মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিব…

মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিব…

দিপজ্যোতি শৰ্মা

মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি প্ৰথম খন সংবাদমেল সম্বোধন কৰিলে হিমন্ত বিশ্ব শৰ্মাই । সহপৰিয়ালে শপত গ্ৰহণ অনুষ্ঠানত গৈ উপস্থিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ মাতৃও পুত্ৰৰ শপত গ্ৰহনৰ ক্ষণটোত আবেগিক হৈ পৰিল ।

এজন এজনকৈ প্ৰথমে মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছত শপত লৈছিল তেওঁৰ সতীৰ্থ ১৩ মন্ত্ৰীয়ে । শৰ্মাৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে,তাৰ পিছতে অগপৰ সভাপতি অতুল বৰাই কেবিনেট মন্ত্ৰী ৰূপে শপত লৈছিল ।

বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেইবাগৰাকী বিশিষ্ট ৰাজনীতি বিদ এই ক্ষণৰ সাক্ষী হৈছিল । মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰাৰ পিছতেই আনুষ্ঠানিক ভাবে এক সংবাদমেল সম্বোধন কৰি পৰৱৰ্তী তেওঁৰ কাৰ্যপন্থাৰ সন্দৰ্ভত বাখ্যা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

সংবাদমেলত উপস্থিত থকা সাংবাদিকৰো প্ৰশ্নৰ সন্মুখীন হ'ল মুখ্যমন্ত্ৰী গৰাকী । এই সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই ভবিষ্যতৰ অসমৰ বাবে কি ৰূপ ৰেখা প্ৰস্তুত কৰিছে সেই সন্দৰ্ভত বাখ্যা কৰিলে এইদৰে – অসমবাসী ৰাইজৰ ওচৰত নতুন মন্ত্ৰী সভাই আশীৰ্বাদ বিচৰাৰ লগতে অসমৰ ৰাইজৰ আশীৰ্বাদ শিৰতলৈ সোমবাৰৰ পৰা এক নতুন যাত্ৰা আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে ড০ শৰ্মাই ।

নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় – যোৱা ৫ টা বছৰে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাৰ্গ দৰ্শনত আমি বিকাশৰ এক নতুন যাত্ৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলো। সেই বিকাশৰ যাত্ৰক আৰু এক নতুন মাত্ৰা দিবলৈ অসমক ভাৰতৰ ভিতৰত ৫ খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মান কৰিবলৈ লগতে অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠী, অসমৰ প্ৰতিটো পৰিয়ালৰ মাজত শান্তি সমন্বয়ৰ অমৃতধাৰা বোৱাৰ লক্ষ্যৰে আমি এই নতুন যাত্ৰা আৰম্ভ কৰিবলৈ অসমবাসীৰ ওচৰত আশিৰ্বাদ বিচাৰে ড০ শৰ্মাই  ।

মঙলবাৰে অসমৰ নতুন মন্ত্ৰী সভাৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ।কেবিনেট বৈঠকত অসমৰ শেহতীয় কোভিড পৰিস্থিতি আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আমি যি প্ৰত্যাহ্বান গ্ৰহন কৰিব লাগিব তাৰ বিষয়ে আলোচনা কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই  ।

ভাৰতীয় জনতা পাৰ্টী আৰু দুয়োটা মিত্ৰদলে অসমৰ জনসাধাৰণৰ মাজত প্ৰতিশ্ৰুতি আৰু সপোন যাক বাস্তৱত ৰূপায়িত কৰিব পাৰি তেনে বিভিন্ন কথা আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজলৈ লৈ গৈছিলো বুলি উল্লেখ কৰি কয় – ১ লাখ নিৱনুৱাক যুৱক-যুৱতীক কৰ্মসংস্থাপন,অৰুনোদয় আঁচনিক এক নতুন মাত্ৰা প্ৰদান,মাইক্ৰফাইনেণ্সৰ ঋণৰ দুব্যৱহাৰ আৰু ঋণৰ পৰা মুক্তি আদিকে ধৰি আমি কেইবাটাও প্ৰতিশ্ৰুতি জনসাধাৰনৰ মাজত দাঙি ধৰিছিলো ।

নিৰ্ধাৰিত সময়ৰ মাজত যাতে আমি এই প্ৰতিশ্ৰুতিবোৰ পালন কৰিব পাৰো তাৰ বাবে আমি নিশ্চিত ভাবে ব্যৱস্থা ল'ম ।এখন বান মুক্ত অসমৰ কথাও আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰত দাঙি ধৰিছিলো বুলি ব্যক্ত কৰে নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সকলো দিশ আমি মঙলবাৰৰ পৰা সন্মুখত ৰাখি আগবাঢ়ি যাম বুলি সংবাদ মেলত কয় নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে । ৫টা বছৰত অসমৰ ৰাইজে শান্তি প্ৰগতি আৰু বিকাশৰ এটা নতুন ধাৰা দেখিছিলে । বড়ো ভূমিত শান্তি প্ৰতিষ্ঠা হৈছিল । অসমত বাকী ৰৈ যোৱা আন সশস্ত্ৰ সংগঠন সমূহক আলোচনাৰ মাজেৰে অসমত স্থায়ী শান্তি আনিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই । সংযুক্ত মুক্তি বাহিনীৰ নেতা পৰেশ বৰুৱাকো শান্তি আলোচনাৰ বাবে আহিবলৈ আহ্বান শৰ্মাৰ ।

লগতে ড০ শৰ্মাই কয়- হত্যা, অপহৰণ এই ধৰণৰ ঘটনাই সমস্যাবোৰ অধিক জটিল কৰে, সমস্যাৰ সমাধান নকৰে। মই বিশ্বাস কৰিম যে অনাগত ৫টা বছৰত শান্তিৰ প্ৰচেষ্টাৰ মাজেৰে আমি সকলোকে আমাৰ জাতীয় জীৱনৰ মুল খুটিলৈ ওভতাই আনিবলৈ আমি সফল হম। মই আপোনালোকক আমাৰ মন্ত্ৰীসভাৰ আটাইৰে হৈ আপোনালোকে আমাক নিৰ্বাচনৰ সময়ত যি সহায়-সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ জনাইছো আৰু আপোনালোকৰ জৰিয়তে পুনৰবাৰ অসমবাসী ৰাইজৰ পৰা আশীষ বিচাৰিছো।


সংবাদ মেলত সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে- মুখ্যমন্ত্ৰী হিচাপে প্ৰথম আপোনাৰ তিনিটা কাম আৰু অনাগত সময়ত আপোনাৰ কেনেকুৱা ৰূপৰেখা বা পৰিকল্পনা? এই প্ৰশ্নৰ উত্তৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শৰ্মাই কয়- আজিৰ দিনটোতে মই তিনিটা কামলৈ নাযাওঁ। প্রথম কামটোৱে হ'ব কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰা। কোভিডৰ পৰিস্থিতিৰ লগতে আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ পালন কৰা আমাৰ আন এক গুৰু দায়িত্ব হ'ব। মই আশা কৰো অহাকালি কেবিনেটৰ পৰাই আপোনালোকে আমাক এখন কৰ্মক্ষম আৰু চৰকাৰ গঠনৰ ২৪ ঘন্টাৰ ভিতৰতে কামত নামি পৰা এখন চৰকাৰ হিচাপে আমাক পাব। প্ৰত্যাহ্বান যিমানেই নাথাকক কিয়, প্ৰত্যাহ্বানে কাম কৰাৰ হেঁপাহো আনি দিয়ে। মানুহেতো এভাৰেষ্টতো বগাইছে। গতিকে প্ৰত্যাহ্বান মাজতে আমি কাম কৰিম।


তাৰপাছেত আন এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্রথমে শুভেচ্ছা জ্ঞাপন কৰি কয়- বহু কন্টেইমেন্ট জ'নত সুৰক্ষাৰ ব্যৱস্থা বিশেষ নাই। তথা বাঁহৰ তলেৰে কন্টেইমেন্ট জ'নৰ পৰা বিনাদিধাই ওলাই অহা দৃশ্য পৰিলক্ষিত হৈছিল। এই ক্ষেত্ৰত নিশ্চিতভাৱে জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত কিমান কঠোৰ হ'ব নতুন চৰকাৰখন? কিমান দূৰ ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব?

এই প্ৰশ্নটোৰ উত্তৰ নিদিওঁ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- অহা তিনি-চাৰি দিনৰ পাছত মোক এই প্ৰশ্নটো আকৌ কৰিব। সংবাদমেলত আন এগৰাকী সাংবাদিকে উত্থাপন কৰে জনজাতিকৰণ আৰু এনআৰচি প্ৰসংগ। এই সন্দৰ্ভত নতুন চৰকাৰখনে কি ধৰণে গোটেই বিষয়কেইটা গ্ৰহণ কৰিব বুলি প্ৰশ্ন কৰাত ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-এন আৰ চি সন্দৰ্ভত আমাৰ স্থিতি একেবাৰেই স্পষ্ট। আমি সীমান্ত অঞ্চলত এনআৰচিৰ ২০ শতাংশ এটা নতুনকৈ পৰীক্ষা কৰাৰ পোষকতা কৰো ।

লগতে নতুন মুখ্যমন্ত্ৰী শৰ্মাই কয় – সীমান্ত জিলাসমূহক বাদ দি আন জিলাসমূহত আমি ১০ শতাংশ নতুনকৈ পৰীক্ষা হোৱাটো বিচাৰো। আৰু এই পৰীক্ষাৰ পাছতো যদি এনআৰচিৰ পুৰণা নথিখনেই শুদ্ধ বুলি প্ৰমাণ হয় তাক ৰাজ্য চৰকাৰে এনআৰচিখন মানি লৈ তাৰ পৰৱৰ্তী ব্যৱস্থাৰে আগবাঢ়িব। কিন্তু যদি এই পুনঃনিৰীক্ষণৰ সময়ত ব্যাপক খেলিমেলি দেখা পোৱা যায় তেতিয়াহ'লে আমি বিচাৰিম যাতে মহামান্য আদালতে ইয়াৰ ওপৰত এক নতুন দৃষ্টি তেখেতসকলেও যেন নিক্ষেপ কৰে। এই ক্ষেত্ৰত দায়িত্ব লোৱা পাছতে বৰ্তমান কি পৰিৱেশত আছে বা নাই এই বিষয়ে চাই আপোনালোকৰ লগত সময়ে সময়ে আমি জনাই থাকিম।


ইফালে, জনজাতিকৰণৰ সন্দৰ্ভত তেওঁ কয়- জনজাতিকৰণৰ বিষয়টো জনজাতীয় লোকৰ অধিকাৰক খৰ্ব নকৰাকৈ আলাপ-আলোচনাৰ মাজেৰে আমি জনজাতিকৰণৰ সমস্যাও সমাধান কৰিম। যোৱা চৰকাৰৰ সময়ত কেইবাটাও সমাধান সূত্ৰ আমি পাইছিলো। আৰু মই নিশ্চিত যে তাৰে কোনোবা এটা সমাধান সূত্ৰক সন্মুখত ৰাখি আমি আগবাঢ়ি যাব পাৰিম।


কোৰোনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- অসমত প্ৰতিদিনে প্ৰায় ৫ হাজাৰ নতুন কোভিড পজিটিভ কেচ দেখা পোৱা গৈছে। আমি কাইলৈ কেবিনেট বৈঠকত বহিম। কেবিনেট বৈঠকত আমি অসমৰ কোভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিম। আৰু কোৰোনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমি যিধৰণে পাৰো সকলো ব্যৱস্থা গ্ৰহণ কৰিম।


ৰাজকোষত পুঁজিৰ অভাৱ বুলি প্ৰায়ে চৰ্চা হৈ থাকে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাত তেওঁ কয়- ৰাজকোষত কিমান পুঁজি আছে তাৰ ফাইনেন্সিয়েল ইছ্যুলৈকে মই যাব খোজা নাই। কিন্তু আজিৰ তাৰিখত আমাৰ ৰাজকোষত ৭০০০ কোটি টকা জমা আছে। আমি ভাবো আমাৰ যিখিনি উন্নয়ন আৰু বিকাশৰ কাম সেইখিনি সমাধান কৰিবলৈ বা আগবাঢ়ি যাবলৈ আমি খুব সুন্দৰভাৱে কাম কৰিব পাৰিম।

খিলঞ্জীয়া ভিত্তি বৰ্ষ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- প্রথম কোভিড পৰিৱেশ নিৰাময় হওঁক। কিছু কথা ৰাইজৰ লগত আলাপ-আলোচনা কৰিব লাগিব। আৰু আমি ৰাইজৰ লগত আলাপ-আলোচনা কৰি অসমৰ যি অস্তিত্বৰ প্ৰশ্ন তাক আমি সমাধান কৰাৰ বাবে চেষ্টা কৰিম। আৰু অসমত এই ৫ টা বছৰত সকলো অমীমাংসীত প্ৰশ্ন যাতে আমি মীমাংসাৰ ফালে লৈ যাব পাৰো তাৰ বাবে আমি চেষ্টা কৰিম।

ইফালে, এগৰাকী সাংবাদিক এই সংবাদমেল খনত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে যে- যোৱা কিছু দিনত বহু নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। সেয়েহে নতুন চৰকাৰখনে এই ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ শাস্তি যে দোষীয়ে পাই তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? এই প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয়- আমাৰ আই-মাতৃ, ভাই-ভন্টী, বাইদেউ সকলোৱে এই অসমখনত সুৰক্ষিত অনুভৱ কৰিব লাগিব। এই ধৰণৰ ঘটনাৰ লগত জড়িত অপৰাধীক শাস্তি প্ৰদান কৰা আমাৰ চৰকাৰৰ প্ৰাথমিক কৰ্তব্য হ'ব। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিম যে আপোনালোকে এই গোটেই কেইটা ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি দিয়া আপোনালোকে দেখা পাব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উদ্যোগিকৰণ, জিডিপি সম্পৰ্কীয় আন এক প্ৰশ্নৰ উত্তৰত কয়- যোৱা ৫ বছৰত আমি যদি চৰকাৰৰ খনৰ কাম-কাজ সুক্ষ্মভাৱে চাওঁ, অসমে এতিয়া এই যাত্ৰাৰ পথত ধাৱমান হৈছে। জিডিপি বৃদ্ধি, শিক্ষাৰ ক্ষেত্ৰত চাওঁক ৰোড নেটৱৰ্ক চাওঁক। এতিয়া আমি তীব্ৰ গতিত লক্ষ্যৰ প্ৰতি ধাৱমান হৈছো। আমি ভাবো আমাৰ চৰকাৰৰ প্ৰথমখন বাজেটত আমি তেনেকুৱা দিশ আমি দেখা পাম। আৰু বিগত ৫টা বছৰত আমি যি ফাউণ্ডেশ্যন নিৰ্মান কৰিছিলো তাৰ পৰা আমি আগুৱাই গৈ আমি আমাৰ লক্ষ্যৰ ফালে ধাৱমান হ'ম তাক আমি বিশ্বাস কৰো।

এতিয়া ৫ বছৰৰ বাবে ৰাজ্যৰ শাসন ক্ষমতা হিমন্ত বিশ্বৰ হাতত । সাধাৰণ লোকৰ প্ৰত্যাশা বহু বেছি । অনাগত দিনবোৰত মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কাৰ্যকলাপ অসমৰ ৰাইজে অতি সুক্ষ্মভাবে লক্ষ্য কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in