ট্ৰেকলৈ হিমা উভতিব কেতিয়া?

ট্ৰেকলৈ হিমা উভতিব কেতিয়া?

► মৃদুল কুমাৰ সন্দিকৈ

হিমাই এতিয়া কৰি আছে কি? সকলোৰে মনত এই প্ৰশ্ন  স্বাভাৱিকতে উত্থাপন হ'ব। হিমাৰ সপোন, ৰাইজৰ সপোন। ডেউকা মেলি হিমা উৰিছে সফলতাৰ আকাশত । দুভৰিৰে জিনি অনা সফলতাৰ এই বাট আৰম্ভহে হৈছে। নগাঁৱৰ কান্ধুলীমাৰীৰ পৰা ওলাই যোৱা হিমা এতিয়া সমগ্ৰ দেশজুৰি এক চিনাকি নাম। হিমাৰ ওপৰত চকু সকলোৰে আছে। হিমাৰ সফলতাক লৈ আমি গৌৰৱ কৰো।

হিমা ৰূপ-কথাৰ নায়িকা। কষ্ট আৰু সাধনাৰ ফল হিমাই পাইছে। এজনী উচ্চাকাংক্ষী ছোৱালী হিমা। যি কয়, মুকলিকৈ কয়। সময়ৰ পাছত দৌৰিব পাৰে তেওঁ। এই প্ৰতিভা কেইজনৰ আছে? কেতিয়াবা যদি ঢোল বজাইছে, কেতিয়াবা বিহু নাচিছে, কেতিয়াবা কাৰোবাৰ সৈতে মচগুল হৈ অন্তৰংগভাৱে কথা পাতিছে। অসমতেই এতিয়া নহয়, ভাৰততেই হিমাময় পৰিৱেশ।

এদিন কেইজনে জানিছিল হিমাক? হিমাৰ বাবে বহু সপোন এতিয়া দিঠক। সেই সপোনবোৰ দিঠক কৰাৰ বাবে হিমাই কঁপালৰ ঘাম মাটিত পেলাইছিল। তেতিয়া কোনেও হিমাক চিনা নাছিল, জনা নাছিল। হিমা 'হিমা' হৈয়ে আছিল। নীৰৱে ট্ৰেকত হিমাই অনুশীলন কৰিছিল। তেওঁৰ প্ৰতিটো ক্ষণ যেন দৌৰৰ বাবেই উৎসৰ্গিত হৈছিল।

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত স্বৰ্ণ জিকি হিমা স্বৰ্ণ কন্যা হৈ ঘূৰি আহিল। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ আৰম্ভ কৰি সকলোৱে হিমাক শুভেচ্ছা জনাইছিল। এজনী অসমীয়া জীয়াৰীক জনোৱা এই শুভেচ্ছা আচলতে আছিল অসমীয়া জাতি আৰু অসমৰ বাবে এক বিৰল প্ৰাপ্তি। অসমত হিমাক ৰাজকীয় আদৰণি জনোৱা হৈছিল। হিমা নহয় যেন কোনোবা স্বৰ্গৰ পৰিহে নামি আহিছিল সেইদিনা। হিমাক চুই চাবলৈও যে কতজনৰ কিমান হেঁপাহ।

কথাবোৰ হিমাই চিধাকৈ কয়। লুক-ঢাক নাই। যি উপলব্ধি কৰে কৈ দিয়ে। শংকৰদেৱ কলাক্ষেত্ৰত হিমাই ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণ কৰা কোৱা কথাবোৰে ৰাজ্যবাসীৰ বুকু চুই গৈছিল। অহ! হিমাই কি কৈছিল সেইদিনা। হিমাৰ সন্মুখত ৰাজনীতিৰ বাঘা বাঘা নেতাসকলৰ মাত হেৰাইছিল।

হিমা গুৱাহাটীৰ পৰা ঘৰলৈ গৈছিল। তিনিদিন আছিল হিমা ঘৰত। তাতো একেই উৎসাহ-উদ্দীপনা। এখোপ চৰাহে। যাওঁতে এজনী সাধাৰণ ছোৱালী হিচাপে যোৱা হিমা ঘৰলৈ উভতিছিল অসাধাৰণ ৰূপত। লগ-সংগবোৰে হিমাক লৈ গৰ্বত উথলি উঠিছিল। কৈছিল- এইজনী আমাৰ হিমা। গছ পুলি ৰুইছিল হিমাই, সম্বৰ্ধনা লৈছিল। মাকে বনাই দিয়া এসাজ বহু দিনৰ মূৰত খাইছিল।

শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা গ্ৰহণ কৰা সময়ত হিমাই এটা কথা কৈছিল। দেউতাকে কোৱা কথা আছিল এইটো। হিমাক দেউতাকে কৈছিল- 'যিদিনা তোৰ মনলৈ অহংকাৰ আহিব, সেইদিনাই তই পতনৰ মুখ দেখিবি।'

অসমৰ মাটি, পানীত ডাঙৰ হোৱা হিমা আছিল পৰিৱেশৰ সৈতে খাপ খাব পৰা, কঠোৰ পৰিশ্ৰমৰ মাজেৰে নিজক আগুৱাই নিব পৰা এজনী ছোৱালী। কেৱল প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু আছিল। হিমাক লৈ দীৰ্ঘদিনৰ অভিজ্ঞতাৰে পুষ্ট অৰ্জুন ভোগেশ্বৰ বৰুৱাই বাৰে বাৰে কৈছিল- তাই ঘৰলৈ ঘূৰি আহিব নালাগে। বাহিৰে বাহিৰে বিদেশত প্ৰশিক্ষণলৈ যাওঁক। সম্বৰ্ধনা ল'লে একো নহ'ব। উন্নত প্ৰশিক্ষণ লওঁক।

এইষাৰ সাধাৰণ কথা নাছিল। ফেচবুক, ম'বাইল হিমাক এৰিব কৈছিল ভোগেশ্বৰ বৰুৱাই। খেলত মনোনিবেশ কৰাৰ বাবেই এই পৰামৰ্শ দিছিল জ্যেষ্ঠ খেলুৱৈজনে। হিমাই কি বুজিলে, নুবুজিলে নাজানো। কিন্তু এই পৰামৰ্শ আছিল হিমাৰ বাবে অন্য শ্ৰেষ্ঠ পৰামৰ্শবোৰৰ ভিতৰত অন্যতম।

হিমা, হিমা, হিমা। অসমৰ পৰা হিমা এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যস্ত হৈ পৰিল। 'এডিডাছ'ৰ জোতাত হিমাৰ নাম উজ্বলি উঠিল। এয়া গৌৰৱৰ কথা নে আমাৰ বাবে? এটা প্ৰতিষ্ঠিত বহুজাতিক কোম্পানীৰ জোতাত হিমাৰ নাম। কিন্তু হিমাৰ নাম আছিল আমাৰ বুকুত। বুকুৰ পৰা জোতাত হিমাৰ নাম!

এয়া সফলতাই বুলি ধৰিব পাৰি। কাৰ ভাগ্যলৈনো আহে এনে সুযোগ? তেনেদৰেই গ্ৰহণ কৰা হ'ল সকলো। হিমাৰ সেই সফলতাৰ যাত্ৰা শেষ নহ'ল। জি কিউ নামৰ আলোচনীখনৰ 'য়ংগ ইণ্ডিয়ান অৱ দ্য য়েৰ' সন্মান লাভ কৰিলে হিমাই। অক্টোবৰ, ২০১৮ সংখ্যাত হিমাৰ ছবি বেটুপাতত প্ৰকাশ হ'ল। ইয়াতকৈ গৌৰৱ আমাক কি লাগে?

হিমাৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম সকলোতে অনুগামীৰ সংখ্যা বাঢ়িল। ৰাইজক হিমাই জনাই থাকিল এইবোৰৰ মাধ্যমেৰে ক'ত কি কৰি আছে। কেতিয়াবা যদি শচীন তেণ্ডুলকাৰৰ লগত হিমা, আন কেতিয়াবা সৌৰভ গাংগুলি নতুবা আন এজন বলিউডৰ ষ্টাৰৰ সৈতে হিমাৰ ফটো। দেখিয়েই ভাল লাগি যায় সেইবোৰ। শচীন তেণ্ডুলকাৰে স্বাক্ষৰ কৰা নিজৰ এটা জাৰ্চি হিমাৰ হাতত তুলি দিলে। বিপিন ৰাৱাটৰ সৈতে হিমাই ফটো তুলিলে। সেইবোৰ স্মৃতি আৰু দৃশ্য দেখি ভাল লগাৰে কথা। আমাৰ হিমাই এতিয়া ট্ৰেকতেই নহয়, সফলতাৰ দৌৰত দৌৰিছে সমানে। ষ্টাৰ হৈ পৰিল এজনী অসমীয়া ছোৱালী।

এনেবোৰ মানুহৰ সৈতে হিমাৰ অন্তৰংগতা আমাৰো সন্তুষ্টিৰ বিষয়। আই এছ এল আৰম্ভ হ'ল। নীতা আম্বানিৰ হাতত কলকাতাৰ উদ্বোধনী মেচত হিমাইহে তুলি দিব লগা হ'ল বলটো। ইমান গুৰুত্ব বাঢ়ি গ'ল হিমাৰ। তাৰপাছত হিমাৰ বহু ভাল খবৰ আহিল। হিমাই এটা চাকৰিত যোগ দিলে। তেল কোম্পানীৰ গুৱাহাটীৰ মানৱ সম্পদ বিষয়া হ'ল হিমা। অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ হ'ল এইজনী ছোৱালী।

তাৰ মাজতেই হিমাই আন এক স্বীকৃতি পালে। সেয়া আছিল হিমাৰ প্ৰাপ্য। ৰাষ্ট্ৰপতিৰ হাতৰ পৰা মেখেলা চাদৰ পিন্ধি হিমাই গ্ৰহণ কৰিলে অৰ্জুন সন্মান। সেই মুহূৰ্তৰ সুখানুভূতিত আমি সকলো ডুব গ'লো। হিমাই আজুৰি অনা এই সফলতাৰ বাবেই চৌদিশে আজি হিমাৰ বন্দনা। হিমাৰ জয়গান।

হিমাৰ এটা ফেন ক্লাৱ আছে। হিমাৰ হৈ এই ফেন ক্লাৱে সকলো কৰে।হিমা তেওঁলোকৰ বাবে দেৱী। কল্পনাৰ বাখৰ। হিমাৰ বাবে উৎসৰ্গিত বহু যুৱক-যুৱতী এই ফেন ক্লাৱৰ সদস্য। কি কৰি আছে হিমাই? হিমাৰ মুখৰ পৰাই জনাৰ ইচ্ছা আছে। কেবাবাৰো হিমাৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল। অৱশেষত হিমাৰ ফেন ক্লাৱ আৰু পৰিয়ালৰ সৈতে যোগাযোগ কৰা হ'ল। হিমা এতিয়া সাংঘাতিক ব্যস্ত। হিমা ক'ত আছে ফেন ক্লাৱৰ বিষয়াজনে নাজানে। আগতে ফোন ধৰিছিল, এতিয়া ব্যস্ত যে ধৰিব নোৱাৰে। এই ব্যস্ততা অনুশীলনৰ নহয়, সভা-সমিতি, সম্বৰ্ধনা আদিৰ।

গুৱাহাটীত নতুনকৈ এটা ফ্লেট কিনিছে হিমাই। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, সেইটো ঠিক-ঠাক কৰিহে হিমা পাটিয়ালালৈ যাব। এই কেইদিন দিল্লী, মুম্বাই, কলকাতা আদিলৈ যাওঁতেই গ'ল। ১০ অক্টোবৰতেই অনুশীলনৰ বাবে যোৱা কথা আছিল হিমা। কিন্তু যাব পৰা নাই।

শুকুৰবাৰে হিমাৰ এখন কিতাপ উন্মোচন হৈছিল। পিতৃ-মাতৃৰ উপস্থিতিত উন্মোচন হ'ল এই কিতাপখন। হিমা গুৱাহাটীতেই আছিল, যাবহে নোৱাৰিলে। কিন্তু আশা কৰিছিল- হিমাক লৈ লিখা প্ৰথমখন কিতাপ উন্মোচনী অনুষ্ঠানত হিমা থাকিব। যোগাযোগ কৰি হিমাৰ সৈতে সম্পৰ্ক স্থাপন সম্ভৱ নহ'ল। উৰি ভালপোৱা ছোৱালীজনী বহু উপৰলৈ উৰি গুচি গ'ল। ঢুকিয়ে নোপোৱা দূৰলৈ।

সম্বৰ্ধনা গ্ৰহণৰ সময়তে হিমাই কৈছিল- কম দিনৰ ভিতৰতে তেওঁ ঘূৰি যাব অনুশীলনস্থলীলৈ। বিদেশলৈ হিমাৰ প্রশিক্ষণৰ কথা উঠিছিল। এদিন, দুদিনকৈ বহুদিন পাৰ হ'ল। খেল এৰি হিমা অন্যত বেছি ব্যস্ত হ'ব লগা হ'ল। কলকাতা, মুম্বাই, আই এছ এল, কোৰ্পৰেট কোম্পানীৰ বিজ্ঞাপন, ৰাষ্ট্ৰীয় বঁটা আদিত যেন বেছি সময় দিব লগা হৈছে হিমাই।

হিমাৰ সপোন অলিম্পিক। ৰাইজৰ সপোন আমাৰ হিমাই অসম্ভৱকো সম্ভৱ কৰিব। সেই প্ৰতিভা হিমাৰ আছে। হিমাক কোনেও হেচা নিদিয়ে। কিন্তু হিমাই সময়ৰ পাছত দৌৰি শ্ৰেষ্ঠতা অৰ্জন কৰিব বুলি আজিও বিশ্বাসী। হিমাৰ জনপ্ৰিয়তা দেখিয়েই হিমাৰ কাষত সকলো। বহুজাতিক কোম্পানীবোৰৰ শেনচকু হিমাৰ ওপৰত। হিমাক লৈ সেয়েহে সকলো ব্যস্ত।কিন্তু খেলক লৈ হিমা ব্যস্ত হ'ব পৰা নাই। কম দিনৰ ভিতৰতে হিমাক বাৰু বহুজাতিক কোম্পানীৰ এই জাক-জমকতাই গিলি পেলালে নেকি? সফলতাৰ এই কঠিন বাটত আগুৱাই যোৱা ছোৱালীজনীৰ সন্মুখত ভোগ আৰু লালসাৰ এখন ৰঙীন পৃথিৱীলৈ এই কোম্পানীবোৰে টানি নিছে নেকি?

এয়া হিমাক ভালপোৱাৰ বাবেই চিন্তা। হিমাই কি কৰে হিমাৰ ব্যক্তিগত কথা। কিন্তু ৰাইজৰ হৈ পৰা হিমাই কোন বাটেৰে বাট বুলিছে তাৰ নজৰ সকলোৰে থাকিব। এতিয়া খেল বা অনুশীলন কম, সম্বৰ্ধনা, গ্লেমাৰৰ পৃথিৱীত প্ৰদৰ্শন ধর্মিতা বেছি হৈছে নেকি? সেই কথা হিমাক শুভাকাংক্ষী তথা ঘনিষ্ঠ সকলে সোঁৱৰাই দিয়াৰ প্ৰয়োজন আছে নাই ভবাৰ সময় আহিছে।

ৰঙীন পৃথিৱীত ধন, সম্পত্তি সকলো থকাৰ পাছতো কেতিয়াবা অতি প্ৰতিভাধাৰীজনো নাইকিয়া হৈ যায়। সেই প্ৰাপ্তিত কেৱল বৈভৱ থাকে। নাথাকে ৰাইজৰ মৰম আৰু মাটি তথা স্বজাতিৰ আত্মগৰ্ববোধ। সেয়েহে হিমাৰ এই ব্যস্ততা দেখাৰ পাছত হিমাক ভালপোৱা সকলেই হিমাক খুলি নক'লেও মনৰ ভিতৰতে প্ৰশ্ন কৰিছে- আই এছ এল সম্বৰ্ধনা,বিজ্ঞাপন সকলো হৈ থাকিব। সেইবোৰো লাগিব। কিন্তু সন্মুখত অলিম্পিক। খেলপথাৰলৈ হিমা ঘূৰি যাব কেতিয়া?

দেশৰ আন প্ৰতিভাধাৰী খেলুৱৈসকলেও এখন প্ৰতিযোগিতাত শ্ৰেষ্ঠতা অৰ্জন কৰাৰ পাছত নীৰৱে পিছৰ প্ৰতিযোগিতাখনলৈ কঠোৰ সাধনা কৰে। নিজকে সাজু কৰে। হিমাই সেই প্ৰস্তুতি চলাওঁক। অলিম্পিক স্কুল গেম নহয়। ইয়াৰ বাবে লাগে কঠোৰ সাধনা। এছিয়ান গেমছতেই হিমাৰ এই দৌৰ অন্ত নপৰক। হিমাক ভালপোৱা প্ৰতিজনে এই আশা কৰে। নীৰৱে হিমাই অনুশীলনত মন দিয়ক। হিমাক সোঁৱৰাই দিব লগা একো নাই।সম্বৰ্ধনা, গ্লেমাৰ সকলো আহিব-যাব, কিন্তু এই সময় ঘূৰি নাহিব। সেয়ে হিমাক সুধো- তেওঁ ট্ৰেকলৈ উভতিব কেতিয়া?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in