তেওঁলোকৰ প্ৰাপ্তিয়ে গৌৰৱান্বিত কৰিলে অসমক

তেওঁলোকৰ প্ৰাপ্তিয়ে গৌৰৱান্বিত কৰিলে অসমক

তুষৰা প্ৰতিম

পৰিবৰ্তন আৱশ্যম্ভাবি। সলনি হোৱাটোৱেই প্ৰকৃতিৰ নিয়ম। সময় যিমানেই বাঢ়িব সিমানেই পৰিবৰ্তন হ'ব। এইয়াই প্ৰকৃতিৰ নিয়ম। এই নিয়ম অনুসৰিয়েই আকৌ এটা বছৰ শেষ হোৱাৰ দিশে। মাজত মাত্ৰ কেইটামান ঘণ্টা। এই সময়খিনি হিচাপ কৰাৰ সময়। গোটেই বছৰটোত ৰাজ্যখনৰ সমাজ, সংস্কৃতি, সাহিত্য, ৰাজনীতি, অৰ্থনীতিকে ধৰি সকলো দিশত কি পালে বা কি হেৰুৱালে সেই বিষয়ে এতিয়া হিচাপ কৰাৰ সময়। পোৱা-নোপোৱাৰ এই হিচাপেই দেখুৱাব আমাক নতুন বছৰৰ বাট।

বছৰটোৰ যোগাত্মক কথাবোৰে নতুন বছৰত দিব সাহস আৰু প্ৰেৰণা। সফলতা বোৰে দেখুৱাব সপোন। যি সপোনৰ পম খেদি আমি আকৌ আগবাঢ়িম সফলতাৰ জখলাৰে এঢাপ এঢাপকৈ আগলৈ। আনহাতে বিফলতা আৰু বিয়োগাত্মক কথা-কাম বোৰে আমাক ভুলৰ শুধৰণি কৰি ন উদ্যমেৰে নতুন বছৰটোত আগবঢ়াৰ বাবে সচেতন কৰি তুলিব। সেয়ে এতিয়া নিজকে প্ৰশ্ন কৰাৰ সময়, কি পালো? কি হেৰুৱালো?

২০২২ চনৰ দুৱাৰ মুকলি হোৱাৰ পথত। ২০২১ ৰ দিনবোৰলৈ উভতি চালে দেখিম বহু ঘটনাবহুল অৱস্থাৰে আহি এই ক্ষণত উপনীত হৈছো। এই সময়ছোৱাত ৰাজ্যখনে বহু পালে, বহুখিনি হেৰুৱালে। বিশেষকৈ কোৰোনা মহামাৰীৰ সংক্ৰমণৰ ভয়াবহতাৰ মাজৰে আৰম্ভ হোৱা বছৰটো কোৰোনাৰ সংক্ৰমণৰ ভয়-ভিতিৰ মাজেৰেই শেষ হ'ল। এই কাল কোৰোনাই আমাৰ মাজৰ পৰা অকালতে কাঢ়ি লৈ গ'ল বহুতকে।

কোৰোনাৰ লগতে অন্যান্য কাৰণ অসমবাসীৰ মাজৰ পৰা বিদায় লোৱা সেইসকলৰ মাজত আছিল প্ৰখ্যাত সাহিত্যক, সাংবাদিক হোমেন বৰগোহাঁই, ড০ লক্ষ্মীনন্দন বৰা, সাহিত্যিক সনন্ত তাতী, অনিমা গুহ শিল্পী প্ৰভাত শৰ্মা, কুল বৰুৱা, ভিতালী দাস, পাৰ্বিন পৰী, প্ৰবীন ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় ব্যক্তি। বহুখিনি বিয়োগাত্মক বিষয়ৰ মাজতেই আছিল বহু যোগাত্মক খবৰ, ঘটনা-প্ৰবাহ। এক জটিল পৰিস্থিতিৰ মাজেৰ পাৰ কৰা বছৰটোত অৱশ্যে বহু কেইজন অসমীয়াই প্ৰতিষ্ঠা কৰিলে বিশ্বৰ বুকুত।

ক্ৰীড়া ক্ষেত্ৰ

২০২১ বৰ্ষটোত ৰাজ্যই ক্ৰীড়া ক্ষেত্ৰৰ জৰিয়তে লাভ কৰিলে নতুন পৰিচয়। ক্ৰীড়া ক্ষেত্ৰৰ জৰিয়তেই বহুকেইজন অসমীয়াই বিশ্বত প্ৰতিষ্ঠা লাভ কৰিলে। এই ক্ষেত্ৰত প্ৰথমেই নাম ল'ব লাগিব গোলাঘাট জিলাৰ বৰমুখীয়া গাৱঁৰ লাভলীনা বৰগোহাঁইৰ। অলিম্পিকৰ মঞ্চত অসমৰ নাম উজলাই অলিম্পিকৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ কৰিলে অসমৰ নাম।

টালিমেৰণ আও, দীপাংকৰ ভট্টাচাৰ্য, জয়ন্ত তালুকদাৰ আৰু শিৱথাপাই অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি ৰাজ্যক গৌৰৱান্বিত কৰিছিল যদিও বিশ্ব পৰতিযোগিতাখনত সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল। ৰাজ্যৰ প্ৰথমগৰাকী মহিলা হিচাপে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিসাহ সৃষ্টি কৰি পৰৱৰ্তী সময়ত প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক দখলেৰে অসমৰ ক্ৰীড়া জগতত সৰ্বকালৰ বাবে নিজৰ নাম লিপিবদ্ধ কৰাৰ লগতে অসমক গৌৰৱ কৰিবলৈ এক সুযোগ দিলে।

আনহাতে বক্সাৰ শিৱ থাপা, যমুনা বড়ো, জিমনাষ্টিকছত উপাশা তালুকদাৰ, সতোঁৰ খেলুৱৈ শীৱাংগী শৰ্মা,আস্থা চৌধুৰী, ৰূপম গগৈ, জাহ্নবী কাশ্যপকে ধৰি বিভিন্ন শাখাৰ কেইবাগৰাকীও খেলুৱৈ, শ্বুটিঙত হৃদয় হাজৰিকা আদিয়ে লাভ কৰিলে সফলতা। এইয়াও আছিল অসমৰ বাবে নিশ্চয় আশাৰ খবৰ।

সাহিত্য ক্ষেত্ৰ

ক্ৰীড়াজগতখনত লাভ কৰা সফলতাৰ বাবে অসমীয়াই গৌৰৱেৰে বুকু ফুলাই ৰখাৰ সময়তে আন এগৰাকী মহিৰূহ অসমীয়াই বছৰটোৰ প্ৰায় শেষৰ ফালে লাভ কৰা এন এক প্ৰাপ্তিয়ে অসমীয়াক অহংকাৰ কৰাৰ সুযোগ দিলে। সাহিত্য ক্ষেত্ৰখনত সুদীৰ্ঘকাল নিজৰ চৰ্চাৰে সকলোৰে হৃদয়ত স্থান লাভ কৰা কাব্যঋষিয়ে লাভ কৰিলে জ্ঞানপীঠ। ইয়াতকৈ আৰু সুখৰ খবৰ আৰু কি হ'ব পাৰে?

সুদীৰ্ঘসময় কাব্য চৰ্চাৰে অসমীয়া কাব্যজগতক মহিয়ান কৰা কাব্যঋষি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰাৰ লগে লগেই নিজ ৰাজ্যতে অৱহেলিত অসমীয়া ভাষাই যেন প্ৰাণ হে পালে। প্ৰতিগৰাকী অসমীয়া কাব্যঋষিয় পোৱা এই স্বীকৃতিক লৈ গৌৰৱান্বিত।

সাহিত্য ক্ষেত্ৰখনত ইয়াৰ পিছতে সুখৰ খবৰ কঢ়িয়াই আনিলে সাহিত্য অকাডেমীয়ে। বছৰটো শেষ হোৱাৰ মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে ঘোষণা কৰা সাহিত্য অকাডেমীৰ বঁটাৰ তালিকাত নাম সন্নিবিষ্ট হ'ল অসমৰ প্ৰখ্যাত ঔপন্যাসিকা অনুৰাধা শৰ্মাৰ পূজাৰীৰ। এইয়াও আছিল এক আশাৰ খবৰ। অনুৰাধা শৰ্মা পূজাৰীৰ উপৰিও আন কেইবাটাও শিতানত কেইবাজনে লাভ কৰিলে সাহিত্য অকাডেমী।

২০২০ বৰ্ষৰ বাবে ২০২১ বৰ্ষত প্ৰদান কৰা সাহিত্য অকাডেমীৰ বঁটাও আছিল আশাৰ খবৰ। ডাঃ অপূৰ্ব শ‍ইকীয়া আৰু প্ৰয়াত ধৰণীধৰ বাৰীলৈ আগবঢ়োৱা সাহিত্য অকাডেমীৰ সন্মান, মাধুৰিমা ঘৰফলীয়া, অজিত বড়োলৈ আগবঢ়োৱা সাহিত্য অকাডেমীৰ শিশু সাহিত্যৰ বঁটা, দ্বিজেন দাস, নিউটন কে বসুমতাৰীলৈ আগবঢ়োৱা সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ আৰু দিগন্তবিশ্ব শৰ্মা, কামেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা সাহিত্য অকাডেমীৰ অনুবাদ বঁটাই আশাৰ খবৰ কঢ়িয়াই আনিছিল।

সামৰিক আৰু প্ৰশাসনীয় সেৱা

দেশৰ সেৱাত দেখুওৱা পাৰদৰ্শিতাৰে বছৰটোত জিলিকি উঠিল কেইবাজনো অসম সন্তান। সেনা বিষয়া ৰাণা প্ৰতাপ কলিতা, অসং ৰাইফলছৰ ৰাইফলমেন প্ৰণৱজ্যোতি দাস, লেঃ কৰ্ণেল ৰাজকুমাৰ পল্লৱ গোহাই এই তিনিওগৰাকী বীৰ অসমীয়াক স্বীকৃতি প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে। ৰাণা প্ৰতাপ কলিতাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে উত্তম যুদ্ধ সেৱা মেডেল, প্ৰণৱজ্যোতি দাসক প্ৰদান কৰিলে শৌৰ্য চক্ৰ আৰু লেঃ কৰ্ণেল ৰাজকুমাৰ পল্লব গোহাঁইয়ে লাভ কৰিলে বাৰ টু সেনা মেডেল।

অসম আৰু অসমবাসীক গৌৰৱান্বিত কৰি ২০২১ বৰ্ষত কেন্দ্রীয় চোৰাংচোৱা সংস্থা ইন্টেলিজেন্স ব্যুৰ'ৰ বিশেষ সঞ্চালক পদত অধিষ্ঠিত হয় অসম সন্তান তপন ডেকা ইয়ো আছিল অসমৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আন এগৰাকী অসম সন্তান আই পি এছ বিষয়া এছ এল থাউছেনে বি এছ এফৰ বিশেষ সঞ্চালকপ্ৰধানৰূপে পদোন্নতি লাভ কৰাটোও বিদায়ী বৰ্ষৰ এক আশাব্যঞ্জক খবৰ।

বিজ্ঞান আৰু চিকিৎসা

বিজ্ঞানৰ ক্ষেত্ৰখনত ৰাজ্যবাসীয়ে গৌৰৱ কৰিব পৰাকৈ কেইবাটাও সফলতাৰ মুখ দেখা পালে। ইয়াৰ ভিতৰত প্ৰথমেই নাম ল'ব লাগিব ড০ বৰ্ণালী দাসৰ। পাটাছাৰকুছিৰ কন্যা এইগৰাকী বিজ্ঞানীৰ নেতৃত্বতে আৱিষ্কাৰ কৰিলে সূৰ্যতকৈ উত্তপ্ত এটা নক্ষত্ৰ। পুনেৰ নচনেল চেণ্টাৰ ফৰ ৰেডিঅ' এষ্ট ফিজিক্সৰ বিজ্ঞানীৰ দলটোৱে এক বিশেষ টেলিস্কোপৰ সহায়ত মহাকাশত এই নক্ষত্ৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে কয়লাৰ ওপৰত সুদীর্ঘ ৫ বছৰে কৰি অহা নিৰৱচ্ছিন্ন গৱেষণাৰ সাফল্যৰ বাবে জ্যেষ্ঠ বিজ্ঞানী অসম সন্তান বিনয় কুমাৰ শইকীয়ালৈ ভাটনাগৰ বঁটা-২০২১ আগবঢ়োৱা হৈছে। অসমে গৌৰৱ কৰিব পৰা এক খবৰ আছিল এইয়া। ভাৰতীয় বিজ্ঞান জগতৰ সৰ্বোচ্চ এই সম্মান লাভ কৰা ড° শ‍ইকীয়া যোৰহাটস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানৰ মেটেৰিয়েল ছায়েন্স এণ্ড টেকনলজি বিভাগৰ বিজ্ঞানী।

ইয়াৰ পিছতে নাম ল'ব লাগিব ড০ যতীন্দ্ৰ নাথ কলিতাৰ। টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী কলিতাই চাহৰ পৰা লৌহ কণিকা নিষ্কাশনৰ যন্ত্ৰ উদ্ভাবন কৰি বৌদ্ধিক সম্পত্তিৰ পেটেন্ট লাভ কৰিছে। আন এগৰাকী বিজ্ঞানী ড০ জুবিলী পুৰকায়স্থয়ো চলিত বৰ্ষত নিজস্ব পাৰদৰ্শিতাৰে উজলি উঠাৰ লগতে অসমক গৌৰৱ কৰাৰ এক সুযোগ দিলে। তেওঁ কোৰোনা মহামাৰী প্ৰতিৰোধী দৰব প্ৰস্তুতত অৰিহণা যোগাই ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।

ডি আৰ ডি অ'ৰ গবেষণা সংস্থা ইনষ্টিটিউট অব্ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেছৰ বিজ্ঞানী ড° জুবিলীয়ে ডি আৰ ডিঅ'ৰ শেহতীয়া উদ্ভাবন এণ্টি-কোভিড ড্রাগ '২ ডি জি' প্রস্তুতৰ গবেষক দলৰ অন্যতম সদস্য হিচাপে গৱেষণা কার্যত জড়িত হৈ আছিল।

চিকিৎসাৰ ক্ষেত্ৰতখনৰ জৰিয়তে অসমক গৌৰৱান্বিত কৰি তোলা আন এগৰাকী অসম সন্তান ৰজিলা ৰয়। মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ এইগৰাকী শিশু বিভাগৰ নাৰ্ছে লাভ কৰিছে ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স বেশ নাইটিংগেল বঁটা। তেওঁক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰিছে। ইয়াৰ উপৰিও ইছৰোৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰি নগাঁৱৰ নাজনিন ইয়াছমিন আৰু তিতাবৰৰ অলকেশ কলিতা। এয়াও আছিল অসমৰ বাবে এক গৌৰৱৰ খবৰ।

শিক্ষা ক্ষেত্ৰ

সমগ্র বিশ্বত উচ্চ শিক্ষাৰ গৌৰৱময় ধ্বজা বহন কৰি থকা লণ্ডন স্কুল অব্ ইকনমিকস্থত শিক্ষার্থী উপদেষ্টা হিচাপে মনোনীত হয় প্ৰীজা গোস্বামী। গুৱাহাটীৰ কুলেশ গোস্বামী আৰু গোপা গোস্বামীৰ কন্যা প্রীজা গোস্বামী লণ্ডন স্কুল অব্ ইকনমিক্‌ছৰ উদ্যমিতা পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক ডিজাৰটেচন, থেছিছ আদি প্ৰস্তুতৰ সময়ত সহায় কৰাৰ বাবে শিক্ষা প্রতিষ্ঠানখনত ছাত্র উপদেষ্টা হিচাপে মনোনীত হয়। শিক্ষা ক্ষেত্ৰত লাভ কৰা এই সফলতা আছিল আটাইতকৈ উল্লেখনীয়।

সংস্কৃতি

সংস্কৃতিৰ ক্ষেত্ৰখনত অসমে২০২১ বৰ্ষটোত লাভ কৰিলে কেইবাটাও আশাৰ খবৰ। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ত উজলি উথা দুই অসম কন্যা ফ্লৰিনা গগৈ আৰু গুঞ্জন। চুপাৰ ডান্সাৰৰ চতুর্থ ছিজনত বিজয়ীৰ খিতাপ দখল কৰি অসমৰ নাম ৰাষ্ট্ৰীয় প্রেক্ষাপটও জিলিকাই তোলে যোৰহাটৰ কণমানি ফ্লৰিনাই। আনহাতে ডান্স ডিৱানে নামৰ আন এটা ৰিয়েলিটি শ্ব'ত ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে অসমৰ আন কণমানি গুঞ্জনে।

অসমীয়া চলচ্চিত্রৰ দিশটোলৈ লক্ষ্য কৰিলে দেখা যায় যে কোভিডৰ বাবে বছৰটোৰ আধাতকৈ অধিক সময় চিনেমা গৃহ বন্ধ হৈ থাকিল যদিও বহু কেইখন চলচিত্ৰই লাভ কৰিলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সফলতা। ইয়াৰ ভিতৰত প্ৰথমেই নাম লাগিব 'ব্রীজ'ৰ। অক্সাৰ সন্মাৰ বাবেও মনোনীত হোৱা ব্ৰীজত কৰা অভিনয়ৰ বাবে ২২ ৰ পৰা ২৬ জুনত কানাডাত অনুষ্ঠিত চতুর্থ অ'টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে শিৱাৰাণী কলিতাই। ইয়াৰ পূৰ্বৰ বছৰত এই সন্মান লাভ কৰিছিল সীমা বিশ্বাসে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্র মহোৎসবত আইমী বৰুৱাই লাভ কৰে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান। 'চেমখোৰ' নামৰ ডিমাচা ভাষাৰ ছবিখনৰ বাবে এই সন্মান লাভ কৰে অভিনেত্রী আইমী বৰুৱাই। ২০২১ বৰ্ষত ৰাষ্ট্রীয় পর্যায়ত জিলিকি উঠা আন এখন অসমীয়া চলচ্চিত্র হ'ল 'বেলকনিত ভগবান'। বিশ্বজিৎ বৰা পৰিচালিত এই ছবিখনে ২৪ সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসব, ২০২১ আৰু 'নিউয়র্ক ইণ্ডিয়ান চলচ্চিত্র মহোৎসব, ২০২১'ত সফলতাৰে প্ৰদৰ্শিত হয়।

ইয়াৰ উপৰিও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা আন কেইখনাম চলচিত্ৰ হৈছে 'লাইফ ইন এ পাপেট', 'ৰণুৱা', 'আনু ৰোৱাডে', 'জোনাকী পৰুৱা, 'ইয়দহ', 'এপলছ এণ্ড অ'ৰেঞ্জেছ' আৰু 'বাটাৰ বাৰিয়েল' । 'লাইফ ইন এ পাপেট' এ তথ্য-কাহিনীমূলক পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা শাখাত কঢ়িয়াই আনে শ্রেষ্ঠ ছবিৰ সন্মান। ছবিখনৰ পৰিচালক ৰাজেন দাসে লাভ কৰে শ্রেষ্ঠ কাহিনী চিত্রনাট্যকাৰৰ বঁটা। চেন্নাইত অনুষ্ঠিত উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱতো 'লাইফ ইন এ পাপেট' এ লাভ কৰে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা। আনহাতে, অসমৰ বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই চিনেমাখনত কৰা সংগীত পৰিচালনাৰ বাবে উক্ত মহোৎসৱত লাভ কৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা।

একেদৰে যশস্বী পৰিচালক চন্দ্ৰ মুদৈৰ 'ৰণুৱা' (হু নেভাৰ ছাৰেণ্ডাৰ) ছবিয়ে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত লাভ কৰে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা। বিশিষ্ট পৰিচালক, চিত্ৰ নিৰ্মাতা দিলীপ কুমাৰ দলেৰ মিচিং ভাষাৰ ছবি 'আনু ৰোৱাডে' লাভ কৰে শ্রেষ্ঠ মিচিং ছবিৰ সন্মান। প্ৰকাশ ডেকাৰ দ্বাৰা পৰিচালিত ছবি 'জোনাকী পৰুৱাত কৰা অভিনয়ৰ বাবে জুৰীৰ বিশেষ সম্মান লাভ কৰে অভিনেতা বেঞ্জামিন দৈমাৰীয়ে।

শ্রেষ্ঠ খাছি ছবিৰ সন্মান লাভ কৰা 'ইয়দহ' ছবিত কৰা প্ৰশংসনীয় কামৰ বাবে শ্রেষ্ঠ চিংক ছাউণ্ড বঁটা লাভ কৰে অসমৰ দেৱজিৎ গায়নে। চলচ্চিত্র নির্মাতা-পৰিচালক ৰুকচানা টাচুমৰ দ্বাৰা পৰিচালিত চুটি ছবি 'এপলছ এণ্ড অ'ৰেঞ্জেছ'-এ লাভ কৰে শ্ৰেষ্ঠ শিক্ষামূলক চলচ্চিত্র বঁটা। বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ অসমীয়া উপন্যাস 'শৱ কটা মানুহৰ আধাৰত অৰুণাচল প্ৰদেশৰ মনপা ভাষাত নির্মিত 'বাটাৰ বাৰিয়েল' ছবিয়ে লাভ কৰে পৰিবেশ সংৰক্ষণৰ শ্ৰেষ্ঠ ছবিৰ সম্মান।

পদ্ম সন্মানেৰে সন্মানিত হ'ল বহুজন

ৰাজ্যৰ প্ৰাকতন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ আগবঢ়োৱাটোও আছিল ৰাজ্যখনৰ বাবে এক যোগাত্মক খবৰ। একেসময়তে নৃত্য পটীয়সী ইন্দিৰা পি পি বৰা, বুৰঞ্জীবিদ যোগেন্দ্র নাথ ফুকন, নেপালী সাহিত্যিক লাল বাহাদুৰ চেত্রী, চিকিৎসক ডাঃ ৰবি কান্নন আৰ, ডাঃ কুশল কোঁৱৰ শৰ্মাৰ লগতে গোপীৰাম বৰগায়ন বুঢ়াভকত, ইমৰান শ্বাহ, বিজয়া চক্রবর্তী, মংগলছিং হাজোৱাৰী, বিৰুবালা ৰাভা, লখিমী বৰুৱা, দুলাল মানকি আৰু ৰোমান শৰ্মাই পদ্মশ্রী সন্মানেৰে সম্মানিত হোৱা খবৰো আছিল এক যোগাত্মক খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in