে ভাবিব নোৱাৰা কিছু বতৰা। নলাৰ লেতেৰা পানীৰে তৃষ্ণা নিবাৰণ কৰা লোকজন আছিল মানসিক ভাৰসাম্যহীন লোক।

ঠিক তাৰ বিপৰীত এক দৃশ্য উৎকট গৰমৰ পৰা সাধাৰণ লোকক পৰিত্ৰাণ দিবৰ বাবে চেষ্টা কেইজনমান সেনা জোৱানৰ। তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ ৰাজপথত মিঠাই আৰু চৰবত বিতৰণ কৰাত ব্যস্ত কেইজনমান সেনা জোৱান। সকলোৰে এটাই আশা, প্ৰখৰ ৰ'দৰ পৰা পথচাৰীসকলক কিছু পৰিমাণে সকাহ দিয়া। যোৱা ৭জুনৰ পুৱাৰ ভাগৰ দৃশ্য আছিল এইয়া। ভাৰতীয় সেনা বাহিনীৰ ফিল'বাৰী শিবিৰৰ এই কাৰ্যই লাভ কৰিছিল বিশেষ চৰ্চা।

ফটো- মনোজ কুমাৰ নাথ…

এটুপি পানীৰ মূল্য এই পল্টনবজাৰৰ পদপথত বহি পানী খাই থকা লোকজনতকৈ কোনে ভালকৈ বুজিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ সমান্তৰালকৈ এনেদৰে প্ৰতিবছৰে বৃদ্ধি পোৱা গৰমে সততে চিন্তাত পেলাইছে সাধাৰণ লোকক। দেই পুৰি নিয়া উৎকট গৰমৰ পৰা সকলো লোকে বিচাৰিছে পৰিত্ৰাণ। আন আন ঠাইসমূহ বাদেই, গুৱাহাটী মহানগৰীতে বুধবাৰে ৩৬ ডিগ্ৰী পৰ্যন্ত পাইছেগৈ গৰমৰ প্ৰকোপ। গৰমৰ পৰিমাণ ইমানে বৃদ্ধি পাইছে যে, বহুলোকে ঘৰৰ পৰাই উলাবলৈ বাদ দিয়া বুলি জানিব পৰা গৈছে।

দেশৰ কিছু কিছু স্থানত গৰমৰ পৰিমাণ ইমানে বৃদ্ধি পাইছে যে, গুজৰাটৰ আহমেদাবাদত এজন লোকে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিলাসী কোৰোলা গাড়ীত গৰুৰ গোবৰৰ প্ৰলেপ সানি লোৱাও দেখা গৈছে। ছেজল শ্বাহ নামৰ লোকজনে কৰা এই কামে ছ'চিয়েল মেডিয়াত লাভ কৰিছে বিশেষ চৰ্চা। ৪৫ ডিগ্ৰী তাপমাত্ৰাৰ গৰমক প্ৰত্যাহ্বান জনাবলৈ লোকজনে লোৱা এই পদক্ষেপে দেশৰ লগতে বিদেশটো চৰ্চা লাভ কৰিছে।

সেই বিশেষ বাহনখন…

ভাৰতৰ বজাৰত ১৬.৪৫ লাখ টকাৰ মূল্যৰ Corolla Altis Toyota কোম্পানীৰ বিলাসী বাহনখনত লোকজনে সনা প্ৰলেপেই প্ৰমাণ কৰিছে কেনে গৰম তেখেতে অনুভৱ কৰিছে। গৰমৰ বাবে মাত্ৰ যে মানুহে অসুবিধাত পৰিছে তেনে নহয় বনৰ পশু-পক্ষীও গৰমৰ বাবে বহু অসুবিধাত পৰা দেখা পোৱা গৈছে। বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীতে বিভিন্ন শীতল পানীয়ৰ বিপণীত দেখিবলৈ পোৱা গৈছে বিভিন্ন লোকৰ ভিৰ। এচাটি গা-জুৰ পৰা শীতল বতাহৰ আশাত গাঁওৱে হওক বা চহৰতে হওক প্ৰতিজোপা বিশাল গছৰ তলতে দেখা পোৱা গৈছে মানুহৰ জুম।

এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকাভাকুৱেও বাৰুকৈয়ে অস্বস্তিত পেলাইছে সৰ্বসাধাৰণ লোকসকলক। গাওঁ অঞ্চলত কেতিয়াবা ২৪ ঘণ্টাৰ ভিতৰত কেৱল ৫ৰ পৰা ৬ ৭ ঘণ্টাহে বিদ্যুৎ থকা দেখা যায়। কেৱল যে গাঁৱতে তেনে পৰিৱেশ হৈছে সেয়া নহয় গুৱাহাটী মহানগৰীৰ নিজৰাপাৰৰ দৰে এলেকাতো নিশা হ'লেই ২-৩ বাৰকৈ লোডশ্বেডিং হোৱা দেখা যায়।

চৰকাৰী বিষয়ায়ো কৰে ম'মৰ পোহৰত কাম…। ফটোঃ ইন্টাৰনেট…

ক'ল্ড ড্ৰিংকচ, ডাব নাৰিকলৰ পানী অথবা কুঁহিয়াৰ ৰস পান কৰি গৰমৰ পৰা পৰিত্ৰাণ বিচৰা দেখিবলৈ পোৱা গৈছে বহুলোকক। ৩০ ডিগ্ৰী অথবা ৩২ ডিগ্ৰী পৰ্যন্ত গৰম হ'লে যি সময়ত আমি সহ্য কৰিব নোৱাৰো তেনে সময়তে দেশৰ ভিতৰতে কেইখনমান ঠাইৰ গৰমকৰ প্ৰকোপ শুনিলে আচৰিত হ'ব আপুনি। তাৰে প্ৰথম স্থানত ৰাজস্থানৰ ফালণ্ডি। ফালণ্ডিত সৰ্বোচ্চ ২০১৬ চনত গৰমৰ প্ৰকোপ ৫১ ডিগ্ৰী পৰ্যন্ত হোৱা দেখা গৈছে। যোধপুৰত অৱস্থিত চহৰখনত বৰষুণ প্ৰায়ে হোৱা দেখা নাযায়।

ঠিক তেনেদৰে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত ২০১৮ চনত উষ্ণতা বৃদ্ধি হৈ হৈছিলগৈ ৪৬.০৩ ডিগ্ৰী ছেলচিয়াছ। ২০১৫ চনত নাগৰপুৰত গৰমৰ উত্তাপ ৪৮ ডিগ্ৰী ছোলচিয়াছ পৰ্যন্ত হৈছিলগৈ। অন্ধ্ৰপ্ৰদেশৰ ৰেন্টাচিনতালাত ২০১৪ চনত উষ্ণতা হৈছিলগৈ ৫২ ডিগ্ৰী ছেলচিয়াছ, ৰাজস্থানৰ জয়ছালমাৰত ২০১৬ চনত ৫২.০৬ ডিগ্ৰী, মধ্যপ্ৰদেশৰ খাজুৰাহ'ত ২০১৮চনত ৪৮.০৬ ডিগ্ৰী ছেলচিয়াছ হোৱা দেখা গৈছিল।

ৰাজস্থানৰ পৰিৱেশ এনেকুৱাই। ফটোঃ ইন্টাৰনেট…

ইফালে দেশত এনে কিছুমান ঠাই আছে যি সমূহ অতিপাত ঠাণ্ডা আৰু বিভিন্ন সময়ত দেশ বিদেশৰ বহু পৰ্যটকৰ সোঁত বোৱা দেখা যায়। তেনে কেইখনমান ঠাই হৈছে- হিমাচল প্ৰদেশৰ মানালীত গ্ৰীষ্ম কালটো জলবায়ু শীতল হৈ থকা দেখিবলৈ পোৱা যায়। মানালীত গ্ৰীষ্ম কালটো জলবায়ু ১০ৰ পৰা ২৫ ডিগ্ৰী ছেলচিয়াছতে থকা দেখা যায়। শিমলা, লাডাখ, আউলি, নেইনিতাল, ৰাণীখেত, নেইনিতাল, মাউন্ট আবু, কাশ্মীৰ, মুক্তেশ্ৰ ইত্যাদি হৈছে দেশৰ ভিতৰতে কেইখনমান অতিপাত শীতল ঠাই।

এইসমূহ ঠাইত গোটেই বছৰটোৱে শীত…। ফটোঃ ইন্টাৰনেট…

গছ কাতি ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ বাবেও বৰ্তমান সময়ত ছা ল'বৰ বাবে এখন ঠাইৰ অভাৱো দেখা গৈছে বহু স্থানত। দ্ৰুতহাৰত গছ-গছনি কটাৰ বাবে জনসাধাৰণৰ প্ৰয়োজনীয় ছাঁ অথবা বতাহ দিব নোৱাৰা হৈছে প্ৰকৃতিয়ে। যাৰ বাবেও বৃদ্ধি পোৱা দেখা গৈছে গৰমৰ প্ৰকোপ।

উৎকট গৰমে ৰাজ্যবাসীক চিন্তাত পেলুৱাৰ সময়তে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুৰ বাবে কৃত্ৰিম গা ধোৱা ঘৰৰ ব্যৱস্থা কৰা দেখা গৈছিল ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক। যাৰ দ্বাৰা জীৱ-জন্তুৱে গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰিছিল। ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা সেই দৃশ্য আছিল ২০১৮ বৰ্ষৰ। অৰ্থাৎ গৰমৰ পৰা পৰিত্ৰাণ নালাগে কাক।

কিছুদিন ধৰি বাতৰিৰ শিৰোনাম হৈছে গৰমৰ প্ৰকোপ বৃদ্ধি। যাৰ সমাধান কাৰোৰে হাতত নাই প্ৰতিবছৰে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। গৰমৰ বাবে কোনো লোকে ভালকৈ সময় পাৰ কৰিব পৰা নাই । কৰিব পৰা নাই কাম-কাজ। সকলো লোকে গৰমত থাকিব নোৱাৰি ইচাটি-বিচাটি কৰা দেখিবলৈ পোৱা গৈছে। গৰমৰ প্ৰকোপ বৃদ্ধি তথা বিনষ্ট হোৱা পৰিৱেশ ৰক্ষা কৰিবৰ বাবে গছ ৰোৱাটো বৰ্তমান সময়ত সকলো লোকৰে বাবে প্ৰয়োজনীয় হৈ পৰিছে।

বনানীকৰণৰ বিপৰীতে বিভিন্ন লোকক গছ কটাহে বৰ্তমান সময়ত দেখা যায়। গছ-গছনিৰ পৰিমাণ এনেধৰণেৰে হ্ৰাস পাইছে যে, বহু গছ বৰ্তমান সময়ত বিলুপ্তিৰ পথত থকা দেখা গৈছে। আমাৰ চৌপাশতো এনে হাৰত প্ৰদূষিত হৈছে যে, অনাগত দিনত পৰিৱেশ দিৱস অথবা আন আন কোনো কোনো নিৰ্দিষ্ট দিনত ৰোপণ কৰা গছৰ পৰিমাণে আমাৰ চাহিদা পূৰণ কৰিব নোৱাৰিব। গছ-গছনি কটাৰ বাবে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাই বৃদ্ধি পাইছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ। ন্যায়ালয়ে বাৰে বাৰে বিৰুদ্ধাচৰণ কৰি নিৰ্দেশ দিয়াৰ পিছতো বৰ্তমান সময়তো একাংশ দুষ্টচক্ৰই দৈনিক বে-আইনীভাবে পাহাৰ খনন, বন ধ্বংস ইত্যাদি কৰি থকা দেখা গৈছে।

কাজিৰঙাত এনেকৈয়ে চলে খনন…। ফটোঃ ইন্টাৰনেট…

অতি পৰিতাপৰ কথা যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ জীৱনলৈ ভাবুকি কঢ়িয়াই একাংশ ধনীৰ দুলালে আৰক্ষী প্ৰশাসনক মেনেজ কৰি শিল খান্দি অবৈধভাৱে কোটি কোটি টকা সৰকোৱাৰ লগতে ন্যায়ালয়ক অৱমাননা কৰি নিজৰ পকেট গৰম কৰিছে। পাহাৰ খান্দি ধ্বংস কৰাৰ বাবে বঙ্গোপসাগৰৰ পৰা উৎপত্তি হোৱা দক্ষিণ-পশ্চিম মৌচুমী বতাহে ঠেকা খাবলৈ সক্ষম হোৱা নাই আৰু কমি আহিছে বৰষুণৰ পৰিমাণ।

বন ধ্বংস কৰাৰ আন কোনো উদাহৰণ নিবিচাৰিলেও দীপৰ বিললৈ চালেই সেই কথা সহজে অনুমেয়। যি সময়ত দেশ-বিদেশৰ বিভিন্ন চৰাই চিৰিকটিয়ে দীপৰ বিলত বসতি কৰাৰ বাবে সেই চৰাই চাবলৈ বহুলোক আহি তেনেসময়তে নোহোৱা হৈছে পূৰ্বৰ চৰাইৰ জাক। দীপৰ বিলৰ পাৰেৰে পুনৰ দুই লেনযুক্ত ৰে'লপথ নিৰ্মাণ কৰিবলৈ লোৱাৰ বাবে ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে দীপৰ বিল। তাৰোপৰি যোৰাবাট, আমচাং, কাজিৰঙা, কাৰ্বি আংলঙ ইত্যাদি স্থানতো অবৈধ খনন হোৱাৰ বাবে বাৰুকৈয়ে নিঃশেষ হৈছে প্ৰকৃতি। যাৰ বাবে প্ৰকৃতি বিনষ্ট হৈছে আৰু বৃদ্ধি পাইছে উৎকট গৰম। বাটৰুৱাই গছৰ ছাঁ বিচাৰি হাবাথুৰি খোৱাৰ লগতে তৃষ্ণা দূৰ কৰিবলৈ শীতল পানীয় পান কৰিবৰ বাবে পথচাৰীয়ে উবুৰি খাই পৰাৰ দৃশ্য বৰ্তমান বহু ঠাইতে বিদ্যমান।

দীপৰ বিলত কি এই পৰিৱেশ…। ফটো- ইন্টাৰনেট…

এনেদৰে যদি দৈনিক গছ-গছনি কাটি পৰিৱেশ প্ৰদূষিত হোৱাৰ বাবে সাৰ পানী যোগাই থকা হয়, তেনেহ'লে কোনোবা এদিন যে প্ৰকৃতি সম্পূৰ্ণৰূপে ধ্বংস হ'ব সেই কথা নিশ্চিত। চোৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি লোৱা যি দৰে অৰ্থহীন ঠিক তেনেদৰেই প্ৰদূষিত বায়ুৰ বাবে হয়তো এদিন ধ্বংস হ'ব আমাৰ চৌপাশ। বৰ্তমান সময়ত অতিব্যস্ত দৈনন্দিন কাম-কাজৰ অচিলাৰে বহুলোকে পিঠি দিছে প্ৰকৃতিলৈ। কিন্তু গছ-গছনি কাটি তহিলং কৰাৰ বাবে এদিন যে দেশখন ধ্বংস হ'ব সেই কথা প্ৰায় নিশ্চিত।

জীৱন কি আইতাক সোধক…। ফটোঃ দিপান্ত কাকতি।

তাৰ মাজতো বিভাজন। সাধাৰণ জনতাৰ মাজত বিভাজন। কোনো যদি শীততাপ নিয়ন্ত্ৰিত কোঠাত, আন কোনো আকৌ জুপুৰীত। খাবলৈ নাই এটুপি পানী। পাবলৈ নাই এচাটি বতাহ।

এই পানী খাই দিন নিয়াইছে আইতাই…। ফটোঃ দিপান্ত কাকতি।

এই সময় চিন্তা কৰাৰ নহয়। হাতে কামে লগাৰহে সময় এইয়া। প্ৰতিদিনে হওক বিশ্ব পৰিৱেশ দিৱস। ৰোপণ কৰক এটা গছপুলি। প্ৰকৃতিক জীয়াই থাকিবলৈ দিয়ক। প্ৰকৃতিয়ে আমাক বহুত দিছে, কিন্তু আমি কি দিছো ? এবাৰ ভাবক জীৱনৰ মূল্য কি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in