অসহ্যকৰ! নিঃসংগতাই এতিয়া জীৱনৰ ডাঙৰ সমস্যা…

অসহ্যকৰ! নিঃসংগতাই এতিয়া জীৱনৰ ডাঙৰ সমস্যা…

► মৃদুল কুমাৰ সন্দিকৈ

জীৱন ঘড়ীৰ প্ৰতিটো পল

যেন গলি গলি গ'ল

নিঃসংগতাৰ পৰুৱা এটা

মাথো তাতে পৰি ৰ'ল…

মাথো তাতে পৰি ৰ'ল…

নিঃসংগতা! মানুহৰ কাষত মানুহ থাকিও মানুহ আজি নিঃসংগ। ঠিক এই গানটোৰ দৰে। জীৱন ঘড়ীৰ প্ৰতিটো পল গলি গলি শেষ হৈ যায়, নিঃসংগতাৰ পৰুৱা এটা মানুহৰ জীৱনত ৰৈ যায়…।

পৃথিৱীত প্ৰতিজন মানুহে কম-বেছি পৰিমানে নিঃসংগ। কাৰ বাবে আজি কাৰ সময় আছে? কোনোবাই যদি কাৰোবাৰ বাবে মুহূৰ্ত ক্ষণ এটাও দিছে, তেন্তে তেওঁ নিজকে সৌভাগ্যবান বুলি গণ্য কৰক। ২৪ ঘণ্টাই এটা দিন, ৩০ দিনেই এটা মাহ আৰু ১২টা মাহেই এটা বছৰ। সলনি হোৱা নাই সময়ৰ সেই হিচাপ। কিন্তু সলনি হৈছে মানুহৰ জীৱন-ধাৰণৰ প্ৰণালী। সময় একে আছে। কিন্তু মানুহৰ আজি সময় নাই!

মিষ্টাৰ ছাক্সেনা, এজন ভদ্ৰ লোক। চাহ বাগানত কাম কৰিছিল তেখেতে। কিছুদিন পূৰ্বে অৱসৰ লৈ গুৱাহাটীৰ বাসিন্দা হ'ল। প্ৰতিষ্ঠিত চাহ কোম্পানীৰ মেনেজাৰ হিচাপে তেওঁৰ আভিজাত্য আজিও একেই আছে। সন্ধিয়া হ'লে আগতে তেওঁ আৰু পৰিবাৰ ক্লাবলৈ গৈছিল। ক্লাবলৈ অহা ১৫-২০জন মানুহ নিৰ্বাচিত লোক। তেওঁলোকৰ সমপৰ্যায়ৰ। তাতেই তেওঁলোকৰ সমাজখন সীমাৱদ্ধ হৈ গৈছিল।

বাগানৰ বাংলোৰ প্ৰকাণ্ড চৌহদত তেওঁ নিজৰ মতেই সকলো কৰিছিল। লনৰ এটা মূৰত খেৰৰ এটা ঘৰ সাজিছিল। তাতেই এটা কেৰাচিনৰ লেম্প ওলমাই সেই পোহৰত বহি ৰাতি কিছুসময় অতিবাহিত কৰাতো তেওঁৰ বিলাস আছিল। হাফ পেন্ট পিন্ধি তেওঁ ওলাই গৈছিল বাগানলৈ। কেতিয়াবা খোলা জীপত। কেতিয়াবা নিজৰ গাড়ীত। ক'ৰবালৈ গ'লে তেওঁৰ বয়বস্তু জাপি দিয়া মানুহে আছিল দুজন। নিশা পাৰ্টি কৰি ঘৰলৈ আহিলে হৰ্ণ বাজিলেই গেট খুলি দিছিল অৰ্ডালিয়ে।

সেই জীৱন-ধাৰণৰ প্ৰণালীয়ে তেওঁলোকক সমাজৰ পৰা নিলগাই ৰাখিছিল। সাধাৰণ মানুহতকৈ তেওঁলোক সদায় আছিল ব্যতিক্ৰম। গুৱাহাটীলৈ অহাৰ পাছত সেই অভ্যাস থাকি গ'ল। পুৱাই কুকুৰটো লৈ মৰ্ণিং ৱাকত যায়। ৩১ ডিচেম্বৰ, জন্মদিন, বিবাহ বাৰ্ষিকী আদি আজিও ধুমধামে পাতে। কিন্তু সকলো থাকিও যেন তেওঁলোকৰ কিবা এটা নাই। জনাৰণ্যত বাস কৰাৰ পাছতো তেওঁলোকৰ কাষত মানুহ নাই। এক নিঃসংগ জীৱন এয়া। য'ত বিলাসীতা আছে, সংগ নাই। নিজৰ মাজতেই নিজে মছগুল হৈ পাৰ কৰে সময়। এইবোৰ কাহিনী, কিন্তু এইবোৰেই বাস্তৱ।

এনে বহু মানুহ আছে যিয়ে নিঃসংগতাৰ বাবেই জীৱনক শেষ কৰি দিব পাৰে। জীৱনৰ ওচৰত জীয়াই থকাৰ মূল্য শূন্য হৈ পৰে। যাৰবাবে নিঃসংগতা তেওঁলোকৰ বাবে হয় ডাঙৰ বোজা। অসমৰ সমাজ জীৱনত নিঃসংগতা সৌ সেইদিনালৈকে নাছিল। সুসংহত পৰিয়াল, পৰিয়ালৰ সদস্যসকলৰ মাজত থকা আত্মীয়তা আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই নিঃসংগতাই ভুমুকি মাৰিব পৰা নাছিল। এতিয়া সেইদিন নাই। গ্ৰাম্য অঞ্চলতো মানুহ অতিকেন্দ্ৰিক হৈ পৰাৰ ফলত পিতৃ-মাতৃক অৱহেলা কৰা, পৰিয়ালৰ সদস্যসকলৰ মাজত আন্তৰিকতাহীনতা আৰু গ্ৰাম্য জীৱনবোধৰ অভাৱে আমাক নিঃসংগ কৰি পেলাইছে।

কিছুদিনৰ আগৰ কাহিনী। এগৰাকী কোটিপতি মহিলাৰ কাহিনী। তেওঁৰ কোটিপতি পুত্ৰই বাস কৰিছিল আমেৰিকাত। অকলে বাস কৰিছিল মহিলাগৰাকী। তেওঁৰ বাস কৰা ফ্লেটটোৰ দাম আছিল ৭ কোটি টকা। পুত্ৰ আহি ১০ মাহৰ পাছত ফ্লেটৰ বন্ধ কোঠাত কংকাল হৈ পৰি থকা অৱস্থাত পাইছিলহি মাকক। মুম্বাইৰ ঘটনা আছিল এয়া। মহিলাগৰাকীৰ নাম আছিল আশা সাহানী।  নিসংগতাই তেওঁক এনেকৈ মৃত্যুৰ কাষলৈ ঠেলি নিছিল। বন্ধ কোঠাত অকলশৰে ছোফাত বহি থাকোতেই চিৰদিনৰ বাবে ঢলি পৰিছিল। শেষবাৰৰ বাবে পুত্ৰক এবাৰ চোৱাৰ হেঁপাহ তেওঁৰ থাকি গ'ল। কি এই জীৱন!

কি আছে জীৱনত? ধন, টকা-পইচা, এইবোৰেই কেৱল জীৱন নহয়। সুখ মানুহে ধনেৰে কিনিব নোৱাৰে। মানুহক দুখী কৰা অন্যতম কাৰণ আজি নিঃসংগ। পতি-পত্নীৰ মাজত থাকিব লগা আন্তৰিকতাৰ অভাৱ। কেৱল মানুহক দেখুৱাবলৈ এক সম্পৰ্ক ৰক্ষা কৰে বহুতে। কি আছে তাত? চৰম উপহাস আৰু নিৰ্যাতনৰ বলি হৈ কত নাৰীয়ে কটাই সাংসাৰিক জীৱন। যি বান্ধোনৰ পৰা নিজক মুক্ত কৰিব পাৰিলেও চৰম ত্যাগেৰে পৰিয়াল-স্বজনৰ কথা ভাবি তেনে এক জীৱনৰ মাজত নিজক এৰি দিয়ে। এই জীৱনৰ উদাসীনতাই কাৰোবাক সন্তুষ্টি দিলেও, ইয়াত প্ৰাপ্তি বুলি কোনো কথা নাথাকে। একেলগে একেখন ঘৰত বাস কৰিলেও তেওঁ নিঃসংগ হৈয়ে ৰয়।

স্বপ্নৰ সিপাৰে দুঃস্বপ্ন

প্ৰাচ্যুৰ্যৰ সিপাৰে নিঃকৃণতা

স্বৰ্গৰ সিপাৰে নৰক

আৰু জীৱনৰ সিপাৰে মৃত্যু…

হয়তো এইখিনিৰ বাবেই যেতিয়ালৈকে নিজক সাজু কৰিব নোৱাৰি, তেতিয়ালৈকে মুক্ত কৰিব নোৱাৰি জীৱনক নিঃসংগতাৰ পৰা। এনে নিঃসংগতাই দিয়া দুখে কেতিয়াবা জীৱনক বিধ্বস্ত কৰি তোলে। সেই প্ৰত্যাহ্বান ল'ব পৰাকৈ সাজু হ'বলৈ মানুহক মানসিক দৃঢ়তাৰ প্ৰয়োজন হয়। এয়া সাধাৰণ কথা নহয়।

সাধাৰণ লোকৰ মাজৰ পৰা বিচ্ছিন্ন হৈ মানুহে নিজকে আৱিষ্কাৰ কৰিব নোৱাৰে। উচ্চপদস্থ বিষয়া-আমোলাসকলৰ ক্ষেত্ৰত সেয়া হয়। প্ৰটকলৰ নামত জীৱনক সাধাৰণ জীৱনৰ পৰা বিচ্ছিন্ন কৰি ৰখা সকলে উপলব্ধি কৰে শেষ সময়ত এই কথা। নিঃসংগতা এতিয়া সৰু কথা হৈ থকা নাই।

পশ্চিমীয়া দেশবোৰত নিঃসংগতা এক ডাঙৰ সমস্যা। আমেৰিকাত ৪৫ বছৰ উৰ্ধ্বৰ প্ৰতিজন লোকৰ মনতেই নিঃসংগতাই ধৰা দিয়ে। ইংলেণ্ডতো একেই অৱস্থা। ব্যস্ততা মানুহৰ যেনেদৰে বাঢ়িছে, ঠিক একেদৰে নিঃসংগতাও বৃদ্ধি পাইছে। যন্ত্ৰ সৰ্বস্ব এই জীৱনে আমাক সকলো দিব পাৰে, কিন্তু দূৰ কৰিব নোৱাৰে নিঃসংগতা। ম'বাইলটোত গান, গেম, ফেচবুক বা অন্য মাধ্যমৰ জৰিয়তে সময় অতিবাহিত কৰিব পাৰি। কিন্তু এজন আত্মীয় বা ঘনিষ্ঠ লোকে দিব পৰা সংগ এনেবোৰ মাধ্যমে কেতিয়াও দিব নোৱাৰে।

নিঃসংগতাৰ সৈতে স্বাস্থ্যৰ কথা জড়িত হৈ থাকে। নিঃসংগতাই মানুহৰ ৰোগ বৃদ্ধিৰ অন্যতম কাৰক। বিভিন্ন ধৰণে নিঃসংগ জীৱনে আমাক সমস্যাত পেলাব পাৰে। যেনে- নিঃসংগতাৰ বাবেই বহুলোকে বহু বদ অভ্যাস কৰে, খোৱা-বোৱাত মন নিদিয়ে, সময়মতে শোৱা নহয়, টোপনি ক্ষতি আদি ধৰণৰ সমস্যাবোৰ স্বাস্থ্যৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। যিবোৰে মানুহক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।

ইংলেণ্ডত অলপতেই এটা নতুন মন্ত্ৰীৰ দপ্তৰ মুকলি কৰা হৈছিল। জানুৱাৰী মাহত মুকলি কৰা এই নতুন দপ্তৰটো আছিল নিঃসংগতাৰ। দেশখনত নিয়োগ কৰা হৈছিল এগৰাকী নিঃসংগ দপ্তৰৰ মন্ত্ৰী। তেওঁ দেশৰ নিঃসংগতাৰ মাজত জীৱন নিৰ্বাহ কৰা লোকসকলৰ কল্যাণৰ বাবেই এই মন্ত্ৰীজনক নিয়োগ কৰা হৈছিল। নিঃসংগতা এতিয়া এনে এক সমস্যা। লাহে লাহে বাঢ়ি আহিছে নিঃসংগতা।

মানুহৰ হাতত আজি সময় নাই। এদিন গাঁৱত মানুহে মানুহক সহায় কৰিছিল। বিপদৰ মুহূৰ্তত মানুহ থাহ খাই চোতাল ভৰি পৰিছিল। আজি আৰু সেইদিন বিচাৰি পাবলৈ নাই। সকলোৱে ব্যস্ত। কিন্তু সেই ব্যস্ততাৰ মাজতেই হেৰাই যায় জীৱন। নিঃসংগ এই জীৱন। ব্যস্ততাৰ শেষত মানুহে অনুভৱ কৰে- কি বেদনাদায়ক এই নিঃসংগতা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in