দ্বিতীয় পৰ্যায়ৰ ৫ সমষ্টিত কোনে মাৰিব হাঁহিঃ কাৰ কি স্থিতি…

দ্বিতীয় পৰ্যায়ৰ ৫ সমষ্টিত কোনে মাৰিব হাঁহিঃ কাৰ কি স্থিতি…

♦ মৃদুল কুমাৰ সন্দিকৈ

১৮ এপ্ৰিলত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। অসমৰ ৫ টা লোকসভা সমষ্টিকে ধৰি দেশৰ মুঠ ৯৬ টা সমষ্টিত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মুঠ ৯৭টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ত্ৰিপুৰাৰ এটা সমষ্টিত নিৰাপত্তাজনিত কাৰণত ১৮ এপ্ৰিলৰ পৰিৱৰ্তে ২৩ এপ্ৰিলতহে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

অসমৰ নগাঁও, শিলচৰ, মঙ্গলদৈ, ডিফু আৰু কৰিমগঞ্জত অনুষ্ঠিত হ'ব ১৮ এপ্ৰিলৰ ভোটগ্ৰহণ। ইতিমধ্যে ১৬ এপ্ৰিলত সাৰমণি পৰিছে এই সমষ্টিকেইটাৰ নিৰ্বাচনী প্ৰচাৰ। কৰিমগঞ্জ সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ বিপৰীতে বাকী ৪টা সমষ্টিত দ্বিকোণীয় প্ৰতিযোগিতা হ'ব। শিলচৰ, নগাঁও, মঙ্গলদৈ আৰু ডিফুত এই নিৰ্বাচনী যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে সীমাবদ্ধ থাকিব।

২০১৪ চনত অসমত বিজেপিয়ে ৭ খন আসন লাভ কৰিছিল। কংগ্ৰেছে ৩ খন আসন লাভ কৰাৰ বিপৰীতে এআইঅউডিএফে লাভ কৰিছিল ৩ খন আসনত। কোকৰাঝাৰ সমষ্টিত নিৰ্বাচিত হৈছিল নিৰ্দলীয় প্ৰাৰ্থী। ২০১৪ চনৰ নিৰ্বাচনী প্ৰেক্ষাপট আৰু ২০১৯ চনৰ নিৰ্বাচনী প্ৰেক্ষাপট পৃথক।

২০১৪ চনত কৰিমগঞ্জ সমষ্টিত জয়ী হৈছিল ৰাধেশ্যাম বিশ্বাস। এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থী কৃষ্ণা দাসক ১০২০৯৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। এই সমষ্টিটোত বৰ্তমানৰ সাংসদ ৰাধেশ্যাম বিশ্বাসো এআইএউডিএফৰে প্ৰাৰ্থী। সমষ্টিটোত এইবাৰ মুঠ ১৪ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবাৰ এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী স্বৰূপ দাস আৰু বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

সমষ্টিটোত এইবাৰ এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে জয়ী হ'ব বুলি এআইইউডিএফৰ নেতৃত্বই দাবী কৰিলেও বিজেপি আৰু কংগ্ৰেছৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।

শিলচৰ সমষ্টিত ২০১৪ চনত জয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী সুস্মিতা দেৱ। এইবাৰ এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে বৰ্তমানৰ সাংসদ সুস্মিতা দেৱৰ উপৰিও আন ১২ জন প্ৰাৰ্থীয়ে। অৰ্থাৎ মুঠ ১৩ জন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব শিলচৰত। ২০১৪ চনত সুস্মিতা দেৱে ৩৫২৪১টা ভোটত পৰাস্ত কৰিছিল বিজেপিৰ প্ৰাৰ্থী কবিন্দ্ৰ পুৰকায়স্থক। সমষ্টিটোত ২০১৯ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব। কংগ্ৰেছৰ সুস্মিতা দেৱৰ বিপৰীতে বিজেপিয়ে এই সমষ্টিটোত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে ডা০ ৰাজদ্বীৰ ৰায়ক। এই সমষ্টিটোত জয়ী হোৱাটো বিজেপিৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব বুলি অনুমান কৰা হৈছে।

মঙ্গলদৈ সমষ্টিত ২০১৪ চনত জয়ী হৈছিল বিজেপিৰ ৰমেন ডেকা। সাংসদজনক এইবাৰ দলে টিকট প্ৰদান নকৰিলে। তেওঁৰ স্থানত দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। কংগ্ৰেছে এই সমষ্টিটোত ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন এপিচিচিৰ সভাপতি ভূৱনেশ্বৰ কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২০১৪ চনত ৰমেন ডেকাই কংগ্ৰেছ প্ৰাৰ্থী কিৰিপ চলিহাক ২২৮৮৪টা ভোটত পৰাস্ত কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হোৱা প্ৰতিক্ৰিয়াৰ পাছত এই সমষ্টিত ফলাফল বিজেপিৰ বাবে সহজ হৈ থকা নাই। সমষ্টিটোত অতি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব শাসকীয় দলটো। এই সমষ্টিটোত ১৮ এপ্ৰিলত ইভিএমত ভাগ্য বন্দী হ'ব মুঠ ১১ জন প্ৰাৰ্থীৰ।

ডিফু সমষ্টিত এইবাৰ ৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোত বৰ্তমানৰ সাংসদ বীৰেণ সিং ইংতিয়ে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপিৰ হৈ যুঁজত নামিছে হৰেণ সিং বে'য়ে। ২০১৪ চনত এই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী বীৰেণ সিং ইংতিয়ে বিজেপি প্ৰাৰ্থী জয়ৰাম ইংলেঙক পৰাস্ত কৰিছিল। অৱশ্যে ভোটৰ ব্যৱধান আছিল মাত্ৰ ২৪০৯৫টা।

এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে তীব্ৰ যুঁজ হ'ব সমষ্টিটোত। অৱশ্যে সমষ্টিটোত শেষ হাঁহি কোনে মাৰে সেয়া এতিয়াও কোৱা টান। কংগ্ৰেছ প্ৰাৰ্থী বীৰেণ সিং ইংতিৰ সমষ্টিটোত আছে বিশেষ প্ৰভাৱ।

দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা আন এটা সমষ্টি হৈছে নগাঁও। ৭ জন প্ৰাৰ্থীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নগাঁও সমষ্টিত। ২০১৪ চনৰ নিৰ্বাচনত এই সমষ্টিৰ পৰা জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী ৰাজেন গোহাঁই। কংগ্ৰেছ প্ৰাৰ্থী জোনজোনালী বৰুৱাক ১,৪৩,৫৬৯ টা ভোটত পৰাস্ত কৰিছিল। ২০১৯ চনত এই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব।

পুৱা ৭ বজাৰ পৰা অসমৰ এই ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মুঠ ১,৪৫,১৪,০৫০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৫০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা অসমৰ ৫ সমষ্টিৰ এটাত আগবাঢ়ি আছে এআইইউডিএফ। বাকী কেইটা সমষ্টিত এআইইউডিএফৰ অনুপস্থিতি বিজেপিৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিছে।

নিৰ্বাচনী যুঁজত শেষ হাঁহি কোনে মাৰে সেয়া সময়ে ক'ব। কিন্তু ভবাৰ দৰেই বিজেপিৰ বাবে এই সমষ্টিকেইটাত জয়ী হোৱাটো সহজ নহ'ব। কিয়নো সংখ্যালঘু ভোটাৰে প্ৰভাৱ পেলাব পৰা নগাঁও, মঙ্গলদৈ আদি সমষ্টিত নাগৰিকত্ব সংশোধনী বিধেয়কো বিজেপিৰ বাবে আন এক দুঃশ্চিন্তাৰ কাৰণ হৈ পৰিছে।

বিজেপিয়ে সমষ্টিকেইটাত বিশাল জনসভা, ৰেলী, ৰোড শ্ব' আয়োজন কৰিছিল যদিও প্ৰচাৰৰ দিশত কিন্তু পিছ পৰি আছিল কংগ্ৰেছ, এআইইউডিএফ। এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ কোনো স্পষ্ট ধাৰণা কৰা সহজ হোৱা নাই। ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ মেৰু বিভাজনৰ বাবে বিজেপিয়ে চেষ্টা কৰিলেও এই দিশত কিমান সফল হ'ব পাৰিছে সেয়া সময়েহে ক'ব।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ ভিতৰত ৪ জনে তেওঁলোকৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ থকাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰে ৩ জনৰ আছে গুৰুত্বপূৰ্ণ গোচৰ। অৰ্থাৎ দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা ৮ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ। শপতনামাত দাখিল কৰা তথ্য অনুসৰি ২২ শতাংশ প্ৰাৰ্থীয়েই কোটিপতি। ৫০ জন প্ৰাৰ্থীৰ ভিতৰত ১১ জনৰে আছে কোটি টকাৰো অধিক মূল্যৰ সা-সম্পত্তি।

দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ ভিতৰত আছে মাত্ৰ ২ গৰাকী মহিলা প্ৰাৰ্থী। দ্বিতীয় পৰ্যায়ৰ ৫ সমষ্টিৰ প্ৰেক্ষাপট লক্ষ্য কৰিলে দেখা যায় যে কৰিমগঞ্জ সমষ্টিত মুঠ ১৩,৩৮,০০৫ গৰাকী ভোটাৰ আছে। ১৭২১টা ভোট কেন্দ্ৰ থকা এই সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰে মূলতঃ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

নগাঁও সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ মন কৰিবলগা। ৰাজেন গোহাঁইক শেষ মুহূৰ্তত টিকটৰ পৰা বঞ্চিত কৰাত সমষ্টিটোত দলীয় প্ৰচাৰত মন্ত্ৰীজনৰ সমৰ্থকসকলে বিশেষ মনোনিবেশ কৰা পৰিলক্ষিত নহ'ল। তদুপৰি এই সমষ্টিটোত মুঠ ভোটাৰৰ সংখা ১৭,৯০,৬৮৪ গৰাকী। ইয়াৰে ৫.২৫ লাখ ধৰ্মীয় সংখ্যালঘু ভোটাৰ। সমষ্টিটোত ভাষিক সংখ্যালঘু ভোটাৰৰ সংখ্যা ৩.৫০ লাখ। সেহেয়ে এই দুই শ্ৰেণীৰ উপৰিও তিৱা তথা অন্যান্য জনজাতীয় ভোটাৰে বিজয়ী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

মঙ্গলদৈ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭,৯৫,৫২৯ গৰাকী। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থীয়ে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বিপৰীতে বড়ো অধ্যুষিত অঞ্চল সমূহত বিজেপিয়ে ব্যাপক প্ৰচাৰ চলাই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক তীব্ৰ প্ৰত্যাহ্বানলৈ ঠেলি দিছে। সেহেয়ে এই সমষ্টিটোত কংগ্ৰেছ বা বিজেপি কাৰো বাবে এই জয় সহজলভ্য হৈ থকা নাই। তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে এই সমষ্টিটোত দুই দলৰ প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাতো নিশ্চিত।

১৮ এপ্ৰিলত ইভিএমত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য। অসমৰ এই ৫ টা সমষ্টিৰ এটাত এআইইউডিএফৰ প্ৰাৰ্থীয়ে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীক প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিয়াৰ বিপৰীতে আন ৪ টা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে এই নিৰ্বাচনী যুঁজ সীমাবদ্ধ হৈ ৰ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in