অপেক্ষাৰ ২২ জানুৱাৰী…

অপেক্ষাৰ ২২ জানুৱাৰী…

● মৃদুল কুমাৰ সন্দিকৈ

গণবিক্ষোভ, তীব্ৰ আন্দোলন, প্ৰতিবাদলৈ কুণ্ঠাবোধ কৰা নাছিল চৰকাৰে। সেয়ে সকলোৱে অপেক্ষা কৰিছিল ২২ জানুৱাৰী, ২০২০লৈ। উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল কেবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদন। ইয়াৰ অধিক সংখ্যকে আছিল এই আইনখন বিৰোধিতা কৰি আইনখনৰ ওপৰত ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা আবেদন।

২২ জানুৱাৰী, ২০২০ত উচ্চতম ন্যায়ালয়ৰ আদালত কক্ষত মানুহৰ ভিৰ লাগিছিল। মুঠ ১৪৪ খন আবেদনৰ শুনানি গ্ৰহণ পৰ্বত ন্যায়ালয়ে এই শুনানিত কি নিৰ্দেশ দিয়ে তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিছিল। ১৪৪ খন আবেদনৰ ভিতৰত ১৭ খন আবেদন আছিল অসমৰ। আছু, এজেৱাইচিপিকে ধৰি দল-সংগঠন তথা ব্যক্তি বিশেষে এই আইন বিৰোধিতা কৰি ন্যায়ালয়ৰ হস্তক্ষেপৰ আবেদন জনাইছিল।

শুনানি কালত উচ্চতম ন্যায়ালয়ে আইনখনৰ ওপৰত স্থগিতাদেশ জাৰি নকৰিলেও কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ তথা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিলে। অসমৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ৰ বুধবাৰৰ শুনানিয়ে আশাৰ কিৰণ কঢ়িয়াই আনিছে বুলি বহুতে মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ে দাখিল কৰা আবেদনসমূহ শুনানি পৰ্বত অধিবক্তা কপিল চিব্বালে ন্যায়ালয়ক বিষয়টো মীমাংসাৰ বাবে সাংবিধানিক বিচাৰপীঠক দায়িত্ব দিব লাগে বুলি আবেদন কৰিছিল।

মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ এছ আব্দুল নজীৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাই এই আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ পক্ষক মতামত গ্ৰহণ নকৰাকৈ কোনো স্থগিতাদেশ দিয়াৰ সম্ভৱ নহয় বুলি মন্তব্য কৰে। ন্যায়ালয়ত দাখিল কৰা আবেদন সমূহৰ ভিতৰত ১৪৪ খনেই আছিল এই আইন বিৰোধিতা কৰি দাখিল কৰা আবেদন।

শুনানি কালত আদালতত হোৱা ভিৰক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছিল খোদ মুখ্য ন্যায়াধীশ গৰাকীয়ে। ক'ৰ্ট ৰুমত হোৱা হুলস্থুলৰ বাবে এই শুনানি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল। স্থগিতাদেশৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীৰ স্পষ্ট মত যে, ৫ জনীয়া বিচাৰপীঠে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিব পাৰে।

এই শুনানি কালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুখবৰটো আছিল যে, ভাৰতৰ অন্য প্ৰান্তত হোৱা কা বিৰোধী আন্দোলন আৰু অসম তথা উত্তৰ পূূবত হোৱা আন্দোলনৰ কাৰণ তথা ইয়াৰ মৌলিক সমস্যাক লৈ ন্যায়ালয়ৰ সহমত পোষণ। মন কৰিবলগা যে, ভাৰতৰ অন্য প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা বিৰোধিতাৰ মূল কাৰণ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰত এই আইনখনে আঘাত সানিছে বুলি উত্থাপিত অভিযোগ।

কিন্তু অসমৰ ক্ষেত্ৰত বা উত্তৰ পূ্বৰ আন ৰাজ্যৰ ক্ষেত্ৰত এই আন্দোলনৰ মূল লক্ষ্য বা দাবী একেই নহয়। সেয়েহে ন্যায়ালয়ে অসম আৰু ত্ৰিপুৰাৰ পৰা কা সন্দৰ্ভত দাখিল কৰা মুঠ ১৭ খন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা আবেদন সমূহৰ ওপৰত উত্তৰ বিচাৰি দুসপ্তাহ সময় প্ৰদান কৰে ন্যায়ালয়ে।

দেশৰ অন্য প্ৰান্তৰ পৰা নাগৰিকত্ব সংশোধনী আইনক লৈ দাখিল কৰা আবেদনৰ শুনানি আৰু অসম তথা উত্তৰ পূবৰ পৰা দাখিল কৰা আবেদনৰ শুনানি পৃথককৈ অনুষ্ঠিত কৰিবলৈ লোৱা এই পদক্ষেপেই দীৰ্ঘদিন ধৰি এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই অহা লোকসকলৰ দাবীক এক স্তৰলৈ ন্যাৰ্যতা প্ৰদান কৰিলে।

দীৰ্ঘদিন ধৰি বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত অসম তথা উত্তৰ পূবৰ ৰাইজে ইতিমধ্যে বহু বিদেশীৰ বোজা ল'লে। তাৰ পাছত অত্যাধিক বিদেশীৰ বোজাৰে সাম্প্ৰদায়িক ৰাজনীতিত নিজৰ প্ৰাসংগিকতা বৃদ্ধিৰ বাবে কোনো শাসকীয় দলে লোৱা এই সিদ্ধান্তই অসম তথা উত্তৰ পূব বাসীক কিদৰে প্ৰভাম্বিত কৰিব সেয়া সকলোৱে বুজি উঠিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যিমান বাধা দিলেও এই আইন কাৰ্যকৰী কৰিবই বুলি হুংকাৰ দিয়াৰ সময়ত সমান্তৰালভাৱে ন্যায়ালয়ে অসম আৰু ত্ৰিপুৰাৰ প্ৰতি লোৱা এই দৃষ্টিভংগীয়ে বিদেশী সমস্যা আমাৰ বাবে কিমান ভয়ানক তাৰ প্ৰাসংগিকতাকে পুনৰ উপলব্ধি কৰিবলৈ দিলে। দেশৰ অন্য প্ৰান্তৰ ক্ষেত্ৰত ন্যায়ালয়ে দাখিল কৰা আবেদনসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ দিবলৈ ৬ সপ্তাহ সময় বিচাৰিছিল যদিও ৪ সপ্তাহ সময় দিলে চৰকাৰক। তাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত ২ সপ্তাহ সময় নিৰ্ধাৰণ কৰি দিলে।

সাংবিধানিক বিচাৰপীঠ গঠনৰ ক্ষেত্ৰত ন্যায়ালয়ে স্পষ্টভাৱে মন্তব্য নকৰিলেও কোনো পক্ষই ন্যায়ালয়ৰ কা সন্দৰ্ভত লোৱা প্ৰথম শুনানিত তেনে ইংগিত পোৱা বুলিয়ে মন্তব্য কৰিছে। অসমত যোৱা কেবা দশক ধৰি বিদেশী সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। সেই পৰিৱেশ-পৰিস্থিতিত অসমত অনুপ্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰী সকলৰ ভিতৰত হিন্দু, মুছলমানৰ ভিতৰত একাংশক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়াত কোনো কাৰণতে মানি ল'ব পৰা বিধৰ নহয়।

এই শুনানিৰ কালত উত্তৰ প্ৰদেশত ৩০ সহস্ৰাধিক লোকক এই আইনৰ দিনত নাগৰিকত্ব প্ৰদানৰ বিষয়টো ন্যায়ালয়ক দৃষ্টিগোচৰ কৰাত ন্যায়ালয়ে সেই লোকসকলক অস্থায়ীভাৱে নাগৰিকত্ব প্ৰদান কৰিবলৈ কোৱা বুলিও মন্তব্য কৰে। চৰকাৰী পক্ষৰ হৈ ন্যায়ালয়ত উপস্থিত থকা এটৰ্ণি জেনেৰেল কে কে বেণুগোপালে ন্যায়ালয়ক জনাই যে, দাখিল কৰা মুঠ আবেদনৰ মুঠ ৬০ খনহে চৰকাৰী পক্ষই লাভ কৰিছে। আন ৮৬ খন আবেদন লাভ নকৰা বুলিও তেওঁ সদৰি কৰে।

অসমৰ সংগ্ৰামী জনতাৰ তথা কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দল-সংগঠনৰ প্ৰতিবাদে এতিয়া লৈকে দিল্লী-দিছপুৰৰ বুকুত থকা বৰফ গলাব পৰা নাই। সেয়েহে আন্দোলনৰ সমান্তৰালভাৱে এই ন্যায়ৰ যুঁজ চলাই যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। আছু নেতৃত্বই ঘোষণা কৰিছে যে, আন্দোলন যিদৰে চলি থাকিব তেনেদৰে তেওঁলোকে ন্যায়িক যুঁজো অব্যাহত ৰাখিব।

ন্যায়ালয়ে অসম আৰু ত্ৰিপুৰাৰ পৰা দাখিল কৰা আবেদনসমূহ পৃথককৈ শুনানিৰ বাবে গ্ৰহণ কৰা কাৰ্যক কিছু লোকে সন্তুষ্টি ব্যক্ত কৰি কৈছে এইয়া অসমৰ ৰাইজৰ নৈতিক জয়। এতিয়াও অৱশ্যে এই আন্দোলনৰ সফল পৰিসমাপ্তিৰ বাবে ন্যায়ালয়ৰ বিকল্প নাই। চৰকাৰী পক্ষই যিকোনো মূল্যৰ বিনিময়ত এই আইনৰ জৰিয়তে বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ বাবে দৃঢ় হৈ আছে।

পৰৱৰ্তী শুনানিত এই বিষয়সমূহ ন্যায়ালয়ে কিদৰে গ্ৰহণ কৰে, কেন্দ্ৰীয় চৰকাৰেও বিষয়টোক লৈ কি নীতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ন্যায়ালয়ত কাৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি চলি থকাৰ সময়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিলে। উত্তৰ পূব ছাত্ৰ সমাজৰ আহ্বানমৰ্মে বুধবাৰে শ্ৰেণীবৰ্জন কাৰ্যসূচী লয় উত্তৰ পূবৰ কেবাখনো আগশাৰীৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ে।

দিল্লী-দিছপুৰে প্ৰতিবাদক গুৰুত্ব নিদিয়াত দেশৰ ন্যায় ব্যৱস্থাই অসম তথা উত্তৰ পূবাঞ্চলৰ ৰাইজৰ আহ্বান, এই সমগ্ৰ বিষয়টোক লৈ অসমীয়া জাতীয় জীৱনলৈ নামি আহিব পৰা সংকট কিদৰে মোকাবিলা কৰিবলৈ আইনী পৰামৰ্শ আগবঢ়াই সেইয়া এতিয়া লক্ষণীয় হৈ পৰিছে। তেনে স্থলত ন্যায়ালয়ে এতিয়া হৈ পৰিছে কা বিৰোধী আন্দোলনৰ বাবে শেষ ভৰসা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in