মৰ্ত্যলৈ নামিল বিৰোধী,১২৬ সমষ্টিত কোনে ক’ত মাৰিলে হাঁহি…

মৰ্ত্যলৈ নামিল বিৰোধী,১২৬ সমষ্টিত কোনে ক’ত মাৰিলে হাঁহি…

মৃদুল কুমাৰ সন্দিকৈ

অৱশেষত খেলাৰ অন্ত পৰিল । নিৰ্বাচন আয়োগৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ লগে লগে অন্ত পৰিল ৫ ৰাজ্যৰ নিৰ্বাচনী লীগ । অসমত হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগত মমতা বেনাৰ্জীয়ে খেলা দেখুৱালে । পুনৰ এবাৰ ৰাজ্যত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত হ'ল ।

অন্তিম মুহুৰ্তত সপোনৰ পৰা বাস্তৱলৈ ঘূৰি আহিবলৈ বাধ্য হ"ল কংগ্ৰেছ নেতৃত্বধীন মহাজোঁট । চৰকাৰ গঠন কৰিম বুলি তালফাল লগাই থকা কংগ্ৰেছৰ ভালে কেইজন বীৰ এইবাৰ নিৰ্বাচনী ৰণত পৰিল । আনহে নালাগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে নিজৰ ভেটি ৰক্ষা কৰিব নোৱাৰিলে ।

সৌ সেই দিনালৈকে বিজেপিয়ে কংগ্ৰেছৰ বিধায়কক চৰকাৰ গঠনৰ বাবে ক্ৰয় কৰিব বুলি ভয় কৰি সোনাপুৰৰ বিলাসী ৰিজৰ্টত ৰখোৱা ভালে কেইগৰাকী হেভীৱেট প্ৰাৰ্থীয়ে এইবাৰ ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম নহ'ল ।

বিহপুৰীয়াত ভূপেন বৰা পৰাস্ত হ'ল বিজেপি প্ৰাৰ্থী অমিয় ভূঞাৰ হাতত । মন্ত্ৰী হোৱাৰ সপোন দেখা আৰু বিভাগ ভাগ বতৰা কৰি লোৱা নতুন কংগ্ৰেছীও এইবাৰ বেয়াকৈ মুখ থেকেচা খালে । ৰিপুন বৰা মুখ্যমন্ত্ৰী আৰু তেওঁ সাংস্কৃতিক মন্ত্ৰী হ'ব বুলি দম্ভ মৰা সকলে নিশ্চয় বুজিব পাৰিলে ৰাজনীতি ইমান সহজ নহয় ।

অৱশ্যে এইবাৰ নিৰ্বাচনত আটাইতকৈ ইতিবাচক দিশটো হ'ল শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী তথা দলটোৰ সভাপতি অখিল গগৈ জয়ী হৈছে । দীৰ্ঘ দিনৰ সংগ্ৰামৰ অন্তত ৰাজনীতিত প্ৰবেশ কৰা অখিল গগৈয়ে সংসদীয় ৰাজনীতিত অসমৰ সংগ্ৰামী সত্ত্বাক তুলি ধৰি জাতি,মাটি আৰু ভেটিৰ হকে মাত মাতিব বুলি ৰাইজে বিশ্বাস ৰাখিছে ।

লুৰীণ জ্যেতি গগৈয়ে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলেও অসম জাতীয় পৰিষদৰ সভাপতি গৰাকী পৰাজয় অসমৰ অঞ্চলিকতাবাদত বিশ্বাসী সকলৰ বাবে এক দুখবৰ হৈ ৰ'ল । এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ অধিক আত্মবিশ্বাসেই কাল হ'ল ।

বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিত ইতিবাচক বা নেতিবাচক দিশত আকৌ এবাৰ কাৰক হৈ পৰিল । উজনি অসমত কংগ্ৰেছে এআইইউডিএফৰ সৈতে কৰা মিত্ৰতাৰ ফল লাভ কৰিলে । সেই ফল কংগ্ৰেছৰ সপক্ষে হোৱাৰ বিপৰীতে বিজেপিৰ পক্ষেহে গ'ল ।

জয়ৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও উজনি অসমৰ বহু কেইটা সমষ্টিত কংগ্ৰেছে ইয়াৰ ফল ভুগিব লগা হ'ল। বিজেপিৰে সম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে সাধাৰণ ৰাইজৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰাত সফল হ'ল যে নিৰ্বাচনত জয়লাভ কৰিলে এআইইউডিএফে কংগ্ৰেছৰ ত্ৰাণকৰ্তা হ'ব ।

অঞ্চলিকতাবাদৰ ধ্বজ্জা উৰুৱা দুই নতুন দলৰ এইবাৰ নিৰ্বাচনত সংখ্যাগত ভাবে ভাল ফলাফল লাভ নকৰিলেও কিমান শতাংশ ভোট লাভ কৰিছে সেয়া অনাগত ভবিষ্যতৰ ৰাজ্যৰ ৰাজনীতিৰ বাবে লক্ষণীয় হ'ব ।

নিৰ্বাচনী প্ৰচাৰত অত্যুসাহ প্ৰকাশ কৰি এআইইউডিএফৰ নেতাই দিছপুৰত লুঙী টুপী পিন্ধা লোকৰ চৰকাৰ হ'ব বুলি কৰা ঘোষণাই খিলঞ্জীয়া লোকৰ নিশ্চিত ভাবে অসন্ত্ুষ্ট কৰিছিল । কংগ্ৰেছে 'কা'ক লৈ দিয়া প্ৰতিশ্ৰুতি আছিল অঞ্চল ভেদে পৃথক ।

দলটোৰ ৫ টা গেৰান্টীৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত দিয়া গেৰান্টী সমূহৰ ভিতৰত সন্নিবিষ্ট আছিল কা বাতিল কৰা গেৰান্টী । বৰাক উপত্যকাত উহ্য হৈ ৰৈছিল এই গেৰান্টী । তেনে চতুৰ ৰণ কৌশলেও দলটোৰ প্ৰতি ভোটাৰক আকৰ্ষিত কৰিব নোৱাৰিলে ।

শেষ ফলাফল পোহৰলৈ আহিল । পুনৰবাৰ কংগ্ৰেছে পৰাজয় স্বীকাৰ কৰিব লগা হ'ল । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ অক্সিজেনেৰে এআইইউডিএএফে পূৰ্বতকৈ তেওঁলোকৰ আসনৰ সংখ্যা বৃদ্ধি কৰিলে । এইবাৰ নিৰ্বাচনত আনুষ্ঠানিক ভাবে এই মুহুৰ্তলৈকে আয়োগে ফলাফল ঘোষণা নকৰিলেও কোন সমষ্টিত কোন কোন প্ৰাৰ্থীয়ে জয়লাভ কৰিছে সেই ফলাফল হ'ল এই ধৰণৰ –

  • ৰাতাবাৰী বিজেপি বিজয় মালাকাৰ
  • পাথাৰকান্দি বিজেপিৰ কৃষ্ণুন্দো পাল
  • কৰিমগঞ্জ(উত্তৰ) কংগ্ৰেছ কমলাক্ষ দে পুৰকায়স্থ
  • কৰিমগঞ্জ(দঃ) কংগ্ৰেছ ছিদ্দিক আহমেদ
  • বদৰপুৰ এআইইউিডএফ আব্দুল আজিজ
  • হাইলাকান্দি এআইইউিডএফ জাকিৰ হুছেইন লস্কৰ
  • কাটলিচেৰা এআইইউিডএফ ছুজামুদ্দিন লস্কৰ
  • আলগাপুৰ এআইইউিডএফ নিজামুদ্দিন চৌধুৰী
  • শিলচৰ বিজেপি দ্বিপায়ন চক্ৰৱৰ্তী
  • সোণাই এআইইউিডএফ কৰিম উদ্দিন বৰভূঞা
  • ঢলাই বিজেপি পৰিমল শুক্লবৈদ্য
  • উদাৰবন্দ বিজেপি মিহিৰকান্তি ছুম
  • লক্ষীপুৰ বিজেপি কৌশিক ৰায়
  • বৰখলা কংগ্ৰেছ মিছবাহুল ইছলাম লস্কৰ
  • কাটিগড়া কংগ্ৰেছ খলিলুদ্দিন বৰভূঞা
  • হাফলং বিজেপি নন্দিতা গাৰলোছা
  • বোকাজান বিজেপি নোমল মোমিন
  • হাওৰাঘাট বিজেপি দৰছিং ৰংহাং
  • ডিফু বিজেপি বিদ্যাসিং ইংলেং
  • বৈঠালাংছ' বিজেপি ৰূপছিং টেৰণ
  • মানকাচৰ এআইইউিডএফ আমিনুল ইছলাম
  • দক্ষিণ শালামাৰা কংগ্ৰেছ ৱাজেদ আলী চৌধুৰী
  • ধুবুৰী এআইইউিডএফ নজৰুল হক
  • গৌৰিপুৰ এআইইউিডএফ মিজানুৰ ৰহমান
  • গোলকগঞ্জ কংগ্ৰেছ আব্দুছ সোবাহান আলী সৰকাৰ
  • বিলাসীপাৰা (পশ্চিম) এআইইউিডএফ হাফিজ বছিৰ কাছিমী
  • বিলাসীপাৰা(পূঃ) এআইইউিডএফ ছামছুল হুদা
  • গোসাঁইগাঁও বিপিএফ মাজেন্দ্ৰ নাৰ্জাৰী
  • কোকাৰাঝাৰ(পূঃ) ইউিপিপিএল লৰেন্স ইছলাৰী
  • কোকৰাঝাৰ(পশ্চিম)বিপিএফ ৰবিৰাম নাৰ্জাৰী
  • ছিদলি ইউপিপিএল জয়ন্ত বসুমতাৰী
  • বঙাইগাঁও অগপ ফণীভূষণ চৌধুৰী
  • বিজনী বিজেপি অজয় কুমাৰ ৰয়
  • অভয়াপুৰী(উত্তৰ) কংগ্ৰেছ আব্দুল বাতেন খণ্ডকাৰ
  • অভয়াপুৰী(দক্ষিণ) কংগ্ৰেছ প্ৰদীপ সৰকাৰ
  • দধনৈ কংগ্ৰেছ যাদৱ স্বৰ্গীয়াৰী
  • গোৱালপাৰা(পূঃ) কংগ্ৰেছ আবুল কালাম ৰশিদ আলম
  • গোৱালপাৰা(পশ্চিম) কংগ্ৰেছ আব্দুৰ ৰশিদ মণ্ডল
  • জলেশ্বৰ কংগ্ৰেছ আফতাবুদ্দিন মোল্লা
  • সৰভোগ চিপিআই (এম) মনোৰঞ্জন তালুকদাৰ
  • ভৱানীপুৰ এআইইউিডএফ ফণী তালুকদাৰ
  • পাটাছাৰকুছি বিজেপি ৰঞ্জিত দাস
  • বৰপেটা কংগ্ৰেছ আব্দুৰ ৰহিম আহমেদ
  • জনীয়া এআইইউিডএফ হাফিজ ৰফিুকুল ইছলাম
  • বাঘবৰ কংগ্ৰেছ শ্বেৰমান আলী
  • সৰুক্ষেত্ৰী কংগ্ৰেছ জাকিৰ হুছেইন সিকদাৰ
  • চেঙা এআইইউিডএফ আশ্ৰাফুল হুছেইন
  • বকো কংগ্ৰেছ নন্দিতা দাস
  • ছয়গাঁও কংগ্ৰেছ ৰেকিবুদ্দিন আহমেদ
  • পলাশবাৰী বিজেপি হেমাংগ ঠাকুৰীয়া
  • জালুকবাৰী বিজেপি হিমন্ত বিশ্ব শৰ্মা
  • দিছপুৰ বিজেপি অতুল বৰা
  • গুৱাহাটী(পূঃ) বিজেপি সিদ্ধাৰ্থ ভট্টাচাৰ্য
  • গুৱাহাটী(পশ্চিম) অগপ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
  • হাজো বিজেপি সুমন হৰিপ্ৰিয়া
  • কমলপুৰ বিজেপি দিগন্ত কলিতা
  • ৰঙিয়া বিজেপি ভৱেশ কলিতা
  • তামুলপুৰ ইউপিপিএল লেহোৰাম বড়ো
  • নলবাৰী বিজেপি জয়ন্ত মল্ল বৰুৱা
  • বৰক্ষেত্ৰী কংগ্ৰেছ দিগন্ত বৰ্মন
  • ধৰ্মপুৰ বিজেপি চন্দ্ৰমোহন পাটোৱাৰী
  • বৰমা ইউপিপিএল ভূপেন বড়ো
  • চাপাগুৰি ইউপিপিএল ইউ জি ব্ৰহ্ম
  • পানেৰী বিজেপি বিশ্বজিত দৈমাৰী
  • কলাইগাঁও বিপিএফ দুৰ্গাদাস বড়ো
  • ছিপাঝাৰ বিজেপি পৰমানন্দ ৰাজবংশী
  • মঙলদৈ কংগ্ৰেছ বসন্ত দাস
  • দলগাঁও এআইইউিডএফ মজিবুৰ ৰহমান
  • ওদালগুৰি ইউপিপিএল গোবিন্দ বসুমতাৰী
  • মাজবাট বিপিএফ চৰণ বড়ো
  • ঢেকীয়াজুলি বিজেপি অশোক সিংঘাল
  • বৰছলা বিজেপি গণেশ লিম্বু
  • তেজপুৰ অগপ পৃথ্বীৰাজ শ্বাহা
  • ৰঙাপাৰা বিজেপি কৃষ্ণকমল তাঁতী
  • চতিয়া বিজেপি পদ্ম হাজৰিকা
  • বিশ্বনাথ বিজেপি প্ৰমোদ বৰঠাকুৰ
  • বিহালী বিজেপি ৰঞ্জিত দত্ত
  • গহপুৰ বিজেপি উৎপল বৰা
  • জাগীৰোড বিজেপি পীযুষ হাজৰিকা
  • মৰিগাঁও বিজেপি ৰমাকান্ত দেউৰী
  • লাহৰিঘাট কংগ্ৰেছ আছিফ মহম্মদ নাজাৰ
  • ৰহা কংগ্ৰেছ শশীকান্ত দাস
  • ধিং এআইইউিডএফ আমিনুল ইছলাম
  • বটদ্ৰৱা কংগ্ৰেছ শিৱামণি বৰা
  • ৰূপহীহাট কংগ্ৰেছ নুৰুল হুদা
  • নগাঁও বিজেপি ৰূপক শৰ্মা
  • বঢ়মপুৰ বিজেপি জিতু গোস্বামী
  • চামগুৰি কংগ্ৰেছ ৰকিবুল হুছেইন
  • কলিয়াবৰ অগপ কেশৱ মহন্ত
  • যমুনামুখ এআইইউডিএফ ছিৰাজুদ্দিন আজমল
  • হোজাই বিজেপিৰ ৰামকৃষ্ণ ঘোষ।
  • লামডিং বিজেপি শিবু মিশ্ৰ
  • বোকাখাত অগপ অতুল বৰা
  • সৰুপথাৰ বিজেপি বিশ্বজিত ফুকন
  • গোলাঘাট বিজেপি অজন্তা নেওগ
  • খুমটাই বিজেপি মৃণাল শইকীয়া
  • দেৰগাঁও অগপ ভৱেন ভড়ালী
  • যোৰহাট বিজেপি হিতেন্দ্ৰনাথ গোস্বামী
  • মাজুলী বিজেপি সৰ্বানন্দ সোণোৱাল
  • তিতাবৰ কংগ্ৰেছ ভাস্কৰজ্যোতি বৰুৱা
  • মৰিয়নী কংগ্ৰেছ ৰূপজ্যোতি কুৰ্মী
  • টীয়ক অগপ ৰেণুপমা ৰাজখোৱা
  • আমগুৰি অগপ প্ৰদীপ হাজৰিকা
  • নাজিৰা কংগ্ৰেছ দেৱব্ৰত শইকীয়া
  • মাহমৰা বিজেপি যোগেন মহন
  • সোণাৰি বিজেপি ধৰ্মেশ্বৰ কোঁৱৰ
  • থাওৰা কংগ্ৰেছ সুশান্ত বৰগোঁহাই
  • শিৱসাগৰ ৰাইজৰ দল অখিল গগৈ
  • বিহপুৰীয়া বিজেপি অমিয় কুমাৰ ভূঞা
  • নাওবৈচা কংগ্ৰেছ ভৰত নৰহ
  • লখিমপুৰ বিজেপি মানৱ ডেকা
  • ঢকুৱাখনা বিজেপি নৱ দলে'
  • ধেমাজি বিজেপি ৰণোজ পেগু
  • জোনাই বিজেপি ভূবন পেগু
  • মৰাণ বিজেপি চক্ৰধৰ গগৈ
  • ডিব্ৰুগড় বিজেপি প্ৰশান্ত ফুকন
  • লাহোৱাল বিজেপি বিনোদ হাজৰিকা
  • দুলীয়াজান বিজেপি তেৰছ গোৱালা
  • টিংখাং বিজেপি বিমল বৰা
  • নাহৰকটীয়া বিজেপি তৰংগ গগৈ
  • চাবুৱা অগপ পোণাকন বৰুৱা
  • তিনিচুকীয়া বিজেপি সঞ্জয় কিষাণ
  • ডিগবৈ বিজেপি সুৰেন ফুকন
  • মাৰ্ঘেৰিটা বিজেপি ভাস্কৰ শৰ্মা
  • ডুমডুমা বিজেপি ৰূপেশ গোৱালা
  • শদিয়া বিজেপি বলীন চেতিয়া

এনে ফলাফল লাভ কৰাৰ পিছত মৰ্ত্যলৈ নামিবলৈ বাধ্য হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা । কেন্দ্ৰীয় নেতৃত্বলৈ তেওঁ পৰাজয় স্বীকাৰ কৰি প্ৰেৰণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা পত্ৰ ।

এই নিৰ্বাচনে বিশেষকৈ বিৰোধীক কেইবাটাও শিক্ষা দি গ'ল ।পুনৰ বিজেপি চৰকাৰ হ'ব । এতিয়া সেয়া নিশ্চিত হোৱাৰ পিছত বিজেপি শিবিৰত চৰ্চা চলিছে কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী । সৰ্বানন্দ সোণোৱাল দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হ'ব নে হিমন্ত বিশ্ব শৰ্মাৰ দুৱাৰ মুকলি হ'ব সেয়া এতিয়া আন এক চৰ্চাৰ বিষয় হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in