বিষ্ণু ৰাভাৰ চিন্তাত ‘অসমীয়া’

বিষ্ণু ৰাভাৰ চিন্তাত ‘অসমীয়া’

তুষাৰ প্ৰতিম

বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হোৱা নাছিল, সময়ে তেওঁক সৃষ্টি কৰিছিল। সমাজ, সংস্কৃতি, ভাষা, সাহিত্যৰ জটিল সন্ধিক্ষণত বিষ্ণুপ্ৰসাদ ৰাভা নামৰ প্ৰখৰ দীপ্তিৰ সাধক গৰাকীয়ে সমাজ জীৱনক উদ্বুদ্ধ কৰিছিল। অসমীয়া সমাজ, সংস্কৃতিৰ অক্লান্ত পূজাৰী বিষ্ণু প্ৰসাদৰাভাৰ ব্যক্তিত্ব আৰু শিল্পী সত্তাৰ মাজত নাছিল কোনো প্ৰভেদ। বিষ্ণু ৰাভা কেৱল এজন ব্যক্তি নাছিল,  তেওঁ আছিল এক প্ৰতিষ্ঠান। তেওঁ সংগীতৰ চৰ্চা কৰে, নাটক লিখি অভিনয় কৰে, গল্প,উপন্যাস লিখি আকৌ সমাজতাত্তিক বিচাৰ বিশ্লেষণ আগবঢ়ায় অসমৰ নৃগোষ্ঠী সমূহৰ সমাজ আৰু ইতিহাসৰ সম্ভেদ দিবলৈ প্ৰয়াস কৰে।

স্বাধীনতা আন্দোলনৰ অক্লান্ত যুজাঁৰু বিষ্ণু প্ৰসাদ ৰাভাই বিপ্লৱী কমিউনিষ্ট দলত যোগদান কৰি বামপন্থী আদৰ্শৰে দীক্ষিত হৈ অসমৰ জনগোষ্ঠী সমূহৰ কাষ চাপি বাস্তৱ অভিজ্ঞতাৰ মাজেদি অসমীয়া জাতিৰ ঘাই শিপাডাল বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল। তেওঁ সংকীৰ্ণ ভাষিক পৰিচয়ৰে "অসমীয়া"ক বিচাৰ কৰাৰ পৰিবৰ্তে ভৌগোলিক পৰিচয়ৰে গ্ৰহণ কৰিছিল।

তেওঁ ভাষিক জাতীয়তাবাদৰ পক্ষপাতীত্ত্ব‌ও কৰা নাছিল। আৰু সংকীৰ্ণ জাতীয়তাবাদে যে অসমীয়া জাতিৰ ক্ষতি কৰিছে সেই কথা আঙুলিয়াই দি তেওঁ লিখিছিল-"বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল, বজ্জাতৰ দলে পাতে নিতে জালিয়তী মেল"।  তেওঁ যে 'অসমীয়া'ক ভাষিক পৰিচয়ৰে সংকীৰ্ণ কৰিব বিচৰা নাছিল সেইকথা তেওঁৰ লিখনিৰ জৰিয়তে প্ৰকাশ কৰিছে।

তেওঁৰ এই চিন্তাৰ প্ৰকাশ পাইছে তেওঁৰ ৰচনাৰাজিত।"ভৌগোলিক পৰিবেশ আৰু ইতিহাসৰ বোৱতী ধাৰাত এখন ৰাজ্যৰ আৰু এটা জাতি বিশেষ ৰূপে গঢ় লয় আৰু তাৰ কৃষ্টিতো ইয়াৰ বৈশিষ্ট্য দেখা যায়।'' এইদৰেই বিষ্ণু প্ৰসাদ ৰাভাই ভাষিক জাতীয়তাবাদক নস্যাৎ কৰিছে। 

বৰ্তমান অসমীয়া বৌদ্ধিক সমাজখনে অসমীয়াত্বৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছে। এনে সময়ত বিষ্ণু প্ৰসাদ ৰাভাই তাহানিতে আগবঢ়াই যোৱা অসমীয়াৰ সংজ্ঞাই ব্যাপক চৰ্চা লাভ কৰিব লাগিছিল যদিও আজিও অৱশ্যে তেওঁৰ সেই সংজ্ঞাক বহলভাৱে চৰ্চা কৰা নাই।

তেওঁ কৈছে,-"লুইতে ডিবঙে বোৱাই আনে মিচিমি কৃষ্টি, কুণ্ডিলে চুতীয়া কৃষ্টি,  দিহিং, নোৱাদিহিং, টেঙাপানীয়ে খামতি, চিংফৌ, ফাকিয়াল, মৰাণ,  সোণোৱাল, কছাৰী কৃষ্টি, দিখৌৱে আনে নগা, টাই, আহোম কৃষ্টি, সোৱনশিৰিয়ে মিচিং,মিৰি কৃষ্টি, বুৰি বুঢ়ীগাং,ভৰলীয়ে দফলা কৃষ্টি, লংকা, কপিলী, যমুনা, কলঙে, মিকিৰ, ডিমাছা কৃষ্টি। এইদৰে ৰাভা, কোচ, গৰো,খাচিয়া, নাথ, কৈবৰ্ত, কলিতা,কায়স্থ, ব্ৰাহ্মণ্য কৃষ্টি উপনৈবোৰে ধুই পখালি আনে।সিফালে নগা, কুকি, লুচাই, তিপৰা,ম নিপুৰী, কৃষ্টি, সুৰমা নৈয়ে বুকুত বান্ধি লৈ ভহাই উটুৱাই ব্ৰহ্মপুত্ৰত পেলাই গতায়।"

ৰাভাই উপলব্ধি কৰিছিল যে অসমৰ সকলো জাতি, উপজাতি সমানে বিকশিত হোৱা নাই। আৰু ই অসমীয়া জাতিৰ বিকাশৰ ক্ষেত্ৰত প্ৰধান প্ৰতিবন্ধকস্বৰূপ‌। সেয়ে তেওঁ অসমীয়া ৰাজনৈতিক আৰু সামাজিক নেতাসকলক উদ্দেশ্য কৰি কৈছিল-"অসমৰ অত্যাচাৰিত আৰু অৱনত জাতি সমূহক আন আন উন্নত জাতিৰ লগতে একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যক ৰাজনৈতিক আৰু সামাজিক নেতা সকলে চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতি- জনজাতি সকলৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই আৰু অসমত এটা গৃহ কন্দলৰ বাহ সাজি দিয়া হ'ব। ঐক্য অবিহনে সৌন্দৰ্যৰ বিকাশ আৰু প্ৰগতি অসম্ভৱ।"

ৰাভাই অসমত যি গৃহ কন্দলৰ আশংকা কৰিছিল সেই আশংকাই বৰ্তমান অসমীয়া সমাজ জীৱনক কি দৰে ক্ষত-বিক্ষত কৰিছে সেয়া সকলোৰে জ্ঞাত। আনহাতে বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ জনজাতীয় সমাজখন কি দৰে অত্যাচাৰিত, অৱনত হৈছিল সেয়া তেওঁৰ একাধিক ৰচনাত বৰ্ণনা কৰিছে।

ইয়াৰ ভিতৰত তেওঁৰ "অগ্নিসংস্কাৰ" নামৰ গল্প আৰু "মিচিং কনেঙ" উপন্যাসৰ নাম উল্লেখযোগ্য। তেওঁ অসমৰ বহু পুৰণি ঠাই, নদ-নদীৰ নামাকৰণত দেখা পাইছিল জনজাতীয় উপাদান। সংস্কৃত মূলৰ শব্দৰ পৰা ধাৰ কৰা বহু প্ৰচলিত শব্দত তেওঁ জনজাতীয় উপাদান আবিষ্কাৰ কৰিছিল।

এই বিষয়ে ৰাভাই তেওঁৰ লিখনিত প্ৰকাশ কৰিছে এইদৰে-"যেতিয়া কালিকাপুৰাণ, যোগিনীতন্ত্ৰ ৰচিত হ'ল, তেতিয়া এই পুৰণি আৰু তন্ত্ৰ প্ৰণেতাসকলে নানা গল্পৰে সজাই 'কামৰূ'ক কামৰূপ, 'কমলখী' বা কাম-খী (ক্ষী) বা কাম-ক্ষাক কামাখ্যা কৰিলে, 'ভুল্লুং বুথৰ'ক ব্ৰহ্মপুত্ৰ কৰিলে, 'টিলাও'ক লাওটি,লুইটি, লোহিত, লৌহিত্য কৰিলে।  আহোমসকলে যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰ নদৰ নাম শুনা নাছিল, 'টিলাও'হে শুনিছিল।"বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰত এই বিষয়ে বহলভাৱে আলোচনা কৰিছে।

ৰাভাৰ মতে জনজাতি সকলৰ মাজত শিৱৰ ধাৰণা নাছিল। তেওঁৰ মতে এই ধাৰণা আৰ্যসকলে জাপি দিয়া। চুতীয়া সকলৰ 'গীৰা-গৌৰাচী'- বুঢ়া-বুঢ়ী দেৱতা দুগৰাকীক হৰ-পাৰ্বতী, লালুঙৰ মহাদাই, ৰাভা-কোঁচৰ খকচী- লেঙামাৰা, বড়ো-কছাৰীৰ বুঢ়া-বাথৌ চিজৌক শিৱ বুলি আখ্যা দিছে।

বিষ্ণুপ্ৰসাদ ৰাভা জনজাতি সকলৰ ঐতিহ্যৰ প্ৰতি অতি সচেতন আছিল। তেওঁ কেতিয়াও পৃথকতাবাদী মনোভাৱৰ নাছিল। বিষ্ণু প্ৰসাদ ৰাভা কোনো জনজাতীয় সংগঠনৰো প্ৰতিনিধি নাছিল। তেওঁ বুজিছিল যে, অসমীয়াৰ সামগ্ৰীক বিকাশৰ বাবে জনজাতি সকলকো সম দৃষ্টি, সমমৰ্য্যদাৰে আগুৱাই নিয়াত ৰাজনৈতিক, সামাজিক নেতা সকলে অহোপুৰুষাৰ্থ কৰিব লাগিব। ৰাভাৰ সেই চিন্তাৰ প্ৰাসংগিকতা আজিও আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in